মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / ৰাষ্ট্ৰীয় পশুধন অভিযান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰাষ্ট্ৰীয় পশুধন অভিযান

ৰাষ্ট্ৰীয় পশুধন অভিযান বিষয়ত উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰীয় পশু উন্নয়ন অভিযান ২০১৪-১৫ বৰ্ষত উন্মোচন কৰিছিল, মূলত পশুধন উৎপাদন ব্যৱস্থাক গুণগত আৰু মাত্ৰাগত মান উন্নয়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে আগত লৈ তথা ইয়াৰ লগত জড়িত সকলো হিতাধিকাৰীৰ ক্ষমতা নিৰ্মাণক লৈ|

এই অভিযানৰ মূল লক্ষ্য:

১. ঘাঁহ বনানি পাত আদিৰ পৰিমাণ বৃদ্ধি কৰা যাতে ইয়াৰ প্ৰয়োজন তথা যোগানৰ মাজত থকা ব্যৱধান হ্ৰাস কৰা বিভিন্ন উপায়ৰ মাজেৰে যেনে- আৰু বেচি ঘাহ-বননি থকা এলেকা আওতালৈ আনা, প্ৰযুক্তি সম্প্ৰসাৰণ তথা উত্তৰণ আৰু নিজৰ বনানি বা শস্যৰ উচিত ব্যৱস্থাপনা আৰু কাৰ্যকৰীকৰণ ভিন্ন কৃষি বতৰ অৱস্থাৰ লগত সংগতি ৰাখি|

৩. উন্নত জাতৰ ঘাহ-বননিৰ বীজৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা, কাৰ্য্যক্ষম বীজ উৎপাদন এক সুশৃংখল ব্যৱস্থাৰ গাঠনি তৈয়াৰ কৰা (ব্যক্তিবিশেষ-পশু প্ৰতিপালক প্ৰতিষ্ঠাপন –প্ৰশিক্ষিত ইত্যাদি) ভিন্ন খেতিয়ক তথা বিভিন্ন প্ৰতিষ্ঠান যেনে ডাইৰী ফাৰ্ম, বীজ নিগম তথা ব্যক্তিগত প্ৰতিষ্ঠানৰ ঐক্যবদ্ধ সহযোগৰ|

৪. সুসংহত পশুপালন উন্নয়ন বাবে কাৰ্য্যকৰী হৈ থকা ভিন্ন আঁচনি মাজত সামঞ্জস্যতা প্ৰতিষ্ঠা কৰা|

৫. পশুপালন উৎপাদন আৰু পশুৰ আহাৰ প্ৰাধান্য বিষয়ত বিভিন্ন অনুসন্ধান মুলক পৰীক্ষা প্ৰয়োগ কৰা হয়|

৬. ৰাজ্যৰ পদাধিকাৰী তথা পশুধন গৰাকী সকলৰ মাজত উপযুক্ত ক্ষমতা বৃদ্ধিৰ ওপৰত জোৰ দিব লাগিব শক্তিশালী সম্প্ৰসাৰিত ব্যৱস্থানপনাৰ যোগেদি যাতে ইয়াৰ দ্বাৰা কৃষকে গুনমান বিশিষ্ট সম্প্ৰসাৰিত সেয়া লাভ কৰে|

৭. প্ৰযুক্তিমূলক ব্যৱস্থাৰ বিতৰন আৰু দক্ষতামুলক প্ৰশিক্ষণৰ প্ৰচাৰৰ যোগেদি উৎপাদনৰ খৰচ হ্ৰাস কৰা তথা পশুধন ক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰা|

৮. প্ৰাকৃতিকগত পশুধন উন্নয়ন তথা ইয়াৰ সংৰক্ষণৰ পদক্ষেপ প্ৰসাৰৰ হকে খেতিয়ক তথা খেতিয়কৰ গোটৰ সহযোগত|

৯. বিভিন্ন পশুধন গৰাকী আৰু গোটা খেতিয়ক গোট আদিৰ গোট গঠনত উৎসাহিত কৰা|

১০. নতুন উদ্ভাৱক পাইলত প্ৰকল্প তথা পশুধন ক্ষেত্ৰত সফল হোৱা পাইলত প্ৰ্কল্প প্ৰসাৰ কৰা|

১১. পশুধন ক্ষেত্ৰত খেতিয়কৰ বীমাকৰণ তথা ইয়াৰ লগত জড়িত হৈ থকা Rish management প্ৰসাৰ কৰা|

১২. খেতিয়ক প্ৰতিষ্ঠানবোৰক আন্ত:গাঁঠনি সুবিধা, বাণিজ্যিককৰণৰ সুযোগ, কাৰ্যকৰীকৰণ আৰু মুল্য সংযোজন আদি যোগান ধৰা হ’ব|

১৩. জীৱ-জন্তুৰ বেমাৰ, পৰিৱেশ প্ৰদূষণ, প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ আদিৰ ক্ৰিয়াকলাপ প্ৰসাৰ কৰাৰ লগতে খাদ্য-সুৰক্ষা আৰু গুণগত মানৰ ওপৰত জোৰ দিয়া হব।

১৪,এই অভিযানত সাধৰন নাগৰিকক উৎসাহিত কৰা হব যাতে নাগৰিকে পশুপালন আৰু ইয়াৰ উৎপাদন সংৰক্ষন আদিৰ  লগত জড়িত হৈ পৰে।

এই অভিযানৰ আৰ্হি:

এই অভিযান এনে আৰ্হিত তৈয়াৰ কৰা হৈছে যাতে ইয়াৰ দ্বাৰা পশু উন্নয়ন ক্ষেত্ৰত প্ৰয়োজন হোৱা গুনগত আৰু পৰিমানগত উৎপাদন ব্যৱস্থা উন্নতি সাধন কৰিব পাৰি ।পশু উন্নয়ন উৎপাদনক্ষমতা বৃদ্ধি তথা ইয়াৰ লগত জড়িত এনে ধৰনৰ প্ৰকল্পক আৰু পদক্ষেপক এই অভিযানে সম্পূৰ্নৰুপে সামুৰি লব কিন্ত এইটো সম্পূৰ্ন নিৰ্ভৰ কৰিব এনে প্ৰকল্প বা পদক্ষেপ কোনো চৰকাৰী বিভাগৰ দ্বাৰা সাহাৰ্য্যপ্ৰাপ্ত হব নালাগিব।

এই অভিযান তলত দিয়া চাৰিটা উপ-অভিযানেৰে সংগঠিত:

১।উপ-অভিযান পশু পালন ওপৰত:পশু পালন এই উপ অভিযানত হাঁহ-কুকুৰা পালনকে ধৰি গাইগৰু মহকে আদি সামৰি এই সকলো  দিশতে আৱশ্যক হোৱা সকলো উন্নয়নমূলক কাৰ্যকলাপৰ এক উচিত মনোভাবৰে কাৰ্যকৰী কৰিব। এই উপ-অভিযানৰ ৰিস্ক মেনেজমেন্ট উপাদানেও গাইগৰু মহকে ধৰি সকলো সৰু বৰ পশু উন্নয়নমূলক দিশ সামৰি লব।

(২)উত্তৰ-পূৰ্বাঞ্চলত এই অপ অভিযান গাহৰি পালনত উন্নয়ন:গাহৰি পালন তথা ইয়াৰ লগত জড়িত বহুতো আনুষাংগিক বিষয় যেনে ইয়াৰ বংশগত উন্নয়ন,স্বাস্থ্য ৰক্ষা আদিকে ধৰি এই সকলো দিশতে এই উপ অভিযানে ইয়াৰ উন্নয়ন তথা গৱেষনা ওপৰত জোৰ দিয়া হব সমগ্ৰ উত্তৰ পূৱ অঞ্চলত।

(৩)পশুৰ ঘাঁহ আৰু ঘাঁহ যোগান ধৰোতাৰ উন্নয়ন এই অভিযানত:এই উপ অভিযান এনে আৰ্হিত গঠন কৰা হৈছে যাতে পশুৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ঘাহঁ তথা যোগান ধৰোতাৰ সন্মুখীন হোৱা সকলো সমস্যা সমাধানৰ ওপৰত জোৰ দিয়া হব যাতে পশু পালনক এক লাভজনক প্ৰতিষ্ঠান ৰুপে গড় দিব পাৰি আৰু ইয়াক বাহিৰলৈ ৰপ্তানী কৰা সম্ভাৱনীয়তা বৃদ্ধি কৰা।এই উপ অভিযানে বিশেষকৈ উচিত পদ্ধতি অৱলম্বন কৰি খেতিৰ বাবে উপযোগী ভূমি বা উপযোগী নোহোৱা ভূমি পশুৰ ঘাঁহনি আৰু যোগান ধৰোতাৰ উৎপাদনৰ ওপৰত জোৰ দিয়া হব।

(৪)দক্ষতা বৃদ্ধি,প্ৰযুক্তি বিতৰন আৰু সম্প্ৰসাৰন এই উপ অভিযানত:এই অভিযানত কৃষক,গৱেষক আৰু সম্প্ৰসাৰন কৰ্মীৰ সহযোগত এখন নতুন মঞ্চ যোগান ধৰা হব যাৰদ্বাৰা ইয়াৰ লগত জড়িত প্ৰযুক্তি উন্নয়ন আৰু অৱলম্বন কৰিব পাৰি।এই পদ্ধতি কাৰ্যকৰী কৰা হব যত বৰ্তমান ব্যৱস্থা সফল হোৱা নাই।

অধিক জানিবৰ বাবে ক্লিক কৰক

উৎস: পশুপালন,ডায়েৰী আৰু মীনপালন বিভাগ,ভাৰত চৰকাৰ

3.20588235294
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top