মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / দুগ্ধপামৰ বাবে চৰকাৰী আঁচনি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুগ্ধপামৰ বাবে চৰকাৰী আঁচনি:

দুগ্ধ উৎপাদনক এক উদ্যোগ হিচাপে গঢ়ি তুলি দেশৰ গ্ৰামাঞ্চলৰ এক বৃহৎ সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থাপনৰ পথ গঢ়ি তুলিব পাৰে

 

দুগ্ধ উৎপাদনক এক উদ্যোগ হিচাপে গঢ়ি তুলি দেশৰ গ্ৰামাঞ্চলৰ এক বৃহৎ সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থাপনৰ পথ গঢ়ি তুলিব পাৰে। আত্মসংস্থাপনৰ লগতে আন দহজনকো নিয়োজনৰ সুযোগ দিব পৰা এনে দুগ্ধপাম স্থাপনৰ প্ৰতি নিবনুৱা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। একেদৰে দুগ্ধপাম স্থাপন কৰি আত্মসংস্থাপিত হোৱা উদ্যোগীসকলক দুগ্ধপামৰ পৰিসৰ বহলাই উপাৰ্জন বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াইছে চৰকাৰে। এই উদ্দেশ্যে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আছে কেন্দ্ৰীয় চৰকাৰে। এনে এখন আঁচনি হৈছে দুগ্ধ উদ্যোগ উন্নয়ন আঁচনি। আহকচোন এই আঁচনিখনৰ বিষয়ে কিছু কথা অৱগত হওঁ-

দুগ্ধ উদ্যোগ উন্নয়ন আঁচনি:

 

দেশত অসংগঠিত ৰূপত থকা দুগ্ধ উৎপাদন ক্ষেত্ৰখনক বিকাশৰ পথেৰে আগুৱাই নিয়াৰ লগতে দুগ্ধ উৎপাদনত জড়িত লোকসকলক উচ্চ হাৰত ৰাজসাহায্যযুক্ত ঋণ প্ৰ্দানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ সহযোগত ৰূপায়ণ কৰা এই আঁচনিৰ মূল উদ্দেশ্য হৈছে বৈজ্ঞানিক পদ্ধতিৰে দুগ্ধপাম স্থাপন কৰিব বিচৰা যুৱক-যুৱতীসকলক প্ৰয়োজনীয় পুঁজি যোগান ধৰা। দুগ্ধ পালনত জড়িত ব্যক্তিসকলে গাইগুটীয়াভাৱে অথবা গোট হিচাপে এই আঁচনিৰ সুবিধা লৈ দুগ্ধ উৎপাদনৰ পৰিসৰ বৃদ্ধিৰে আৰ্থিক সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব পাৰে।

এই আঁচনিৰ সুবিধা কোনে ল’ব পাৰে:

 

কৃষক গোট, গাইগুটীয়া ব্যক্তি, আত্মসহায়ক গোট আদিয়ে এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ বাবে আৱেদন জনাব পাৰে। দুগ্ধ পালনত জড়িত অথবা দুগ্ধপাম স্থাপন কৰিব বিচৰা ব্যক্তিগত উদ্যোগীয়ে এই আঁচনিয়ে সামৰি লোৱা প্ৰতিটো দিশৰ ক্ষেত্ৰতে বিত্তীয় সাহায্য লাভৰ বাবে আৱেদন জনাব পাৰে। একেদৰে একেটা পৰিয়ালৰে একাধিক সদস্যই যদি কমেও ৫০০ মিটাৰ ব্যৱধানত সুকীয়া সুকীয়াকৈ দুগ্ধপাম স্থাপন কৰে তেন্তে একেটা পৰিয়ালৰ সদস্য হ’লেও প্ৰত্যেকেই এই আঁচনিৰ হিতাধিকাৰী হোৱাৰ যোগ্যতা অৰ্জন কৰিব পাৰে।

এই আঁচনিৰ অধীনত ঋণ-বিত্তীয় সাহায্যৰ নিৰিখ:

 

দুগ্ধপামৰ পৰিসৰ তথা পামখন কেনেধৰনৰ তাৰ ওপৰত ভিত্তি কৰি বিত্তীয় সাহায্য নিৰ্ধাৰণ কৰা হয়-

  • ২-১০ টা গৰু অথবা ম’হৰ এখন ক্ষুদ্ৰ দুগ্ধপামৰ বাবে ৬ লাখ টকাৰ ঋণ আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ উদ্যোগীৰ বাবে ১.৫ লাখ টকাৰ ৰাজসাহায্য আগবঢ়োৱাৰ বিপৰীতে অনুসূচীত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীৰ বাবে ৰাজসাহায্যৰ পৰিমাণন হৈছে ১.৯৮ লাখ টকা। প্ৰতিটো পশুধনৰ বিপৰীতে ৰাজসাহায্যৰ সৰ্বাধিক পৰিমাণ উদ্যোগীৰ ক্ষেত্ৰত ১৫,০০০ টকা আৰু অনুসূচিত জাতি অথবা অনুসূচিত জনজাতিৰ উদ্যোগীৰ বাবে সৰ্বাধিক ২০,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

সৰ্বাধিক ২০ টা চেউৰী গৰু-ম’হৰ পাম:

এনে এখন পামৰ বাবে ৫.৫ লাখ টকাৰ ঋণ আগবঢ়োৱাৰ ব্যৱস্থা আছেত। এইক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ উদ্যোগীৰ বাবে ১.৩৭ লাখ টকাৰ ৰাজসাহায্য আগবঢ়োৱাৰ বিপৰীতে অনুসূচিত জাতি অথবা অনুসূচিত জনজাতিৰ পশুপালকক ১.৮৩ লাখ টকাৰ ৰাজসাহায্য আগবঢ়োৱা হয়।

গাখীৰ খীৰোৱা যন্ত্ৰ, গাখীৰ পৰীক্ষা কৰা যন্ত্ৰ, শীতলীকৰণ যন্ত্ৰ ক্ৰয়:

 

দুগ্ধপামৰ বাবে প্ৰয়োজনীয় এইবোৰ যন্ত্ৰপাতি ক্ৰয়ৰ বাবে ২০ লাখ টকা পৰ্যন্ত ঋণ প্ৰদানৰ ব্যৱস্থা আছে। এইক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ উদ্যোগীৰ বাবে ৫ লাখ টকাৰ ৰাজসাহায্যৰ বিপৰীতে অনুসূচিত জনজাতিৰ উদ্যোগীৰ বাবে ৬.৬৭ লাখ টকাৰ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা ৰখা হৈছে।

দুগ্ধজাত সামগ্ৰী উৎপাদনৰ বাবে প্ৰয়োজনীয় আহিলা-পাতি ক্ৰয়:

 

এনেধৰণৰ আহিলা-পাতি ক্ৰয়ৰ বাবে ১৩.২০ লাখ টকাৰ ঋণ প্ৰদান কৰা হয়। এই ঋণৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ উদ্যোগীক ৩.৩০ লাখ টকাৰ ৰাজসাহায্য প্ৰদানৰ বিপৰীতে অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ দুগ্ধপালকৰ বাবে ৪.৪০ লাখ টকাৰ ৰাজসাহায্য আগবঢ়োৱা হয়।

দুগ্ধজাত সামগ্ৰীৰ পৰিবহন আৰু শীতলীকৰণ ব্যৱস্থা:

 

এই দুয়োটা প্ৰক্ৰিয়াক সামৰি দুগ্ধপালনত জড়িত উদ্যোগীৰ বাবে ২৬.৫০ লাখ টকাৰ ঋণ প্ৰদানৰ ব্যৱস্থা আছে। এই ঋণৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ উদ্যোগীক ৬.৬৩ লাখ টকা আৰু অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ উদ্যোগীক ৮.৮৩ লাখ টকাৰ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা আছে।

শীতলীকৰণ ব্যৱস্থা:

 

বহল পৰিসৰৰ দুগ্ধপামৰ দৈনিক উৎপাদিত গাখীৰ শীতলীকৰণৰ বাবে উপযুক্ত ব্যৱস্থা থকাটো অত্যন্ত প্ৰয়োজন। সেয়েহে দুগ্ধপামৰ উপযুক্ত তথা উন্নতমানৰ শীতলীকৰণ কক্ষ স্থাপনৰ বাবে এই আঁচনিৰ অধীনত ৩৩ লাখ টকা পৰ্যন্ত ঋণ প্ৰদানৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত সাধাৰণ শ্ৰেণীৰ উদ্যোগীৰ ক্ষেত্ৰত ঋণৰ ২৫ শতাংশ ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰাৰ বিপৰীতে অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ উদ্যোগীক ঋণৰ ৩৩.৩৩ শতাংশ ধন ৰাজসাহায্য হিচাপে আগবঢ়োৱা হয়।

এই আঁচনিৰ অধীনত আৱেদন জনাবৰ বাবে প্ৰয়োজনীয় তথ্য-পাতি:

 

এই আঁচনিৰ জৰিয়তে আগবঢ়োৱা ঋণ-বিত্তীয় সাহায্যৰ সুবিধা লাভৰ বাবে আৱেদনকাৰীসকলে বেংক তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিবলগীয়া তথ্য-পাতিসমূহ এনেধৰণৰ-

  • ১ লাখ টকাতকৈ অধিক পৰিমাণৰ ঋণৰ ক্ষেত্ৰত বন্ধকী হিচাপে মাটিৰ দলিল জমা দিব লাগে।
  • জাতিগত প্ৰমাণপত্ৰ।
  • দুগ্ধপামখন পঞ্জীয়ন কৰি সেই পঞ্জীয়ন নম্বৰ দাখিল কৰিব লাগে।
  • দুগ্ধপামখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন।

যাৱতীয় নথ-পত্ৰৰে নাৰ্বাডৰ সৈতে এই আঁচনিৰ মাধ্যমেৰে সম্পৰ্ক থকা বেংকত যোগাযোগ কৰিব লাগে। বিশদ তথ্যৰ বাবে স্থানীয় পশু চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিলে সঠিক পথ নিৰ্দেশনা নিশ্চয় লাভ কৰিব।

উৎস:ৰাইজৰ বাতৰি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top