মূল পৃষ্ঠা / কৃষি / পশু পালন / কুকুৰাৰ মল এবিধ উত্তম সাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুকুৰাৰ মল এবিধ উত্তম সাৰ

কুকুৰাৰ মল এবিধ উত্তম সাৰৰ বিষয়ে লিখা হৈছে ।

 

কুকুৰাৰ মলত যথেষ্ট পৰিমাণে নাইট্ৰ’জেন, ফছফৰাছ আৰু অন্যান্য জৈৱিক উপাদান থাকে । সেইকাৰণে কৃষিকাৰ্যৰ বাবে ইয়াক এবিধ উত্তম সাৰ হিচাপে বিবেচনা কৰা হয় । কেৱল সেয়ে নহয় এই মলসমূহক শেহতীয়াভাৱে গৰুৰ দৰে চৰ্তুজঠৰীয়া প্ৰাণীৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পৰা হৈছে । পুখুৰীত মাছ পুহিলে কুকুৰাৰ মলে মাছৰ প্ৰয়োজনীয় খাদ্যৰ অধিকাংশ যোগান ধৰে । ফলত কুকুৰাৰ দানাক দুবাৰ ব্যৱহাৰ কৰিব পাৰি- এবাৰ কুকুৰাৰ খাদ্য দিচাপে আৰু দ্বিতীয়বাৰ মাছৰ খাদ্য আৰু গোখাদ্য হিচাপে । সেই দিশৰ পৰা কুকুৰাই খোৱা খাস্যসমূহৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ হয় । আনহাতে জৈৱিক গেছ উৎপাদনৰ বাবেও কুকুৰাৰ মল ব্যৱহাৰ কৰিব পাৰি ।

উৎস :- অসমীয়া খবৰ

3.8
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top