মূল পৃষ্ঠা / কৃষি / পশু পালন / অসমত পশু চিকিৎসা বিজ্ঞানঃ অতীত আৰু ভবিষ্যত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত পশু চিকিৎসা বিজ্ঞানঃ অতীত আৰু ভবিষ্যত

অসমত পশু চিকিৎসা বিজ্ঞানঃ অতীত আৰু ভবিষ্যত

গুৱাহাটীৰ খানাপাৰাৰ সেউজ পাহাৰৰ নামনিত নয়নাভিৰাম দৃশ্যৰে সমৃদ্ধ এটি চৌহদ৷যাৰ নিৰ্মল বায়ু তথা কোলহলমুক্ত পৰিৱেশে যেন হাত বাউলি মাতে সকলোকে মহানগৰীৰ যান্ত্ৰিকতাৰ পৰামুক্তি দিবলৈ।যাৰ নিৰ্মল পৰিৱেশত এজাক প্ৰানোচ্চল যুৱক-যুৱতীয়ে ভৱিষ্যতৰ সপোন ৰচে৷সেইয়া অসমৰ একমাত্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম পশুচিকিৎসা মহাবিদ্যালয় যিয়ে আজি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত মানৱ সম্পদ গঢ়াত গুৰুত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷যদিও আজিৰ তাৰিখত অসমৰ ছাত্ৰ-ছাত্ৰী তথা আজিৰ বহুতৰে মনত পশুচিকিৎসা বিজ্ঞান এটি এলাগী বিষয় আৰু বহুতৰে বাবে দৃষ্টিৰ অগোচৰে পৰি ৰোৱা এটি বিভাগ, তথাপিও কিন্তু অসমত পশুচিকিৎসা বিজ্ঞানৰ ইতিহাস গৌৰবোজ্জ্বল অধ্যায়েৰে পূৰ্ণ৷

প্ৰাচীন কালৰ পৰাই অসমত পশুচিকিৎসা বিজ্ঞানৰ চৰ্চা হৈ আহিছে যাৰ প্ৰমাণ সময়ে সময়ে উদ্ধাৰ হোৱা শিলালিপিসমূহত দেখিবলৈ পোৱা যায়৷ এই ক্ষেত্ৰত সৰ্বপ্ৰথমেই নাম ল’ব লাগিব কোচ ৰজা নৰনাৰায়নৰ কথা৷ তেওঁৰ উদ্যোগতেই কমতাপুৰৰ ঠাই বিশেষে পশু-চিকিৎসাৰ বাবে ঠায়ে ঠায়ে পশু-চিকিৎসালয় স্থাপন কৰা হৈছিলআৰু সৰ্বসাধাৰণ লোকে চিকিৎসাৰ বাবে বিভিন্ন জীৱ-জন্তু এনেবোৰ চিকিৎসালয়লৈ আনিছিল বুলি তথ্য আছে। অন্যহাতে আহোম ৰাজত্বৰ সময়তো পশু-চিকিৎসা বিজ্ঞানৰ কিছু অগ্ৰগতি হৈছিল বুলি আভাস পোৱা যায়৷প্ৰথমখন পশুচিকিৎসালয় ১৫৩৬ চন মানত কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বৰ সময়তে এতিয়াৰ কোচবিহাৰৰ কোনো ঠাইত স্থাপিত হৈছিল বুলি গম পোৱা যায়৷ সেই সময়ত পশু-চিকিৎসা বুলি ক’লে ঘাইকৈ যুদ্ধক্ষেত্ৰত ব্যবহৃত ঘোঁৰা আৰু হাতীৰ চিকিৎসাই প্ৰাধান্য পাইছিল৷প্ৰাচীন কামৰূপৰ নৃপতি কুমাৰ ভাস্কৰ বাৰ্মাৰ ৰাজত্বৰ সময়তো পশু-চিকিৎসা বিজ্ঞানে গুৰুত্ব লাভ কৰিছিল বুলি তথ্য পোৱা যায়৷ “হস্তিবিদ্যাৰ্ণৱ” আৰু “ঘোঁৰা নিদান” নামৰ প্ৰাচীন গ্ৰন্থ দুখনতো ক্ৰমান্বয়ে হাতী আৰু ঘোঁৰাৰ চিকিৎসাৰ বিশদ তথ্য আছে৷ বৃটিছ ৰাজত্বৰ সময়ৰ পৰা অসমত পশু-চিকিৎসা বিজ্ঞানে কিছু অগ্ৰগতি লৈছিল৷ ১৯১২ চনত চাৰ উইলিয়াম হেৰিচ বৃটিছ ৰাজত্বৰ সময়ত অসমৰ পশু চিকিৎসা বিভাগৰ অধীক্ষক হিচাবে নিযুক্ত হৈছিল আৰু ১৯৪০ চনত এই বিভাগতো সঞ্চালকালয়ৰ পৰ্য্যায়লৈ উন্নীত কৰা হয়৷ এনেদৰেই অসমত পশু চিকিৎসা বিভাগে অগ্ৰগতি লাভ কৰিছিল যদিও স্বাধীনতাৰ প্ৰথমাৰ্ধত অসমৰ সু-সন্তান কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱাৰ নেতৃত্বত অসমৰ পশু-চিকিৎসাৰ ক্ষেত্ৰখনলৈ এক বৈপ্লৱিক পৰিবৰ্তন আহে৷

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন পশু-চিকিৎসা মহাবিদ্যালয় ১৯৪৮ চনত নগাঁও চহৰত অস্থায়ীভাৱে স্থাপিত হয় আৰু ১৯৫০ চনত ইয়াক গুৱাহাটীৰ চেনীকুঠিলৈ অস্থায়ীৰূপে স্থানান্তৰ কৰা হয় যদিও ১৯৬০ চনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ প্ৰচেষ্টাত ইয়াক গুৱাহাটীৰ খানাপাৰাৰ স্থায়ী চৌহদলৈ স্থানান্তৰ কৰা হয়৷ এই মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ হিচাবে আসন শুৱনি কৰিছিল ডাঃ জি. কে. মেহেৰাই আৰু উপাধ্যক্ষ আছিল কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা৷ ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱাৰ প্ৰচেষ্টাতেই ১৯৬৫ চনত মহাবিদ্যালয় খনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু তেখেতেই মহাবিদ্যালখনৰ সৰ্বপ্ৰথম বিজ্ঞান গুৰু হিচাপে আসন শুৱনি কৰিছিল৷ইয়াৰ পিছৰ পৰ্য্যায়ত মহাবিদ্যালয় খন ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে আৰু তাৰ লগে লগে মহাবিদ্যালয়খনত শিক্ষাদানৰ ওপৰিও গৱেষণা আৰু সম্প্ৰসাৰণ শিক্ষাইও প্ৰাধান্য লাভ কৰে৷অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মূলত কৃষিভিত্তিক অৰ্থনীতিত পশুপালনৰ ক্ষেত্ৰখনতও এক আমূল পৰিবৰ্তনৰ মহান উদ্দেশ্য হাতত ৰাখি মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল আৰু এনেদৰে নানা উত্থান পতনেৰে আজিৰ পৰ্যায়ত আহি উপনীত হৈছেহি আৰু যাৰ বাবে এই মহাবিদ্যালয়খনে সৰ্বভাৰতীয় পৰ্যায়তো জিলিকি উঠিবালৈ সক্ষম হৈছে আৰু লগতে ৰাজ্যখনত পশুপালনৰ ক্ষেত্ৰখনত এক সুস্থ বাতাৱৰণ সৃষ্টি এক উল্লেখযোগ্য অবদান আগবঢ়াই আহিছে। নক’লেও হ’ব যেএসময়ত অসমত পশু-চিকিৎসা বিভাগৰ পিতামহ তথা বাটকটীয়া কেপ্তেইন ডাঃ জ্ঞানেন্দ্ৰ মল্ল বুজৰবৰুৱা দেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবেই যি বিভাগটোৰ দ্বাৰা অসমত এক নৱ বিপ্লৱৰ সূচনা হৈছিল৷

অতীজৰেই পৰাই অসম এখন কৃষিনিৰ্ভৰ ৰাজ্য আৰু কৃষি আৰু পশুপালনেই হৈছে ইয়াৰ অৰ্থনীতিৰ মূল সম্বল৷ কৃষিৰ সৈতে পশুপালন এক এৰাব নোৱাৰা বিষয় আৰু কৃষিৰ লগত সংগতি ৰাখি পশুপালনেও গ্ৰাম্য অৰ্থনীতিৰ শ্ৰীবৃদ্ধিত এক বলিষ্ঠ অৰিহণা যোগাই আহিছে৷ পশুপালন বুলি ক’লে গ্ৰাম্য সমাজত ঘাইকৈ গৰু-ছাগলী পালন, হাঁহ-কুকুৰা পালন আৰু জনজাতীয় অঞ্চলসমূহত গাহৰি পালন ইত্যাদিকেই দৰাচলতে প্ৰাধান্য দিয়া হয় আৰু পশুপালনে অসমৰ কৃষিজীবি ৰাইজক আৰ্থিকভাবে কিছু হ’লেও সকাহ দি আহিছে৷ কিয়নো ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসমৰ কৃষকৰ খেতি ভূমিৰ পৰিমাণ খাদ্য উৎপাদন কৰিব পৰাকৈ তথা অৰ্থনৈতিকভাবে উৎপাদন বৃদ্ধি কৰিবলৈ যথেষ্ট নহয় বাবে পশুপালনে কৃষিক্ষেত্ৰখনত এক আনুষাংগিক উৎস হিচাবে এক গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ কাৰণ পশুপালন কৰিবলৈ যথেষ্ট ভূমিৰ প্ৰয়োজন নহয় আৰু যাৰ বাবে উৎপাদনৰ ক্ষেত্ৰত কৃষকক কিছু হ’লেও সকাহ দি আহিছে৷ ইয়াৰোপৰি মানৱদেহৰ বাবে প্ৰয়োজনীয় পশুজাত প্ৰ’টিনৰ অভাৱ দূৰ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷বৰ্তমান সময়ত ভয়াবহ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো পশুপালনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ আজি দেখা পোৱা গৈছে কেনেদৰে গ্ৰামাঞ্চলৰ বহুতো পৰিয়ালে পশুপালনৰ যোগেদি আৰ্থিকভাবে লাভাৱান্বিত হোৱাৰ লগতে আন বহুতকেই তেনে পথ ল’বলৈ উৎসাহিত কৰি আহিছে৷ ইয়াৰ এক অন্যতম উদাহৰণ বৰপেটা জিলাৰ বজালী মহকুমাৰ নিত্যানন্দ, সৰভোগ আদি অঞ্চল৷ যাৰ বাবে আজি সেই অঞ্চলৰ কিছু উদ্যামী লোকৰ প্ৰচেষ্টাত তাত এক দুগ্ধ বিপ্লৱৰ সূচনা হৈছে আৰু চৰকাৰী চাকৰিলৈ আশাপালি নাথাকি বহুতো যুৱকে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত উন্নত মানৰ গাইগৰু পালনেৰে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ ঠিক সেইদৰে শিৱসাগৰৰ নাজিৰাও ইয়াৰ এক অন্যতম উদাহৰণ৷ অকল দুগ্ধ উৎপাদনেই নহয়, আজি অসমত ব্যৱসায়িক ভিত্তিত ব্ৰইলাৰ কুকুৰা পালন, উন্নত মানৰ গাহৰি পালন আৰু ইয়াৰ মাংস উৎপাদন, কণী উৎপাদন আদিৰে অসমৰ বহু যুবকে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এয়াই যথেষ্ট নহয়৷অসমত ব্যৱসায়িক ভিত্তিত পশুপালনৰ এক উজ্জ্বল ভৱিষ্যত আছে যদিও এই কথা বহুতৰেই জ্ঞাত নহয়৷ অকল দুগ্ধ উৎপাদন, হাঁহ-কুকুৰা পালন আদিৰ উপৰিও যে আজিৰ যুগত ব্যৱসায়িক ভিত্তিত এমু চৰাই পালন, বঁটা চৰাই পালন, উন্নত মানৰ ছাগলী পালনৰ সুবিধা আছে, সেই কথা হয়তো বহুতৰে দৃষ্টিৰ অগোচৰে আছে৷ তাৰোপৰি কেৱল মাংস, কণী আৰু গাখীৰ উৎপাদনৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন আনুষংগিক উৎপাদন যেনে, চামৰা উদ্যোগ স্থাপন, গোৱৰ গেছ উৎপাদনেৰে ঘৰুৱাভাবে শক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱা, জৈবিক সাৰ উৎপাদনেৰে কৃষিৰ উৎপাদন বঢ়োৱা আদিৰ ওপৰতোযে