অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেচম বিভাগৰ কল্যানকামী আঁচনি :

ৰেচম বিভাগৰ কল্যানকামী আঁচনি :

অসমৰ অতীজৰে পৰা ৰেচম খণ্ডৰ যথেষ্ট সমাদৰ আছে। ৰেচম শিল্পই বিশ্বৰ দৰবাৰত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তৰ উদ্যোগত শেহতীয়াকৈ ৰেচম খণ্ডই এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰৰ ৰেচম বিভাগে ৰেচম খণ্ডৰ বিকাশৰ বাবে কেইবাখনো কল্যাণকামী আঁচনি ৰূপণ কৰিছে।

বিভাগে ৰাজ্য চৰকাৰৰ অধীনত ৰেচম খেতিয়কৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এক আঁচনি ৰূপায়ণ কৰিছে। উক্ত প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া হ’ব। খেতিয়কসকলৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে এৰী, মুগা আৰু পাট পলুৰ শ্ৰীবৃদ্ধি আৰু মানসম্পন্ন সুতা প্ৰস্তুত কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। উক্ত প্ৰশিক্ষণে ৰেচম খেতিয়কসকলক আয় বৃদ্ধিকাৰী কাম-কাজত জড়িত কৰাত সহায় কৰিব।

আনহাতে, ৰেচম খণ্ডৰ খণ্ডৰ জড়িত বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সহায়ৰ বাবেও ৰেচম বিভাগে এক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত ৰেচম খণ্ডত জড়িত বয়োজ্যেষ্ঠ ব্যক্তিলৈ সা-সৰঞ্জামৰ যোগান ধৰা হ’ব। মূলতঃ আয় বৃদ্ধিকাৰী কাম-কাজত জড়িত কৰাই বয়োজ্যেষ্ঠ ব্যক্তিসকলক সবল কৰি তোলাই আঁচনিখনৰ মূল উদ্দেশ্য।

উক্ত আঁচনিৰ অধীনত ৰাজ্যৰ ৬০ গৰাকী হিতাধিকাৰীক সাঙুৰি লোৱা হ’ব। এই আঁচনিৰ বাবে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত ৫ লাখ টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰি ৰেচম খণ্ডত জড়িত দিব্যাংগ ব্যক্তিসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্য ৰেচম বিভাগে আন এক আঁচনি ৰূপায়ণ কৰিছে।

উক্ত আঁচনিৰ অধীনত দিব্যাংগ ব্যক্তিলৈ সা-সৰঞ্জামৰ যোগান ধৰা হ’ব। দিব্যাংগ ব্যক্তিসকলক অৰ্থনৈনিক কাম-কাজত জড়িত কৰোৱাই তেওঁলোকক সবল কৰি তোলাই আঁচনিখনৰ মূল উদ্দেশ্য। উক্ত আঁচনিৰ অধীনত ৩৬ গৰাকী হিতাধিকাৰীক সাঙুৰি লোৱা হ’ব। এই আঁচনিৰ বাবে ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটত ৩ লাখ টকা ধাৰ্য কৰা হৈছে।

আঁচনিকেইখনৰ বিষয়ে অধিক তথ্যৰ বাবে যোগাযোগ কৰক- মিছন সঞ্চালকৰ কাৰ্যায়ল, আছাম চিল্ক আউটৰিছ মিছন চ’ছাইটী।

ৰেচম সঞ্চালকালয়ৰ অতিথিশালা, অসম, খানাপাৰা, গুৱাহাটী-১১।

ৰেচম বিভাগৰ জিলা কাৰ্যালয়।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate