অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসংস্থাপনৰ বাবে গাহৰি পালনঃ

ব্যৱসায়িক ভিত্তিত স্থাপন কৰা পাম এখনৰ সাফল্য নিৰ্ভৰ কৰে ইয়াৰ বাবে নিৰ্বাচন কৰা গাহৰিৰ সঁচৰ ওপৰত। সেয়েহে গাহৰিৰ প্ৰথম সঁচ কিনাৰ সময়ত সাৱধানতা অৱলম্বন কৰা ভাল।

পামৰ বাবে গাহৰি নিৰ্বাচনঃ

কেৱল মাংস উৎপাদনৰ বাবেহে গাহৰি পোহাটো যদি উদ্দেশ্য হয় আৰু প্ৰতিবাৰতে যদি বেলেগ বেলেগ উৎসৰ পৰা নতুন পোৱালি কিনা যায় তেন্তে লক্ষ্য কৰিব লাগে যাতে-

  • পোৱালিবিলাকৰ বয়স দুমাহৰ ওপৰত হৈছে।
  • পোৱালিবোৰ নিৰোগী, সতেজ, স্বাস্থ্যৱান হয়।
  • পোৱালিবোৰৰ মাক-বাপেকৰ বৃদ্ধি খৰতকীয়া আছিলনে নাই
  • বাহ্যিক অংগসমূহ ঠিকমতে আছে নে নাই

এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিলে মাংস উৎপাদনত লোকচান হোৱাৰ কথা চিন্তা কৰিব লগা নহব। লক্ষ্য কৰা যায় যে মাইকী গাহৰিতকৈ মতা গাহৰিৰ বৃদ্ধি তুলনামূলকভাৱে বেছি। তদুপৰি বজাৰতো ইহঁতৰ চাহিদা বেছি। গতিকে ব্যৱসায়িক দিশৰ পৰা মতা গাহৰিক অগ্ৰাধিকাৰ দিয়া উচিত।

গাহৰিৰ অৰ্থকৰী গুণসমূহঃ

গাহৰি পাম এখনৰ পৰা লাভৱান হ’বলৈ হ’লে ইহঁতৰ অৰ্থকৰী গুণসমূহ বিচাৰ কৰি চোৱা অতীৱ প্ৰয়োজন। গাহৰিৰ অৰ্থকৰী গুণসমূহ মূততঃ তিনি ভাগত ভাগ কৰিব পৰা যায়। সেইবোৰ তলত উল্লেখ কৰা হৈছে-

উৎপাদনকাৰী গুণঃ এইবোৰ মধ্যম ধৰণে বংশগত। মাক-বাপেকৰ উৎপাদন ক্ষমতা যেনেকুৱা পিছৰ প্ৰজন্মতো ঠিক তেনে ধৰণৰ গুণেই আশা কৰিব পাৰি। অৱশ্যে কৃত্ৰিম উপায়েৰে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মৰ গাহৰিবোৰৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়াৰে (অৰ্থাৎ কেৱল ভাল দেখা গাহৰিবোৰৰ মাজতহে প্ৰজনন ঘটায়) ভাল উৎপাদনকাৰী গুণসমূহ এটা প্ৰজন্মত থূপ খুৱাই পেলাব পৰা যায়।

উৎপাদনকাৰী গুণসমূহ হ’লঃ

পোৱালিৰ মাকৰ গড় জন্ম দিয়া সংখ্যা।

প্ৰতিটো পোৱালিৰ গড় ওজন।

মাকৰ পৰা পৃথক কৰাৰ সময়ত পোৱালিৰ ওজন।

পৃথকীকৰণৰ পৰা বিক্ৰীৰ সময়ছোৱাত গড় বৃদ্ধি।

প্ৰতিকিলো ওজন আহৰণৰ বাবে আৱশ্যকীয় খাদ্য।

পৃথকীকৰণৰ পৰা বিক্ৰীৰ সময়লৈকে আৰ্থিক লাভ।

গাখীৰ উৎপাদন কৰিব পৰা ক্ষমতা।

এই গুণসমূহৰ ওপৰত ভিত্তি কৰি ঘাই গাহৰিজনীৰ বা মতা গাহৰিটোৰ উৎপাদনকাৰী দিশটো ঠাৱৰ কৰিব পৰা যায়।

প্ৰজননকাৰী গুণঃ

এই গুণসমূহ আংশিকভাৱে বংশগত যদিও কিছু পৰিমাণে পৰিৱেশৰ ওপৰতো নিৰ্ভৰ কৰে। এই গুণসমূহক প্ৰজনন আঁচনিৰ দ্বাৰা উন্নীতকৰণ কৰাটো সম্ভৱ। গুণসমূহ হ’ল-

প্ৰতিবাৰ পোৱালি জগোৱা ক্ষমতা।

জগা পোৱালিবিলাকক জীৱিত পোৱালিবোৰৰ পৃথকীকৰণ কৰিব পৰা সংখ্যা।

কিমান সোনকালে পোৱালি জগাব পাৰে বা দুটা গৰ্ভৱস্থাৰ মাজৰ ব্যৱধান কিমান। এই গুণসমূহ প্ৰজনন পাম এখনৰ বাবে বৰ প্ৰয়োজনীয়।

মাংস আৰু ইয়াৰ গঠনকাৰী গুণঃ

মাংস আৰু ইয়াৰ গঠন সম্পৰ্কীয় গুণসমূহ অত্যন্ত বংশগত। অৱশ্যে পৰিৱেশৰ প্ৰভাৱো নথকা নহয়। এনে ধৰণৰ গুণসমূহক নিৰ্বাচন প্ৰক্ৰিয়া তথা উপযুক্ত প্ৰজনন আঁচনিৰ দ্বাৰা উন্নীত কৰা সম্ভৱ। সেইবোৰ হ’ল- পৰিমাণাত্মক অথবা গুণাত্মক।

পৰিমাণাত্মকঃ

মৰাৰ পাছত মাংসৰ বাবে সাজু দেহৰ ওজন।

দেহৰ মাংস উপযোগী অংশৰ শতকৰা হাৰ।

দেহৰ দীঘ।

পিঠিৰ চৰ্বিৰ তৰপৰ জোখ।

কমৰৰ পেশীৰ আকৃতি।

মাংস আৰু হাড়ৰ অনুপাত আদি গুণাত্মকঃ

মাংসৰ আঁহৰ জোখ।

মাংসৰ অম্লতা।

পানী ধৰি ৰাখিব পৰা ক্ষমতা। ইত্যাদি

এই গুণসমূহে গাহৰিটোৰ মাংসৰ গুণাগুণ নিৰ্ণয় কৰে। য’ত গ্ৰাহকে ৰুচি অনুযায়ী মাংস ক্ৰয় কৰিব খোজে তেনে ঠাইত এই গুণসমূহ লক্ষ্য কৰা বৰ দৰকাৰ।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate