মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / ৰাষ্ট্ৰীয় গোকুল মিছন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় গোকুল মিছন:

ৰাষ্ট্ৰীয় গোকুল মিছনৰ বিষয়ে লিখা হৈছে

 

কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন ৰাজ্য, জিলা, গ্ৰামাঞ্চলত থকা থলুৱা প্ৰজাতিৰ গোধনৰ সংৰক্ষণ আৰু উন্নতি সাধনৰ লক্ষ্য আগত ৰাখি ২০১৪ চনৰ ২৮ জুলাইত ‘ৰাষ্ট্ৰীয় গোকুল মিছন’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষিমন্ত্ৰী ৰাধামোহন সিঙে নতুন দিল্লীত। এই আঁচনিৰ অধীনত সমগ্ৰ দেশজুৰি থলুৱা গাই প্ৰজাতিসমূহৰ উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। থলুৱা প্ৰজাতিৰ গাইবোৰক অধিক দুগ্ধ উৎপাদন ক্ষমতাসম্পন্ন কৰি তোলাৰ বাবে বৈজ্ঞানিক ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আঁচনিখন ৰাষ্ট্ৰীয় পশুধন মিছনৰ অত্যাৱশ্যকীয় অংশ।

ৰাষ্ট্ৰীয় গোকুল মিছনৰ মুখ্য উদ্দেশ্যসমূহ হ’ল-

 

থলুৱা প্ৰজাতিৰ গোধনৰ সংৰক্ষণ আৰু উন্নতি সাধন।

গো প্ৰজননত গুৰুত্ব প্ৰদান কৰা।

ৰাষ্ট্ৰীয় গো প্ৰজনন আৰু দুগ্ধ উন্নয়ন আঁচনিৰ অধীনত ৰূপায়িত এই প্ৰকল্পৰ বাবে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত ৫০০ কোটি টকা আবন্টন দিয়া হৈছে।

চহৰাঞ্চলত চৰকাৰে গোশালা নিৰ্মাণ কৰিছে। গোশালা নথকা অঞ্চলসমূহত চৰকাৰে কেটেল কেয়াৰ চেন্টাৰ খুলিছে।

এই আঁচনিখনৰ জৰিয়তে গোপালকসকলে অধিক দুগ্ধক্ষম গাইৰ গৰাকী হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিছে। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক উদগণি দিয়াৰ উদ্দেশ্যে গোপালকসকলক ‘গোপাল ৰত্ন’ বঁটাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে।

মুঠৰ ওপৰত ক’বলৈ গ’লে দুগ্ধ উৎপাদনত দেশখনক চহকী কৰোৱাই হৈছে আঁচনিখনৰ মুখ্য উদ্দেশ্য। আমাৰ দেশত যিহেতু গাইৰ গাখীৰ তুলনামূলকভাৱে বাকী দেশতকৈ কম। সেই কাৰণে দুগ্ধ উৎপাদনক এক উল্লেখযোগ্য স্থান দিয়াৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি আঁচনিখন বলৱৎ কৰা হৈছে।

এই আঁচনিৰ অধীনত পুঁজিৰ আবন্টন পাবলৈ হ’লে গোকুল গ্ৰাম স্থাপন কৰাটো অতি প্ৰয়োজনীয়-

বৃহৎ চহৰসমূহত গোকুল গ্ৰামসমূহ স্থাপন কৰা হয়। এই গোকুল গ্ৰামসমূহত গোপালকসকলৰ প্ৰশিক্ষণৰ উদ্দেশ্যে আধুনিক সুবিধা প্ৰদান কৰা হ’ব। আমাৰ ৰাজ্যখনৰ গোপালকসকলৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে এই ৰাষ্ট্ৰীয় গোকুল মিছন শীৰ্ষক আঁচনিখনে। এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ বা বিতংভাৱে জানিবলৈ স্থানীয় পশু চিকিৎসকৰ লগত যোগাযোগ কৰক। থলুৱা প্ৰজাতিৰ গোধনৰ উন্নয়ন সম্পৰ্কীয় ব্যৱস্থা ক’ত পোৱা যাব, কেনেকৈ যোগাযোগ কৰিব সেই বিষয়ে জানিবলৈ http://dudh.nic.in ত লগ অন কৰক।

উৎস: ৰাইজৰ বাতৰি

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top