অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষকৰ বাবে প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ:

 

কি কৰিব?

  • ‘আত্মা’ আচঁনিৰ জৰিয়তে উন্নয়ন খণ্ড বা ইয়াৰ তলৰ পৰ্যায়ত ৰূপায়ণ কৰি থকা সম্প্ৰসাৰণ সংশোধন আঁচনিৰ অধীনত ২৫,০০০ কৰ্মী কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটোৰ সৈতে সেৱাৰ মনোভাৱেৰে কাম কৰি আছে। আপোনাৰ মনত উদয় হোৱা যিকোনো আঁচনি/কৰ্মসূচী সংক্ৰান্তীয় প্ৰশ্ন, তথ্য আদিৰ লগতে উপযুক্ত প্ৰযুক্তি কৌশল আদিৰ বিষয়ে জানিবলৈ আপুনি এইসকল কৰ্মী বা ৰাজ্য চৰকাৰৰ কৃষি বিভাগ আৰু সহযোগী অন্য সংস্থাৰ সম্প্ৰাসৰণ কৰ্মীৰ সৈতে যোগাযোগ কৰক।
  • শেহতীয়া কৃষি প্ৰযুক্তি কৌশলৰ বিষয়ে জানিবলৈ দূৰদৰ্শন(১৮টা আঞ্চলিক, ১টা ৰাষ্ট্ৰীয় আৰু নিম্ন ক্ষমতাসম্পন্ন ট্ৰেন্সমিটাৰ), এফ এম ৰেডিঅ’ কেন্দ্ৰ(৯৬) বা অন্য কিছুমান ব্যক্তিগত চেনেল চাওক।
  • আপোনাৰ মনলৈ অহা নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ কে চি চিত কৰ্মী বা জ্যেষ্ঠ বিশেষজ্ঞৰ পৰা পাবলৈ ৩৬৫টা দিনেই পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ নিকটৱৰ্তী কিষাণ কল চেন্টাৰ(১৮০০-১৮০-১৫৫১)ৰ সৈতে যোগাযোগ কৰক।
  • কৃষি বিষয়ত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে স্বনিয়োজনৰ বাবে এগ্ৰি-ক্লিনিক/কৃষি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিবলৈ ‘মেনেজ’ৰ দ্বাৰা অনুমোদিত ৰাজ্যৰ যিকোনো কৰ্তৃত্বপ্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলেয়া ভাৱে দুমহীয়া প্ৰশিক্ষণ গ্ৰহণ  কৰিব পাৰে। বিনামূলীয়া প্ৰশিক্ষণৰ উপৰি কৃষি বিষয়ক প্ৰচেষ্টাৰ বাবে (অনুসূচীত জাতি/জনজাতি/উত্তৰ-পূৱৰ পাৰ্বত্য অঞ্চল/মহিলাৰ বাবে ৪৪অ) বেংকে আগবঢ়োৱা ঋণৰ ৩৬ শতাংশ কম্প’জিত ৰাজসাহায্য হিচাপে আগবঢ়োৱা হয়।
  • প্ৰগতিশীল কৃষকৰ বাবে আগবঢ়োৱা শিক্ষামূলক ভ্ৰমণ আৰু প্ৰশিক্ষণত অংশ গ্ৰহণ কৰক।
  • পাম বিদ্যালয় স্থাপন কৰক। একোখন পাম বিদ্যালয় চলাবলৈ ২৯,৪১৪.০০ টকা আগবঢ়োৱা হয়।
  • নিৰ্দিষ্ট স্থানীয় তথ্য(উন্নত কৃষি কৌশল, ডিলাৰৰ তালিকা, কৃষি উপদেশক আদি) পাবলৈ ইন্টাৰনেট কিছক/সাধাৰণ সেৱা কেন্দ্ৰৰ জৰিয়তে ফাৰ্মাৰ্ছ প’ৰ্টেল চাওক।

আপুনি কি লাভ কৰিব?

 

ক্ৰ নং

সাহায্যৰ ধৰণ

কামৰ বাবে সাহায্যৰ ধৰণ

আঁচনি/উপাংশ

৫০-১৫০ জনীয়া কৃষক গোটৰ বাবে বীজ উৎপাদন আৰু বীজ প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণ।

প্ৰতিটো গোটৰ বাবে ১৫,০০০.০০ টকা

বীজ গাঁও আঁচনি(এন এম এ ই ট)

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত কৃষক প্ৰশিক্ষণ(জলপানী, থকা-খোৱা, আৰু অহা-যোৱা খৰচৰ সৈতে)।

প্ৰতিজন কৃষকৰ বাবে প্ৰতি মাহত ৫,২০০.০০ টকা।

চপোৱাৰ পাছত প্ৰযুক্তি ব্যৱস্থাপনা।

৩০ জনীয়া কৃষকৰ দলৰ বাবে শস্য উৎপাদনৰ উন্নত প্ৰযুক্তি আৰু চপোৱাৰ পাছত ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ।

প্ৰতিটো প্ৰশিক্ষণত ২৪,০০০.০০ টকা।

এন এম ও ও পি

৪০ জনীয়া কৃষকৰ দললৈ শস্য ৰক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশিক্ষণ।

ক)বেচৰকাৰী সংস্থা/ব্যক্তিগত সংস্থাৰ প্ৰতিখন কৃষক ক্ষেত্ৰ বিদ্যালয়ৰ বাবে ২৯,২০০.০০ টকা।

খ)ৰাজ্য চৰকাৰৰ সংস্থাৰ ক্ষেত্ৰত ২৬,৭০০.০০ টকা।

শস্য ৰক্ষা আঁচনি।

পাচলি উৎপাদন আৰু সংশ্লিষ্ট ক্ষেত্ৰৰ ওপৰত দুদিনীয়া কৃষক প্ৰশিক্ষণ।

পৰিবহন খৰচ বাদ দি প্ৰতিজন কৃষকলৈ প্ৰতিটো প্ৰশিক্ষণৰ বাবে ১,৫০০.০০ টকা।

চহৰীয়া অঞ্চলৰ বাবে পাচলি খেতিৰ প্ৰয়াস।

কৃসক সংস্থা/১৫-২০ জনীয়া কৃষক গোট/২০ হেক্টৰ কৃষিভূমিৰ উন্নতীকৰণ আৰু বিত্তীয় সংস্থাৰ সৈতে সম্পৰ্ক স্থাপন।

প্ৰতিটো কাৰ্যসূচীৰ বাবে ৩০,০০০.০০ টকা।

চহৰীয়া অঞ্চলৰ বাবে পাচলি খেতিৰ প্ৰয়াস।

ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠানৰ জৰিয়তে কৃষকৰ বাবে গ্ৰামীণ ভাণ্ডাৰ যোজনাৰ সজাগতা বিষয়ক তিনিদিনীয়া কাৰ্যসূচী।

প্ৰতিটো কাৰ্যসূচীৰ বাবে ৩০,০০০.০০ টকা।

গ্ৰামীণ ভাণ্ডাৰ যোজনা।

প্ৰতিটো খণ্ডত ৫০টা কৰ্মদিনৰ বাবে ৰাজ্যৰ বাহিৰত কৃষক প্ৰশিক্ষণ।

পৰিবহন, থকা-খোৱাকে ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ১,২৫০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

প্ৰতিটো খণ্ডত ১০০টা কৰ্মদিনৰ বাবে ৰাজ্যৰ ভিতৰত কৃষক প্ৰশিক্ষণ।

পৰিবহন, থকা-খোৱাকে ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ১,০০০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

১০

প্ৰতিটো খণ্ডত ১০০০টা কৰ্মদিনৰ বাবে ৰাজ্যৰ ভিতৰত কৃষক প্ৰশিক্ষণ।

আৱাসিক প্ৰশিক্ষণৰ বাবে পৰিবহন, থকা-খোৱাকে ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ৪০০.০০ টকা। অনা আৱাসিক প্ৰশিক্ষণৰ বাবে প্ৰতিজন কৃষকৰ বাবে প্ৰতি দিনে ২৫০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

১১

প্ৰদৰ্শনমূলক খেতি।(প্ৰতিটো খণ্ডত ১২৫ টাকৈ)।

প্ৰতিটো প্ৰদৰ্শনমূলক খেতিৰ বাবে ৪,০০০.০০ টকা পৰ্যন্ত। (০.৪ হেক্টৰ)।

আটমা আঁচনি(এন এম এ ই টি)

১২

পাম বিদ্যালয়(প্ৰতিটো শস্য বতৰত ২৫ জন কৃষকলৈ শস্যৰ ৬টা বিশেষ অৱস্থাৰ ওপৰত প্ৰশিক্ষণ)।

২৯,৪১৪.০০ টকা/পাম বিদ্যালয়।

আটমা আঁচনি(এন এম এ ই টি)

১৩

ৰাজ্যৰ বাহিৰত ৭ দিনৰ বাবে কৃষকৰ শিক্ষামূলক ভ্ৰমণ(৫ জন কৃষক/খণ্ড)

অহা-যোৱা খৰচ,   থকা-মেলা আদি ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ৮০০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

১৪

ৰাজ্যৰ ভিতৰত ৫ দিনৰ বাবে কৃষকৰ শিক্ষামূলক ভ্ৰমণ(২৫ জন কৃষক/খণ্ড)

অহা-যোৱা খৰচ,   থকা-মেলা আদি ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ৪০০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

১৫

জিলাৰ ভিতৰত তিনিদিনতকৈ অধিক নোহোৱা কৃষকৰ শিক্ষামূলক ভ্ৰমণ(১০০ জন কৃষক/খণ্ড)

অহা-যোৱা খৰচ,   থকা-মেলা আদি ধৰি প্ৰতি দিনে প্ৰতিজন কৃষকৰ বাবে ৩০০.০০ টকা।

আটমা আঁচনি(এন এম এ ই টি)

১৬

ক)কৃষক গোত আৰু অন্য সমৰ্থনকাৰী সেৱাৰ বাবে সক্ষমতা বৃদ্ধি আৰু কাৰ্যকুশলতা বৃদ্ধি। (প্ৰতিটো খণ্ডৰ বাবে ২০ টা গোট)।

খ)আয় বৃদ্ধিৰ বাবে ওপৰোক্ত গোটসমূহলৈ চীড মানি।

গ)খাদ্য সুৰক্ষা গোট(৩টা গোট/খণ্ড)।

৫,০০০.০০ টকা/গোট

 

 

 

 

 

১০,০০০.০০ টকা/গোট

 

 

১০,০০০.০০ টকা/গোট

আটমা আঁচনি(এন এম এ ই টি)

১৭

ভূমি পৰীক্ষাগাৰৰ দ্বাৰা অগ্ৰণী প্ৰদৰ্শনমূলক খেতি।

অগ্ৰণী প্ৰদৰ্শনমূলক খেতি।

২০,০০০.০০ টকা/গোট

 

 

ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ‘ইক্ৰিচেট’লৈ ১০০ শতাংশ সাহায্য আৰু চিলিঙৰ সৈতে প্ৰতি হেক্টৰ কৃষিভূমিৰ ক্ষেত্ৰত বাদামৰ বাবে ৮,৫০০.০০ টকা, চয়াবিন, ৰাই আৰু সৰিয়হ, সূৰ্যমুখী ফুলৰ বাবে ৬,০০০.০০ টকা, তিল, চিচেম, চ’ফ্লাৱাৰ, গুজিতিল, লিনচীড আৰু এঁৰাৰ বাবে ৫,০০০.০০ টকা আৰু পলি মালচৰ অগ্ৰণী কৃষিৰ প্ৰদৰ্শনৰ বাবে ১২,৫০০.০০ টকা।

ভূমি স্বাস্থ্য আৰু উৰ্বৰতা ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰকল্প।

এন এম ও ও পি

১৮

ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰৰ বাবে কৃষকলৈ প্ৰদৰ্শনীমূলক খেতি আৰু প্ৰশিক্ষণ।

১০,০০০.০০ টকা/প্ৰশিক্ষণ আৰু প্ৰদৰ্শনমূলক খেতি।

ভূমি স্বাস্থ্য আৰু উৰ্বৰতা ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰকল্প।

এন এম ও ও পি

১৯

ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় ধান গৱেষণা কেন্দ্ৰৰ সহযোগত ৰাজ্যসমূহৰ দ্বাৰা একত্ৰিত খেতিৰ প্ৰদৰ্শন।

ঋণৰ বাবে প্ৰতি হেক্টৰত ৭,৫০০.০০ টকা (শ্ৰী পদ্ধতিত বৰ্ণশংক্ৰ ধানৰ প্ৰযুক্তি ধৰি)।

ঘেঁহুৰ বাবে প্ৰতি হেক্টৰত ৭,৫০০.০০ টকা,

মাহজাতীয় শস্যৰ বাবে প্ৰতি হেক্টৰত ৭,৫০০.০০ টকা,

ধান, ঘেঁহু জাতীয় শস্যৰ বাবে প্ৰতি হেক্টৰ ৫,০০০.০০ টকা আৰু

শস্য চক্ৰৰ প্ৰদৰ্শনমূলক খেতিৰ বাবে প্ৰতি হেক্টৰত ১২,৫০০.০০ টকা।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আৰু পূৱ ভাৰতত সেউজ বিপ্লৱৰ সূচনা

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আৰু এতপি

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান

২০

পাম ক্ষেত্ৰ বিদ্যালয়ত কৃষকলৈ প্ৰশিক্ষণ প্ৰতি ২-৩ খন গাঁওৰ বাবে।

ঋতু জুৰি প্ৰশিক্ষণৰ বাবে ১৭,০০০ টকা/পাম ক্ষেত্ৰ বিদ্যালয়।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আৰু পূৱ ভাৰতত সেউজ বিপ্লৱৰ সূচনা

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান আৰু এতপি

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান

২১

ট্ৰেক্টৰ আৰু অন্য কৃষি যন্ত্ৰপাতিৰ নিৰ্বাচন, প্ৰয়োগ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰশিক্ষণ।

১ সপ্তাহৰ পৰা ৬ সপ্তাহলৈ প্ৰতিজন কৃষকৰ বাবে ১,২০০ টকা হিচাপে সাধাৰণ শ্ৰেণীত অহা-যোৱা খৰচ আৰু বিনামূলীয়াকৈ থকাৰ বাবে।

প্ৰশিক্ষণ, পৰীক্ষণ আৰু প্ৰদৰ্শনৰ জৰিয়তে কৃষি যন্ত্ৰ পাতিৰ উন্নীতকৰণ আৰু শক্তিশালীকৰণ।

কাৰ সৈতে যোগাযোগ কৰিব?

ক্ৰমিক নং ১-৭; ১৭-২১ৰ বাবে ওচৰৰ জিলা বিষয়া কৃষি বিষয়া; ক্ৰমিক নং  ৮-১৬ৰ বাবে আটমা কাৰ্যালয়।

যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তি

 

কি কৰিব?

  • মাটিৰ পৰিমাণ আৰু শস্যৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত যন্ত্ৰ/সঁজুলি ব্যৱহাৰ কৰক।
  • ব্যয়বহুল সঁজুলিৰ ক্ষেত্ৰত কৃষক গোট গঠন কৰি ভাৰা/অংশীদাৰীত্বৰ ভিত্তিত ব্যৱহাৰ কৰক।
  • সম্পদৰ সংৰক্ষণ কৰক ইয়াৰ বাবে জিৰো টিল চীড ড্ৰীল, লেজাৰ লেণ্ড লেভেলাৰ, হেপী চীড ড্ৰীল, ৰোটাভেটৰ আদি ব্যৱহাৰ কৰক।
  • পাম যান্ত্ৰিক পৰীক্ষণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰ আদিৰ জৰিয়তে কৃষি যন্ত্ৰপাতিৰ উপযুক্ত ব্যৱহাৰ, সময়মতে ল’বলগীয়া যতন আৰু চাৰ্ভিচিং আদিৰ বিষয়ে জানি লওঁক।

আপুনি কি লাভ কৰিব?

 

ক্ৰ নং

সাহায্যৰ শ্ৰেণী

সাহায্যৰ পৰিমাণ

আঁচনি/উপাংশ

২০ অশ্বশক্তি সম্পন্ন পৰ্যন্ত ট্ৰেক্টৰ।

০.৭৫ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ২৫ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ১.০০ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

২০ অশ্বশক্তিতকৈ অধিক ক্ষমতাযুক্ত ট্ৰেক্টৰ।

১.০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ২৫ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ১.২৫ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

পাৱাৰ টিলাৰ/পাৱাৰ উইডাৰ(৮ বি এইচ পি তকৈ তলৰ)।

০.৪০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ০.৫০ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

পাৱাৰ টিলাৰ/পাৱাৰ উইডাৰ(৮ বি এইচ পি আৰু ইয়াতকৈ ওপৰৰ)।

০.৬০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ২৫ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ০.৭৫ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

সকলো শ্ৰেণীৰ কম্বাইন হাৰ্ভেষ্টাৰ।

২.০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ২.৮০ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য। (প্ৰতি হেক্টৰত ১ কিলোৱাটতকৈ ওপৰৰ পাম ক্ষমতা থকা ৰাজ্যসমূহৰ বাবে নহয়)

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

চেলফ প্ৰপেলড ধান ৰোৱা যন্ত্ৰ(৪টা শাৰী)

১.০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ১.২৫ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

চেলফ প্ৰপেলড ধান ৰোৱা যন্ত্ৰ(৪টা শাৰীতকৈ ওপৰৰ)।

সকলো আত্মসহায়ক গোট। কৃষকৰ ব্যৱহাৰকাৰী গোট, কৃষক সমবায় সমিতিৰ বাবে ২.০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় ৪০ শতাংশ।

 

চেলফ প্ৰপেলড ৰিপাৰ কাম বাইণ্ডাৰ আৰু উদ্যান শস্যত ব্যৱহৃত যন্ত্ৰকে ধৰি অন্যান্য একেধৰণৰ চেলফ প্ৰপেলড যন্ত্ৰ।

১.০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ১.২৫ লাখ টকাৰ চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

সকলো শ্ৰেণীৰ ট্ৰেক্টৰ/পাৱাৰ টিলাৰ চালিত সঁজুলি/যন্ত্ৰপাতি।

ক)ভূমি উন্নয়ন, হালবোৱা আৰু বীজতলী প্ৰস্তুতিৰ বাবে ব্যৱহ্ৰত সঁজুলি: এম বি প্লাও/ডিস্ক প্লাও/কালটিভেটৰ/হেৰো/লেভেলাৰ ব্লেড/কেজ হুইল/ফাৰ’ অ’পেনাৰ/ৰিজাৰ/উইড শ্লেচাৰ/ৰ’টাভেটৰ/লেজাৰ লেণ্ড লেভেলাৰ/ৰ’ট’পাডলাৰ/ৰি

ভাৰ্চি বল মেকানিকেল/হাইড্ৰ’লিক প্লাও।

খ)বীজ সিঁচা আৰু ৰোৱা সঁজুলি: নিউমেটিক প্লেন্টাৰ, প’ষ্ট হোল ডিগাৰ, নিউমেটিক ভেজিটেবল ট্ৰেন্সপ্লেন্টাৰ, নিউমেটিক ভেজিটেবল চীডাৰ, হেপী চীডাৰ, আলু ৰোৱা যন্ত্ৰ, আলু খান্দি উলিওৱা যন্ত্ৰ, বাদাম খান্দি উলিওৱা যন্ত্ৰ, ষ্ট্ৰীপ টিল ড্ৰীল, ট্ৰেক্টৰচালিত ৰিপাৰ, পিয়াজ চপোৱা যন্ত্ৰ, ধান ৰোৱা যন্ত্ৰ, ধানৰ খেৰ কটা যন্ত্ৰ, জিৰো টিল চীড কাম ফাৰ্টিলাইজাৰ ড্ৰীল, ৰেইজদ বেদ প্লেন্টাৰ, কুঁহিয়াৰ কটা যন্ত্ৰ/ষ্ট্ৰীপাৰ প্লেন্টাৰ।

গ)খেতিৰ ভিতৰত ব্যৱহ্ৰত সঁজুলি: গ্ৰাছ উইড শ্লেচাৰ, ৰাইচ ষ্ট্ৰ চপাৰ, উইডাৰ।

ঘ)চপোৱা আৰু মৰণামৰা সঁজুলি: গ্ৰাউণ্ড নাট পড ষ্ট্ৰীপাৰ/মাল্টি ক্ৰপ থ্ৰেচাৰ, চফ কাটাৰ।

ঙ)অৱশেষ ব্যৱস্থাপনা/খেৰ আৰু ঘাঁহৰ বাবে ব্যৱহ্ৰত সঁজুলি: চুগাৰকেন থ্ৰেচ কাটাৰ, কটন ফ্ৰন্দ চপাৰ, ৰেক আৰু সকলো শ্ৰেণীৰ বেলাৰ।

(ক)ৰ পৰা(ঙ) লৈকে ০.৫০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ৰাজসাহায্য।

১০

হস্তচালিত/পশুচালিত যন্ত্ৰ/সঁজুলি/আহিলা।

ক)ভূমি উন্নয়ন, হালবোৱা আৰু বীজতলী প্ৰস্তুতিৰ বাবে ব্যৱহ্ৰত সঁজুলি: এম বি প্লাও/ডিস্ক প্লাও/কালটিভেটৰ/হেৰো/লেভেলাৰ ব্লেড/ফাৰ’ অ’পেনাৰ/ৰিজাৰ/বোকাকৰা যন্ত্ৰ।

খ)বীজ সিঁচা আৰু ৰোৱা সঁজুলি: ধান ৰোৱা যন্ত্ৰ, চীড কাম ফাৰ্টিলাইজাৰ ড্ৰীল, ৰেইজদ বেদ প্লেন্টাৰ, প্লেন্টাৰ, ড্ৰাম চীডাৰ।

গ)খেতিৰ ভিতৰত ব্যৱহ্ৰত সঁজুলি: গ্ৰাছ উইড শ্লেচাৰ, ক’ন’ উইদাৰ।

ঘ)চপোৱা আৰু মৰণামৰা সঁজুলি: গ্ৰাউণ্ড নাট পড ষ্ট্ৰীপাৰ/থ্ৰেচাৰ/উইন’ৱিং ফেন/চফ কাটাৰ।

০.০৮ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ পূৱৰ ৰাজ্যসমূহলৈ ০.১ লাখ টকা চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য।

১১

সকলোধৰণৰ জলসিঞ্চন পাম্পচেট।

০.১৫ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৫০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ পূৱৰ ৰাজ্যসমূহলৈ ০.১৯ লাখ টকা চিলিঙ সাপেক্ষে।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য আৰু এন এম ও ও পি।

12

শস্যৰক্ষাৰ সঁজুলি

ক)হস্তচালিত স্প্ৰেয়াৰ: নেপ চেক/ভৰিৰে চলোৱা স্প্ৰেয়াৰ

ক)০.০০৬ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৫০ শতাংশ।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য আৰু এন এম ও ও পি।

খ)শক্তিচালিত নেপচেক স্প্ৰেয়াৰ/শক্তিচালিত টাইৱান/স্প্ৰেয়াৰ।

খ)০.০৮ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৫০ শতাংশ।

গ)ট্ৰেক্টৰচালিত স্প্ৰেয়াৰ।

গ)০.৫০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৫০ শতাংশ।

ঘ)পৰিৱেশ অনুকূল পোহৰ ফাণ্ড।

ঘ)০.০১২ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৫০ শতাংশ।

ঙ)ইলেক্টৰ’ষ্টেটিক স্প্ৰেয়াৰ

ঙ)০.৫০ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ।

ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ওপৰোক্ত শস্য সুৰক্ষাৰ সঁজুলিসমূহৰ বাবে অতিৰিক্ত ১০ শতাংশ সাহায্য।

১৩

ভাৰালৈ দিয়া কেন্দ্ৰ (Custom Hiring centre) স্থাপনৰ বাবে ক্ৰয় ৰাজসাহায্য।

প্ৰতিটো কেন্দ্ৰৰ বাবে ২৪.০ লাখ টকাৰ সীমাবদ্ধ হোৱাটো মুঠ ক্ৰয় মূল্যৰ ৪০ শতাংশ হাৰত বেক এণ্ডেড ৰাজসাহায্য।

ভাৰালৈ দিয়া কেন্দ্ৰ স্থাপনৰ বাবে এচ এম এ এমৰ অধীনত কৃষি যন্ত্ৰ-পাতিৰ বেংক স্থাপন।

১৪

উচ্চ প্ৰযুক্তি সম্পন্ন হাৰ স্থাপনৰ বাবে ক্ৰয় ৰাজসাহায্য।

প্ৰতিটো কেন্দ্ৰৰ বাবে ১.০ কোটি টকাত সীমাবদ্ধ হোৱাকৈ মুঠ ক্ৰয় মূল্যৰ ৪০ শতাংশ হাৰত বেক এণ্ডেড সাহায্য।

এচ এম এ এমৰ অধীনত উচ্চ প্ৰযুক্তি, উচ্চ উৎপাদনমুখী সঁজুলিৰ কেন্দ্ৰ স্থাপন।

১৫

স্থানভিত্তিক পাম সঁজুলি/আহিলাৰ মালিকাধীন হ’বলৈ হিতাধিকাৰীলৈ আৰ্থিক সাহায্য।

ৰাজ্যসমূহে, বিশেষকৈ কম কৃষি যান্ত্ৰিকীকৰণ(প্ৰতি হেক্টৰত ১.০ কিলোৱাটৰ কম পাম শক্তিৰ)ৰ ৰাজ্যসমূহে নিৰ্বাচিত কৰা প্ৰতিখন গাঁওৰ বাবে ১০ লাখ টকাত সীমাবদ্ধ হোৱাকৈ মুঠ ক্ৰয় মূল্যৰ ৮০ শতাংশ।

এচ এম এ এমৰ অধীনত নিৰ্বাচিত গাঁওত উপযুক্ত পাম যান্ত্ৰিকীকৰণৰ সূচনা।

১৬

স্থানভিত্তিক শস্যৰ বাবে কৃষি সঁজুলি/আহিলা বিতৰণ।

প্ৰতিজন ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ পোনপটীয়াভাৱে অথবা সমবায়ৰ যোগেৰে ভাৰতবৰ্ষৰ অধিক সম্ভাৱনা থকা কিন্তু কম কৃষি যান্ত্ৰিকীকৰণ(প্ৰতি হেক্টৰত ১.০ কিলোৱাটৰ কম পাম শক্তিৰ) হোৱা অঞ্চলত ১.২৫ লাখ টকাত সীমাবদ্ধ হোৱাকৈ মুঠ ক্ৰ মূল্যৰ ১০০ শতাংশ।

এম এম এ এমৰ অধীনত ক্ষুদ্ৰ/উপান্ত কৃষকৰ মাজত উপযুক্ত পাম আহিলাৰ গৰাকী সৃষ্টি।

১৭

ভাৰালৈ দিয়া কেন্দ্ৰ()ৰ জৰিয়তে প্ৰতি হেক্টৰত যান্ত্ৰিকীকৰণ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে বিত্তীয় সাহায্য।

প্ৰতি হেক্টৰত ২,০০০.০০ টকা চিলিঙ সাপেক্ষে ব্যক্তিগত কৃষকলৈ মূল্যৰ ৫০ শতাংশ।

এচ এম এ এমৰ অধীনত ভাৰালৈ দিয়া কেন্দ্ৰ (Custom Hiring centre)ৰ জৰিয়তে প্ৰতি হেক্টৰত যান্ত্ৰিকীকৰণ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে বিত্তীয় সাহায্য।

১৮

সকলোধৰণৰ হস্তচালিত/পশুচালিত যন্ত্ৰ/সঁজুলি/আহিলা।

ক)ভূমি উন্নয়, হালবোৱা আৰু বীজতলী প্ৰস্তুতিৰ বাবে ব্যৱহ্ৰত সঁজুলি: এম বি প্লাও/ডিস্ক প্লাও/কালটিভেটৰ/হেৰো/লেভেলাৰ ব্লেড/ফাৰ’ অ’পেনাৰ/ৰিজাৰ/বোকাকৰা যন্ত্ৰ।

খ)বীজ সিঁচা আৰু ৰোৱা সঁজুলি: ধান ৰোৱা যন্ত্ৰ, চীড কাম ফাৰ্টিলাইজাৰ ড্ৰীল, ৰেইজদ বেদ প্লেন্টাৰ, প্লেন্টাৰ, ড্ৰাম চীডাৰ।

গ)খেতিৰ ভিতৰত ব্যৱহ্ৰত সঁজুলি: গ্ৰাছ উইড শ্লেচাৰ, ক’ন’ উইদাৰ।

ঘ)চপোৱা আৰু মৰণামৰা সঁজুলি: গ্ৰাউণ্ড নাট পড ষ্ট্ৰীপাৰ/থ্ৰেচাৰ/উইন’ৱিং ফেন/চফ কাটাৰ।

০.০৮ লাখ টকা চিলিঙ সাপেক্ষে ক্ৰয় মূল্যৰ ৪০ শতাংশ। অনুসূচীত জাতি, অনুসূচীত জনজাতি, ক্ষুদ্ৰ আৰু উপান্ত কৃষক, মহিলা আৰু উত্তৰ পূৱৰ ৰাজ্যসমূহলৈ ০.১ লাখ টকা চিলিঙ সাপেক্ষে অতিৰিক্ত ১০ শতাংশ সাহায্য।

বিশেষ দ্ৰষ্টব্য: ওপৰত উল্লেখ কৰা সঁজুলিসমূহৰ বাহিৰে ৰাজ্যসমূহে প্ৰস্তাৱ কৰা অন্য সঁজুলিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সহযোগিতা বিভাগে উপযুক্ত শ্ৰেণীৰ সাহায্যৰ অধীনত বিবেচনা কৰিব।

কৃষি যান্ত্ৰিকীকৰণ উপ-অভিযান(এচ এম এ এম)ৰ অধীনত কৃষি যন্ত্ৰ পাতি আৰু সঁজুলিৰ বাবে বিত্তীয় সাহায্য আৰু ক্ৰয় ৰাজসাহায্য

উৎস-কৃষি আৰু সহযোগিতা বিভাগ,কৃষি মন্ত্ৰালয়,ভাৰত চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate