অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত প্ৰথাৰে পশু-পক্ষী পালন

উন্নত প্ৰথাৰে পশু-পক্ষী পালন

আমাৰ দেশৰ গৰু-মহ-ছাগলী আদিৰ সংখ্যা প্ৰায় ২৭০ নিযুত ঠাৱৰ কৰা হৈছে। অৱশ্যে ইয়াৰ অধিকাংশই থলুৱা জাতৰ যিবিলাকৰ গাখীৰ উৎপাদন বা হালবোৱা, গাড়ী টনা আদি উৎপাদন ক্ষমতা নিম্নমানৰ। আমাৰ দেশত এনে কিছু জাতৰ গৰু, মহ আৰু আছে। যি বিলাকৰ থলুৱা জাতৰ বহু ওপৰত।বৰ্তমান দেশত উৎপাদন হোৱা গাখীৰ প্ৰায় ৮০ নিযুত টন।ইয়াৰ পৰা প্ৰ্তিজনে প্ৰ্তিদিনে প্ৰায় ১৮০ গ্ৰাম গাখীৰ খাবলৈ পায়।

একেদৰে দেশৰ কণী উৎপাদনত প্ৰায় ৩০,০০০ নিযুত কুৰি ঠাৱৰ কৰিব পৰা হৈছে।ইয়াৰ দ্বাৰা প্ৰ্তিজনে বছৰি প্ৰায় ৩৬ টা মানুহে কণী খাবলৈ পায়।মাছ-মাংসৰ উৎপাদনৰ ক্ষেত্ৰত অৱস্থা প্ৰায় একে। আমাৰ পশু-পক্ষীৰ পৰা উৎপাদিত খাদ্য সামগ্ৰীবোৰ নিম্ন হাৰৰ মূলতে বহুতো কাৰন নিহীত হৈ আছে।

১)সৰহ স্ংখ্যক পশু-পক্ষী বংশগত ভাৱে নিম্ন উৎপাদন ক্ষমতা সম্পন্ন।

২)উপযুক্ত পৰিমানৰ গুন বিশিষ্ট দানা আৰু ঘঁহৰ অভাঁৱ।

৩)উপযুক্ত সময়ত পশু-পক্ষীৰ স্বাস্থ্যৰক্ষা/প্ৰ্তিকাৰ ব্যৱস্থা কিছু অভাৱ।

৪)বিজ্ঞানসন্মত ভাৱে পশু-পক্ষী পালনত কৃষক সমাজৰ কিছু উদাসীনতা

৫)ব্যৱসায় ভিত্তিত পালনৰ বাবে মুলধনৰ অভাৱ।

৬)শস্য উৎপাদনৰ তুলনাত পশু-পক্ষী পালনৰ প্ৰ্তি কৃষকৰ উদাসীনতা আদি প্ৰ্ধান কাৰন।

গতিকে আজি আমাৰ পশু-পক্ষী ভূমীৰ পৰা অধীক উৎপাদন পাবলৈ হলে বিজ্ঞান ভিত্তিত কৃষি কাৰ্য্য কৰাৰ উপৰিও উন্নত প্ৰ্থাৰে হাঁহ-কুকুৰা,গৰু-ছাগলী,মৌ-পালন,মীন-পালন কাৰ্য্যত অগ্ৰসৰ হলেহে কৃষি মাটি ডৰা অধিক উৎপাদনমূখী হৈ কৃষকৰ আৰ্থিক দিশ টনকিয়াল কৰিব পাৰিব্ল।সেয়েহে কৃষক পৰিয়াল কেৱল শস্য উৎপাদনতে আৱদ্ধ নাথাকি অধিক উৎপাদনমূখী সমন্বিত বা মিশ্ৰিত পাম,পদ্ধতিৰ কথা বিবেচনা কৰিবৰ হল।এনে বহল কৃষি কাৰ্য্যত প্ৰ্তিজন কৃষকে নিজৰ সামৰ্থ আৰু সীমিত সম্পদ ৰাজিৰ কথা বিবেচনা কৰি মিশ্ৰিত বা সমন্বিত পামৰ কথা ভাবিব লাগিব।এনে কৰিবলৈ হলে আমাৰ উন্নত পদ্ধতিৰ কৃষি উৎপাদনৰ জ্ঞান নিশ্চয় থাকিব লাগিব।তাৰোপৰি নিজা অভিজ্ঞতা অৰু একাগ্ৰতাইহে এজন সফল কৃষক কৰি তুলিব।

ভৱিষ্যতে এনে এখন কৃষক সমাজহে আমাৰ কাৰ্য্য এনে এটা বহল কৃষি আচঁনিত হাঁহ-কুকুৰা,গৰু-গাহৰী পালন অন্তৰ্ভুক্ত কৰিবলৈ হলে আমি উল্লেখিত কথা কেইটালৈ চাব লাগে।

১)উন্নত জাতৰ হাঁহ-কুকুৰা,গৰু-গাহৰী ও ছাগলী নিৰ্বাচন।

২)উপযুক্ত হাঁহ-কুকুৰা বা গাহৰী গড়াল অৰু গৰু-গোহালী নিৰ্বাচন।

৩)গুনবিশিষ্ট ঘাঁহ-দানা পানীৰ নিয়মীয়া যোগান।

৪)সময়মতে প্ৰজনন।

৫)সময়মতে ৰোগ প্ৰ্তিৰোধ আৰু প্ৰ্তিকাৰৰ ব্যৱস্থা গ্ৰহন আৰু

৬)দৈনন্দিন প্ৰ্তিপালনৰ বিভিন্ন দিশৰ প্ৰ্তি চকু ৰখা।

গতিকে পশু-পক্ষী পালনৰ দ্বাৰা বিশেষ ভাৱে লাভৱান হবলৈ কৃষক হিচাপে উন্নত প্ৰ্তিপালনৰ গুৰত্ব আমি বুজিব লাগিব আৰু হাতে কামে কৰিব লাগিব।এনে পাম ব্যৱস্থাত আমৰ মূল্ লক্ষ্য হব সিমীত কৃষি ভূমীত, সামৰ্থ অনুসৰে সীমিত সম্পদৰাজিৰ সু-প্ৰয়োগৰে অধিক উৎপাদন কৰা আৰু জীৱন-নিৰ্বাহৰ মানদণ্ড উন্নত কৰা।

আমি অৱশ্যে কেৱল খীৰতি গাইজনীৰ বা হাঁহ-কুকুৰা ছাগলী কেইটাৰ কথা ভাবিলেই নহয়।আমৰ কৃষকৰ হাতৰ বলদ হালৰ স্বাস্থ্য আৰু উৎপাদনক্ষম কৰি ৰাখাৰ আৱশ্যকতাও আমি মনত ৰাখিব লাগিব।কিয়নো বলদহালৰ ওপৰতেই আমাৰ কৃষি কাৰ্য্য নিৰ্ভৰৰ্শীল।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top