মূল পৃষ্ঠা / কৃষি / পশু পালন / উন্নত জাতৰ গৰু কেইবিধমান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত জাতৰ গৰু কেইবিধমান:

উন্নত জাতৰ গৰু কেইবিধমানৰ বিষয়ে লিখা হৈছে

 

হাৰিয়ানা:

 

হাৰিয়ানা প্ৰদেশৰ ৰোহটাক, হিচাৰ, গুৰগাঁও, কাৰ্নাল আৰু দিল্লীত পোৱা যায়। এই জাতৰ গাইবোৰ অধিক গাখীৰ দিয়ে আৰু বলদবোৰ হালবোৱা, গাড়ী টনা কামৰ বাবে ভাল। গাই বোৰে প্ৰতি পিয়নত ৯০০-১৩৫০ কিলোগ্ৰাম গাখীৰ দিয়ে। এজনী গাইয়ে প্ৰতি পিয়নত ৩৭৯০ কিলোগ্ৰাম গাখীৰ দিয়াৰ উদাহৰণ আছে।

ৰেড-সিন্ধ্ৰি:

 

পাকিস্থানৰ উত্তৰ আৰু উত্তৰ পশ্চিম জিলা হায়দৰাবাদত এই জাতৰ গৰুৰ বাসস্থান। প্ৰতি পিয়নত ৫৪৫৪ কিলোগ্ৰাম গাখীৰ দিয়ে। ভালকৈ লালন পালন কৰা এটা জাকৰ পৰা গড়ে প্ৰতি পিয়নত প্ৰতিজনী গাইৰ পৰা ১৭২৭ কিলোগ্ৰাম গাখীৰ পাব পাৰি। বলদবোৰ পথাৰৰ কামত আৰু পৰিবহনৰ কামত লগাব পাৰি। আকাৰত এইজাতৰ গৰু সৰু হোৱাৰ কাৰণে, সকলো জলবায়ুতে খাপ খাব পৰা কাৰণে সিন্ধ্ৰিজাতৰ গৰুক স্থানীয় উৎপাদনক্ষমহীন গো-ধনৰ উন্নয়নৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা দেখা যায়।

হলন্টেইন ফ্ৰিজিয়ান:

 

হলেণ্ড এইজাতৰ গৰুৰ বাসস্থান। এই জাতৰ গৰুৰ প্ৰতি পিয়নত(৩০৫ দিনত) গড় উৎপাদন ৬১২০ কিলোগ্ৰাম আৰু গাখীৰত মাংসসাৰ(FAT)ৰ পৰিমান হ’ল ৩.৬%।

জাৰ্চী:

 

বৃটিছ দ্বীপপুঞ্জৰ জাৰ্চী দ্বীপত এইজাত গৰুৰ বাসস্থান। এই জাতৰ গৰু অৰ্থনৈতিক দিশত অধিক লাভজনক। পূৰ্ণবয়স্ক এজনী গাইৰ ওজন প্ৰায় ৪৫০ কিলোগ্ৰাম হয়। প্ৰতি পিয়নত(প্ৰায় ৩০৫ দিনত) গাখীৰ উৎপাদন ৪০৫০ কিলোগ্ৰাম। গাখীৰত চৰ্বী(FAT)ৰ পৰিমাণ ৬.৩%।

অসমৰ বাবে উপযোগী জাত:

 

১)অসমৰ উৎপাদনক্ষমহীন গো-সম্পদ উন্নয়নৰ কাৰণে জাৰ্চী জাতৰ গৰুক গ্ৰহণ কৰা হৈছে।

২)৫০% জাৰ্চী আৰু ৫০% স্থানীয় বৰ্ণসংকৰ জাতৰ গৰু দুগ্ধ উৎপাদনৰ বাবে উপযোগী বুলি প্ৰমাণিত হৈছে।

৩)এইজাতৰ গৰু অসমৰ জলবায়ুত সহজে পালন কৰিব পাৰি। আৰু ইহঁত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন হয়।

৪)৫০%তকৈ অধিক জাৰ্চীগুণ সম্পন্ন হ’লে সিহঁতক অসমত পালনৰ উপযোগী নহয়।

অসমত পালন কৰা বৰ্ণসংকৰ জাৰ্চী গাইৰ গুণাবলী:

ক)দুগ্ধ উৎপাদন ক্ষমতা: প্ৰতি পিয়নত কমেও ১৫০০ কিলোগ্ৰাম গাখীৰ উৎপাদন।

খ)জন্মৰ সময়ত ওজন: ১৬.০ কিলোগ্ৰামৰ ওপৰ।

গ)পূৰ্ণ বয়সত ওজন: ২০০-২৫০ কিলোগ্ৰাম।

ঘ)প্ৰথম প্ৰজনন ক্ষমতা: ২০-২৪ মাহ বয়সত।

ঙ)প্ৰথম পোৱালী দিওতে বয়স: ৩০-৩৬ মাহ।

চ)পিয়ন এৰাৰ কাল: ২-৩ মাহ।

ছ)পোৱালী দিয়া সময়ত ব্যৱধান: ১২-১৩ মাহ।

জ)পিয়ন কাল: ১০ মাহ।

ঝ)প্ৰতিদিনে গাখীৰৰ পৰিমাণ: ৬ কিলোগ্ৰাম বা অধিক।

ঙ)উষ্ণতা সাহিষ্ণুতা: ভাল।

ট)ৰোগ প্ৰতিৰোধ ক্ষমতা: ভাল।

এজনী গাই পালনৰ অৰ্থনৈতিক লাভালাভ নিম্নোল্লেখিত বিষয় সমূহৰ ওপৰত নিৰ্ভৰ কৰে:

ক)জন্মৰ ওজন আৰু শাৰীৰিক বৃদ্ধিৰ হাৰ।

খ)প্ৰথম প্ৰজনন ক্ষমতা পোৱাৰ বয়স।

গ)প্ৰথম পোৱালী দিয়াৰ বয়স।

ঘ)গাখীৰৰ উৎপাদন।

ঙ)জীৱন কাল।

চ)ৰোগ প্ৰতিৰোধ ক্ষমতা।

ছ)গাখীৰ উৎপাদন কাল।

জ)মৃত্যুৰ হাৰ।

পূৰ্ণ বয়স্ক প্ৰাপ্ত আৰু প্ৰথম পোৱালি জন্ম:

প্ৰথম প্ৰজনন ক্ষমতা প্ৰকাশৰ তাৰিখ আৰু প্ৰথম পোৱালি জন্মৰ তাৰিখৰ পৰা গাইজনীৰ জন্মৰ তাৰিখ বাদদি গাইজনীৰ প্ৰজনন ক্ষমতা প্ৰাপ্ত পূৰ্ণ বয়স পোৱা যায়।

ক)ভালকৈ দানা পানী খুউৱা গাই সোনকালে পূৰ্ণ বয়স্ক হয় আৰু সোনকালে পোৱালি দিয়ে।

খ)যদি অতি সোনকালে পোৱালি দিয়ে চেউৰীজনী দুৰ্বল হয় আৰু গাখীৰৰ উৎপাদন কমি যাভ।

গ)দেৰিকৈ পূৰ্ণ বয়স্ক প্ৰাপ্ত গাইৰ পৰা পালক অৰ্থনৈতিক দিশত ক্ষতিগ্ৰস্ত হ’ব।

ঘ)বৰ্ণ-সংকৰ চেউৰীৰ পূৰ্ণ বয়স্ক হোৱাৰ বয়স ২০-২৪ মাহ হ’লে ভাল।

প্ৰতি পিয়নত গাখীৰৰ উৎপাদন:

ক)দুগ্ধ উৎপাদনৰ কাৰণে এজনী গাইৰ গুণ প্ৰতি পিয়নত গাখীৰৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে।

খ)অধিক গাখীৰ দিয়া গাইক দিনে তিনিবাৰ খীৰাব পাৰি।

গ)সাধাৰণতে তৃতীয় পিয়নত অধিক গাখীৰ উৎপাদন হয়। ইয়াৰ পিচত গাখীৰৰ উৎপাদন ক্ৰমে কমি থাকে। সেয়ে অৰ্থনৈতিক দিশৰ পৰা এজনী গাই ৭ বা ৮ পিয়নলৈ অৰ্থনৈতিকভাৱে লোকচান নোহোৱাকৈ পালন কৰিব পাৰি। যি হওক গুণৰ ওপৰত নিৰ্ভৰ কৰিহে গাই এজনী আতৰোৱা ভাল।

ঘ)জাৰ্চী গাইৰ পিয়নৰ ২৮-৪২ দিনৰ ভিতৰত দুগ্ধ উৎপাদন অধিক হয়। পিয়নৰ ১২০ দিনৰ পিচত ক্ৰমান্বয়ে গাখীৰ কমি আহে। পোৱালী দিয়াৰ ব্যৱধান ৩৬৫-৩৯৫ দিনৰ ভিতৰত ৰাখিবৰ কাৰণে গাইৰ পিয়ন কাল ৩০০ দিনতকৈ অধিক হ’ব নালাগে। অধিক উৎপাদনক্ষম গাইয়ে সাধাৰণ উৎপাদনক্ষম গাইৰ তুলনাত পিয়নৰ শেষৰফালে অধিক গাখীৰ উৎপাদন কৰে। এনেক্ষেত্ৰতো পিয়নৰ কাল ৩০০ দিনৰ ভিতৰত ৰাখি পালকৰ অৰ্থনৈতিক লাভৰ বাবে নিৰ্দিষ্ট ব্যৱধানত পোৱালি জন্ম দিয়াৰ ব্যৱস্থা কৰা ভাল।

ঙ)গাইক প্ৰয়োজনীয় পিয়ন এৰাৰ কাল দিলে পাচৰ পিয়ন বোৰত অধিক গাখীৰ দিয়ে।

পোৱালি জন্ম দিয়াৰ ব্যৱধান কাল:

 

যি গাইৰ পিয়ন এৰাৰ কাল প্ৰয়োজনীয়তাতকৈ কম বা বেছি তেনে গাইৰ পিচৰ পিয়ন বোৰত গাখীৰৰ উৎপাদন কমি আহে। প্ৰয়োজনীয় পিয়ন এৰাৰ কাল নিয়মিতভাৱে ৰখাৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ব্যৱস্থাবোৰ হ’ল-

ক)পিয়ন এৰাৰ কাল আৰম্ভ হোৱাৰ কিছুদিন আগৰে পৰা দানা আৰু পানীৰ পৰিমাণ কমাই আনিব লাগে।

খ)এদিন বাবে এদিন গাখীৰ খীৰাই আৰু হঠাতে খীৰোৱা বন্ধ কৰি দিব লাগে।

গ)যদি কেতিয়াবা ওহাৰখন গাখীৰেৰে ওফন্দি পৰে তেনেহ’লে পুনৰ খীৰাই পেলাব লাগে।

ঘ)যদি দিনে দুবাৰ খীৰাই তেনেহ’লে দিনে এবাৰ খীৰাই হঠাতে খীৰোৱা বন্ধ কৰি দিব লাগে।

ঙ)ওহাৰৰ বাট পশু চিকিৎসকৰ পৰামৰ্শক্ৰমে বন্ধ কৰি দিব পাৰে।

গাখীৰতি গাইৰ দৈহিক গঠন:

১)চাল মিহি গঢ় ধুনীয়াচ, অধিক মেদ মাংস নথকা।

২)মুৰৰ অংশ মিহি নিমজ, বৈ পৰা।

৩)ঘাৰ, অৰ্থাৎ ডিঙি আৰু দেহৰ জোৰা পৰিসফুট।

৪)আগফালৰ পৰা পিচফাললৈ বহল আকৃতিৰ শৰীৰ, ওহাৰ আগভাগলৈকে বহল আৰু আগঠেঙৰ ওপৰলৈকে ঠেক, সঙ্কোচিত বুকু আৰু ডাঙৰ পেট।

৫)তপিনা ডাঙৰ, সুগঠিত, কৰঙন খীন।

৬)প্ৰকট, ডাঙৰ অকোৱা পকোৱা বিস্তাৰিত দুগ্ধ শীৰা।

উন্নত চেউৰীৰ দৈনিক গঠন:

১)সুন্দৰ, সুগঢ়ি গভীৰ মেলাহী কামীহাড়, মিহি কান্ধ ওপৰ-ভাগ পোন, সুগঢ়ি কোনিয়া ঠেং।

২)মুৰ, ডিঙি মাইকীগঢ়ি সৱল।

৩)ওহাৰৰ বিষয়ে যদি সুস্পুষ্টকৈ ধৰিব নোৱাৰি, বাটৰ স্থান সঠিক হোৱা উচিত।

প্ৰজনন বৰ্ণনা:

 

বিজ্ঞান সন্মত পালনৰ ক্ষেত্ৰত প্ৰজনন বৰ্ণনা ৰখা অতি প্ৰয়োজনীয় কথা। এই ব্যৱস্থাৰে উন্নত জাতৰ গাই, ষাড় নিৰ্ব্বাচন কৰাৰ সুবিধাৰ উপৰি সিহঁতৰ উন্নয়নৰ ক্ৰমবিকাশৰ প্ৰতি চকু ৰখা সুবিধাজনক।

পশুধন ভাল বেয়া বাছনি:

 

পালকে অৰ্থনৈতিক দিশত লাভবান হ’বৰ কাৰণে ভাল। বেয়া গাই বাছনি কৰি উৎপাদনক্ষমহীনবোৰ আঁতৰাই পেলাব লাগে। নিম্নলিখিত যি কোনো লক্ষণ থাকিলে তেনে পশুধন আঁতৰাই পেলোৱা উচিত।

ক)জন্মত যদি প্ৰয়োজনীয় পৰিমানতকৈ বহু কম ওজন হয়।

খ)কম উৎপাদনক্ষম।

গ)বাৰে বাৰে প্ৰজনন কৰিবলগীয়া।

ঘ)১২-১৪ বছৰৰ অধিক বয়স হ’লে।

ঙ)বহুদিনীয়া ৰোগ থাকিলে, ৰোগ নিৰাময় নহ’লে।

চ)সংক্ৰামিত ব্যাধি থাকিলে।

ছ)দৈহিক আৰু সৰ্ব্বতোপ্ৰকাৰ বৰ্দ্ধন কম হ’লে।

জ)পিয়াহশিৰা বেমাৰ থাকিলে।

সফল দুগ্ধউৎপাদন পামৰ কাৰণে গৰুৰ গোহালি সজাৰ পৰিকল্পনা মূল কথা। গোহালি সাজোতে তলৰ কথাবোৰলৈ মন কৰা উচিত।

১)গোহালি চাপৰ ঠাইত সাজিব নালাগে। ওখ ঠাইত ভেটি ওখ কৰি গোহালি সাজিব লাগে।

২)গোহালি কম খৰচত সজা প্ৰয়োজন।

৩)মুকলি বতাহ, পোহৰ, ছাঁ আৰু পৰিস্কাৰ পানীৰ ব্যৱস্থা থকা প্ৰয়োজন।

৪)গোহালিত প্ৰখৰ ৰ’দ, বতাহ লাগিব নালাগে। গোহালি ঘৰটো উত্তৰা-দক্ষিণাকৈ সাজিব লাগে। গোহালি এনেকৈ সাজিব লাগে যাতে সূৰ্য্যৰ পোহৰ পোনপটীয়াকৈ মজিয়াত পানীৰ পাত্ৰ, নলা, ঘাঁহ দানাৰ পাত্ৰত পৰে।

৫)দুগ্ধ পাম এনে স্থাপন কৰিব লাগে য’ৰ পৰা গৰাকীয়ে সহজে উৎপাদিত গাখীৰ বিক্ৰী কৰিব পাৰে।

৬)গোহালিত বিজুলীৰ যোগান ধৰা উচিত।

৭)গৰম সেমেকা জলবায়ু প্ৰধান অঞ্চলত বন্ধ গোহালি প্ৰথাতকৈ মুকলি গোহালি প্ৰথা ভাল।

৮)গাঁৱৰ পৰিৱেশত গোহালিৰ চাল খেৰেৰে দিয়া ভাল। অন্য সামগ্ৰীৰে চালি দিয়াৰ কথা ভাবিলে টিনতকৈ, এচবেচ টচ দিয়া ভাল কাৰণ টিনপাত ৰ’দত বৰ গৰম হয়।

মুকলি প্ৰথা:

 

মুকলি প্ৰথাত গাখীৰ খীৰোৱা বা চিকিৎসাৰ সময়ৰ বাহিৰে পশুধন সমূহ মুকলিকৈ ৰখা হয়। এই প্ৰথা বৰ লাভজনক। ইয়াৰ প্ৰধান লাভ হ’ল-

১)গোহালি নিৰ্ম্মাণৰ খৰছ হ্ৰাস।

২)পিচলৈ বিশেষ পৰিবৰ্ত্তন নকৰাকৈ সম্প্ৰসাৰণ ব্যৱস্থাৰ সুবিধা।

৩)গাই প্ৰজনন ক্ষমতা প্ৰাপ্ত হোৱাৰ লক্ষণ সহজে ধৰিব পাৰি।

৪)পশুধনৰ যথেষ্ট ব্যায়াম হোৱাত সিহঁতৰ স্বাস্থ্য আৰু উৎপাদন ভালে থাকে।

৫)অধিক ভাল প্ৰতিপালন ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

৬)কষ্ট কমি যায়।

গোহালি মজিয়াৰ প্ৰয়োজনীয় কালি:

বৰ্ণসংকৰ গাই: থিয় হৈ থকাৰ বাবে (প্ৰতিজনীক): ৫*৪

দানাৰ পাত্ৰ (প্ৰতিজনীৰ বাবে):

বহল: ০.৬ মিঃ

দীঘল: ০.৬ মিঃ

গভীৰত্ব: ৩০ ছেঃমিঃ

পানীৰ পাত্ৰ (পৰিষ্কাৰ কৰিব পৰাকৈ হেলনীয়া কৰি):

বহল: ২৫-৩০ ছেঃমিঃ

গভীৰত্ব: ২.৫ ছেঃমিঃ

প্ৰতিটো সৰু পোৱালিৰ বাবে:

গড়ালৰ আকাৰ:

বেৰদিয়া= ১*১ মিটাৰ

মুকলি= ২*১ মিটাৰ

ডাঙৰ পোৱালিৰ বাবে গড়ালৰ আকাৰ:

বেৰদিয়া: ২*২ মিটাৰ

মুকলি= ২*২ মিটাৰ

দুগ্ধ উৎপাদন পামৰ বাবে বিস্তৃত অৰ্দ্ধনিবিড় আৰু নিবিড় এই তিনিটা প্ৰথা প্ৰচলিত হৈ আহিছে।

অৰ্দ্ধনিবিড় ব্যৱস্থা সাধাৰণতে গাঁও অঞ্চলত প্ৰচলিত। গাঁও অঞ্চলত চৰিবৰ কাৰণে দিনৰ ভাগত গৰুবোৰ এৰি দিয়া হয় আৰু গধূলি সিহঁতক বান্ধি ৰাখে। খীৰতী গাইক সামান্য পৰিমানৰ দানা দিলেই হয়।

সুসংগঠিত পামত যত উন্নত জাতৰ গাই পালন কৰা হয় তেনে পামত নিবিড় পালন পদ্ধতি গ্ৰহণ কৰা উচিত।

কৃত্ৰিম প্ৰজননৰ উচিত সময়:

প্ৰজনন সময়ৰ লক্ষণ দেখাৰ ১২ ঘন্টাৰ পাচত প্ৰজনন কৰা উচিত। যদি গাইজনীয়ে পুৱাৰ ভাগত প্ৰজননৰ লক্ষণ দেখুৱাই তেনেহ’লে সেইদিনাই আবেলি আৰু আবেলিৰ ভাগত এনে লক্ষণ দেখা পালে পিচদিনা পুৱাৰ ভাগতে গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱা উচিত। যদি গাইজনীৰ প্ৰজননৰ লক্ষণ সমূহ দেখুউৱাৰ সময় দীঘলীয়া হয় তেনেহ’লে কৃত্ৰিম প্ৰজনন কৰাৰ ১২ ঘন্টাৰ পিচত পুনৰ এবাৰ কৃত্ৰিম প্ৰজনন কৰাব পাৰে। বাৰে বাৰে কৃত্ৰিম প্ৰজনন কৰিবলগীয়া গাই বোৰকহে এনে প্ৰজনন কৰা উচিত।

গৰ্ভধাৰণ পৰীক্ষা:

গাই আৰু চেউৰীবোৰক সদায় গৰ্ভধাৰণ পৰীক্ষা কৰাৰ কাৰণে গুহ্যদ্বাৰেদি পৰীক্ষা কৰিব পাৰি। এই পৰীক্ষা কৰোৱাৰ বাবে ওচৰৰ পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

প্ৰসৱৰ পাছত কৃত্ৰিম প্ৰজনন:

পোৱালি জন্মৰ পিছত অতি কমেও ৬০ দিন বাদ দিহে দ্বিতীয় কৃত্ৰিম প্ৰজনন কৰাব লাগে। সাধাৰণতে ৯০ দিনৰ ভিতৰত কৰাব লাগে।

গাখীৰ খীৰোৱা পদ্ধতি:

১)গাখীৰ খিৰোৱাৰ আগতে গাইজনীক ভালকৈ গা-ধুৱাই ল’ব।

২)প্ৰতিদিনে একে সময়তে নিয়মিত ভাৱে খীৰাব।

৩)একে সময় ব্যৱধানত খীৰাব।

৪)খীৰোৱাৰ আগতে ওহাৰখন ভালকৈ ধুই সুকুৱাই ল’ব।

৫)দীঘলীয়া পাত্ৰত খীৰাব।

৬)অতি সোনকালে খৰকৈ সম্পূৰ্ণকৈ খীৰাব।

৭)এটা পিয়ন কালত ৩০৫ দিনৰ অধিক নিখীৰাব।

খীৰতি গাই আৰু গাভিনী গাই প্ৰতিপালন:

১)খীৰতি গাইক প্ৰচুৰ পৰিমানৰ কেঁচা ঘাঁহ যোগান ধৰা উচিত। এজনী পূৰ্ণবয়স্ক গাইক দিনে ৩৫-৪০ কিলোগ্ৰাম ঘাঁহৰ প্ৰয়োজন।

২)কেঁচা ঘাঁহৰ লগত ৩/৪ কিলো শুকান খেৰ দিব।

৩)কেঁচা ঘাঁহৰ অভাৱৰ দিনত(শুকান ধান খেৰত যদি ইউৰীয়া সংমিশ্ৰণ কৰিব পৰা নেযায়) শুকান ধান খেৰত গুৰ মিহলোৱা পানী ছটিয়াই সেমেকাই লৈ গৰুক দিব লাগে।

৪)প্ৰতি ২.১/২ লিটাৰ গাখীৰৰ বাবে এক কিলোগ্ৰাম সুষম দানা যোগান ধৰিব লাগে।

৫)পোৱালি জন্ম দিয়াৰ ২ মাহ নোহোৱালৈকে গাই প্ৰজনন নকৰাব।

৬)পোৱালি দিয়াৰ সময়লৈকে গাই নিখীৰাব। কমেও ৬০ দিনত পিয়ন এৰাব লাগে।

৭)গাভিনী পিয়ন এৰা গাইক ১ কিলো সুষম আহাৰ, কেচা ঘাঁহৰ লগত দিব।

গৰম দিনৰ প্ৰতিপালন:

১)পোনপটীয়া সূৰ্য্যৰ উত্তাপৰ পৰা পশুধনক আঁতৰত ৰাখিব।

২)প্ৰয়োজনীয় পৰিমানৰ পৰিষ্কাৰ পানী যোগান ধৰিব।

৩)খাদ্যৰ পাত্ৰ প্ৰয়োজনীয় আকাৰৰ দিব।

৪)ম’হ, মাখি, চিকৰা আঁতৰাই ৰাখিব।

৫)স্থান অনুসৰি অধিক সংখ্যাৰ পশুধন নেৰাখিব।

৬)পশুধনক মুকলি মূৰীয়াকৈ ঘূৰা-ফুৰাৰ সুবিধা কৰা উচিত।

গাভিনী গাইৰ প্ৰতিপালন:

গাভিনী গাইৰ লালন-পালনৰ ক্ষেত্ৰত সকলো দিশৰ পৰাই বিশেষ ধৰণে যত্নপৰ হোৱা উচিত। এই ক্ষেত্ৰত তলৰ কথাবোৰলৈ চকু দিয়া উচিত।

১)গাইজনীক কৃত্ৰিম প্ৰজনন কৰাৰ ৬০ দিন পিচতহে গৰ্ভধাৰণৰ পৰীক্ষা কৰা উচিত।

২)৬ মাহৰ পিচৰ পৰা গাইজনীক সাধাৰণ দানাৰ বাহিৰেও ২ কিলোগ্ৰামকৈ সুষম আহাৰ আৰু উন্নতজাতৰ কেঁচা ঘাঁহ প্ৰচুৰ পৰিমাণে দিয়া উচিত।

৩)গাভিনী অৱস্থাৰ শেষ পৰ্যায়ত গাইজনীৰ ওপৰত বিশেষ ধৰনে চকু দিবৰ বাবে পোৱালি দিয়া স্থানলৈ স্থানান্তৰ কৰিব লাগে।

৪)গোহালিৰ মজিয়া পিচল হ’লে সেইবোৰ পৰিষ্কাৰ কৰি পেলাব লাগে। পিছল মজিজাৰ কাৰণে গাইজনী পৰি নানা অঘটন ঘটিব পাৰে।

৫)পোৱতী গাই ৰখা মজিয়া সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কীটনাশক দৰব ছটিয়াই বীজানুমুক্ত কৰি ৰাখিব লাগে।

পোৱালি দিয়াৰ সময়ত আৰু পাচত ল’ব লগা ব্যৱস্থা:

১)পোৱালি দিয়াৰ কালত গাইজনীক আমনি নিদিব। পোৱালি দিয়াত অসুবিধা হ’লে পশু-চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

২)জালখন পুতি পেলাব।

৩)গাইজনীক জালখন খাবলৈ নিদিব। ১২ ঘন্টাৰ ভিতৰত জল নসৰিলে পশু-চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

৪)ওহাৰ খন আৰু গাইজনীৰ দেহৰ পিচৰ অংশ পটাছ পানীৰে ধুই পৰিষ্কাৰ কৰি পেলাব লাগে।

৫)পোৱালিৰ জন্মৰ তাৰিখ, সময় লিপিবদ্ধ কৰি ৰাখিব।

জন্মতে পোৱালিৰ প্ৰতিপালন:

১)পোৱালি জন্ম হোৱাৰ পিচতেই পোৱালিটোৰ মুখ, নাকত থকা বীজলুৱা পদাৰ্থ পৰিষ্কাৰ কৰি পেলাব। এখন পৰিষ্কাৰ কাপোৰেৰে গোটেই শৰীৰ পৰিষ্কাৰ কৰি পেলোৱাৰ পিচত পোৱালিটো মাকৰ ওচৰত চেলেকিবলৈ দিব।

২)জন্মৰ পাচত যদি পোৱালিটোৱে উশাহ লোৱা দেখা নেযায় তেনেহ’লে পিচঠেং দুখনত ধৰি মুৰটো তললৈ ওলোমাই জোকাৰি দিব তেতিয়াও উশাহ লোৱা পৰিলক্ষিত নহ’লে নাকৰ ফুটাত আপোনাৰ মুখেৰে ফুৱাই দিব।

৩)নাকৰ নলী ট্ৰিনচাৰ আইদিন, ডেটল পানীৰে মোহাৰি দিব।

৪)গাইজনীৰ ওহাৰ শতকৰা ০.০১ ভাগ পটাছ ডেটল পানীৰে ভালকৈ ধুই পেলাব।

৫)পোৱালিটো জন্ম হোৱাৰ ১/২ ঘন্টাৰ পিছত মাকৰ গাখীৰ খাবলৈ দিব। পোৱালিটোৱে যাতে খুব কম বা বেছি গাখীৰ নেখায় তালৈ চকু দিব।

৬)প্ৰথম ৫ দিন অতি সঘনাই গাখীৰ খাবলৈ দিব। লক্ষ্য ৰখা উচিত যাতে পোৱালিটোৱে তাৰ দেহৰ ওজনৰ ১/১০ ভাগ পৰিমানৰ গাখীৰ খাবলৈ পায়।

৭)পোৱালিটোৱে প্ৰথম গাখীৰ খোৱা ২ ঘন্টাৰ ভিতৰত মল ত্যাগ কৰে। যদি মলত্যাগ কৰা দেখা নেযায় আধাচামুচ চডিয়াম বাইকাৰ্বনেট ১ লিটাৰ কুহুমীয়া পানীৰ লগত মিহলাই জুলাপ দিব লাগে।

৮)প্ৰতি ১৫ দিনত মাহেকত পোৱালিটোৰ ওজন লিপিবদ্ধ কৰি ৰখা উচিত।

৯)পোৱালিটোৰ স্বাস্থ্য ৰক্ষা আৰু দৈহিক বাঢ়নৰ কাৰণে নিয়মীয়া পেলুৰ দৰব খুৱাব লাগে।

১০)শিং গজাৰ লগে লগে কচটিক পটাছেৰে মাৰি পেলাব লাগে।

১১)ৰোগ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবৰ কাৰনে পোৱালি গড়ালত ৰাখি প্ৰতি পালন কৰা উচিত।

পোৱালিটো জন্ম দিয়াৰ পিচতে যদি মাকৰ মৃত্যু হয় তেনেহ’

লে ২৭৫ মিঃলিঃ গৰম পানীত কণী এটা ভাঙি ১/২ চামুচ কেষ্টৰ অইল, ভিটামিন “এ”ৰ ১০,০০০ আই. ইউ। ৫২৫ মিঃলিঃ গৰম পানী আৰু ৫০ মিঃ গ্ৰাম অৰিয় মাইচিন ভালকৈ মিহলাই ৩৭° ছেন্টিগ্ৰেড উত্তাপ ৰাখি দিনটোত ৩ বাৰ ৩ দিনলৈ খুৱাব।

সৰু পোৱালিৰ খাদ্য:

ক)

উপকৰণ

ভাগ

মাকৈ

৫০ ভাগ

বাদামৰ খলিহৈ

৩০ ভাগ

মাছৰ গুড়ি

১০ ভাগ

ঘেহুৰ গুড়ি

৮ ভাগ

মিনাৰেল মিক্সাৰ

২ ভাগ

মুঠ

১০০ ভাগ

প্ৰতি ১০০ কিলোগ্ৰাম খাদ্যত:

 

উপকৰণ

ভাগ

ভিটামিন এবি২ ডি৩

২০ গ্ৰাম

নিমখ

৫০০ গ্ৰাম

টিএম ৫

৪০০ মিঃগ্ৰাঃ

 

খ)

উপকৰণ

ভাগ

মাকৈৰ গুড়ি

৫০ ভাগ

তিলৰ খলিহৈ

৩৩ ভাগ

মাছৰ গুড়ি

১০ ভাগ

ঘেহুৰ গুড়ি

৫ ভাগ

মিনাৰেল মিক্সাৰ

২ ভাগ

মুঠ

১০০ ভাগ

 

 

বাঢ়নীয়া(ডেকেৰুৱা) পোৱালিৰ খাদ্য:

ক)

উপকৰণ

ভাগ

মাকৈৰ গুড়ি

৪২ ভাগ

বাদামৰ খলিহৈ

৩৫ ভাগ

ঘেহুৰ গুড়ি

২০ ভাগ

মিনাৰেল মিক্সাৰ

২ ভাগ

নিমখ

১ ভাগ

মুঠ

১০০ ভাগ

 

খ)

উপকৰণ

ভাগ

মাকৈৰ গুড়ি

৩০ ভাগ

বাদমৰ খলিহৈ, তিলৰ খলিহৈ

২৫ ভাগ

ঘেহুৰ গুড়ি

২০ ভাগ

চাউলৰ মল

১৭ ভাগ

মিনাৰেল মিক্সাৰ

২ ভাগ

নিমখ

১ ভাগ

মুঠ

১০০ ভাগ

 

গ)

উপকৰণ

ভাগ

ঘেহুৰ গুড়ি

৪৭ ভাগ

চাউলৰ মল

৩০ ভাগ

বাদমৰ খলিহৈ

২০ ভাগ

মিনাৰেল মিক্সাৰ

২ ভাগ

নিমখ

১ ভাগ

মুঠ

১০০ ভাগ

 

পোৱালিৰ স্বাস্থ্যৰক্ষা ব্যৱস্থা:

জন্ম হোৱা পিচৰে পৰা পোৱালিৰ স্বাস্থ্য ৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেনে ব্যৱস্থাৰ এটি চমু বিৱৰণ দিয়া হ’ল।

পোৱালিৰ বয়স

প্ৰতিৰোধ কৰিব লগা ৰোগ

১ দিনীয়া পোৱালি

পুষ্টিহীনতা,

নাভিৰ ৰোগ।

২-৩ দিনীয়া পোৱালি

কুকুৰি কণা।

৪ দিনীয়া পোৱালি

পোৱালিৰ পেটচলা।

৭ দিনীয়া পোৱালি

ঘূৰণীয়া পেলু।

৮-১১ দিনীয়া পোৱালি

ককচিডিয়চিচ(এককোষী পৰজীৱি)

৩ মহীয়া পোৱালি

পৰজীৱি যেনে- চিকৰা, পেলু, ইত্যাদি আন্ট্ৰিক ৰোগ।

 

ইয়াৰোপৰি পোৱালি আৰু গাইক পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি বিভিন্ন মহামাৰীৰ যেনে খুৰাফটা, হেন্দোলনি, গো-বসন্ত, গাঠিয়া আদিৰ নিয়মিতভাৱে নিৰ্দ্দিষ্ট সময়ত টিকা দিয়া প্ৰয়োজন। এনেবোৰ ৰোগৰ টিকা বিভাগৰ পৰা বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা আছে।

উৎস: অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ তথ্য আৰু প্ৰদৰ্শনী শাখা।

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top