অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱ জন্তৰ বেমাৰ আৰু প্ৰতিকাৰ

জীৱ জন্তৰ বেমাৰ আৰু প্ৰতিকাৰ

অতীজৰে পৰা কৃষি আৰু পশুপালনত গৰু-মহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি অহা পৰিলক্ষিত হৈছে। নিৰোগী স্বাস্থ্যৱান গৰু-মহ কৃষক আৰু পশুপালনকৰ বাবে এক অমূল্য সম্পদ। এনে ধৰনৰ পশু ধনে কৃষক আৰু পশু পালন সকলক অৰ্থনৈতিক ভাৱেও অধিক লাভৱান কৰে। সেয়েহে গৰু-মহ আদি জীৱ-জন্তৰ স্বাস্থ্যৰ প্ৰ্তি কৃষক তথা পালক সকল সকলো সময়তে সচেতন হোৱা উচিত। চবকা, গলফুলা, পেটফুলা, ৰোগসমূহৰ উপৰিও সৰ্ব্ব সাধাৰনতে দেখা গৰু-মহৰ ৰোগ সমূহৰ ভিতৰত “এনথ্ৰাক্স” আৰু “হাস্পচৰ”অন্যতম।এই খিনিতে উল্লেখশোগ্য যে ভেড়ী, গাহৰী, ঘোৰাঁ, উট আদিৰ ক্ষেত্ৰতো হয়।

“এনথ্ৰাক্স” হৈছে গৰু-মহৰ অন্যতম মাৰাত্মক ৰোগ।ই স্ংক্ৰামক বেকটেৰিয়া জনিত ৰোগ।সাধাৰনতে দূষিত ঘাহঁ, পানী, দানাৰ যোগেদি এই ৰোগৰ বীজানু শৰীৰৰ প্ৰ্ৱেশ কৰে।তদুপৰি ‘এনাথ্ৰাক্স”ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা জীৱ-জন্তৰ তেজ হাড় আদি চেলেকাৰ ফলতো গৰু-মহৰ এই ৰোগ হয়।এই ৰোগ গৰু বা মহৰ পৰা সংস্পৰ্শৰ মাধ্যমৰে মানুহলৈও স্ংক্ৰমিত হয়।“এনাথ্ৰাক্স”ৰোগত আক্ৰান্ত হলে জন্তটোৰ ১০-৩৬ ঘ্ন্টাৰ ভিতৰত মৃত্যু ঘটিব পাৰে।অৱশ্যে কেতিয়াবা হৎঠাতে স্বাস্থ্যবান গৰু-মহ এনে ৰোগত আক্ৰান্ত হৈ কেইমিনিট মানৰ ভিতৰতে মৃত্যুৰ মুখত পৰা দৃষ্টান্তও আছে।সেয়েহে গো-পালক সকল এই ৰোগত প্ৰ্তি অধিক সচেতন হোৱা উচিত।এই ৰোগত প্ৰ্তিৰোধক ব্যৱস্থাও আছে।বৰ্ষা কালৰ আগে আগে টিকা দিব লাগে।

সাধাৰনতে কৃষক সকলে গৰু-মহ-হালত দিয়া মানে খেতিৰ ভৰপক সময়তে গৰু-মহৰ পিঠিত(গলধনত)ঘাঁৰ নিচিনা হৈছে বুলি পশুচিকিৎসকৰ কাষ চাপে।সচাঁকৈয়ে এই গলধনত হোৱা ৰোগটোৱে ভৰ বাৰিষা হালৰ সময়ত কৃষক সকলৰ যথেষ্ঠ ক্ষতি কৰে।এইটো হৈছে এবিধ পৰজীৱী প্ৰানীৰ দ্বাৰা হোৱা ৰোগ।পৰজীৱী প্ৰানী এবিধ পেলুৰ কাৰনেই এই ৰোগ হয়।এই বিশেষ পেলুবিধ আকৌ এবিধ বিশেষ মাখিৰ দ্বাৰাহে গৰু-মহৰ গালৈ বিস্তাৰিত হয়।এই ৰোগৰ প্ৰ্তিকাৰৰ কাৰনে অৰ্গেনফচফৰাছ যুক্ত ঔষধ যথেষ্ঠ ক্ষমতাশালী।সাধাৰনতে ৫-১০ শতাংশ অৰ্গেনফচফৰাছ যুক্ত মলম ব্যৱহাৰ কৰা হয়। ফেনভিছ ৫ শতাংশ মলম,হীমেক্স মলম,ডাৰমছেপ্ত মলম দিয়া হয়।

ব্লেক কোৱাৰ্টাৰ বা গাঠিয়া ৰোগ বাৰিষা কালত হোৱা গৰু-মহৰ এক মাৰাত্মক সোচৰাঁ ৰোগ।সাধাৰনতে এই ৰোগ ৬ মাহৰ পৰা ২ বচৰ বয়সৰ নোদোকা চকুত গৰু-মহৰ ক্ষেত্ৰত ৱেছিকৈ হোৱা দেখা যায় যদিও ২ বছৰৰো অধিক বয়সৰ গৰু-মহ এনে ৰোগত আক্ৰান্ত হব পাৰে।আক্ৰান্ত জীৱ-জন্তৰ মৃত্যুৰ হাৰ শতকৰা ৮০ ভাগতকৈও অধিক হয়।বাৰিষাৰ আগে আগে মাৰ্চ-এপ্ৰিল মাহত এনে ৰোগৰ প্ৰ্তিৰোধক টিকা দিব লাগে।এবাৰ দিয়ালৈ প্ৰায় এবছৰলৈ এই ৰোগ হোৱাত সম্ভৱনা নাথাকে।

চবকা ৰোগে দ্ৰুত ভাৱে বিস্তাৰ লাভ কৰিছে আৰু বৰ্ত্ত্মানলৈকে পশুধনৰ বিস্তাৰ ক্ষতি সাধন কৰিছে।চবকা হল এবিধ ভাইৰাচৰ দ্বাৰা হোৱা ৰোগ।ভইচাবোৰ হল কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ কনা যি বোৰ বেক্টৰীয়াতকৈও সৰু।খুৰা ফটা সকলো ধৰনৰ ঘৰচীয়া আৰু বনৰীয়া জন্ত এই ৰোগত আক্ৰান্ত হব পাৰে।গৰু,মহ গাহৰী ভেৰা,ছাগলী।হৰিন,বনৰীয়া মহ,মেঠোন,ইয়াক,নাল গাই আদি জন্তৰ এই ৰোগ হয়।উন্নত আৰু বৰ্ন সস্কৰ গৰুৰ ক্ষেত্ৰত এই ৰোগ মাৰাত্ম হয়।গৰুৰ পাছতে মহ আৰু গাহৰিত বেৰ্ছিকৈ হোৱা দেখা যায়।প্ৰ্তি ৬ মাহৰ মূৰে মূৰে নিয়মিয়াকৈ প্ৰ্তিষেধক টিকা দিব লাগে।

গলফুলা বা খোৰা ভেকোলাজনিত ৰোগত কেতিয়াবা পথাৰতে গৰু-মহৰ মৃত্যু হয় আৰু দেখা যায় যে সাধাৰনতে গিৰিহতে এনেকৈ মৃত্যু হোৱা গৰু মহৰ বাবে কোনো সৎকাৰৰ ব্যৱস্থা পালম নকৰে।এইটো এটা অন্যায় ব্যৱস্থা,জীৱ-জন্তৰ বাবে আৰু জনজীৱনৰ বাবেও।মৃত গৰুৰ শৰীৰৰ পৰা বীজানুবোৰ পুনৰ বিস্তাৰিত হয়।বিশেষকৈ শিয়াল,কুকুৰ বা কাউৰী আদিয়ে এই বোৰৰ বীজানু বহু দূৰলৈ লৈ যাব পাৰে।এনেকৈ মৃত্যু হোৱা জীৱ-জন্তবোৰক পথাৰতে হলেও গাতঁ এটা খান্দি পুতি থলে কিছু হলেও ৰোগৰ বিস্তাৰ প্ৰ্তিৰোধ কৰিব পাৰি।বাৰিষা কালৰ আগে আগে এই বেমাৰৰ টিকা দিব লাগে।

বিভিন্ন পেলুৰ ভিতৰত চেপেটা কৃমিৰ অন্তৰ্গত যকৃত কৃমিৰ আক্ৰমনে গৰু- মহৰ বিস্তাৰ ক্ষতি কৰে।গৰু-মহৰ যকৃতত বাহ ললে এই যকৃত কৃমিয়ে কেৱল উৎপাদন প্ৰ্ক্ৰিয়াকেই বাধা নিদিয়ে।ইহতে জীৱ-জন্তৰ আয়ুসকনো কমাই আনে।গতিকে চিকিৎসকৰ পৰামৰ্শ লৈ সময়তে প্ৰয়োজনীয় পেলুৰ ঔষধ খুৱাব লাগে।

ওহাৰ ফুলা,পেটফুলা,পেটফুলা,বেবেচিয়েচিচ,জন্দিছ,চাহি পৰা বা ফাপৰ ধৰা আদি বিভিন্ন ধৰনৰ বেমাৰ গৰু-মহ বিলাকৰ হয়।উপযুক্ত সময়ত চিকিৎসা আগবঢ়োৱাটো নিতান্তই আৱশ্যক আৰু তেতিয়াহে ইয়াৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।

লিখক: ড: প্ৰদীপ কুমাৰ শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate