অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু-ম’হৰ কিছুমান বেমাৰৰ পৰম্পৰাগত চিকিৎসাবিধি

গৰু-ম’হৰ কিছুমান বেমাৰৰ পৰম্পৰাগত চিকিৎসাবিধি

ওহাৰ-ফুলা ৰোগ -

 

সামগ্ৰী:

 

এলোভেৰা

২৫০ গ্ৰাম

হালধি

৫০ গ্ৰাম(গোটা বা গুৰি)

চূণ

১৫ গ্ৰাম

গোলনেমু

২ টা

গুৰ

১০০ গ্ৰাম

 

তৈয়াৰ পদ্ধতি:

এটা মিক্সিত গোটেইখিনি(ওপৰত দিয়া সামগ্ৰীখিনি) ৰঙচুৱা বৰণৰ নোহোৱালৈকে পিছক।

নেমুটেঙা দুটা দুটুকুৰাকৈ কাটক।

প্ৰয়োগ পদ্ধতি:

১)একাজলি লেপ লওক আৰু তাত ১৫০-২০০ মি.লি. পানী মিহলাই পনীয়া কৰক।

২)পানীৰে ওহাৰখন পৰিস্কাৰ কৰক আৰু সমগ্ৰ ওহাৰতে পনীয়া লেপখিনি ভালকৈ লগাওক।

৩)দিনে ১০ বাৰকৈ ৫ দিন একেধৰণে লেপ লগাওক।

৪)দুটা নেমু দিনে দুবাৰকৈ ৩ দিন খুৱাওক।

বি.দ্ৰ.:

গাখীৰত তেজ আহিলে,ল ওপৰোক্ত প্ৰক্ৰিয়াৰ লগতে দুমুঠি নৰসিংহ পাত আৰু গুৰৰ পিচা দিনে দুবাৰকৈ খুৱাওক, আৰোগ্য নোহোৱালৈকে।

ওহাৰৰ বাত বন্ধ(আংশিকভাৱে)-

সামগ্ৰী:

নতুনকৈ চিঙি অনা পৰিস্কাৰ নিমপাতৰ ঠাৰি ১  ডাল, হালধি পাউডাৰ, মাখন বা ঘিউ।

তৈয়াৰ পদ্ধতি:

১)নিমপাতৰ ঠাৰিডালত হালধি আৰু মাখন/ঘিউৰ মিশ্ৰণ লগাওক।

২)এতিয়া এই নিমপাতৰ ঠাৰিডাল আক্ৰান্ত ওহাৰৰ বাতত ঘড়ীৰ বিপৰীত দিশত পকাই-পকাই সোমোৱাই দিয়ক।

৩)প্ৰতিবাৰ গাখীৰ খিৰোৱাৰ পাচত নতুন নিমপাতৰ ঠাৰি ব্যৱহাৰ কৰক।

ওহাৰত পানী জমা হোৱা বেমাৰ -

 

সামগ্ৰী:

 

তিল বা সৰিয়হৰ তেল

২০০ মি.লি.

হালধি গুৰি

এক মুঠি

নহৰু

দুফুটা

 

তৈয়াৰ পদ্ধতি:

১)তেলখিনি গৰম কৰি লওক। তাত হালধিগুৰি আৰু চকলিয়াই লোৱা নহৰুখিনি দিয়ক।

২)ভালকৈ মিক্স কৰক আৰু সামান্য গোন্ধ ওলোৱাৰ লগে লগে জুইৰ পৰা নমাই আনক।

৩)মিশ্ৰণখিনি চেঁচা হ’বলৈ দিয়ক।

প্ৰয়োগ পদ্ধতি:

১)পানী জমা হোৱা ঠাইখিনি আৰু সম্পূৰ্ণ ওহাৰত মিশ্ৰণখিনি লগাওক।

২)দিনে চাৰিবাৰকৈ তিনিদিন মিশ্ৰণ লগাওক।

বি.দ্ৰ.:

চিকিৎসা আৰম্ভ কৰাৰ আগতে বেমাৰটো ওহাৰফুলা ৰোগ নহয় বুলি নিশ্চিত কৰক।

গৰুৰ সময়মতে জল নসৰা ৰোগ -

সামগ্ৰী

 

মূলা

১ টা

ভেন্দি

১.৫ কেজি

গুৰ

প্ৰয়োজন মতে

নিমখ

প্ৰয়োজন মতে

 

তৈয়াৰ:

১)ভেন্দিকেইটা দুটুকুৰাকৈ কাটক।

প্ৰয়োগ পদ্ধতি:

১)পোৱালি হোৱাৰ দুই ঘন্টাৰ ভিতৰত এটা মূলা খুৱাওক।

২)পোৱালি হোৱাৰ ৮ ঘন্টালৈকে জল নসৰিলে, ১.৫ কেজি ভেন্দি(টুকুৰা কৈ কটা) নিমখ আৰু গুৰৰ লগত খুওৱাক।

৩)পোৱালি হোৱাৰ ১২ ঘন্টালৈকে জল নসৰিলে, ওলাই থকাব অংশখিনিৰে এটা গাঁঠি মাৰক আৰু গাঁঠিৰ ২ ইঞ্চি তলৰ খিনি কাটি পেলাওক।

৪)হাতেৰে আজুৰি জল আঁতৰাবলৈ প্ৰয়াস নকৰিব।

৫)সপ্তাহত এটাকৈ মূলা খুৱাওক চাৰি সপ্তাহৰ বাবে।

গৰু গাভিনী নহ’লে(বীৰ্য্য দানৰ পাছতো)-

প্ৰয়োগ পদ্ধতি:

১)গাই গৰমত অহাৰ প্ৰথমদিনা বা দ্বিতীয়দিনা চিকিৎসা আৰম্ভ কৰক।

২)দিনে এবাৰকৈ তলত দিয়া সামগ্ৰীখিনি গুৰ আৰু নিমখৰ লগত মিহলাই খুৱাওক(প্ৰতিদিন নতুনকৈ বনাওক)-

ক)দিনে এটাকৈ মূলা পাঁচ দিনৰ বাবে।

খ)দিনে এটাকৈ এলভেৰা পাত চাৰি দিনৰ বাবে।

গ)দিনে চাৰিমুঠিকৈ চজিনাপাত চাৰি দিনৰ বাবে।

ঘ)দিনে চাৰিমুঠিকৈ হাৰজোৰা লতাৰ গা-গছ চাৰি দিনৰ বাবে।

ঙ)দিনে চাৰিমুঠিকৈ নৰসিংহ পাত চাৰি দিনৰ বাবে(হালধিৰ লগত)।

গৰ্ভাশয় আংশিকভাৱে বাহিৰ ওলাই আহিলে -

সামগ্ৰী:

 

এলভেৰা জেল

এটা পূৰঠ পাতৰ

হালধি গুৰি

এচিকুত

লাজুকীলতা পাত

২ মুঠি

 

তৈয়াৰ পদ্ধতি:

১)এটা পাতৰ সম্পূৰ্ণ জেল লগাওক।

২)পিচল-পিতল ভাব নোযোৱালৈকে জেলখিনি পানীৰে ধোৱক।

৩)এচিকুত হালধিগুৰি দিয়ক আৰু এক লিটাৰ পানী আধা লিটাৰ হোৱাকৈ উতলাওক।

৪)লাজুকীলতা পাতখিনি লওক।

প্ৰয়োগ পদ্ধতি:

১)প্ৰলাপছ হোৱা অংশখিনি পৰিস্কাৰ কৰি লওক।

২)তাৰ ওপৰত জেলখিনি আঙুলিৰ আগেৰে চতিয়াওক।

৩)জেলখিনি শুকুওৱাৰ পাচত লাজুকীলতাৰ পিচাখিনি লগাওক।

৪)ভাল নোহোৱালৈকে ব্যৱহাৰ কৰক।

চবকাৰোগৰ মুখৰ ঘাঁ নিৰাময় -

সামগ্ৰী:

 

জিৰা

১০ গ্ৰাম

মেথি গুটি

১০ গ্ৰাম

জালুক

১০ গ্ৰাম

হালধি

১০ গ্ৰাম

নহৰু

৪ ফুটা

নাৰিকল

এটা

গুৰ

১২০ গ্ৰাম

 

তৈয়াৰ পদ্ধতি:

১)জিৰা, মেথি গুটি আৰু জালুকখিনি ২০-৩০ মিনিট সময় পানীত তিয়াই ৰাখক।

২)তাৰ পিচত সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

৩)মিশ্ৰণখিনিত নাৰিকলৰ গুৰিখিনি হাতেৰে মিহলাওক।

৪)প্ৰতিবাৰ নতুনকৈ মিশ্ৰণ তৈয়াৰ কৰক।

প্ৰয়োগ পদ্ধতি:

১)মুখ, জিভা আৰু তালুত ভালকৈ লগাওক।

২)দিনে তিনিবাৰকৈ তিনিৰ পৰা পাঁচদিন মিশ্ৰণ লগাওক।

চবকাৰোগৰ ভৰিৰ ঘাঁ নিৰাময় -

সামগ্ৰী:

 

একালাইফা ইন্দিকা পাত

এক মুঠি

নহৰু

১০ ফুটা

নিমপাত

১ মুঠি

নাৰিকল বা তিলতেল

২৫০ মি.লি.

হালধিগুৰি

২০ গ্ৰাম

জেতুকা পাত

১ মুঠি

তুলসী পাত

১ মুঠি

 

তৈয়াৰ পদ্ধতি:

১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

২)মিশ্ৰণখিনি ২৫০ মিঃলিঃ নাৰিকল বা তিলতেলত মিহলাই উতলাওক আৰু চেঁচা হ’বলৈ দিয়ক।

প্ৰয়োগ পদ্ধতি:

১)ঘাঁ টুকুৰা ভালকৈ চাফা কৰক আৰু মিশ্ৰণখিনি লগাওক। প্ৰয়োজন সাপেক্ষে কাপোৰৰ পতি লগাওক।

২)ঘাঁত পোক দিলে নাৰিকল তেলত এটুকুৰা কাফুৰ অথবা আতলচ পাতৰ পিচা লগাওক(প্ৰথম দিনা)।

জ্বৰ -

 

সামগ্ৰী:

 

নহৰু

২ ফুটা

ধনিয়া

১০ গ্ৰাম

জিৰা

১০ গ্ৰাম

তুলসী

১ মুঠি

ডালচিলি পাত

১০ গ্ৰাম

জালুক

১০ গ্ৰাম

পান

৫ খিলা

অসমীয়া পিয়াঁজ

২ ফুটা

হালধি গুৰি

১০ গ্ৰাম

চিৰতা পাতৰ গুৰি

২০ গ্ৰাম

ওচিলাম বেসিলিকাম

১ মুঠি

নিমপাত

১ মুঠি

গুৰ

১০০ গ্ৰাম

 

তৈয়াৰ পদ্ধতি:

১)জিৰা, জালুক আৰু ধনিয়াগুৰি ১৫ মিনিট তিয়াই ৰাখক।

২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

প্ৰয়োগ পদ্ধতি:

১)দিনে দুবাৰকৈ(পুৱা-গধুলি) অলপ-অলপ কৰি খুৱাওক।

পেটৰ অসুখ:

সামগ্ৰী:

 

মেথি গুটি

১০ গ্ৰাম

পিয়াঁজ

এটা

নহৰু

১ ফুটা

জিৰা গুটি

১০ গ্ৰাম

হালধি

১০ গ্ৰাম

নৰসিংহ পাত

১ মুঠি

আফু গুটি

৫ গ্ৰাম

জালুক

১০ গ্ৰাম

গুৰ

১০০ গ্ৰাম

হিঙ

৫ গ্ৰাম

 

তৈয়াৰ পদ্ধতি:

১)জিৰা গুটি, হিঙ, আফু গুটি আৰু মেথি গুটি কেইটা ধোঁৱা ওলোৱাকৈ গৰম কৰক।

২)চেঁচা হ’বলৈ দিয়ক আৰু তাৰ পিচত সকলোখিনি গুৰি কৰক।

৩)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

প্ৰয়োগ পদ্ধতি:

১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক।

২)অলপ-অলপকৈ দিনে এবাৰকৈ এদিনৰ পৰা-তিনিদিন পৰ্য্যন্ত খোৱাওক ভাল নোহোৱালৈকে।

পেটফুলা আৰু বদহজমি ৰোগ -

 

সামগ্ৰী:

 

পিয়াঁজ

১০০ গ্ৰাম

নহৰু

১০ ফুটা

জলকীয়া

২ টা

জিৰা গুটি

১০ গ্ৰাম

হালধি

১০ গ্ৰাম

গুৰ

১০০ গ্ৰাম

জালুক

১০ গ্ৰাম

পান

১ খিলা

হিঙ

৫ গ্ৰাম

 

প্ৰস্তুতি:

১)জালুক আৰু জিৰা গুটি কেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক।

২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

প্ৰয়োগ পদ্ধতি:

১)পিচাখিনিৰে সৰু সৰু লাডু বনাওক।

২)দিনে এবাৰকৈ তিনি-চাৰিদিন খুৱাওক(অলপ-অলপকৈ নিমখৰ লগত)।

পেটৰ পেলু:

সামগ্ৰী:

 

পিয়াঁজ

এটা

নহৰু

৫ ফুটা

সৰিয়হ গুটি

১০ গ্ৰাম

নিমপাত

১ মুঠি

জিৰা

১০ গ্ৰাম

তিতা কেৰেলা

৫০ গ্ৰাম

হালধি

৫ গ্ৰাম

জালুক

৫ গ্ৰাম

কলগছ

১০০ গ্ৰাম

দোৰোণ বন

১ মুঠি

গুৰ

১০০ গ্ৰাম

 

তৈয়াৰ পদ্ধতি:

১)জালুক, জিৰা আৰু সৰিয়হ গুটিকেইটা ৩০ মিনিটমান সময় পানীত তিয়াই ৰাখক।

২)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

প্ৰয়োগ পদ্ধতি:

১)পিচাখিনিৰে সৰু-সৰু লাডু বনাওক।

২)দিনে এবাৰকৈ তিনিদিন খোৱাওক(অলপ-অলপকৈ নিমখৰ লগত)।

চিকৰা/ছালৰ পৰজীৱী -

সামগ্ৰী:

 

নহৰু

১০ ফুটা

নিম পাত

১ মুঠি

নিমৰ গুটি

১ মুঠি

‘একৰাছ কেলামাচ’ৰ শিপা

১০ গ্ৰাম

হালধি গুৰি

২০ গ্ৰাম

গো ফুলৰ পাত

১ মুঠি

তুলসী পাত

১ মুঠি

 

তৈয়াৰ পদ্ধতি:

১)সকলোখিনি সামগ্ৰী লৈ মিক্সিত পিচক।

২)১ লিটাৰ পানী মিহলাওক।

৩)মিহি চেকনিৰে মিশ্ৰণখিনি চেকক।

৪)স্প্ৰে কৰিব পৰাকৈ মিশ্ৰণখিনি এটা বটলত ৰাখক।

প্ৰয়োগ পদ্ধতি:

১)গাই জনীৰ সমগ্ৰী শৰীৰত মিশ্ৰণখিনি স্প্ৰে কৰক।

২)লগতে গোহালিৰ বেৰ-খুঁটা আদিতো মিশ্ৰণখিনি স্প্ৰে কৰক।

৩)স্প্ৰে কৰাৰ সলনি মিশ্ৰণ কাপোৰত ভিজাইও লগাব পাৰে।

৪)সম্পূৰ্ণ ভাল নোহোৱালৈকেৱ সপ্তাহত এবাৰকৈ স্প্ৰে কৰক।

৫)দিনৰ ৰ’দ থকা সময়খিনিৰ ভিতৰত স্প্ৰে কৰক।

গো বসন্ত/ৱাট/ওহাৰৰ ছাল ফাটিলে -

 

সামগ্ৰী:

 

নহৰু

৫ ফুটা

হালধি গুৰি

১০ গ্ৰাম

জিৰা

১৫ গ্ৰাম

ওচিলাম বেসিলিকাম

এক মুঠি

নিম পাত

এক মুঠি

মাখন/ঘিঁউ

৫০ গ্ৰাম

 

প্ৰয়োগ পদ্ধতি:

১)বেমাৰ আক্ৰান্ত ঠাইত মিশ্ৰণখিনি যিমান বাৰ পাৰে লগাওক ভাল নোহোৱালৈকে।

২)ছালখন ভালকৈ শুকোৱাৰ পাচতহে মিশ্ৰণ লগোৱা উচিত।

উৎস: আইএনডিজি দল

 

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate