অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃত্ৰিম প্ৰজনন আৰু গো-পালনঃ

 

কৃত্ৰিম প্ৰজনন হৈছে এক আধুনিক বৈজ্ঞানিক পদ্ধতি। উন্নতজাতৰ ষাঁড়ৰ বীৰ্য কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পাল খোৱাৰ সময়ত গাইৰ জৰায়ুত নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱাকে কৃত্ৰিম প্ৰজনন বোলে। দিনে ১-২ লিটাৰ গাখীৰ দিয়া গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱাই অধিক উৎপাদনক্ষম চেউৰীৰ গৰাকী হ’ব পাৰি।

কৃত্ৰিম প্ৰজনন প্ৰথাৰ লাভঃ

  • কৃত্ৰিম প্ৰজনন প্ৰথাৰে জন্ম লাভ কৰা চেউৰীয়ে ৫-৬ লিটাৰ গাখীৰ দিব পাৰে।
  • দমৰাবাৰ অধিক শক্তিশালী হয়।
  • দিনে ১-২ লিটাৰ গাখীৰ দিয়া গাইৰ কাৰণে কৰা খৰচতে কৃত্ৰিম প্ৰজনন জাত গাইৰ পৰা অধিক উৎপাদন পাব পাৰি।
  • জন্মৰ লগত জড়িত বহু পশুৰোগ নিয়ন্ত্ৰিত হয়।
  • চেউৰী গাই কম সময়ৰ ভিতৰতে প্ৰজননক্ষম হয় আৰু গৰ্ভধাৰণৰ ক্ষমতা লাভ কৰে।
  • খৰচৰ তুলনাত আয়ৰ পৰিমাণ বৃদ্ধি হয়।
  • কৃত্ৰিম প্ৰজনন প্ৰথাত উন্নতজাতৰ ষাঁড়ৰ শুক্ৰ ব্যৱহাৰ কৰা হয়।

কৃত্ৰিম প্ৰজনন কৰা সময়ঃ

তলত উল্লেখ কৰা লক্ষণবোৰ গাই বা চেউৰীজনীৰ দেহত দেখিলে ২৪ ঘণ্টাৰ ভিতৰতে কৃত্ৰিম প্ৰজনন কৰাৰ ব্যৱস্থা কৰা উচিত।

  • গাইজনীয়ে অনবৰতে হেম্বেলিয়াই থাকে। কিছুসংখ্যক গাই বা চেউৰীয়ে অৱশ্যে হেম্বেলিয়াই নাথাকে।
  • গোহালি ঘৰৰ পৰা বাহিৰলৈ যাবলৈ উত্ৰাৱল হয় বা গোহালিৰ আন গৰুৰ ওপৰত জঁপিয়ায়।
  • ঘাঁহ-দানা আদি খোৱাৰ আগ্ৰহ কমি যায়।
  • খীৰতী গাই হ’লে গাখীৰ কিছু কমি যায়।
  • ঘনাই কমকৈ প্ৰস্ৰাৱ কৰে আৰু যোনিদ্বাৰেদি তৰল বীজলুৱা পদাৰ্থ বৈ থাকে।

মনত ৰাখিবঃ কৃত্ৰিম প্ৰজনন সফল নহ’লে পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

গো-পালনৰ ক্ষেত্ৰত অসমৰ বাবে উপযোগী জাতঃ

  • অসমৰ উৎপাদনক্ষমহীন গো-সম্পদ উন্নয়নৰ কাৰণে জাৰ্চী জাতৰ গৰুক গ্ৰহণ কৰা হৈছে।
  • ৫০ শতাংশ জাৰ্চী আৰু ৫০ শতাংশ স্থানীয় গুণ থকা বৰ্ণসংকৰ জাতৰ গৰু দুগ্ধ উৎপাদনৰ বাবে উপযোগী বুলি প্ৰমাণিত হৈছে।
  • এই জাতৰ গৰু অসমৰ জলবায়ুত সহজে পালন কৰিব পাৰি আৰু ইহঁত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন হয়।
  • ৬২ শতাংশতকৈ অধিক জাৰ্চী গুণসম্পন্ন হ’লে সিঁহতক অসমত পালনৰ উপযোগী নহয়।

(উৎসঃ অসমীয়া খবৰ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পুস্তিকাৰ পৰা উদ্ধৃত)।

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate