অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু পোৱালিৰ প্ৰতিপালন :

কিছু জানিবলগীয়া কথা -

এখন গো-পামৰ উন্নতি নিৰ্ভৰ কৰে পোৱালিবিলাকৰ স্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ ওপৰত। এটা হৃদ-পুষ্ট নিৰোগী পোৱালিয়েই ভৱিষ্যতে এজনী অধিক উৎপাদনক্ষম গাই বা বলধ হ’ব পাৰে। গতিকে এজনী ভাল গাখীৰতী গাই পাবলৈ বা এটা সুস্থ-সবল বলদ পাবলৈ জন্মৰ পাছৰ পৰাই বিশেষ যত্নৰ আৱশ্যক হয়। কিন্তু আমাৰ গো-পালকসকলৰ পোৱালি প্ৰতিপালনৰ সম্যক জ্ঞান নথকা হেতু পোৱালি জন্ম হোৱাৰ কিছু দিনৰ পাছতে মৃত্যুমুখত পৰা দেখা যায়। গতিকে আমাৰ গো পালকসকলে জন্মৰ পাছৰ পৰাই পোৱালি বিলাকক যেনেদৰে প্ৰতিপালন কৰিব লাগে, তাক জনাটো অতি প্ৰয়োজন। জন্মৰ পাছতে পোৱালিটোৰ শৰীৰত লাগি থকা আৰু মুখ আৰু নাকত লাগি থকা বীজলুৱা পদাৰ্থখিনি এখন পৰিষ্কাৰ কাপোৰে নাইবা কপাহেৰে উলিয়াই পেলাব লাগে। শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পোৱা যেন দেখিলে ততালিকে কৃত্ৰিম প্ৰণালীৰে বুকুৰ দুয়োফালে হেঁচা দি নতুবা পোৱালিটোৰ মুখত নিজৰ মুখ লগাই ফু দি কৃত্ৰিমভাৱে শ্বাস- প্ৰশ্বাস দিব পাৰি। পিছৰ দুয়োটা ভৰি ওপৰলৈ দাঙি ধৰি মুৰটো তললৈ কৰি জোকাৰি দিব লাগে। পোৱালিটোৰ সমগ্ৰ শৰীৰ পৰিষ্কাৰ কাপোৰেৰে ভালদৰে মচি পেলাব লাগে। পৰাপক্ষত মাকৰ ওচৰলৈ আনি চেলেকিবলৈ দিব লাগে। অতিপাত ঠাণ্ডা পৰিলে জুইৰ উত্তাপ দিয়া ভাল। পোৱালিটোৰ নাড়ীডাল শৰীৰৰ পৰা ২-৩ চেণ্টিমিটাৰ তলত সুতাৰে বান্ধি গাঁঠিৰ তলত এখন পৰিষ্কাৰ কেচিৰে কাটি টকা অংশত টিনচাৰ আয়ডিন বা ডেটল আদি লগাই দিব লাগে। জন্মৰ প্ৰায় আধা ঘণ্টাৰ পাছতে পোৱালিটোক মাকৰ ফেঁহু খাবলৈ দিব লাগে। পোৱালিটোক ওজনৰ দহ ভাগৰ এক অংশ ফেঁহু খাবলৈ দিব লাগে। ফেঁহুত যথেষ্ট পৰিমাণে প্ৰটিন, ভিটামিন, মিনাৰেল থকাৰ উপৰি গ্ল’বুলিন নামৰ এবিধ ৰোগ প্ৰতিৰোধ ক্ষমতা থকা এণ্টিবডি থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি পোৱালিটোক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু শ্ৰীবৃদ্ধিত সহায় কৰে। পোৱালিটোৱে প্ৰায় ৪৮ ঘণ্টা মানলৈকে মাকৰ ফেঁহু খাবলৈ পাব লাগে।

