অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য নিয়োজন

গ্ৰাম্য নিয়োজন

প্রধানমন্ত্রীৰ নিয়োগ সৃষ্টি অভিযান আঁচনি

প্রধানমন্ত্রীৰ নিয়োগ সৃষ্টি অভিযান আঁচনি হ’ল ভাৰত চৰকাৰৰ ধাৰত চলা ভর্তুকিযুক্ত এটা আচঁনি। দুটা মুখ্য পৰিকল্পনাক যেনে প্রধানমন্ত্রীৰ ৰোজগাৰ যোজনা আৰু গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনিক এক গোট কৰিবলৈ হে ইয়াৰ পাঁতনি। এই পৰিকল্পনাটোৰ পাঁতনি হয় ১৫ আগষ্ট ২০০৮ চনত।

উদ্দেশ্য

  • আমাৰ দেশৰ গাঁৱত আনকি চহৰতো কর্মসংস্থানৰ সুযোগ বৃদ্ধিৰ বাবে নতুন স্ব-নিযুক্তি উদ্যোগ/পৰিকল্পনা/ক্ষুদ্র প্রতিষ্ঠান আদিৰ বৃদ্ধি ঘটোৱা।
  • অ’ত ত’ত ছিটিকি থকা ঐতিহ্যবাহী সুদক্ষ কাৰিকৰ/ গাওঁ আৰু চহৰৰ নিবনুৱা লোকক একেলগ কৰি তেওঁলোকক যিমান খিনি সম্ভৱ স্ব-নিযুক্তিৰ উপযুক্ত প্রশিক্ষণ দি নিজা নিজা ঠাইত সংস্থাপিত কৰিব লাগে।
  • আমাৰ দেশৰ ঐতিহ্যবাহী আৰু ঊজ্জ্বল ভৱিষ্যতৰ চিন ৰখা গাওঁ আৰু চহৰৰ নিবনুৱা ডেকা-গাভৰুক এনে দৰে প্রশিক্ষণ দিব লাগে যাতে তেওঁলোকে গাঁৱৰ পৰা চহৰলৈ যোৱাৰ ধাৰাটো বন্ধ কৰে।
  • সুদক্ষ কাৰিকৰক উপযুক্ত বর্দ্ধিত পাৰিশ্রমিক দি গাওঁ আৰু চহৰৰ গড় আয় বঢ়োৱা।
  • ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তি।
  • PMEGP ৰ অধীনত প্রজেক্ট স্থাপন কৰিবলৈ সাহায্য পাবৰ বাবে আয়ৰ কোনো ধৰণৰ সীমাৰেখা নাই।
  • এই প্রজেক্ট স্থাপনৰ ক্ষেত্রত পন্য উত্‍পাদন বিভাগৰ বাবে ১০ লাখ টকাৰ ওপৰত আৰু ব্যৱসায়/চাকৰী বিভাগৰ ক্ষেত্রত ৫ লাখ টকাৰ ওপৰত আর্থিক অনুদান পাবলৈ হ’লে প্রার্থীক কম পক্ষে ৮ম শ্ৰেণী পাচ কৰা হব লাগিব।
  • বিশেষকৈ PMEGP ৰ অধীনত নতুন কোনো প্রজেক্ট অনুমোদিত হ’লেহে আর্থিক সহায়তা লাভ কৰিব পাৰিব।
  • আত্ম সহায়ক গোটটো (দৰিদ্র সীমা ৰেখাৰ তলত থকা মানুহেও এই সুবিধা পাব আৰু তাৰ বাবে যিসকলে আন কোনো ধৰণৰ আঁচনিৰ যোগেদি টকা পোৱা নাই) PMEGP ৰ অধীনত এই সুবিধাটো পাব।
  • প্রতিষ্ঠান নথিভুক্ত হৈছে সমিতিৰ নথিভুক্ত আইন ১৮৬০ অধীনত;
  • উত্‍পাদন সমবায় সমিতিবিলাক, আৰু
  • দাতব্য প্রতিষ্ঠান
  • বর্তমানে থকা গোটবিলাক (PMRY, REGP বা ভাৰত চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ কোনো সাহায্যৰ অধীন) আৰু উক্ত প্রতিষ্ঠানটোৱে ইতিমধ্যে ভাৰত চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ পৰা কোনো সহায়তা লাভ কৰিছে এনে ধৰণৰ প্রতিষ্ঠানবিলাকে ধাৰ নাপায়।

আন আন লাগতীয়াল চর্তসমূহ

  • যদিহে প্রার্থীগৰাকী আন কিবা বিশেষ ভাগত পৰে তেন্তে প্রয়োজন হ’লে নিদির্ষ্ট অধিকাৰীকৰ দ্বাৰা জাতি/বর্ণৰ এখন প্রমান পত্র বেঙ্কৰ নিদির্ষ্ট শাখাত জমা দিব লাগিব৷ লগতে কিমানখিনি টকা তেখেঁতে চৰকাৰৰ পৰা (সাহায্য) বিচাৰিছে সেইটো জনাব লাগিব৷
  • য’তে প্রয়োজন হব ত’তেই নূন্যতম ধনৰাশিৰ (ৰেহাই)লগত প্রতিষ্ঠানটোৰ পৰা আইনী প্রমান পত্র জমা দিব লাগিব৷
  • প্রজেক্টটোৰ খৰচৰ ভিতৰত থাকিব মূলধনৰ কাৰণে খৰচ আৰু এটা সম্পূর্ণ কার্যকৰী মূলধন
  • মূলধনৰ বাবে খৰচৰ অবিহনে এই প্রজেক্টটোৰ জৰি্য়তে আর্থিক সহায়তা পোৱা নাযায়। যিটো প্রজেক্টৰ খৰচ ৫ লাখৰ ওপৰ হয়, যাৰ বাবে কার্যকৰী মূলধন নালাগে, তাৰ বাবে আঞ্চলিক অফিচৰ পৰা বা বেংকৰ শাখাৰ নিয়ামকৰ পৰা সঠিক প্রত্যায়িত কাগজ দাখিল কৰিব লাগিব।
  • প্রজেক্টটোৰ ভিতৰত মাটিৰ মূল্য ধৰিব নালাগে। কিন্তু তৈয়াৰ হৈ যোৱা বা দীর্ঘকালীন লিজত, বা ভাড়াত কাৰখানাৰ চালি/কর্মশালা আদিৰ খৰচটো ধৰিব পাৰি, যদিহে এই দীর্ঘকালীন লিজ, বা ভাড়াত কাৰখানাৰ চালি/কর্মশালা আদিৰ খৰচটো প্রজেক্টটোৰ খৰচৰ অতি কমেও তিনি বছৰৰ বাবে ধৰি লোৱা থাকে।
  • PMEGP সকলোবিলাক অতিক্ষুদ্র প্রতিষ্ঠানৰ বাবেও প্রযোজ্য, কিন্তু গাঁৱৰ শিল্পৰ প্রজেক্টত মাথোন এনে কিছুমান কাম-কাজ যিবিলাক গাঁৱৰ শিল্প বিৰোধী বুলি ভবা হয় সেই বিলাক ইয়াৰ অর্ন্তভুক্ত নহয়। চলি থকা/পুৰণি কোনো সংস্থা ইয়াৰ অর্ন্তভুক্ত নহয় (নিয়ম-নীতি অনুচ্ছেদৰ ২৯ ধাৰা উল্লেখনীয়)

টোকাঃ

  • প্রতিষ্ঠান/পন্য সমবায় সমিতি/ট্রাষ্ট, বিশেষকৈ নথিভুক্ত হোৱা অনিসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পাচ পৰা শ্রেণী/মহিলা/শাৰীৰিক প্রতিবন্ধী/অৱসৰপ্রাপ্ত সামৰিক কর্মচাৰী আৰু সংখ্যালঘু প্রতিষ্ঠান লগতে প্রয়োজনীয় উপধাৰা আদিৰ প্রয়োজন হয় আর্থিক সহায়তা লাভ কৰিবলৈ। যি কি হওঁক, প্রতিষ্ঠান/পন্য সমবায় সমিতি/ট্রাষ্ট, আদি যদিহে বিশেষ শ্রেণী হিচাবে নথিভুক্ত নহয় তেন্তে সাধাৰণ শ্রেনী হিচাবেহে আৰ্থিক সহায়তা লাভ কৰিব পাৰিব পাৰে।
  • মাথোন এটা পৰিয়ালৰ পৰা এজন মানুহ PMEGP যোজনাৰ অধীনত এই আর্থিক সহায়তা লাভ কৰিব পাৰিব।‘পৰিয়াল’ বোলোতে নিজকে আৰু লগতে নিজৰ ল’ৰা-ছোৱালীক বুজাইছে।

ৰূপায়ণ কৰা সংস্থা

এই পৰিকল্পনাটো ৰূপায়ণ কৰিব খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC), মুম্বাইয়ে৷ এইটো খাদী আৰু গ্ৰামোদ্যোগ আইন, ১৯৫৬ৰ দ্বাৰা তৈয়াৰী এটা বিধিবদ্ধ নিয়ম সংক্রান্ত সংস্থা যিটো ৰাষ্ট্ৰীয় স্তৰত এটা নির্দিষ্ট সংস্থা হিচাবে পৰিগণিত হয়। ৰাষ্ট্ৰীয় স্তৰত এই আচঁনিটো প্রৱর্তিত হব KVIC ৰ ৰাজ্য পৰিচালক মন্ডলীৰ দ্বাৰা, ৰাজ্য খাদী আৰু গ্ৰামোদ্যোগ বোর্ড (KVIBs) আৰু গাঁৱৰ এলেকাত জিলা উদ্যোগ কেন্দ্রৰ দ্বাৰা৷ চহৰ অঞ্চলত, এই আঁচনিখন একমাত্র জাৰি কৰিব ৰাজ্যৰ জিলা উদ্যোগ কেন্দ্রৰ (DICs)ৰ দ্বাৰা৷

গ্রামীণ শিল্প পৰিসেৱা কেন্দ্রৰ বাবে খাদী আৰু গ্ৰাম্য শিল্পৰ উন্নতিকল্পে আচঁনি

উদ্দেশ্য

  • খাদী আৰু গ্ৰাম্য শিল্প বিকাশৰ বাবে আগে থকা কামকাজসমূহ।
  • কেঁচামালৰ যোগান, ক্ষমতাৰ উন্নতি সাধন, প্রশিক্ষণ, গুনগত মান ৰক্ষা কৰা, পৰীক্ষাগাৰৰ সুবিধা, বজাৰত বেচাৰ উপায়, গাওঁত বিক্রীৰ বাবে বিশেষকৈ আৰ্হি প্ৰস্তুত কৰা আৰু পন্যৰ উন্নতি ঘটোৱা।

কৃষি বিষয়ক চিকিৎসালয় আৰু কৃষি ব্যৱসায় কেন্দ্রৰ আঁচনি

আচঁনিৰ বিষয়ে

  • কৃষি মন্ত্রনালয়, ভাৰত চৰকাৰ, নাৱাৰ্ড আৰু মেনেজৰ সৈতে এটা সুকীয়া আচঁনি গ্রহন কৰিছে যাতে ভাৰতৰ প্রতিটো খেতিয়কক আৰো ভালকৈ খেতিবাতিত সহায় কৰিব পৰা যায়। কৃষি ক্ষেত্রত ডিগ্রীধাৰী খেতিয়ক সকলকলৈ আন আন বিষয় বিলাকক সাৱটি লৈছে যাক লৈ উন্নতি সাধন কৰা যাব। আপুনি এজন নতুন ডিগ্রী ধাৰীয়েই হওঁক বা নহওঁক, বর্তমানে কোনো ঠাইত কাম কৰি আছে নে নাই বা আপুনি নিজাকৈ এখন কৃষি বিষয়ক চিকিৎসালয় বা কৃষি ব্যৱসায় কেন্দ্র স্থাপন কৰি আন আন ব্যৱসায়িক দৃষ্টিভংগী পৰিষেবা দিয়া হয় অংখ্য খেতিয়কক সহায়তা দিবগৈ পাৰে।
  • এই আচঁনিৰ প্রতি প্রতিজ্ঞাবদ্ধ হোৱা, কৃষি ক্ষেত্রত ডিগ্রীপ্রাপ্ত সকলক বর্তমানে চৰকাৰে আৰম্ভনিৰ প্রশিক্ষন দিছে বা অন্য যিকোনো বিষয়ত যেনে কৃষিৰ দৰে ফুলৰ বাগিচা, ৰেচম, পশু বিজ্ঞান, বননি, গাখীৰ, কুকুৰা পালন আৰু মীনক্ষেত্র ইত্যাদি। যিসকলে এই প্রশিক্ষণটো ইতিমধ্যে লৈছে তেওঁলোকে উক্ত উদ্যোগটো আৰম্ভ কৰিবৰ বাবে দর্খাস্থ কৰিব পাৰে।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি

NREGA ৰ বিষয়ে

  • ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি (যাক এনৰেগা বুলিও জনা যায়) এই ভাৰতীয় আইনটো প্রণয়ন হয় আগষ্ট ২৫, ২০০৫ চনত| NREGA প্রতিটো বিত্তীয় বছৰত ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়ে সাধাৰনতে গাঁ‌ৱৰ প্রাপ্তবয়স্ক মানুহক যিসকলে নিজা ইচ্ছাতেই এই কাম কৰিবলৈ সাজু থাকে এটা নির্দিষ্ট মজুৰিৰ বিনিময়ত গ্ৰাম্য উন্নয়নৰ মন্ত্রীজনে (MRD), ভাৰত চৰকাৰে এই আঁচনিৰ অর্ন্তগতত থকা এই গোটেই কামটো ৰাজ্য চৰকাৰৰ সহযোগিতাত তত্বাৱধান কৰে৷
  • এই আইনখন প্রকৃতপক্ষে গাঁওৰ মানুহৰ বিকাশ আৰু বস্তু কিনাৰ ক্ষমতাক বঢ়াবৰ বাবেহে তৈয়াৰ কৰা হৈছিল, সাধাৰনতে আংশিক আৰু একেবাৰেই অপার্গত মানুহৰ বাবে যি সকলে দৰিদ্র সীমাৰ তলত থাকে। এই আচঁনিয়ে ধনী-দুখীয়াৰ মাজত থকা এই সীমা ৰেখাটোৰ দূৰত্ব কমাই দিবৰ চেষ্টা কৰে। মুঠৰ ওপৰত তিনি ভাগৰ এভাগ তিৰোতা মানুহ হব লাগিব বুলি কোৱা হয়।
  • গাঁওৰ ঘৰৰ প্রাপ্তবয়স্ক মানুহে তেওঁলোকৰ নাম, বয়স আৰু ঠিকনা বিলাক ফটোৰ সৈতে গাঁও পঞ্চায়তত জমা দিয়ে। গাঁও পঞ্চায়তে এই নাম বিলাক চালিজাৰি চাই লৈ এটা জব কার্ড দিয়ে। এই জব কার্ডত প্রতিজন প্রাপ্ত বয়স্ক মানুহৰ বিষয়ে ফটোৰ সৈতে সম্পূর্নকৈ উল্লেখ থাকে। নথিভুক্ত মানুহ বিলাকে কাম বিচাৰি এখন লিখিত দর্খাস্থ (অন্ততঃপক্ষে ১৪ দিনৰ কামৰ বাবে) পঞ্চায়ত বা প্রগ্রাম অফিচাৰক জমা দিব পাৰে।
  • পঞ্চায়ত বা প্রগ্রাম অফিচাৰজনে তাৰিখৰ সৈতে সঠিক দর্খাস্থবিলাক গ্রহণ কৰে আৰু পিছত কাম জাৰি কৰাৰ চিঠিখন পঠিওয়া হয়। কামটো ৬৫ কি.মি. ব্যাসার্দ্ধৰ ভিতৰত দিয়া হয়, যদিহে এইটো ৫ কি.মি.ৰ ওপৰত হয় তেন্তে অতিৰিক্ত দিয়া হয়।

আর্থিক দুৰৱস্থাত আশাৰ জিলিকনি

ছত্তিচগঢ় ৰাজ্যত নির্মাণ কামত লাগি থকা মাদভি মাডকায়, বিশ্বব্যাপী আর্থিক দুৰৱস্থাৰ বাবে বেয়াকৈ ক্ষতিগ্রস্থ হয়। মাডকা এজন খেতিয়ক, যিজনে প্রতি দিনৰ মজুৰীত কাম কৰে। তেওঁ চিংগার্মা গাওঁত হাবিৰ কাঠ আৰু কৃষিজাত সামগ্রী বেচি ঘৰৰ খৰচ চলায়। কিন্তু এই আয়টো বছৰৰ চাৰিটা মাহ চলিবলৈ যথেষ্ট। বাকী থকা মাহ বিলাকত, মাডকায় চহৰলৈ যায় উপার্জ্জনৰ আশাৰে। চহৰলৈ গৈ তেওঁ নির্মাণ সংস্থাৰ অধীনত কাম কৰিবলৈ আৰম্ভ কৰে। যোৱা বছৰত তেওঁ চহৰত কাম বিচাৰে নেপালে। তেওঁ বুজি নেপালে যে অকস্মাতে অহা বিপদৰ কাৰন কি, কিন্তু মাডকা অকলেই নাছিল, এনেকুৱা আৰু বহুতো মানুহ মাডকাৰ দৰেই বিপদত পৰিছিল। কিন্তু মাডকা আৰু তাৰ পৰিয়ালটোয়ে ভাৰত চৰকাৰৰ অধীনত জাতীয় গাঁৱলীয়া নিশ্চয়তা নিযুক্তি আইন (NREGA) ৰ অধীনত যিটোক নিশ্চয়তা আইন বোলা হয়, তাৰ অধীনত এটা নিৰাপদ ঠাই পায়। ইউনাইটেড নেচনচ ডেভেলাপমেন্ট প্রগ্রাম (UNDP) আচনিৰ অর্ন্তগতৰ সহায়তাত তেওঁৰ গাঁওত এখন সচেতনতা বঢ়োৱাৰ বাবে আচঁনি লোৱা হয়, মাডকায় NREGAৰ অধীনত নিজৰ কামৰ অধিকাৰৰ বিষয়ে জানি লয় আৰু শিকে কিদৰে নিযুক্তি নিশ্চয়তা আচঁনিৰ অধীনত কাম পোৱা যায়। “এই আলোচনাত মই জানিছো যে কি দৰে NREGA ৰ অধীনত চৰকাৰৰ পৰা প্রতি দিনৰ কামৰ বাবে মজুৰী পোৱা যায় আৰু কি দৰে নিজৰ মাটি ডোখৰৰ উন্নতি সাধন কৰা যায়” - মাডকায় কৈছিল। তেওঁ জমা দিয়া এটা আচনিৰ বাবে টকা ৭,৩০০/- পায়। মাডকায় তেওঁৰ নিজৰ মাটিত আটা পুখুৰী তৈয়াৰ কৰে। আজিৰ দিনত মাডকায় সেই পুখুৰীৰ পানীৰ দ্বাৰা তেওঁৰ পথাৰত পানী দিয়াৰ ওপৰত ও পোহনীয়া জন্তু বিলাকক খোৱা পানীৰ যোগান দিব পাৰে, এই পানী পুখুৰীত থকা মাছৰ বাবেও কামত আহে, ফলত তেওঁৰ আর্থিক দিশত যথেষ্ট সহায় হয় আৰু ফল স্বৰূপে তেওঁৰ পৰিয়ালটোয়ে ভালকৈ জীৱণ নির্বাহ কৰিব পাৰে। মাডকায় ভাবে যে তেওঁৰ গাঁওৰ যিবিলাক মানুহে উপার্জ্জনৰ আশাৰে চহৰলৈ গৈ খালী হাতে উভতি আহিছে, তেওঁলোকেও মাডকাৰ পৰা এই বিলাক শিকি লৈ আর্থিক দিশাত উন্নতি ঘটাব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate