মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ :

ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, সেই বিষয়ে লিখা হৈছে ।

 

মাছ অসমৰ মানুহৰ প্ৰিয় খাদ্য। অতীজৰেপৰা ঘৰলৈ আলহী আহিলে বাৰীত থকা শাক-পাচলি আৰু পুখুৰীৰপৰা উঠাই অনা সতেজ জীয়া মাছেৰে অতিথিক আপ্যায়ন কৰাটো অসমীয়াৰ মাজত এই ৰীতি হিচাপেই চিহ্নিত হৈ আহিছে।

ঘৰৰ পাছফালে এটা পুখুৰী থকা মানেই সেই মানুহঘৰ সম্ভ্ৰান্ত- এনে এক বিচাৰ-ধাৰণা আমাৰ সমাজত অতীতৰপৰাই চলি আহিছে।

অসম আৰু অসমীয়াৰ এই পুৰণি ৰীতিকে সাৰোগত কৰি নিবনুৱা সমস্যা সমাধানকল্পে অসম চৰকাৰৰ মীন বিভাগে ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ শীৰ্ষক এখন অভিলাসী আঁচনি গ্ৰহণ কৰিছে।

মৎস্য উৎপাদন ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰায় ১০,০০০ হিতাধিকাৰী উপকৃত হোৱাৰ লক্ষ্যৰে অলপতে এই আঁচনিখন উদ্বোধন কৰা হৈছে।

অসমত মৎস উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰিব লগা এই আঁচনিখন ১৮৬,১৩ কোটি টকা ব্যয়েৰে প্ৰতিখন জিলাতে ৰূপায়িত হ’ব।

এই আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮১১ হেক্টৰ নতুন পুখুৰী খননৰ জৰিয়তে প্ৰায় ৬,৩৫০ মেট্ৰিক টন মাছ অতিৰিক্তভাৱে উৎপাদনৰ লক্ষ্য ধাৰ্য কৰা হৈছে।

এই আঁচনিখনৰ বাবে প্ৰশিক্ষণ আৰু এই আঁচনিত নতুনকৈ পুখুৰী খন্দাৰ বাবে হ’বলগীয়া ব্যয়ৰ ৮০ শতাংশ ধন নাবাৰ্ডৰপৰা লোৱা হ’ব।

হিতাধিকাৰীৰ মাজত ‘মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অৰ্থ সাহায্যত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব আৰু দুবছৰৰ বাবে ইনপুত সামগ্ৰীৰ ৫০ শতাংশ যোগান ধৰা হ’ব।

গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ’লেহে অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ’ব। গতিকে অসমৰ দৰে এখন ৰাজ্যত মাছৰ উৎপাদন বৃদ্ধিৰ যথেষ্ট সুবিধা আছে আৰু মৎস্য উৎপাদনে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰে অৰ্থনৈতিক দিশত সবল ৰূপেৰে থিয় দিয়াত সহায় কৰিব।

‘ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ’- এই অভিলাসী আঁচনিখন প্ৰকৃতপক্ষে সফল কৰি তুলিবলৈ হ’লে হিতাধিকাৰীসকলৰ লগতে মীন বিভাগৰ যথেষ্ট কৰণীয় থাকিব।

পুখুৰী খননৰ সময়ত হিতাধিকাৰীসকলে বৈজ্ঞানিক ধ্যান-ধাৰণা প্ৰয়োগ নকৰিলে পুখুৰীৰ আয়ুস কাল কমি যাব।

যাৰ ফলস্বৰূপে মীন পালকসকলে অতি কম দিনৰ ভিতৰতে পুখুৰী মেৰামতিৰ নামত বহু টকা খৰচ কৰিবলগীয়া হ’ব।

আমাৰ নতুনকৈ আগবাঢ়ি অহা মীনপালক তথা হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰত খনন কৰিব লগা পুখুৰীটো মীন বিভাগৰ অভিযন্তা তথা মীন উন্নয়ন বিষয়াৰ পৰামৰ্শ মতে, এক ফলপ্ৰসূ আঁচনি হাতত লৈ আগবাঢ়িলে নিশ্চয়কৈ সুফল পাব।

এই নিবন্ধত নতুনকৈ পুখুৰী এটা খননৰ ক্ষেত্ৰত কি দিশত মনোযোগ আৰোপ কৰিব লাগিব, এই বিষয়ে আলোকপাত কৰিম।

স্থান নিৰ্বাচন -

পুখুৰীৰ স্থায়িত্ব নিৰ্ভৰ কৰে তাৰ স্থানৰ ওপৰত। উপযুক্ত স্থানৰ পুখুৰী খননৰ ফলত পানীৰ গুণাগুণো মাছৰ উৎপাদন বৃদ্ধিৰ উপযোগী হয়।

পুখুৰীৰ বাবে নিম্নতম নিৰ্যাৰণ গুণসম্পন্ন মাটিৰ দৰকাৰ।

*পুৰণি পলসুৱা মাটি নদীৰপৰা আঁতৰৰ,

*য’ত বানপানীৰ সম্ভাৱনীয়তা কম, তেনে মাটি মীন পামৰ বাবে আটাইতকৈ উপযুক্ত হয়।

পুখুৰীৰ বাবে বাছনি কৰা মাটিত ১০ শতাংশতকৈ কম বালি আৰু ৯০ শতাংশতকৈ বেছি বোকা থাকিব লাগে।

লোমী আৰু বোকা-লোমী মাটিৰ পানী অৱধাৰণ ক্ষমতা বেছি, সেয়েহে এই মাটি পুখুৰীৰ বাবে উপযোগী।

পানীৰ উৎস -

পুখুৰীৰ বাবে বাছনি কৰা মাটিডৰাৰ ওচৰত সহজতে পানীৰ উৎস থকা দৰকাৰ। কম গভীৰতাত পানীৰ উৎস থাকিলে পুখুৰীৰ বাবে ভাল।

*মাজে-সময়ে নলীনাড,

*বোৱতী পানী,

*জলসিঞ্চনৰ নলা আদিৰপৰা পুখুৰীত প্ৰয়োজন হোৱা পানী যাতে যোগান ধৰিব পৰা যায়, তাৰ সুব্যৱস্থা থকা ঠাই হ’লে ভাল হয়।

পুখুৰী নিৰ্মাণ -

পুখুৰী খননৰ আগেয়ে তাৰ প্ৰকৃত ৰূপত নক্সা প্ৰস্তুত কৰি ল’ব লাগে।

ক)আকাৰ:

মাটিৰ স্থান অনুযায়ী পুখুৰী ঘূৰণীয়া আকৃতি, বৰ্গকাৰ বা আয়তাকাৰ হ’ব পাৰে। মাছ পালনৰ বাবে আয়তাকাৰ পুখুৰী হ’লে ভাল।

এই পুখুৰীত জলপৃষ্ঠত বতাহৰ ক্ৰিয়া বেছি হয় বাবে দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়। তদুপৰি এনে পুখুৰীত মাছৰ চলাচল কৰিব পৰা ঠাই বেছি হয়।

খ)আয়তন আৰু গভীৰতা:

পুখুৰীৰ আয়তন ০.১ হেক্টৰতকৈ কম হ’ব নালাগে আৰু ২ হেক্টৰতকৈ বেছি হ’লে পৰিচালনাৰ ক্ষেত্ৰত মিটাৰ হোৱা উচিত।

গ)পাৰ:

পুখুৰী এটা স্থায়িত্ব নিৰ্ভৰ কৰে পুখুৰীৰ পাৰটোৰ ওপৰত। মাটিৰ পানী অৱধাৰণ ক্ষমতা, অঞ্চলটোৰ গড় বৰষুণ আৰু বানপানীৰ সৰ্বোচ্চ সীমাৰ ওপৰত ভিত্তি কৰি পৰাৰ উচ্চতা নিৰূপণ কৰা হয়।

পুখুৰীৰ জলপৃষ্ঠৰপৰা পাৰৰ উপৰিভাগৰ উলম্ব দূৰত্বক ‘ফ্ৰী বোৰ্ড’(Free bord) বোলা হয়।

অসমত বৰষুণ তথা বানপানী হোৱাৰ প্ৰৱণতা বেছি বাবে পুখুৰীৰ ফ্ৰী ব’ৰ্ড অতি কমেও ৬০ ছেন্টিমিটাৰ হোৱা উচিত।

পুখুৰীৰ পাৰ নিৰ্মাণ কৰোঁতে ঢালৰ ওপৰত গুৰুত্ব দিব লাগে। পুখুৰীৰ পাৰৰ ঢাল হ’ল প্ৰতি একক উচ্চতাৰ বাবে অনুভূতিক অক্ষ বৃদ্ধিৰ অনুপাত। কাষৰ ঢাল(Slope) পুখুৰীৰ ভিতৰফালে ১:২ আৰু বাহিৰৰ ফালে ১:১ হোৱা উচিত।

মাটিৰ বয়ন পাতল হ’লে কাষৰ ঢাল ১:৪ লৈকে বৃদ্ধি কৰা উচিত। এনেক্ষেত্ৰত ঢাপৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰ পাৰৰ প্ৰস্থ উচ্চতাৰ সমান হোৱা উচিত।

পাৰৰ উচ্চতা কম হ’লেও প্ৰস্থ এক মিটাৰতকৈ কম হোৱা অনুচিত। মাটিত বালিৰ পৰিমাণ বেছি হ’লে পাৰৰ প্ৰস্থ বৃদ্ধি কৰিব লাগে।

পুখুৰীৰ পাৰটো খনন কৰা মাটিৰে নিৰ্মাণ কৰা হয়। পাৰ নিৰ্মাণ কৰাৰ সময়ৰ পাৰ নিৰ্মাণ কৰিবলগীয়া ঠাইখিনিৰ ওপৰৰ কোমল মাটিৰ তৰপটো আঁতৰাই পেলাব লাগে।

পাৰ নিৰ্মাণত ব্যৱহাৰ কৰিব লগা মাটিখিনিত -

*শিল,

*ঘাঁহ, *বনৰ শিপা থাকিব নালাগে।

পুখুৰীৰ পাৰ নিৰ্মাণৰ সময়ত তৰপে তৰপে মাটি দিব লাগে আৰু প্ৰতি ৩০ ছেন্টিমিটাৰত ধুৰ্মুচ মাৰি অথবা ৰোলাৰৰ সহায়ত আঁত খুৱাই ল’ব লাগে। নিৰ্মাণৰ সময়ত আঁত খুৱাই ল’ব লাগে।

নিৰ্মাণৰ সময়ত পাৰটো অতিৰিক্তভাৱে ১০ শতাংশ উচ্চ কৰি ৰাখিব লাগে। পুখুৰীৰ পানীৰ নিৰ্দিষ্ট সীমা অটুট ৰখাৰ বাবে পাৰৰ মাজেদি নিৰ্গম নলী স্থাপনৰ ব্যৱস্থা কৰিব লাগে।

নলীডাল বাহিৰৰ ফাললৈ হেলনীয়া হ’ব লাগে আৰু নলীৰ মুখ সৰু ফুটাৰ হোলাৰ দ্বাৰা বন্ধ ৰাখিব লাগে, যাতে মাছৰ পোৱালি বাহিৰলৈ যাব নোৱাৰে।

পুখুৰীৰ পাৰটো যাতে বৰষুণৰ সময়ত খহিব নোৱাৰে, তাৰ বাবে পাৰত বনৰ চপৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

বন ভালদৰে গজি উঠিলে পাৰৰ মাটি খামোচ মাৰি ধৰি থাকিব আৰু খহনীয়া ৰোধ হ’ব। পুখুৰীৰ চাৰিওফালে এখন মজবুত বেৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

*পাৰত কেঁকোৰা,

*এন্দুৰ,

*ডালশলীয়া আদিয়ে যাতে গাঁত খান্দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

পুখুৰীৰ পানী নিৰ্যাৰণৰ সমস্যাই দেখা দিলে পাৰৰ ঢাল আৰু পুখুৰীৰ বেদিকাত প্ৰতি বৰ্গমিটাৰত ৫-১৫ কিলোগ্ৰাম হিচাপত বেন্ট’নাইট প্ৰয়োগ কৰিব লাগে।

মনত ৰাখিব- পুখুৰীৰ অৱস্থা ভালে ৰখাৰ দায়িত্ব মীনপালকজনৰ। মীনপালকজনে যদি পুখুৰী খননৰ সময়তে ওপৰত আলোচনা কৰা কথাবিলাকৰ প্ৰতি মনোযোগ দিয়ে, তেনেহ’লে এবাৰ পুখুৰী খননৰ পিছত দুই-এটা সৰু-সুৰা মেৰামতিৰ বাহিৰে ৩০ বছৰলৈকে বেছি টকা খৰচ কৰাৰ প্ৰয়োজন নহ’ব।

সেয়েহে আমি সদায় পুখুৰীটো আমাৰ এক সম্পদ হিচাপে ভাবি লৈ তাকে চিৰস্থায়ী কৰি কেনেকৈ গাঢ় দিব ভাবি তাক চিৰস্থায়ী কৰি কেনেকৈ গঢ় দিব পাৰি, সেই কথাৰ ওপৰত গুৰুত্ব দিব লাগে।

মৎস উৎপাদন বৃদ্ধিৰ বাবে আমি এতিয়াৰপৰাই আমাৰ ঘৰৰ পুখুৰীটো বৈজ্ঞানিক পদ্ধতিৰে খনন কৰি বৈজ্ঞানিক কৌশল প্ৰয়োগ কৰি মাছ পালনৰ উপযোগী কৰি তোলো আহক।

আমাৰ আশা মীনপালকসকল এইক্ষেত্ৰত আগবাঢ়ি আহিব। গ্ৰাম্য উন্নয়নৰ জৰিয়তে দেশ বা ৰাজ্য এখনৰ উন্নয়ন সম্ভৱ।

অৰ্থনৈতিকভাৱে সবল হ’বলৈ হ’লে মৎস্য উৎপাদনৰ দৰে লাভজনক ব্যৱসায় নাই। সেয়েহে অতি কম কষ্ট কৰি অধিক মুনাফা কৰাৰ বাবে মৎস্য পালনকে পেচা হিচাপে লৈ আগবাঢ়িলে আমাৰ ৰাজ্যখনে মাছ উৎপাদনৰ জৰিয়তে নিৱনুৱা সমস্যা সমাধানত এক নজিৰ সৃষ্টি কৰিব পাৰিব।

আমাৰ আশা, আমি অতি সোনকালে বাহিৰলৈ মাছ ৰপ্তানি কৰিবলৈ সক্ষম হ’ম।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top