মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / পশুধন বীমাকৰণ আঁচনি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুধন বীমাকৰণ আঁচনি :

পশুধন বীমাকৰণ আঁচনিৰ বিষয়ে লিখা হৈছে ।

 

পশুধন আৰু হাঁহ-কুকুৰাৰ পালনে গ্ৰাম্য অৰ্থনীতিত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে। অসম এখন কৃষিপ্ৰধান ৰাজ্য। পশুপালনৰ জৰিয়তে কম কৃষিভুমিতে অধিক লাভজনক ফল পাব পাৰি। অধিক উৎপাদন লাভ কৰিবলৈ আমি উন্নত জাতৰ বৰ্ণশংকৰ গাই, হাঁহ-কুকুৰা ,গাহৰি আদি পালন কৰিব লাগিব। ইয়াৰ বাবে কৃষক- পশুপালকৰ মাজত জাগি উঠিব লাগিব বিজ্ঞানসন্মত পশুপালনৰ মানসিকতা। পশুধন যিহেতু গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভেটি, গতিকে আমাৰ কৰ্তব্য হ’ব পশুধনবোৰক উচিত চোৱা-চিতা কৰাৰ লগতে বীমাৰে সামৰি লোৱা। এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় পশুধন অভিযান অসমৰ অধীনত পশুধন বীমাকৰণ আঁচনি ৰুপায়ণ কৰা হৈছে। পশুধন বীমাকৰণ আঁচনিত অসমৰ আটাইকেইখন জিলাৰ গৰু-ম’হ, ভেৰা-ছাগলী, গাহৰি ,ঘোঁৰা আদিকে ধৰি সকলো ধৰণৰ পশুধনৰ বীমা পৰ্যায়ক্ৰমে সামৰি লোৱা হৈছে। এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে বীমাকৰণ আঁচনিৰ অধীনৰ পশুধনবোৰক বছৰটোৰ যিকোনো সময়ত হ’ব পৰা সম্ভাব্য বিপদ প্ৰধানকৈ বেমাৰ-আজাৰ, বান বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ বাবে মৃত্য হ’লে সম্পুৰ্ণ নথিপত্ৰ জমা দিয়াৰ ১৫ দিনৰ ভিতৰত বীমা কোম্পানীয়ে বীমাৰ সম্পুৰ্ণ মুল্য ঘুৰাই দিয়াৰ ব্যৱস্থা কৰা আৰু উক্ত ব্যৱস্থাৰ যোগেদি কৃষকৰ পশুধনৰ মুল্যৰ প্ৰায় ১০০ শতাংশ সুৰক্ষা দিয়া। পশুপালক আৰু নিবনুৱা যুৱক-যুৱতীসকলক এই ব্যৱস্থাৰ যোগেদি পশুপালনক বৃত্তি হিচাপে লৈ আত্মনিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰা। এই আঁচনিৰ অধীনত অনুসুচিত জাতি, অনুসুচিত জনজাতি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পশুপালনৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ ৮০ শতাংশ ৰাজসাহায্য। আনহাতে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ আন পশুপালকৰ ক্ষেত্ৰত প্ৰিমিয়াম ৬০ শতাংশ ৰাজ সাহায্য।

পশুপালকসকলে বীমা কৰা পশুধনৰ মৃত্যু হ’লে কৰিবলগীয়া কামসমুহ হ’ল -

*বীমাকৃত পশুধনৰ মৃত্যুৰ এঘণ্টাৰ ভিতৰতে নিজৰ এলেকাৰ নিউ ইণ্ডিয়া ইন্সুৰেন্স কোম্পানীৰ শাখা কাৰ্যালয়ৰ ঠিকনা অনুসৰি মৃত্যুৰ সবিশেষ জনাই টেলিফোন বা ই মেইল কৰিব।

*কৃষকজনে স্থানীয় পশু চিকিৎসকগৰাকীক টেলিফোনযোগে মৰণোত্তৰ পৰীক্ষাৰ বাবে মাতি আনি তেওঁৰ হাতত থকা দাবী প্ৰ- পত্ৰখন স্ংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন লিপিবদ্ধ কৰাব লাগিব। ইয়াৰ উপৰি জিলা পশুধন অভিযানৰ নডেল বিষয়াগৰাকীক সবিশেষ জনাই টেলিফোনযোগে অৱগত কৰিব লাগিব।

*বীমা কোম্পানীয়ে পশুধনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত তেওঁলোকৰ তদন্তৰ বাবে নিৰ্দিষ্ট অনুসন্ধানকাৰী বিষয়াক কৃষকৰ ঘৰলৈ পঠাই মৃত পশুধনৰ কাণফুলিৰ সৈতে তিনি কপি ফটো সংগ্ৰহ কৰাৰ লগতে ওচৰ-চুবুৰীয়াক সোধা- পোচা কৰি সুবিধাজনক ঠাইত মৃত জন্তুটোক মাটিত পুতি থ’বলৈ পৰামৰ্শ দিয়ে। পিছত কোম্পানীৰ বিষয়াজনে ৰিপ’ৰ্ট হিচাপে প্ৰতিৱেদন বীমা কোম্পানীৰ নিৰ্দিষ্ট কাৰ্যালয়ত বিহিত ব্যৱস্থাৰ বাবে জমা দিব।

*বীমা কোম্পানীৰ পৰা উক্ত সময়সীমাৰ ভিতৰত যদি কোনো সঁহাৰি নাপায় বা কোম্পানীৰ ফালৰ পৰা কোনো লোক নাহে বা কোনো যোগাযোগ নকৰে, তেন্তে কৃষকজনে তেওঁলোকৰ গাঁৱৰ গাওঁবুঢ়া, ৱাৰ্ড কমিছনাৰ, গাওঁ পঞ্চায়তৰ সদস্য, নিজৰ এলেকাৰ দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ উপস্থিতিত (যিকোনো এজন) কাণফুলিসহ তিনি কপি ফটো সংগ্ৰহ কৰি ফুলিটো কাণৰ পৰা আঁতৰাই মৃত জন্তুটোক সুবিধাজনক ঠাইত মাটিত পুতি দিব।

*কৃষকজনে দুদিনৰ ভিতৰত মৃত্যুৰ সবিশেষ জনাই এখন আৱেদন পত্ৰ স্থানীয় পশু চিকিৎসকৰ জৰিয়তে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত বিহিত ব্যৱস্থাৰ বাবে জমা দিব লাগিব। বীমা পলিচীখনৰ প্ৰতিলিপি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন, সম্পুৰ্ণ কৰা দাবী প্ৰ-পত্ৰ, কাণফুলিৰ সৈতে তিনি কপি ফটো আৰু বেংক একাউণ্টৰ নম্বৰৰ ফটোষ্টেট কপি উক্ত আৱেদনৰ লগত জমা দিব লাগিব।

*জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াজনে নিযুক্তি দিয়া বীমা সমন্বয়ক/ নডেল বিষয়া, জিলা পশুধন অভিযানৰ জৰিয়তে ইন্সুৰেন্স কোম্পানীৰ শাখালৈ নথি-পত্ৰখিনি বিহিত ব্যৱস্থাৰ বাবে প্ৰেৰণ কৰিব। সকলো কাগজ-পত্ৰ শুদ্ধ হ’লে পোন্ধৰ দিনৰ ভিতৰত বীমা কোম্পানীয়ে বীমাৰ মুল্যৰ এশ শতাংশ হিতাধিকাৰী কৃষকজনৰ ইতিমধ্যে জমা দিয়া বেংক একাউণ্টত জমা কৰিব।

*যদিহে বীমা কোম্পানীয়ে মৃত পশুধনৰ ক্ষতিপুৰণৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি কৰে বা উপযুক্ত ক্ষতিপুৰণ সময়মতে নাপায়, তেতিয়া জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ হাতত লিখিত অভিযোগ দাখিল কৰিব পাৰিব।

মন কৰিব, হিতাধিকাৰীয়ে স্থানীয় পশু চিকিৎসকৰ জৰিয়তে দাবী প্ৰ-পত্ৰখন সংগ্ৰহ কৰিব পাৰিব। উল্লেখযোগ্য যে ২০১৬-১৭ বিত্তীয় বৰ্ষত বীমা কৰিবলৈ ধাৰ্য কৰা পশুধনৰ সংখ্যা ৯১০০০ টাৰ বিপৰীতে ২০১৭-১৮ বিত্তীয় বৰ্ষত (প্ৰস্তাৱিত) ১০৬০০০ টালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। পশুধন বীমাকৰণ আঁচনিখনৰ বিষয়ে বিশদভাৱে জানিবলৈ ওচৰৰ পশু চিকিৎসা বিষয়া অথবা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰক।

উৎস: ৰাইজৰ বাতৰি

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top