ধ্যান দিয়াটো প্ৰয়োজন, সেই কথা বহুতৰে বোধগম্য নহয়৷ এই ক্ষেত্ৰখনৰ প্ৰতি যদি অলপ বৈজ্ঞানিক দৃষ্টিভংগী প্ৰদান কৰা হয় আৰু অসমৰ জনসাধাৰণক বৈজ্ঞানিক ভিত্তিত পশুপালনৰ বাবে উৎসাহিত কৰা হয়, তেন্তে আজিৰ অসমৰ সাম্প্ৰতিক ছবিখনে এক সম্পূৰ্ণ বিপৰীত ৰূপ ল’ব৷ কিয়নো বৈজ্ঞানিক পদ্ধতিৰ সঠিক প্ৰয়োগেৰে যে কম খৰচতে অধিক উৎপাদন লাভ কৰিব পাৰি, সেইবোৰ দিশৰ প্ৰতি গুৰুত্ব দিবই লাগিব৷ যিদৰে পৰম্পৰাগত কৃষিকাৰ্যতকৈ বৈজ্ঞানিক পদ্ধতিৰে কৰা কৃষিকাৰ্যত যথেষ্ট উৎপাদন আশা কৰিব পাৰি, তেনেদৰে আমাৰ থলুৱাজাতৰ গাইগৰুতকৈ যে বৰ্ণসংকৰ পদ্ধতিৰে উৎপন্ন কৰা গাই গৰুৰ পৰা অধিক উৎপাদন পাব পাৰি বা উন্নত জাতৰ হাঁহ-কুকুৰা, গাহৰি পালন আদিৰে যে অধিক উৎপাদন পাব পাৰি, সেইকথা আমাৰ স্থানীয় লোকক পতিয়ন নিয়াব পাৰিব লাগিব। এনেবোৰ দিশলৈ চকু দিলে এই কথাও নিশ্চিত হয় যে পশু পালনৰ লগতে পশু চিকিৎসাৰ গুৰুত্বও অসীম৷ পশুপালনৰ লগতে জীৱ-জন্তুবোৰৰ স্বাস্থ্যৰ প্ৰতিও চকু দিয়াটো নিতান্তই প্ৰয়োজন৷ কাৰণ অৰ্থনৈতিক ভাবে লাভাৱান্বিত হ’বলৈ হ’লে জীৱ-জন্তুবোৰক ৰোগমুক্ত কৰি ৰাখিবই লাগিব, ইয়াৰ অন্যথাই ৰোগাক্ৰান্ত হৈ পশুধনে মৃত্যুক সাৱতিব লগা হ’লে কৃষকসকলক অৰ্থনৈতিক ভাবেও কোঙা হয়৷ যদিও আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কৃষিখণ্ডত আমূল পৰিবৰ্তন সম্ভবপৰ হৈছে, তথাপিও কিন্তু অসমৰ এক গৰিষ্ঠসংখ্যক লোক কৃষি তথা পশুপালনৰ ওপৰত নিৰ্ভৰশীল আৰু অনেকেই কৃষিভূমি খেতিৰ উপযোগী কৰি তুলিবলৈ তেওঁলোকৰ মৰমৰ বলধ হালৰ ওপৰত আজিও নিৰ্ভৰশীল৷ কিন্তু খেতিৰ সময়তে যদি বলধহালে ৰোগাক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰে, তেনেহলে তেনে এজন খেতিয়কৰ জীৱনলৈ কেনে অমানিশাৰ এন্ধাৰ নামি আহিব পাৰে সেই কথা আমি নিজেই অনুধাৱন কৰা উচিত৷ তাৰোপৰি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰ খনতো বা হাঁহ-কুকুৰাৰ উদ্যোগতো যে বিভিন্ন ৰোগে ঋণাত্মক প্ৰভাৱ পেলায়, সেই কথাৰ প্ৰতি যথোচিত গুৰুত্ব দিয়াতো প্ৰয়োজনীয়৷ সেয়েহে এনেক্ষেত্ৰত ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ লগতে উপযুক্ত সময়ত ৰোগৰ প্ৰতিষেধক প্ৰদান তথা ৰোগৰ প্ৰকৃত চিনাক্তকৰণৰ লগতে প্ৰকৃত চিকিৎসা প্ৰদান আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজন৷ আমাৰ অসমত পশুধন সমূহ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ নজিৰ আছে৷ সেয়েহে এনে ক্ষেত্ৰত স্থানীয় ৰোগসমূহ চিনাক্তকৰণ কৰাৰ লগতে সময়ে সময়ে প্ৰাদুৰ্ভাৱ ঘটা ৰোগসমূহৰ ক্ষেত্ৰত আগতীয়াকৈ তৎপৰতা গ্ৰহণ কৰিলে এনেবোৰ সম্ভাৱ্য বিপদৰ পৰা হাত সাৰি থাকিব পাৰি৷ তেনেস্থলত পশুপালনৰ লগতে পশুচিকিৎসাৰ দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰাটো বাঞ্ছনীয়৷
তৎস্বত্বেও কিন্তু অসমৰ ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণে এনে এটি বহুমূখী বিষয়ৰ প্ৰতি সম্পূৰ্ণ অগোচৰে আছে৷

আজিৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে কৃষি তথা পশুপালন, মৎস্যপালন আদি বিষয়সমূহৰ প্ৰতি বৰ বিশেষ এটি আগ্ৰহ নেদেখুৱায়৷ সকলোৰে সপোন হয়তো চিকিৎসক, অভিযন্তা হোৱাৰ৷ কিন্তু আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এনে বিষয়বোৰৰ প্ৰতি উৎসাহিত হ’লে হয়তো ৰাজ্যৰ অৰ্থনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন হ’ব৷ যি সময়ত পাঞ্জাব, হাৰিয়ানা, গুজৰাটত আদি ৰাজ্যত পশু পালন বিভাগত বৈপ্লৱিক পৰিৱৰ্তন আহিছে আৰু যিয়ে ৰাজ্যৰ অৰ্থনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আনকি কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে গুজৰাটৰ গাঁৱে গাঁৱে পশু আবাস (animal hostel) গঢ়ি তোলা হৈছে, তাৰ তুলনাত অসমত এই বিভাগটো আজিও তেনেই চালুকীয়া অৱস্থাতেই আছে৷ এইক্ষেত্ৰত আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে কিয়নো অসমৰ দৰে এখন কৃষিনিৰ্ভৰ ৰাজ্যত ইয়াৰ গুৰুত্ব অসীম। এই বিভাগটোৰ উন্নয়নেৰে অসমৰ গ্ৰাম্য জীৱনৰ পট পৰিৱৰ্তন কৰি আমি কৃষকৰ আৰ্থসামাজিক উন্নয়নেৰেহে ৰাজ্যখনৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাই বিকশিত অসমৰ জয়গান গাব পাৰিম আৰু গুজৰাট, হাৰিয়ানা, পঞ্জাৱ আদি ৰাজ্যৰ সৈতে অসমক তুলনা কৰিব পাৰিম৷

ডাঃ বিৰাজ কুমাৰ শৰ্মা

3.08641975309
Mamata Tiwari Sep 19, 2016 12:34 PM

পশুচিকিৎসা বিজ্ঞান ইতিহাসৰ লেখনীটো পঢ়ি ভাল লাগিল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top