অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গো-পামত লʼবলগীয়া বেমাৰ প্ৰতিৰোধকাৰী ব্যৱস্থা

গো-পামত লʼবলগীয়া বেমাৰ প্ৰতিৰোধকাৰী ব্যৱস্থা

অসমৰ জলবায়ু গৰমমহৰ বিভিন্ন বেমাৰ কৰিব পৰা বীজানু বা বীজানুৰ বংশবৃদ্ধিৰ বাবে অতি অনুকুলচ এনে বীজানু বা বীজানুৰ স্ংক্ৰমনৰ দ্বাৰা গৰু-গাইৰ হব পৰা কিছুমান বেমাৰৰ প্ৰতিৰোধকাৰী ছিটা বজাৰত সহজলভ্য।এনে কেইবিধমান ছিটাৰ বিষয়ে তলত দিয়া হ’ল

১) চবকা বেমাৰৰ(FMI vaccine)ছিটা: এই ছিটা বিভিন্ন ধৰনৰ আছে। Intervet কোম্পানীৰ ছিটা বিধৰ বাবে প্ৰথ্ম ছিটাটো ৬ পৰা ৮ মাহৰ বয়সৰ পোৱালীক দিব লাগে।Booster ছিটা পোৱালীৰ বয়স ৩ মাহ আৰু ৬ মাহ হওঁতে দিব লাগে।দৰবৰ পৰিমান হল ৫ মিলিলিটাৰ প্ৰ্টিতো ছিতাৰ বাবে।

প্ৰ্তি ৬ মাহৰ মূৰে মূৰে এই ছিটা এবাৰকৈ দিব লাগে।

২) ব্লেক কোৱাৰ্টাৰ বেমাৰৰ ছিটা (Black Quarter vaccine)এই বেমাৰ সাধাৰনতে ৬ মাহৰ পৰা ২ বছৰ বয়সত গৰু- মহতহে হোৱা দেখা যায়।এই বেমাৰ অতি মাৰাত্মক।ছিটা দিহে ইয়াক বাৰন কৰিব পাৰি।বেমাৰত ভোগা গৰু-মহৰ নিশ্চিত মৃত্যু হয়।এই বেমাৰৰ বাবে Biomed নামৰ কোম্পানীৰ ছিটা তলত দিয়া ধৰনে দিব লাগে।

প্ৰথম ছিটা:৬ মাহ বয়সৰ পোৱালীক দিব।দৰবৰ পৰিমান-২ মি:লি:

ইয়াৰ পাচৰ পৰা বছেৰেকত ১ বাৰ কৈ ছিতা দিয়াব লাগিব।

৩)H.S Vaccine বা ছিটা(Biomed)এই বেমাৰ গৰু মহামাৰী ৰুপত হোৱা দেখা যায়।তলত দিয়া ধৰনেৰে ছিটা দিয়াৰ ব্যৱস্থা কৰি এই বেমাৰ প্ৰতিৰোধ কৰিব পাৰি।যি অঞ্চলত এই বেমাৰ প্ৰাদুৰ্ভাৱ আছে সেই অঞ্চলতহে এই ছিটা দিব লাগে।ফাগুন চত মাহত ২ মি:লি পৰিমানৰ ছিটা ৬ মাহ বয়সৰ পোৱালীৰ পৰা আৰস্ক কৰি সকলোবোৰ গৰু মহক দিব লাগে।

লিখক: ড:প্ৰদীপ কুমাৰ শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate