অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন ঘাহঁ শস্যৰ খেতি

গো-পালন কৃষিৰ অতি প্ৰাচীন সহায়ক বৃত্তি হলেও বৰ্ত্তমান বৈজ্ঞানিক পদ্ধতিৰে কৰা গো-পালন অধিক লাভজনক তথ্য উপাৰ্জন অন্যতম গোট বা উৎস হিচাপে পৰিগনিত হৈছে। গো-পানলৰ অৰ্থনৈঅতিক দিশটো লক্ষ্য কৰিলে দেখা যায় যে গাখীৰ উৎপাদনৰ প্ৰায় ৬০ শতাংশ কেৱল খাদ্য যোগান ধৰোতেই ব্যয় হয়।কেৱল দানাৰ ওপৰত নিৰ্ভৰ নকৰি সেউজীয়া ঘাঁহৰ যোগান ধৰিব পাৰিলে খাদ্য যোগানৰ বাবে হোৱা ব্যয় যথেষ্ট পৰিমানে হ্ৰাস কৰিব পৰা যায়।অসমৰ জলবায়ুৰ বহু সংখ্যক উন্নত জাতৰ ঘাঁহ খেতিৰ বাবে উপযুক্ত।সৰহভাগ ঘাঁহ শস্য গ্ৰীষ্ম কালতেই কৰিব পাৰি।তুলনামূলক ভাৱে বহুবৰ্ষী ঘাঁহ সমূহৰ উৎপাদন আন একবৰ্ষী ঘাঁহ সমূহতকৈ (মাকৈ,দীননাথ,ৰিনাঘাঁহ,কাউপি আদি)যথেষ্ট বেছি।

ঘাঁহ শস্য নিৰ্বাচন উৎপাদনকৰ লগত পুষ্টিকাৰক গুনকেইটাৰ ওপৰতো গুৰুত্ব দিয়া দৰকাৰ যাতে গৰু-গাইক সহজ উপায়েৰে সুষম পুষ্টিৰ যোগান ধৰিব পৰা যায়।মাটিৰ গুনাগুন বা অৱস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি নিদিষ্ট এডৰা মাটিৰ বাবে নিদিষ্ট জাতৰ ঘাঁহখেতি কৰা হয়।এই আলোচনাত গ্ৰীষ্মকালত কৰিব পৰা বিভিন্ন ঘাঁহ শস্যৰ উন্নত উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে।

প্ৰথমেই বহুবৰ্ষী ঘাঁহ শস্য কেইবিধ বিষয়ে আলোচনা কৰা হৈছে।

ইব্ৰীড নেপিহায়াৰ

ই এবিধ অধিক উৎপাদনক্ষম পুষ্টিকাৰক বহুবৰ্ষী ঘাঁহ।ইয়াকে এহাৰ ৰুলে ৮-৫ বছৰলৈ অনায়াসে সেউজীয়া ঘাঁহৰ যোগান ধৰিব পৰা যায়।ইয়াৰ উন্নত সচঁসমূহ হল-এন বি-২১,আই।জি।এফ,আৰ আই -৬ চিঅ-২ চিঅ-৩বালিচহীয়া পানী নোহোৱা সাৰুৱা মাটিত এই ঘাঁহৰ খেতি ভাল হয়। বহাগৰ পৰা আহাৰ মাহ পৰ্যন্ত হাইব্ৰীড নেপিয়াৰ ৰুব পাৰি।তিনিটা গাঠিযুক্ত গা-গছৰ অংশ বা শিপাযুক্ত পোখা ৰুবৰ বাব উপযোগী।মিটিডৰা ভালদৰে হালবাই প্ৰ্স্তুত কৰি লোৱাৰ সময়তে বিঘাই প্ৰ্তি ৭কু:পচন সাৰ,১২ কি:গ্ৰা:ইউৰীয়,৪৫ কি”গ্ৰা চুপাৰ ফচপেট আৰু ৭কি”গ্ৰা পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।ইয়াৰ পাছত জীপ থকা মাটিত তিনিটা গাঠিযুক্ত পোখা প্ৰ্তি শাৰীত ৫০ চে:মি: আৰু প্ৰ্তি জোপাৰ ব্যৱধান ৫০ চে:মি ৰাখি ৰুব লাগে।ৰুবৰ সময়ত এটা কথা মন কৰিব লাগে যাতে মাজৰ গাঁঠিতো মাটিত সামান্য পোট খাই থাকে।এবিধো মাটিৰ বাবে প্ৰায় ৫ হাজাৰ আগৰ প্ৰয়োজন।

ঘাঁহডৰা ভালদৰে গা নুঠালৈকে বনবাত ভালদৰে নিৰাই দিব লাগে।পাচত ই নিজেই অপতৃন নিয়ন্ত্ৰন কৰিব পৰা হয়।ৰোৱাৰ দুমাহ মানৰ পৰা ঘাঁহ কাটি গৰুক খুৱাব পাৰি।তাৰ পাছত ডেৰ মাহৰ মূৰে মূৰে ঘাঁহ কাটি খুৱাব পাৰি।এইদৰে ভালকৈ সাৰ-পানী দি থাকিলে বছৰি ৫-৬ বাৰকৈ ঘাঁহ কাটিব পাৰি আৰু বছৰি মুঠ উৎপাদন ১২০-ৰ পৰা ১৪০ কু”ঘাহঁ পাব পাৰি।প্ৰ্তিবাৰ কটাৰ পাচহত বিঘাত ৬ কি:গ্ৰা ইউৰীয়া সাৰ টপদ্ৰেছ কৰি কোৰ মাৰি দিব লাগে।

চেটেৰীয়া আৰু গিনি ঘাঁহ

হাইব্ৰীড নেপিয়াৰৰ দৰে একে ধৰনৰ মাটিত কৰিব পৰা আন দুবিধ ঘাঁহ হল চেটিৰীয়া আৰু গিনি ঘাঁহ।এই দুবিধ ঘাঁহ বীজৰ পৰা কৰিব পাৰিলেও শিপাযুক্ত পোখাৰ পৰা কৰিবলৈ সহজ।চেটেৰীয়া ঘাঁহৰ উন্নত সঁচ হল-পি,জি,জি-৩ হামিল আদি।এই দুবিধ ঘাঁহ শস্যৰ উৎপাদন পদ্ধতি হাইব্ৰীড নেপিয়াৰৰ সৈতে একে।গতিকে বেলেগ আলোচনা কৰা হোৱা নাই।চেটেৰীয়া আৰু গিনি ঘাঁহ বছৰি ৩-৪ বাৰ কাটিব পাৰি।প্ৰ্তি বিঘাত বছৰি ১০০-১২০ কু:ঘাঁহ চপাব পাৰি।

পাৰা ঘাঁহ

অসমৰ পানী বন্ধ হৈ থকা মাটিৰ পুখূৰীৰ হেলনীয়া পাৰ,নলা-নৰ্দমা যমিনা-পিতনী আদিত পৰা ঘাংতে সহজেই হয়।বিশেষ একো যত্ন নোলোৱাকৈ এইবিধ ঘাঁহ কৰিব পাৰি।মাত্ৰ অন্যান্য অপতৃন সমূহে যাতে হেঁচা মাৰি ধৰিব নোৱাৰে সেইটো লক্ষ্য কৰিব লাগে।গা-গছৰ গাঠিযুক্ত অংশৰ পৰাই বংশ বিস্তাৰ হয়।দল ঘাঁহৰ দৰেই ই পানীত লহ-পহকৈ বাঢ়ি আহে আৰু বছৰেকত ৪-৫ বাৰ কাটিব পাৰি।

গ্ৰীষ্মকালত কৰিব পৰা বীজ সিঁচিব লাগে।বিঘাই প্ৰ্তি ১ কি:গ্ৰা:বীজৰ প্ৰয়োজন।শাৰীৰ ব্যৱধান ১ ফুট হব লাগে।মাটি প্ৰ্স্তুত কৰা সময়ত বিঘাত ৬ কি:গ্ৰা ইউৰীয়া,২৫ কি:গ্ৰা চুপাৰ ফচফেট প্ৰয়োগ কৰিব লাগে।প্ৰ্ত্যোক বাৰ কটাৰ পাছত ৬ কি:গ্ৰা ইউৰীয়া টপদ্ৰেছ কৰিব লাগে।বীজ সিঁচাৰ দুমাহৰ পাছত প্ৰ্থম বাৰ কাটিব পাৰি।ডেৰ মাহৰ পাছত পুনৰ কাটিব পৰা হয়।প্ৰ্তি বিঘাত উৎপাদন ৬০-৭০ কু: পোৱা যায়।

মাকৈ বা গোমধান

ই বিধ উৎকৃষ্ট পুষ্টিকাৰক ঘাঁহ শস্য।গ্ৰীষ্মকালত জেঠ মাহ পৰ্য্যন্ত ইয়াক সিঁচিব পাৰি।বিঘাত ৯ কি:গ্ৰা ইউৰীয়া ২৭ কি:গ্ৰা চুপাৰ ফচফেট আৰু ৭ কি:গ্ৰা মিউৰেট অব পটাচ সাৰ প্ৰয়োগ কৰিব লাগে।ইয়াৰ উপৰিও বিঘাত ৩-৪ কু:পচন সাৰ দৰকাৰ হয়।প্ৰ্তি বিঘাত ৮ কি:গ্ৰা বীজৰ প্ৰয়োজন হয়।প্ৰ্তি শাৰীত ১ ফুট ব্যৱধানত বীজ মূৰত ফুল মূৰত ফুল-ফুলাৰ সময়তে কাটি গৰুক খুৱাব পাৰি।প্ৰ্তি বিঘাত ৩০-৩৫ কু:সেউজীয়া ঘাঁহৰ পোৱা হয়।

ৰিণা ঘাহঁ

এইবিধ ঘাঁহ গোমধানৰ দৰেই।মাত্ৰ ইয়াৰ সুবিধা খল বাৰিষা বতৰত ই পানী ম্বন্ধ অবস্থা সহ্য কৰিব পাৰে।ইয়াৰ উন্নত সঁচ হল-চিৰ্চা,টি এল-১৬,টি,এল-২।বহাগ জেঠ মাহত এই ঘাঁহ সিঁচা হয়।প্ৰ্তি শাৰীৰ ৪০ চে:মি:ব্যৱধানত বিঘাই প্ৰ্তি ৫ কি:গ্ৰা বীজ সিচাঁ হয়।সাৰৰ পৰিমানে মাকৈৰ দৰেই।৭০-৮০ দিনত এই ঘাঁহ কাটিব পাৰি।প্ৰ্তি বিঘাত উৎপাদন ৩০-৩৫ কু:পোৱা হয়।

এই দুবিধ মাহ জাতীয় শস্য পশু খাদ্যৰ বাবে উপযোগী।চত মাহৰ পৰা আহিন মাহলৈকে এই দুবিধ মাহ শস্য সিচিঁৱ পাৰি।কিন্ত পাছ্লৈ সিঁচিলৈ উৎপাদন কমি যায়।লেচেৰা মাহৰ উন্নত সঁচ হল-ইচি-৮২১৬,নং১০,উ,ই,পি,চি-২১২ আৰু বেজীয়া মাহৰ মিউৰেট অব পটাচ সাৰ,লগতে ৪ কু:পচন সাৰ প্ৰয়োগ কৰিব লাগে।প্ৰ্তি বিঘাত লেচেৰা মাহৰ বীজ ৭ কি:গ্ৰা আৰু বেজীয়া মাহৰ ৩ কি:গ্ৰা বীজ প্ৰয়োজন।প্ৰ্তি শাৰীৰ ব্যৱধান ফুটা।ফুল ফুলাৰ সময়তে গৰুক খুৱাব পাৰি।লেচেৰা মাহৰ প্ৰতি বিঘাৰ উৎপাদন ৩০ কু:আৰু বেজীয়া মাহৰ ২০-২৫ কু:পোবা হয়।

গোটেই বছৰ সেউজীয়া ঘাঁহ পাব পৰা ব্যৱস্থা

গোটেই বছৰ অবিৰত ভাৱে সেউজীয়া ঘাঁহ পাবৰ বাবে গো-পালকে কিছুমান ৱ্যবস্থা লোৱা দৰকাৰ।সেইবিলাক থুলে-মুলকৈ আলোচনা কৰা হৈছে।

প্ৰথমতে চাব লাগিব গাই-গৰুৰ স্ংখ্যা হিচাপত বছৰটোত মুঠ ঘাঁহৰ প্ৰয়োজন কিমান।সেই হিচাপত কিমান মাটিত ঘাঁহ খেতি কৰিব লাগিব তাক উলিয়াই লব।তাৰ কাৰনে ঘাঁহ বিলাকৰ প্ৰ্তি বিঘাত উৎপাদন আৰু প্ৰ্তিদিনে গো-পামত কিমান ঘাঁহৰ দৰকাৰ তাক জনা প্ৰয়োজন।দিনে এজনী জাৰ্চী গাইক ৩০-৩৫ কি:গ্ৰা ঘাঁহ লাগিলে এবিঘা ভালদৰে কৰা হাইব্ৰীড নেপিয়াৰ ঘাঁহ খেতিৰ ওপৰত ভিত্তি কৰি ২ জনী উন্নত সঁচৰ খীৰতী গাই সহজতেই গাই সহজতেই পুহিব পাৰি।দিনে ১২-১৫ বৰ্গমিটাৰ মাটিৰ ঘাঁহ কাটিলেই এজনী গৰুক খুৱাব পৰা হয়।ঘাঁহডৰা কাটোতে এনেদৰে কাটিব লাগে যাতে এমূৰৰ পৰা আনটো মূৰ পায় মানে আৰম্ভনিতে কটা ঘাঁহডৰা পুনৰবাৰ কাটিব পৰা হয়।

ইয়াৰ উপৰিও অলপ পৰিমান মাটিত আন কেইবিধ বহুবৰ্ষী ঘাঁহ পৰিমানে ৰুই ললে সেইবিলাক ঘাঁহো কাটি গৰুক খুৱাব পাৰি।পাৰা ঘাঁহ কৰিব পৰা দ মাটি থাকিলে তাকো কৰি থব লাগে।

বহুবৰ্ষী ঘাঁহ কেইবিধৰ সুবিধা হল এবাৰ কৰি লব পাৰিলে ৪-৫ বচৰলৈকে চিন্তা নাথাকে।মাত্ৰ শীত কালৰ দিন কেইটাত আন একবৰ্ষী ঘাঁহৰ(অট)খেতি কৰিব লাগিব।কাৰন শীত কালত বহুবৰ্ষী ঘাঁহৰ বৃদ্ধি স্থবিৰ হৈ পৰে।

বেচি দিনলৈ একবৰ্ষী ঘাঁহ পাই থাকিবলৈ হলে এটা কাম কৰা ভাল।যিহেতু প্ৰত্যুক বিধ ঘাঁহৰ সিঁচাৰ অনুমোদিত সময় দীঘলীয়া গতিকে একেদিনাই গোটেই ডৰা মাটিত বীজ নিসিঁচি এসপ্তাহৰ ব্যৱধানত ৩-৪ বাৰত সিঁচি সম্পূৰ্ন কৰিলে বহুদিনলৈ সেউজীয়া পুষ্টিকাৰক ঘাঁহ সহজেই পাই থাকিব পাৰে।

লিখক: ড:কৰুনা কান্ত মেধি, অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate