মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনা

প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনা কি-

 

দেশৰ সকলো কৃষিভুমিত জলসিঞ্চন ব্যৱস্থাৰ যোগেদি শস্য উৎপাদন বৃদ্ধিৰ জৰিয়তে গ্ৰামাঞ্চলৰ সমৃদ্ধিৰ দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্য আগত ৰাখি ২০১৫ চনৰ ২ জুলাইত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনা শীৰ্ষক আঁচনিখন শুভাৰম্ভ কৰিছিল।কেন্দ্ৰীয় চৰকাৰে ৫০ হাজাৰ কোটি টকা ব্যয়েৰে জলসিঞ্চন প্ৰণালীৰ উন্নীতকৰণৰ জৰিয়তে শস্য উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ মুলমন্ত্ৰই হৈছে –অৰ্থাৎ প্ৰতি টোপাল পানীত অধিক শস্য উৎপাদন।উক্ত আঁচনিৰ মুল উদ্দেশ্যে হৈছে প্ৰতিখন খেতিপথাৰক জলসিঞ্চনৰ জৰিয়তে সামৰি লোৱা আৰু শস্যভুমিত পানীৰ উচিত ব্যৱহাৰৰ যোগেদি পানীৰ উৎস সৃষ্টি,বিতৰণ,ব্যৱস্থাপনা,ক্ষেত্ৰ প্ৰয়োগ আৰু প্ৰসাৰণ ঘটোৱা।উক্ত আঁচনিখন কৃষি,জলসম্পদ আৰু গ্ৰমোন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰুপায়িত হয়।এই আঁচনিৰ অধীনত বৰষুণৰ পানী সংৰক্ষণ,খেতিপথাৰত পুখুৰী নিৰ্মাণ,সৰু বান্ধ আৰু সীমা ভেটাৰ ওপৰত গুৰুত্ব দিয়া হয়।এই আঁচনিয়ে কৃষিভুমিত পানীৰ উচিত পৰিবহণ আৰু জলসিঞ্চনত লাগতিয়াল নিখুত যন্ত্ৰসমুহ-ড্ৰিপ,স্প্ৰিস্কলাৰ,পাইভট,ৰেইন গান আদি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে।উক্ত আঁচনিয়ে পৰিপুৰক উৎস বৈজ্ঞানিক আৰ্দ্ৰতা সংৰক্ষণ আৰু কৃষি অৰ্থনীতিৰ পৰিমাপৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন গাঁথনি নিৰ্মাণ কৰিব।বিভিন্ন বেচৰকাৰী সংস্থা,পঞ্জীকৃত গোট আৰু কৃষি উৎপাদক সংস্থাসমুহৰ দ্বাৰা সমুহীয়া জলসিঞ্চন ব্যৱস্থাক উদগনি যোগায়।এই আঁচনিখনৰ অধীনত বিভিন্ন কৃষককেন্দ্ৰিক কাৰ্যকলাপ যেনে-যোগ্যতা নিৰ্মাণ,প্ৰশিক্ষণ প্ৰদৰ্শনীৰ্কৃষি শিক্ষানুষ্ঠান পৰিদৰ্শন আদিৰ ব্যৱস্থা থাকিব।ইয়াৰ লগতে উপযুক্ত পানী আৰু শস্য ব্যৱস্থাপনা,দক্ষতা উন্নয়ন আদিৰ লগতে প্ৰতিটো টোপালত অধিক শস্য নীতিসমুহ প্ৰচাৰ মাধ্যমৰ যোগেদি ব্যাপক প্ৰচাৰ চলোৱা হ’ব।

প্ৰধান মন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ মুল লক্ষ্যসমুহ-

 

*কৃষিভুমিক লাভজনক কৰাৰ লগতে কৃষিৰ উৎপাদনশীলতা বৃদ্ধি।

*কৃষিভুমিত পানীৰ আহৰণ আৰু নিশ্চিত জলসিঞ্চন প্ৰক্ৰিয়াৰ জৰিয়তে কৃষিখণ্ডৰ প্ৰসাৰ ঘটোৱা।

*কৃষিভুমিত পানীৰ উচিত ব্যৱহাৰৰ যোগেদি পানীৰ অপচয় ৰোধ আৰু সকলো সময় আৰু পৰিসৰত ইয়াৰ উপলব্ধতা।

*যথাযথ জলসিঞ্চন প্ৰয়োগ আৰু অন্যান্য পানী সঞ্চয় প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ বৃদ্ধি কৰা।প্ৰতি টোপালত অধিক শস্য।

*কৃষকৰ বাবে পানী সঞ্চয়,ব্যৱস্থাপনা আৰু শস্য সংৰক্ষণ আৰু ক্ষেত্ৰভিত্তিক কাৰ্যব্যৱস্থাৰ ব্যাপক প্ৰসাৰ কাৰ্য।

*জলসিঞ্চনত ব্যক্তিগত বিনিয়োগ বৃদ্ধি।

উক্ত প্ৰধান মন্ত্ৰী সিঞ্চন যোজনাৰ বিষয়ে বিত্ংভাৱে জানিবলৈ কৃষি,জলসম্পদ আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ লগত যোগাযোগ কৰক।

উৎস:ৰাইজৰ বাতৰি

2.92592592593
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top