অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰম্পৰাগত কৃষি বিকাশ যোজনা

পৰম্পৰাগত কৃষি বিকাশ যোজনা

পৰম্পৰাগত কৃষি বিকাশ যোজনা (প.ক.বি.যো) হ’ল ৰাষ্ট্ৰীয় সুনিশ্চিত কৃষি বিকাশ যোজনাৰ অন্তৰ্গত ভুমি স্বাস্থ্য নিয়ন্ত্ৰণ যোজনাৰ এক বৃহত্তৰ অংশ বিশেষ| এই পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত ক্লাষ্টাৰ বিশেষে জৈৱক গাওঁৰ সৃষ্টিৰ জৰিয়তে জৈৱিক কৃষিৰ সম্প্ৰসাৰণ কৰা আৰু পি.জি.এচ্‌ প্ৰমাণ-পত্ৰ প্ৰদান কৰা|

পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ সম্ভাৱনীয়তা

আঁচনি খনৰ ৰুপৰেখা
প্ৰমাণিত জৈৱিক কৃষিৰ জৰিয়তে ব্যৱসায়ীক ভিত্তিত জৈৱিক কৃষিৰ উৎপাদনক সম্প্ৰসাৰণ কৰা|
উৎপাদিত সামগ্ৰী ৰাসায়নিক কীটনাশকৰ অৱশিষ্ট যুক্ত যিয়ে উপভোক্তাৰ সুস্বাস্থ্য বৰ্ধনত সহায়ক হ’ব|
ই কৃষক অধিক লাভাম্বিত কৰিব আৰু ব্যৱসায়ী সকলৰ বাবে বজাৰৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব|
ই কৃষক সকলক প্ৰাকৃতিক সম্পদৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ উদ্ধুদ্ধ কৰিব|

যোজনাৰ ৰুপায়ন

  • পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কৃষক গোট বিলাকক জৈৱিক কৃষিৰ বাবে উদ্ধুদ্ধ কৰা|
  • এই আঁচনিৰ অধীনত ৫০ বা ততোধিক কৃষকৰ এটা ক্লাষ্টাৰ গঠন কৰা-যিসকলৰ অধীনত জৈৱিক কৃষিৰ বাবে নুন্যতম ৫০ একৰ মাটি আছে| এই ধৰণে ৩ বছৰৰ ভিতৰত ১০,০০০ ক্লাষ্টাৰ গঠনৰ জৰিয়তে ৫ লাখ একৰ কৃষি ভুমিত জৈৱিক কৃষি কৰা|
  • জৈৱিক কৃষিৰ প্ৰমাণ-পত্ৰৰ বাবদ হোৱা খৰচৰ বাবে কৃষক সকল দায়বদ্ধ নহব|
  • তিনি বছৰত বীজ সিঁচাৰ পৰা শস্য চপোৱা আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ পৰিবহণ কৰাৰ বাবদ প্ৰতিজন কৃষকক প্ৰতি একৰ ভুমিৰ বিপৰীতে ২০,০০০ টকাকৈ প্ৰদান কৰা হ’ব|
  • থলুৱা সম্পদ ব্যৱহাৰ কৰি জৈৱিক কৃষি কৰাৰ বাবে উদ্ধুদ্ধ কৰা আৰু জৈৱিক ভাৱে উৎপাদিত সামগ্ৰী বজাৰৰ লগত সংযোজন কৰাই দিয়া|
  • ই ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব আৰু কৃষক সকলৰ সহযোগিতাৰে জৈৱিক সামগ্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা|

অংশ বিশেষ আৰু সহায়ক সবিশেষ

১)ক্লাষ্টাৰ ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণকাৰী নিশ্চিত পদ্ধতি প-পত্ৰ প্ৰদান|

  • কৃষকৰ সম্প্ৰসাৰণ/ পি.জি.এচ প্ৰমাণপত্ৰৰ বাবে স্থানীয় বাসিন্দাৰ ৫০ একৰ ভুমি ক্লাষ্টাৰ গঠন|
  • নিৰ্বাচিত অঞ্চলত জৈৱিক কৃষি (ক্লাষ্টাৰ) গোট গঠনৰ বাবে কৃষক সভা, পৰ্যালোচনা, প্ৰতিজন কৃষকৰ বাবে ২০০ টকা|
  • জৈৱিক কৃষি ক্ষেত্ৰত গোট সদস্য সকলৰ প্ৰদৰ্শনমুলক ভ্ৰমণ: প্ৰতিজন কৃষকৰ বাবে ২০০ টকা|
  • গোট গঠন, পি.জি.এচৰ বাবে কৃষক প্ৰেৰিত কৰা আৰু গোটৰ পৰা নেতৃত্ব দিব পৰা সমল (LRP) ব্যক্তি চিনাক্ত কৰা
  • জৈৱিক কৃষিৰ ওপৰত গোটৰ সদস্যক প্ৰশিক্ষণ দিয়া( ৩ টা প্ৰশিক্ষণ @ ২০,০০০ টকা প্ৰতি প্ৰশিক্ষণ)

পি.জি.এচ্‌ প্ৰ-পত্ৰ আৰু মানদণ্ড নিয়ন্ত্ৰণ:- পি.জি.এচ্‌ প্ৰ-পত্ৰৰ বাবে দুদিনীয়া প্ৰশিক্ষণ @ ২০০ টকা প্ৰতিজন সমক ব্যক্তি (LRP)

প্ৰশিক্ষকৰ প্ৰশিক্ষণ (২০) নেত্ৰীয় সমল ব্যক্তি (LRP) @ ২৫০ টকা প্ৰতিদিন/ প্ৰতি গোট ৩ দিনৰ বাবে|

  • অন্‌লাইন নাম ভৰ্তিকৰণ @ ১০০ টকা প্ৰতি সদস্য গোট x ৫০
  • মাটিৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষণ (২১ নমুনা/প্ৰতি বছৰ/ প্ৰতি গোট) @ ১৯০ টকা প্ৰতি নমুনা তিনি বছৰৰ বাবে|
  • জৈৱিক পদ্ধতিলৈ পৰিৱৰ্তন, দ্ৰব্যৰ ব্যৱহাৰ, শস্যৰ উৎপৰিৱৰ্তন, জৈৱিক সাৰৰ প্ৰয়োগ ইত্যাদিৰ লিখিত খট্‌পত্ৰ প্ৰস্তুত কৰিব লাগে| পি.জি.এচ্‌ প্ৰ-পত্ৰৰ বাবে ২০০ টকা প্ৰতি সদস্য x ৫০
  • পথাৰ পৰিদৰ্শন সদস্য গোটৰ বাবে ৪০০ টকা প্ৰতি পৰিদৰ্শন x ৩(বছৰত ৩ বাৰ পৰিদৰ্শন কৰা হ’ব)
  • NABL ত নমুনাৰ অৱশিষ্ট বিশ্লেষণ (৮ টা নমুনা প্ৰতি বছৰ প্ৰতি গোট) @ ১০,০০০ টকা প্ৰতি নমুনা|
  • প্ৰমাণ পত্ৰ মাননী
  • প্ৰশাসনিক খৰচৰ প্ৰমাণ পত্ৰৰ|

২) জৈৱিক গাওঁ গ্ৰহণৰ জৰিয়তে পচন সাৰ পৰিচালনা/ নিয়ন্ত্ৰণ আৰু জৈৱিক নাইট্ৰজেন সংশ্লেষণ গোট বিশেষে

  • গোটে প্ৰতি জৈৱিক কৃষিৰ বাবে কাৰ্যকৰী আঁচনি|
  • জৈৱিকলৈ ভুমি পৰিৱৰ্তন @ ১০০০ টকা/ প্ৰতি একৰ x ৫০
  • কৃষি প্ৰণালীৰ উপস্থাপন; জৈৱিক বীজ সংগ্ৰহ বা জৈৱিক নাৰ্চাৰীৰ ব্যৱস্থাপন @ ১৫০০ টকা/ অংশ/ একৰ x ৫০ একৰ
  • থলুৱা জৈৱিক উপাদান উৎপাদন ক্ষেত্ৰ যেনে- পঞ্চগব্য, বীজমুৰ্থা, জীৱমুৰ্থা ইত্যাদি @ ১৫০০ টকা/ ক্ষেত্ৰ/ একৰ x ৫০ একৰ
  • জৈৱিক নাইট্ৰ’জেন সংশ্লেষণ শস্য (গ্লাইৰিচিডিয়া, চেচবেনীয়া ইত্যাদি) @ ২০০০ টকা/ একৰ x ৫০ একৰ

সংহত পচন সাৰ পৰিচালনা/ নিয়ন্ত্ৰণ

  • পনীয়া জীৱাণু সাৰ (নাইট্ৰজেন সংগৃহীত/ ফছফৰাছ দ্ৰৱনীয়/ পটাছ পৰিবাহী জীৱাণু সাৰ) @ ৫০০ টকা/ একৰ x ৫০
  • পনীয়া জৈৱ কীটনাশক (ট্ৰাইক’ডাৰমা ভিৰিডি, চিউডম’নাচ্‌ ফ্লৰ’চেনচ্‌, মেটাৰহাইজিয়াম, বীভেৰিয়া বেচিয়ানা, পেচিল’ও মাইচিচ্‌, ভাৰ্টিচিলিয়াম) @ ৫০০ টকা/ একৰ x ৫০
  • নীম খলিটহ/ নীম তেল @ ৫০০ টকা/ একৰ x ৫০
  • ফছফৰাচযুক্ত জৈৱিক সাৰ/ জাইম দানা @ ১০০০ টকা প্ৰতি একৰ x ৫০
  • কেচু সাৰ (৭’x৩’x১’) @ ৫০০০ টকা/ ক্ষেত্ৰ x50

কাষ্টম হায়ৰিং চেণ্টাৰ (CHC) মাননী

  • কৃষি সজুলি (SMAM নিয়মাৱলী অনুসৰি)-পাৱাৰটিলাৰ, ক’ন’উইদাৰ, পেদী থ্ৰেচাৰ, ফাৰ’ওপেনাৰ, স্প্ৰেয়াৰ, ৰোজকেন, টপ পেন বেলেনচ
  • উদ্যান শস্যৰ বাবে খোজ কাঢ়িব পৰা নলা (MIDH ৰ নিয়মাৱলী মতে)
  • গোহালি/ হাঁহ-কুকুৰা গড়াল/ গাহৰী গড়াল- জীৱ-জন্তুৰ পচন সাৰ (গোখুল আঁচনিৰ নিয়মাৱলী মতে)

পেকিং, লেৱেলিং আৰু ব্ৰেডিং গোটৰ জৈৱিক দ্ৰৱ্যৰ বাবে-

  • পেকিং সামগ্ৰী পি.জি.এচ্‌ ল’গ’+ হ’ল’গ্ৰাম @ ২৫০০ টকা প্ৰতি একৰ x ৫০
  • জৈৱিক দ্ৰব্যৰ পৰিবহণ (চাৰিচকীয়া বাহন ১.৫ টন বহন ক্ষমতা সম্পন্ন) @ ১,২০,০০০ টকা সৰ্বাধিক, প্ৰতি গোটৰ বাবে ১ খন
  • জৈৱিক মেলা (সাহাৰ্য সৰ্বাধিক @ ৩৬,৩৩০ টকা প্ৰতি গোট)

উৎস: Department of Agriculture,Cooperation and Farmers Welfare

শেহতীয়া উন্নীতকৰণ: : 4/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate