মূল পৃষ্ঠা / কৃষি / পশু পালন / কুকুৰাৰ লিটাৰ ভাল কৰি ৰখাৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুকুৰাৰ লিটাৰ ভাল কৰি ৰখাৰ উপায়

কুকুৰাৰ লিটাৰ ভাল কৰি ৰখাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

মজিয়াত পালন কৰা পদ্ধতিত তুঁহ বা কাঠৰ গুড়ি লিটাৰ হিচাপে ব্যৱহাৰ কৰা হয় । মজিয়াৰ এই লিটাৰে কুকুৰা পোৱালি শৰীৰ গৰম কৰি ৰখাৰ লগতে সিহঁতৰ শৌচৰ লগত বাহিৰ হৈ অহা জলীয় অংশ শুহি লয় । তাৰ বাহিৰেও লিটাৰত উৎপন্ন হোৱা ভিটামিন কুকুৰাৰ শৰীৰৰ পক্ষে উপকাৰী । তুঁহ আৰু কাঠৰ গুড়িৰে লিটাৰ তৈয়াৰ কৰা বেছি ভাল । ব্ৰুডিঙৰ সময়ত লিটাৰৰ উচ্চতা ডেৰ ইঞ্চি বা দুই ইঞ্চিৰ বেছি কৰিব নালাগে । তুঁহ অথবা কাঠৰ গুড়িৰ পৰিমাণ বেছি হ’লে লিটাৰখিনি ভিজি যোৱাৰ সম্ভাৱনা থাকে । তাৰ ফলত মাখিৰ বংশ বৃদ্ধি হয় আৰু ‘ককছিডিয়’ছিছ’ ৰোগত আক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে । প্ৰয়োজন অনুযায়ী মাজে মাজে লিটাৰৰ বেয়া অংশ আঁতৰাই নতুন লিটাৰ মিহলাই দিব লাগে । লিটাৰ হিচাপে প্ৰথমে ব্যৱহাৰ কৰাৰ আগতে তুঁহ অথবা কাঠৰ গুড়িখিনি ৩-৪ দিন ভালদৰে ৰ’দত শুকাই লৈ তাৰ পাছত ব্যৱহাৰ কৰা উচিত । কুকুৰা পালকে চকু ৰাখিব লাগে যাতে ভিজা লিটাৰ কেতিয়াও ব্যৱহাৰ নকৰে । লিটাৰৰ ৰক্ষণাবেক্ষণৰ ভুলৰ বাবে তলত দিয়া অসুবিধাবোৰ কুকুৰা পামত দেখা দিয়ে ।

  • লিটাৰৰ পৰিমাণ যদি কম হয়, তেতিয়াহ’লে লিটাৰ সোনকালে ভিজি যাব । তেতিয়া পোৱালিৰ ভৰিৰ তলত এবিধ ৰোগ দেখা যাব ।
  • টান আৰু খহতা লিটাৰ বা লিটাৰৰ লগত লোজাতীয় টুকুৰা আদি থাকিলে কুকুৰাজাকৰ আঘাতজনিত সমস্যা অথবা কিবা ৰোগ দেখা যাব পাৰে ।
  • লিটাৰত যদি জলীয় অংশ ২৯ ভাগৰ বেছি থাকে, তেতিয়া এমোনিয়া গেছ উৎপত্তি হয় । যদি এই গেছ ৩০ পি পি এম এৰ বেছি হয় তেতিয়াহ’লে কুকুৰাজাকৰ চকু জ্বলা-পুৰা কৰিব আৰু ক’ৰাইজা, চি আৰ ডি, ৰাণীখেট আদি ৰোগ হ’ব পাৰে ।
  • লিটাৰ যদি ভিজি থাকে, তেতিয়াহ’লে ককছিডিয়’ছিছ আৰু কৃমিজাতীয় ৰোগৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হ’ব পাৰে ।
  • যদি লিটাৰ বৰ বেছি শুকান হয় তেতিয়াও কুকুৰাজাক ৰোগাকান্ত হ’ব পাৰে ।
  • লিটাৰ এবাৰ ব্যৱহাৰ কৰা পাছত তাক পুনৰ ব্যৱহাৰ কৰিব নালাগে ।

লিটাৰ ভাল কৰি ৰখাৰ উপায় -

  • কুকুৰাৰ ঘৰৰ ভিতৰত বতাহ ভালদৰে চলাচল কৰিব পাৰে নে নাই তাক চকু দিব লাগে । বতাহ চলাচলত যদি কিবা বাধা পায় তাক দূৰ কৰিব লাগে । বতাহ ভালদৰে চলাচল কৰিব নোৱাৰিলে লিটাৰৰ জলীয় অংশ শুকাব নোৱাৰে । ফলত লিটাৰখিনি সেমেকি থাকে ।
  • লিটাৰ ৩-৪ দিন ৰ’দত শুকাই তাৰ পাছত ব্যৱহাৰ কৰিব লাগে ।
  • কুকুৰাৰ ঘৰৰ ভিতৰত কোনোধৰণৰ পানী যাতে সোমাব নোৱাৰে তাৰ বাবে সাৱধান হোৱা উচিত ।
  • লিটাৰ ভিজি গৈ এম’নিয়া গেছ উৎপন্ন হয় । লিটাৰ ভিজি গ’লে প্ৰতি ১০০ বৰ্গফুট ঠাইত ১-২ কিলোগ্ৰাম গুড়ি চূণ ছটিয়াই লিটাৰখিনি তল-ওপৰ কৰি দিব লাগে । ভিজা তথা গোট মৰা লিটাৰখিনি আঁতৰাই প্ৰয়োজন মতে নতুন লিটাৰ মিহলাই দিব লাগে ।
  • কুকুৰাৰ সংখ্যা অনুযায়ী যদি ঠাইৰ পৰিমাণ কম হয় তেতিয়াও লিটাৰ সোনকালে ভিজি উঠে । সেইকাৰণে মজিয়াৰ পৰিসৰ অনুযায়ী কুকুৰাৰৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে ।
  • লিটাৰত দানা পৰি জমা হৈ থাকিব দিব নালাগে ।
  • সপ্তাহত ২-৩ বাৰ লিটাৰখিনি ওলট- পালট কৰিব লাগে । বাৰিষাকালত অৰ্থাৎ বৰষুণৰ বতৰত এই কাম সদায় কৰিব লাগে ।
  • লিটাৰৰ আৰ্দ্ৰতা পোৱালিৰ ক্ষেত্ৰত ২০ শতাংশ আৰু ডাঙৰ কুকুৰাৰ ক্ষেত্ৰত ২৫ শতাংশ থকা উচিত । লিটাৰ বেছি শুকান, ভিজা অথবা সঠিকভাৱে আছে নে নাই তাক বুজিবলৈ হ’লে এটা কাম কৰিব পাৰে- এমুঠি লিটাৰ হাতত মুঠি মাৰি ধৰি মুঠিটো খুলি দিব । যদি মুঠিৰ লিটাৰখিনি গোট মাৰি নাযায়, তেন্তে বুজিব পাৰি যে লিটাৰখিনি সঠিকভাৱেই আছে ।

উৎস :- অসমীয়া খবৰ

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top