মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / নীল বিপ্লৱৰ অধীনত মীন পালন পুখুৰী খননৰ নীতিগত নিৰ্দেশাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নীল বিপ্লৱৰ অধীনত মীন পালন পুখুৰী খননৰ নীতিগত নিৰ্দেশাৱলী

নীল বিপ্লৱৰ অধীনত মীন পালন পুখুৰী খননৰ নীতিগত নিৰ্দেশাৱলী লিখা হৈছে

 

ভাৰত চৰকাৰৰ অধীনস্থ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ পশু পালন,দুগ্ধ উন্নয়ন আৰু মীন বিভাগৰ অধীনত পোন প্ৰথমবাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত প্ৰযোজ্য হোৱাকৈ নীল বিপ্লৱৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাকৈ নীলক্ৰান্তি অভিযানৰ চলিতবৰ্ষত শুভাৰাম্ভ কৰা হয়।সমগ্ৰ দেশৰে মীন উৎস সমুহৰ সঠিক ব্যৱহাৰৰ দ্বাৰা অধিক মাছৰ উৎপাদনৰ লক্ষ্যৰে উপযুক্ত আঁচনি যুগুতাই দেশৰ প্ৰতিজন মীন পালকক অৰ্থনৈতিক ভাৱে স্বনিৰ্ভৰশীল কৰি তুলি দেশ মাতৃৰ বুকু সমৃদ্ধিশালী কৰাটোৱে এই অভিযানৰ লক্ষ্য আৰু তাৰ হেতু ২০১৬ বৰ্ষৰ পৰা নীল-বিপ্লৱ :নীলক্ৰান্তি অভিযানৰ পাতনি মেলা হৈছে।মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ সপোন এই যে মীনক্ষেত্ৰত সামুহিক প্ৰচেষ্টাৰে বহুমুখী উন্নয়নৰ জৰিয়তে ভাৰতৰ মীন উদ্যোগক বিশ্ব পৰ্য্যায়ৰ উদ্যোগলৈ ৰুপান্তৰিত কৰিব পাৰি আৰু তাৰ বাস্তৱ ৰুপ দিয়াৰ হেতু নীল বিপ্লৱ:নীলক্ৰান্তি অভিযানৰ শুভৰাম্ভ কৰা হৈছে।আশা কৰা হৈছে যে এই অভিযানৰ অধীনত যিবোৰ আঁচনি ৰুপায়ণ কৰা হ’ব সেইবোৰৰ সঠিক আৰু উপযোগী ব্যৱহাৰে প্ৰাকৃতিক ভাৰসাম্য ৰখাই চলিব আৰু মৎস্য উৎপাদনত সঠিক ভাৱে মনোনিবেশ কৰিব।

নীল বিপ্লৱৰ স্বপ্ন-

 

ৰাষ্ট্ৰৰ সমুহ মীন উৎসবোৰৰ সঠিক ব্যৱহাৰেৰে মীন পালক সকলক অধিক উৎপাদনশীল কৰি তুলি স্বাৱলম্বী হোৱাত সহায়ৰ হাত আগবঢ়োৱা আৰু মাছৰ উৎপাদন বৃদ্ধি কৰা।

এই অভিযানৰ জৰিয়তে মাছৰ বাণিজ্যকৰণ কৰা যাতে মীন সম্পদৰ প্ৰাকৃতিক বাতাৱৰণৰ কোনো পৰিবৰ্ত্তন নহয় আৰু ভৱিষ্যত প্ৰজন্মৰ বাবেও উৎপাদন সুৰক্ষিত কৰি ৰাখিব পাৰি।

এই  অভিযানৰ সফল ৰুপায়ণৰ বাবে ভাৰত চৰকাৰে ২০১৫-১৬ ৰ পৰা ২০১৯-২০২০ চনলৈ ৩,০০০ কোটি টকাৰ অনুমোদন দিছে।আমাৰ অসম ৰাজ্যখনেও এই অভিযানৰ অধীনত ২০১৬-১৭ বৰ্ষৰ বাবে প্ৰায় ১৬ কোটি ৪১ লাখ ৪৫ হাজাৰ টকাৰ অনুমোদন লাভ কৰিছে।এই অনুদানৰ ভিত্তিত আমাৰ ৰাজ্যখনত ২০১৬-১৭ বৰ্ষত ১৫০ হেক্টৰ মাটিত ব্যক্তিগত শিতানত নতুন পুখুৰী খন্দা;৩০ হেক্টৰ ৰাজহুৱা মাটিত নতুন পুখুৰী খন্দা;৩০ হেক্টৰ মাটিত পুৰণা পুখুৰী মেৰামতি আদি কৰা;১০ টা মাছৰ পোনা উৎপাদন কৰা হেচ্চাৰী স্থাপন,১২ টা মাছৰ খাদ্য প্ৰস্তুত কৰা কল ঘৰ স্থাপন কৰা;৭৫ টা মাছ মৰীয়াৰ বাসগৃহ স্থাপন আৰু এটা মীন পালকৰ প্ৰেক্ষাগৃহ স্থাপন কৰা।তলত নীল বিপ্লৱৰ অধীনত পুখুৰী খননৰ নীতিগত নিৰ্দেশাৱলীৰ এক চমু বিৱৰণ দাঙি ধৰা হ’ল-

এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলত পুখুৰী খন্দাই তাত মাছৰ আহাৰ আদিৰ যোগান ধৰি অধিক মাছৰ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে।এই আঁচনিৰ মুল উদ্দেশ্য সমুহ হ’ল-

ক)মীন পালনৰ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰা।

খ)মৎস্য উৎপাদন বৃদ্ধি কৰি কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা।

গ)মীন পালকৰ আৰ্থ সামাজিক দিশ টনকিয়াল কৰা।

ঘ)মীন কৃষক সকলৰ স্বনিয়োজনৰ ব্যৱস্থা কৰি মীন পালনক সকলো মানুহৰ মাজত জনপ্ৰিয় কৰি তোলা।

একক ক্ষেত্ৰৰ পুঁজি আৰু অনুদানৰ হাৰ:

ক)প্ৰতি ১ বিঘা পুখুৰী খননৰ বাবে মুঠ ৯৮ হাজাৰ টকা ধাৰ্য্য কৰা হৈছে।ইয়াৰে ৮০ শতাংশ অৰ্থাৎ ৭৮,৪০০ টকা কেন্দ্ৰীয় চৰকাৰে নীল বিপ্লৱৰ অংশ হিচাপে আগবঢ়াব আৰু বাকী ২০ শতাংশ অৰ্থাৎ ১৯,৬০০ টকা মীনপালক সকলে নিজে বহন কৰিব লাগিব।

খ)তদ্ৰুপ ভাৱে প্ৰতি ১ বিঘা পুখুৰীৰ সঞ্চালন ব্যয়ৰ বাবে ২১ হাজাৰ টকা ধাৰ্য্য কৰা হৈছে।ইয়াৰে ৮০ শতাংশ অৰ্থাৎ ১৬,৮০০ টকা কেন্দ্ৰীয় চৰকাৰে নীল বিপ্লৱৰ অংশ হিচাপে আগবঢ়াব আৰু বাকী ২০ শতাংশ মানে ২১০০ টকা মীন পালক সকলে নিজে বহন কৰিব লাগিব।

গ)গতিকে প্ৰতি এক বিঘা পুখুৰীৰ বাবে একোজন মীনপালকক ৭৮,৪০০ টকা পুখুৰী খন্দা আৰু ১৬,৮০০ টকা সঞ্চালন ব্যয় মানে সৰ্বমুঠ ৯৫,২০০ টকাৰ চৰকাৰী সাহায্যৰ সুবিধা প্ৰদান কৰা হৈছে।

যোগ্যতাৰ মাপকাঠি

 

১)খনন কৰিব লগা পুখুৰীৰ পানী কালি ০.১০-০.১৪ হেক্টৰ হোৱাটো বাঞ্জনীয়।

২)হিতাধিকাৰীৰ বাসস্থানৰ এক কি.মি ব্যাসাৰ্দ্ধৰ ভিতৰত পুখুৰী খননৰ বাবে উপযুক্ত পৰিমাণৰ মাটি থাকিব লাগিব।

৩)মাটিৰ স্বত্তাধিকাৰ হিতাধিকাৰীৰ নিজৰ নামত হব লাগিব।যদিহে মাটিৰ স্বত্তাধিকাৰ পৰিয়ালৰ আন আন সদস্যৰ নামত যৌথভাৱে থাকে তেন্তে সেই সদস্য সমুহৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ দিব লাগিব।প্ৰমাণ পত্ৰ গাওঁ পঞ্চায়তৰ সভাপতি অথবা চৰকাৰী গাওঁবুঢ়াৰ দ্বাৰা প্ৰত্যায়িত হ’ব লাগিব ।নিৰ্দিষ্ট ভুমিখিনি বিবাদহীন অথবা আইনী ভাৱে সম্পুৰ্ণ আসোঁৱাহমুক্ত হ’ব লাগিব।জিলা মীন উন্নয়ন বিষয়া বা তেখেতৰ মনোনীত মীন উন্নয়ন বিষয়াই এই সমুহ বিষয় তথা উন্নয়নৰ সঠিকতা নিৰুপণ কৰাৰ উপৰিও ভুমিৰ সকলোবোৰ নথি-পত্ৰৰ নকল প্ৰয়োজন সাপেক্ষে ফহিয়াই চোৱাৰ বাবে জিলা মীন উন্নয়ন কাৰ্য্যালয়ত জমা ৰাখিব লাগিব।

৪)আঁচনিৰ অন্তৰ্ভুক্ত হব খোজা ব্যক্তি গৰাকী বিভাগীয় নীতি নিৰ্দেশনাৱলী পালন কৰিবলৈ তথা পুখুৰী খননৰ নিৰ্ধাৰিত খৰচৰ ২০ শতাংশ খৰচ নিজাভাৱে কৰিবলৈ আগ্ৰহী হব লাগিব।

৫)যোৱা ৫ বছৰৰ ভিতৰত মীন বিভাগ অথবা অন্য বিভাগৰ অধীনত মীন সম্পৰ্কীয় কোনো চৰকাৰী আঁচনি অথবা সাহায্য গ্ৰহণ কৰা ব্যক্তি হিতাধিকাৰী হিচাবে নিৰ্বাচিত হব নোৱাৰিব।

৬)বিভাগীয় নিৰ্দেশ মতে হিতাধিকাৰীজন ভবিষ্যতে সমুহীয়াভাৱে মীন উন্নয়নৰ বাবে কাৰ্য্য কৰিবলৈ সন্মত থাকিব লাগিব।হিতাধিকাৰী সমুহে “Common Interest Group (CIG)”বা “ঐক্য উদ্দেশ্যীয় গোট”, “Fishery Interest Group (FIG)” বা “মীন উদ্দেশ্যীয় গোট”গঠন কৰি ভবিষ্যতে মীন উন্নয়ন কাৰ্যত ব্ৰতী হবলৈ সন্মত থাকিব লাগিব।

৭)সম্পুৰ্ণ মীন পালক অথবা মীন পালনত অভিজ্ঞতাসম্পন্ন ব্যক্তিকহে প্ৰাধান্য দিব লাগিব।

৮)পুখুৰীখনন কৰিব বিচৰা স্থান সম্পুৰ্ণ বানমুক্ত অঞ্চল হ’ব লাগিব।যিকোনো ভুল স্থান বা ভুল হিতাধিকাৰী নিৰ্বাচনৰ বাবে জিলা মীন উন্নয়ন বিষয়া জবাবদিহি হ’ব লাগিব।

৯)ডেৰ (১ ১/২)মিটাৰ গভীৰলৈকে পুখুৰীটো খনন কৰিবলৈ হিতাধিকাৰীজন সন্মত থাকিব লাগিব।

১০)মহিলাসকলৰ অংশ গ্ৰহণ এই ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব লাগিব আৰু মহিলা হিতাধিকাৰীয়ে অগ্ৰাধিকাৰ পাব।

১১)পুখুৰীটো মীন পালনৰ বাবে সম্পুৰ্ণ উপযুক্ত হোৱাৰ পিচতহে কেন্দ্ৰীয় সাহাৰ্য্যৰ সঞ্চালন ব্যয়ৰ মানে মাছৰ পোনাৰ খাদ্য ইত্যাদিৰ খৰচৰ অংশ মোকলাই দিয়া হ’ব।

১২)জিলা মীন উন্নয়ন বিষয়া আৰু হিতাধিকাৰীৰ মাজত এখন সন্মতি পত্ৰ স্বাক্ষৰিত হ’ব লাগিব য’ত হিতাধিকাৰীৰ কৰণীয় কাৰ্য্যসমুহ পৰিষ্কাৰভাৱে উল্লেখ থাকিব।

নিৰ্বাচন প্ৰক্ৰিয়া:

 

ক)জিলা মীন উন্নয়ন বিষয়াই হিতাধিকাৰীসকলৰ পৰা দৰ্খাস্ত উপযুক্ত বিজ্ঞাপনৰ জৰিয়তে আহবান কৰি গ্ৰহণ কৰিব লাগিব।হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া সুন্দৰ,প্ৰতিযোগিতামুলক তথা স্বচ্ছ হ’ব লাগিব।

খ)গ্ৰহণ কৰা দৰ্খাস্ত অনুসৰি স্থানৰ উপযুক্ততা কনিষ্ঠ অভিযন্তা/মীন সম্প্ৰসাৰণ বিষয়া/মীন প্ৰদৰ্শক-এ প্ৰাথমিক চৰজমিন জৰীপ বা তদন্ত কৰি নিৰ্ধাৰণ কৰিব।প্ৰস্তাৱিত স্থানৰ উপযুক্ততাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব লাগিব।

গ)নিৰ্বাচিত হিতাধিকাৰীৰ তালিকা জিলা মীন উন্নয়ন বিষয়াই মীন সঞ্চালকলৈ আৱশ্যকীয় অনুমোদনৰ বাবে তলত দিয়া আৰ্হি অনুসৰি প্ৰেৰণ কৰিব লাগিব।নিৰ্বাচিত হিতাধিকাৰী বিভাগীয় তত্বাৱধান আৰু আঁচনিৰ প্ৰয়োজন আৰু নিয়ম অনুসৰি পুখুৰী নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ সম্পন্ন কৰিব লাগিব।যদিহে হিতাধিকাৰীয়ে নিৰ্দ্ধাৰিত সময়ত পুখুৰী নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণ কৰিব নোৱাৰে তেন্তে সঞ্চালকালয়ে তেখেতৰ নামত প্ৰাৰম্ভিক তথ্যৰ ভিত্তিত FIR নিকটৱৰ্তী আৰক্ষী চকীত দাখিল কৰাৰ অধিকাৰ থাকিব।সেয়েহে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত যথাসম্ভৱ সকলো ধৰণৰ সাৱধানতা জিলা মীন উন্নয়ন বিষয়াই অৱলম্বন কৰিব লাগিব।

প্ৰপত্ৰ –নীল বিপ্লৱ আঁচনিৰ অধীনত নতুন পুখুৰী নিৰ্মাণ কাৰ্য্যৰ বাবে প্ৰস্তাৱ

জিলা:

 

হিতাধিকাৰীৰ নামও ঠিকনা

উন্নয়ন খণ্ড ও সমষ্টি

জাতি

পানী কালি

খনন ব্যয়

৭ লাখ/হে:হিচাবত

নিৰ্ধাৰিত ব্যয়

চৰকাৰী অংশ

হিতাধিকাৰীৰ অংশ

 

 

 

 

 

 

 

সামগ্ৰীৰ ব্যয়

নিৰ্ধাৰিত ব্যয়

চৰকাৰী ব্যয়

হিতাধিকাৰী ব্যয়

মুঠ চৰকাৰী অংশ

হিতাধিকাৰীৰ বেঙ্ক একাউণ্ট সবিশেষ

 

 

 

 

 

 

বি:দ্ৰ:বেঙ্ক একাউণ্ট সবিশেষ অৰ্থাৎ হিতাধিকাৰীৰ নাম,একাউণ্ট নম্বৰ,বেঙ্ক ও শাখাৰ নাম,শাখা কোড ন্ং,IFS কোড নং দাখিল কৰিব লাগিব।

ঘ)জিলা মীন উন্নয়ন বিষয়াই আঁচনিৰ স্থানৰ পুংখানুপুংখ ফটো,ইত্যাদি সকলো প্ৰয়োজনীয় তথ্য সমন্বিতে জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত মজুত ৰাখিব লাগিব ,যাতে অসম চৰকাৰৰ মীন বিভাগ বা ভাৰত চৰকাৰৰ পশু পালন,দুগ্ধ উন্নয়ন আৰু মীন বিভাগ/ ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ বিষয়াই সময় সাপেক্ষ নিৰীক্ষণ কৰিব পাৰে।

কাৰ্য্যকৰী কৰণ (ৰুপায়ণৰ)নিৰ্দেশনাৱলী-

 

ক)সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়া আৰু তেখেতৰ মনোনীত বিষয়া আঁচনিখন ৰুপায়ণৰ ক্ষেত্ৰত অৰ্থাৎ পুখুৰীখননৰ পৰা আৰম্ভ কৰি মাছ বিক্ৰি কৰালৈকে বিশেষকৈ চৰকাৰী সাহাৰ্য্যত আঁচনিখন ৰুপায়ণ হৈ থকা বৰ্ষত আৰু পৰৱৰ্ত্তী বৰ্ষ সমুহত সেই পদ্ধতি চলি থকাৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব।

খ)হিতাধিকাৰীয়ে দুখন পৰিষ্কাৰ হিতাধিকাৰী আৰু স্থানৰ সংযুক্ত ফটো জমা দিব লাগিব।

-এখন আঁচনি ৰুপায়ণৰ পুৰবৰ্তী ফটো-এখন আঁচনি ৰুপায়ণৰ পৰবৰ্ত্তী ফটো

গ)যিকোনো ৰাষ্ট্ৰীয়কৃত বেঙ্কত হিতাধিকাৰীৰ বেঙ্ক একাউণ্ট থাকিব লাগিব।বেঙ্ক একাউণ্ট খুলিবৰ বাবে আঁচনিৰ অধীনত কোনো ধন প্ৰদান কৰা নহ’ব।

ঘ)বিভাগীয় অভিযান্ত্ৰিক কৰ্মী আৰু মীন সম্প্ৰসাৰণ বিষয়াই আঁচনিৰ নিৰিখ অনুযায়ী ব্যক্তিগত খনন ব্যয় নিৰ্ণয় কৰিব।খনন ব্যয় সম্পৰ্কীয় আঁচনি সমুহ বিভাগীয় অভিযন্তাৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।যদিহে খনন ব্যয় নিৰিখতকৈ বেছি হয় তেন্তে সেইখিনি হিতাধিকাৰীয়ে নিজে বহন কৰিব লাগিব।

ঙ)খনন কাৰ্য্যৰ অগ্ৰগতি (MB)ৰ তথ্য তথা বিলৰ ওপৰত ভিত্তি কৰি নিৰ্দ্ধাৰণ কৰা হ’ব।খনন সম্পৰ্কীয় তথ্যৰ বাবে সংশ্লিষ্ট জিলাৰ মীন অভিযান্ত্ৰিক কৰ্মীসকলক দায়বদ্ধ থাকিব।

চ)খনন কাৰ্য সম্পুৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ মীন সম্প্ৰসাৰণ বিষয়া অথবা তাতকৈ ওপৰৰ বিষয়াই স্বাক্ষৰ কৰিব লাগিব আৰু সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়াই অতিৰিক্ত ভাৱে স্বাক্ষৰিত হব লাগিব।

ছ)মাছ ধৰাৰ সময়ত আগতীয়াকৈ সংশ্লিষ্ট বিষয়াক হিতাধিকাৰীয়ে জনাব লাগিব।

জ)হিতাধিকাৰীয়ে এখন স্থায়ী নামফলক (৪ ফুট *২ ফুটকৈ ডাঙৰ)লগাব আৰু কমেও হিতাধিকাৰীৰ নাম,স্থান,আঁচনি ৰুপায়িত বৰ্ষ,পুখুৰীৰ পানী কালি,চৰকাৰী সাহাৰ্য্যৰ পৰিমাণ (পুখুৰী খন্দা আৰু সঞ্চালন ব্যয়ৰ )ইত্যাদি উল্লেখ কৰিব লাগিব।

ঝ)ইয়াৰোপৰি যিবোৰ চৰকাৰী পদ্ধতি প্ৰযোজ্য হৈ আছে সেই সকলোবোৰ পদ্ধতি প্ৰয়োগ থাকিব।

অৰ্থ প্ৰবাহ আৰু ৰুপায়ণৰ সময়সীমা:

নীল বিপ্লৱ প্ৰকল্পৰ অধীনৰ নতুন পুখুৰী নিৰ্মাণ আঁচনিৰ সকলো কাৰ্য্য অহা ফেব্ৰুৱাৰী ,২০১৭ ৰ ভিতৰত সম্পুৰ্ণ কৰিবৰ বাবে আমি নিম্নলিখিত পদ্ধতি অৱলম্বন কৰিব পাৰো।

ক)মুঠ খনন কাৰ্য্যৰ ৪০ শতাংশ কাৰ্য্য হিতাধিকাৰীয়ে জিলা মীন উন্নয়ন বিষয়াৰ নিৰ্দেশ পোৱাৰ ১৫ দিনৰ ভিতৰত সম্পুৰ্ণ কৰিব লাগিব।

খ)জিলা মীন উন্নয়ন বিষয়াই দিয়া কাৰ্য্য অগ্ৰগতিৰ খতিয়ান তথা ৪০ শতাংশ সমাপ্তিৰ বিল/ভাউচাৰ আদিৰ ওপৰত ভিত্তি কৰি ৪০ শতাংশ ধন (মুঠ আঁচনিৰ ৫০ শতাংশ চৰকাৰী সাহায্য)নবেম্বৰ/ ডিচেম্বৰ ২০১৬ ৰ ভিতৰত প্ৰথম কিস্তি মোকলাই দিয়া হ’ব।

গ)প্ৰথম কিস্তিৰ ধনৰ সম্পুৰ্ণ ব্যৱহাৰৰ প্ৰমাণ পত্ৰ,এশ শতাংশ খনন কাৰ্য্য সম্পাদনৰ নিশ্চিত তথ্যও সংশ্লিষ্ট বিল/ভাউচাৰ ইত্যাদি অহা ২০১৭ বৰ্ষৰ জানুৱাৰী ভিতৰত পালে লগে লগে বাকী থকা ৪০ শতাংশ (চৰকাৰী অংশৰ ৫০ শতাংশ)মোকলাই দিয়া হ’ব।

ঘ)খনন কাৰ্য্য সম্পুৰ্ণ হোৱাৰ পাচত আৰু সম্পুৰ্ণভাৱে ইয়াৰ ব্যয়ৰ প্ৰমাণ পত্ৰ জমা দিয়াৰ পাচত জিলা মীন বিষয়াৰ অনুমোদনৰ ভিত্তিত সঞ্চালন ব্যয়ৰ চৰকাৰী অংশ মোকলাই দিয়াৰ ব্যৱস্থা কৰা হ’ব।

ঙ)নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্য্য সম্পুৰ্ণ সমাপ্ত নহ’লে নিৰ্বাচন প্ৰক্ৰিয়া (গ)ত উল্লেখ কৰা ধৰণে মীন সঞ্চালকে বিভাগৰ হৈ হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰী ধন অপচয়ৰ অভিযোগ আইন সংশ্লিষ্ট আৰক্ষী চকীত “FIR”লিপিবদ্ধ কৰিব ।

উৎস:মীন বিভাগ অসম

 

 

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top