স্বাস্থ্য সম্বন্ধীয় ব্যৱস্থা -

জন্মৰ এসপ্তাহৰ পাছতে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পেলুৰ ঔষধ খুবাব লাগে। এসপ্তাহ বয়সতেই পোৱালিটো বিভিন্ন ধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। কিছুমান পেলু মাকৰ গৰ্ভত থাকোঁতে, মাকৰ পৰাই সংক্ৰমিত হ’ব পাৰে। সেয়েহে নিয়মীয়াকৈ মাহেকত এবাৰ পোৱালিটোক পেলুৰ ঔষধ খুওৱাটো অতি প্ৰয়োজন। পেলুৰ দ্বাৰা আক্ৰান্ত হ’লে পেলুৱে পোৱালিটোৰ শৰীৰৰ বহুতো লাগতিয়াল পদাৰ্থৰ উপৰি তেজ শুহি খাই পোৱালিটো নিশকতীয়া কৰি তোলে। নোম ভোবোৰা পৰে আৰু পেটটো মাটিৰ কলহৰ আকৃতি লয়। শৌচ কেতিয়াবা অতি ঢিলা বা ছাগলীৰ পায় খানাৰ দৰে কঁচা হয়। বজাৰত আজিকালি বহুতো উন্নত পেলুৰ ঔষধ যেনে- ALBOMER, WORMER, END, FENTUS PLUS, OXZOL আদি ঔষধ কিনিবলৈ পোৱা যায়। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এনে ঔষধ প্ৰয়োগ কৰিব লাগে। পোৱালিবিলাকৰ বয়স হ’লে যকৃৎ, কৃমি, ফিটাপেলু, পাৰামফিচট’মাম আদি নানাধৰণৰ পেলুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী গোবৰ পৰীক্ষা কৰোৱাই, পেলুৰ নিৰ্দিষ্ট প্ৰজাতি চিনাক্ত কৰি সেইমতে ঔষধ প্ৰয়োগ কৰিলে বেছি সুফল পাব পাৰি। পোৱালি অৱস্থাত বিভিন্ন ৰোগে দেখা দি বা বিভিন্ন ধৰণৰ বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ অকালতে মৃত্যুমুখত পৰিব পাৰে। পোৱালি অৱস্থাত দেখা দিয়া এনে বীজাণুজনিত ৰোগসমুহৰ ভিতৰত কাফ স্কৰ, কাফ ডিপথেৰীয়া, জইণ্ট হ’ল বা নেডেল হ’ল, কাফ নিউমোনীয়া, কাফ কক্সিডিয়’ছিছ আদিয়েই প্ৰধান, বীজাণুজনিত এনেবোৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ পোৱালিবোৰে অকালতে মৃত্যুবৰণ কৰা দেখা যায়। পোৱালি অৱস্থাত পুষ্টিহীনতাত ভুগি বিশেষকৈ খাদ্যপ্ৰাণ ‘ক’ বা ভিটামিন ‘এ’ ৰ অভাৱত পোৱালি অৱস্থাত মাংসপেশী, হাৰ, মগজু, চকু আদি শৰীৰৰ বিভিন্ন অংগবিলাকৰ বিকাশত বাধাপ্ৰাপ্ত হয় আৰু পোৱালিবোৰ ক্ৰমান্বয়ে নিশকতীয়া হৈ মৃত্যুবৰণ কৰে। সেয়েহে পোৱালি বিলাকক খাদ্যৰ লগত উপযুক্ত পৰিমাণৰ খনিজ লৱণ, খাদ্যপ্ৰাণ আদি মিহলি কৰি এনে ৰোগসমুহৰ পৰা ৰক্ষা কৰিব পাৰি। বজাৰত এনেধৰণৰ বহুতো ঔষধ কিনিবলৈ পোৱা যায়। আমাৰ গো-পালক সকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ঔষধ প্ৰয়োগ কৰিব পাৰে। পোৱালী অৱস্থাত উপৰিউক্ত ৰোগসমুহৰ উপৰি ওকণি, চিকৰা, চাঁহি, আদি পৰজীৱীয়ে আক্ৰমণ কৰি নিশকতীয়া কৰি তোলে। সেয়েহে এনে পৰজীৱীৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত পোৱা বিভিন্ন ঔষধ যেনে- BOVITRAZ, VITRAZ, CLINER, BUTOX, TACKTIK, PORON, PARID PORON, NEOMEC, MECTIN আদি চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োগ কৰিব পাৰে। জন্মৰ ২-৩ মাহৰ পাছত পোৱালিবিলাকক চবকা, গলফুলা, গাঠিয়া, টেটুৱা আদি মাৰাত্মক সংক্ৰামক ৰোগৰ প্ৰতিষেধক টিকা দিয়াব লাগে।

অধিক শীত বা তাপৰ পৰা ৰক্ষা কৰা -

অধিক শীত বা অধিক্ তাপ পোৱালিবিলাকৰ বাবে অতি মাৰাত্মক। অধিক শীত বা অধিক তাপত পোৱালিবিলাকক বিভিন্ন ৰোগে আক্ৰমণ কৰিব পাৰে। অধিক শীতৰ পৰা পোৱালিবিলাক ৰক্ষা কৰিবলৈ গঢ়াল সাজি, গড়ালৰ চাৰিওফালে আৰু ওপৰফালেও বস্তাৰে ঢাকি ৰাখিব লাগে। গড়ালৰ ভিতৰত ডাঠকৈ শুকান খেৰ পাৰি তাৰ ভিতৰত পোৱালিবোৰ ৰাখিব লাগে। প্ৰতিদিনে ৰ’দত খেৰখিনি শুকুৱাই ল’ব পাৰিলে ভাল। তদুপৰি, শীত কালত গোহালি ঘৰৰ চাৰিওফালে হেচিয়ান কাপোৰেৰে ভালদৰে ঢাকি ৰাখিব পাৰিলে ভাল। তেনেদৰে অতিমাত্ৰা তাপত পোৱালিবোৰে খাবলৈ অনীহা প্ৰকাশ কৰে আৰু পানী খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। গতিকে অতিমাত্ৰা তাপৰ পৰা ৰক্ষা কৰিবলৈ পোৱালিবিলাকক মুকলি বতাহ চলাচল কৰা ঠাইত ৰাখিব লাগে। পোনপটীয়া সুৰ্যৰ প্ৰখৰ তাপ পোৱালিবিলাকৰ গাত পৰিবলৈ দিব নালাগে। প্ৰতিটো পোৱালিৰ বাবে, ঘৰটো ৯০ বৰ্গফুট হ’ব লাগে আৰু ৩০ বৰ্গফুটৰ এডোখৰ ঠাই শৰীৰ চালনা কৰিবৰ বাবে ৰখা উচিত। পোৱালি ৰখা ঘৰৰ মজিয়া শুকান, পকা আৰু পৰিষ্কাৰ হ’ব লাগে। ঘৰৰ চাৰিওফাল সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে ৰাখিব লাগে।

লেখক: ডা: চন্দ্ৰ কুমাৰ সিংহ, ডা: প্ৰবীণ কুমাৰ নেওগ (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate