মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুৰ গলফুলা ৰোগ(Haemorrhagic Septicaemia):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুৰ গলফুলা ৰোগ(Haemorrhagic Septicaemia):

গৰু,ম’হ,উট,ভেড়া,ছাগলী,গাহৰি,ঘোঁৰা আদি জীৱ জন্তু আক্ৰান্ত হোৱা বেমাৰৰ বিষয়ে আলোচনা

গলফুলা ৰোগ কি?-

 

“গলফুলা ৰোগ” পেচটুৰেল্লা মাল্ট’চিদা নামৰ বীজানুৰ(bacteria)দ্বাৰা হোৱা এবিধ অতি মাৰাত্মক ৰোগ।এই বেমাৰত সাধাৰণৰে গৰু,ম’হ,উট,ভেড়া,ছাগলী,গাহৰি,ঘোঁৰা আদি জীৱ জন্তু আক্ৰান্ত হোৱা দেখা যায়।

লক্ষণ সমূহ:-

 

অতিপাত জ্বৰ(106°-107°)ফা: পৰ্যন্ত)মুখেৰে লালটি,ফেন আদি বেছিকৈ ওলায়,উশাহ-নিশাহ লওঁতে অতি কষ্ট পায় আৰু মুখেৰে বা গলেৰে ঘনাই ঘনাই শব্দ হয় আৰু চিকিৎসা নকৰিলে 12-24 ঘন্টাৰ ভিতৰত মৃত্যু মুখত পৰে।

প্ৰ্তিশোধক চিটাৰ পৰিমাণ:-

 

এই ৰোগৰ প্ৰশেধক হিচাপে এইচ।এচ চিটা প্ৰত্যেক জন্তুকে ছালৰ তলত 2 মি.লি. কৈ দিব লাগে।ডাঙৰ গৰু,ম’হ,ভেড়া,ছাগলীক 3 মি.লি. কৈ আন্ত:পেশীয় ভাৱে দিব পাৰি।চিটা দিয়াৰ পিচত ঠাইখিনি মালিচ কৰি দিব লাগে।

প্ৰতিৰোধ ক্ষমতা:-

 

চিটা দিয়াৰ 21 দিনৰ ভিতৰত ৰোগ প্ৰতিৰোধ ক্ষমতা আয়ত্ব কৰে আৰু প্ৰায় 6 মাহলৈ এই ক্ষমতা থাকে।

পাৰ্শ্বক্ৰিয়া:-চিটা দিয়াৰ পিচত ঠাইখিনি সামান্য ফুলি উঠিব পাৰে আৰু অলপ জ্বৰ উঠিব পাৰে।তাৰ বাহিৰে কোনো পাৰ্শ্বক্ৰিয়া নাই।

লব লগা সাৱধানতা:-

 

1)চিটা দিয়াৰ আগতে বটলটো অলপ জোকাৰি লব লাগে।

2)চিটা দিয়াৰ পিচত 2-3 দিন মানলৈ জীৱ-জন্তুবোৰক দূৰলৈ যাব নিব নালাগে।

চিটা ক’ত পায়:-প্ৰত্যেক পশু-চিকিৎসালয় বা পশু-স্বাস্থ্য উপকেন্দ্ৰ সমূহত এই ৰোগৰ চিটা বিনামূলীয়াকৈ যোগান ধৰা হয়।

উৎস:অসম পশুপালন ও পশু-চিকিৎসা বিভাগ,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ "এচকাড" আচনিৰ অধীনত প্ৰকাশিত আৰু প্ৰচাৰিত

3.04
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top