মূল পৃষ্ঠা / কৃষি / পশু পালন / গৰু-ম’হৰ যকৃৎ-কৃমি আৰু ইয়াৰ ভয়াবহতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰু-ম’হৰ যকৃৎ-কৃমি আৰু ইয়াৰ ভয়াবহতা :

গৰু-ম’হৰ যকৃৎ-কৃমি আৰু ইয়াৰ ভয়াবহতাৰ বিষয়ে লিখা হৈছে ।

 

অসমৰ প্ৰাকৃতিক পৰিৱেশ সেমেকা আৰু গৰম জলবয়ু, অতিপাত বৃষ্টি, সঘনাই হোৱা বানপানী, জলাশয়, খাল-বিল, অপৰিষ্কাৰ নলা-নৰ্মদা, পানী সহজে ওলাই যাব নোৱাৰা দ ঠাইত ইত্যাদিৰ বাবে ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত গৰু-ম’হৰ পেলু জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হোৱা দেখা যায় । এনেবোৰ কাৰণতে অসমক এই পৰজীৱীবিলাকৰ ‘ভূস্বৰ্গ’ বুলি অভিহিত কৰা হৈছে । অসমৰ পোহনীয়া জীৱ-জন্তু বিশেষকৈ গৰু,ম’হ ছাগলী আদিক অতি সহজতে এই পেলুৱে আক্ৰমণ কৰে । সেয়েহে অসমৰ গৰু-ম’হৰ উৎপাদন ক্ষমতা আৰু কৰ্ম দক্ষতা অতি কম ।আমি এই নিবন্ধটোত গৰু-ম’হৰ বাবে অতি মাৰাত্মক যকৃতত হোৱা এবিধ কৃমিৰ বিষয়ে আলোচনা কৰিম । গৰু-ম’হৰ যকৃতত পোৱা এই পেলুবিধৰ নাম হ’ল চেপেটা পেলু বা যকৃৎ কৃমি আৰু ইংৰাজীত ইয়াক লিভাৰ ফ্লুক নামেৰে জনা যায় । এনে যকৃত কৃমিৰ সংক্ৰমণৰ ফলত গৰু-ম’হৰ স্বাস্থ্যৰ অশেষ অৱনতি হোৱাৰ উপৰি উৎপাদন ক্ষমতা আৰু কৰ্ম দক্ষতা বহু পৰিমাণে লাঘৱ হ’ব আৰু বহুতো গৰু-ম’হ অকালতে মৃত্যুবৰণ কৰা দেখা যায় ।

যকৃৎ কৃমিৰ দ্বাৰা গৰু-ম’হ কেনেদৰে আক্ৰান্ত হয় -

সাধাৰণতে যকৃৎ কৃমিৰ দ্বাৰা আক্ৰান্ত গৰু, ম’হৰ পিত্ত নলীত পূৰ্ণ বয়স্ক যকৃত কৃমিয়ে কণী পাৰে । উক্ত কণীবিলাক আক্ৰান্ত জন্তুটোৰ পিত্ত নলীয়েদি আহি অন্ত্ৰত প্ৰৱেশ কৰে । অন্ত্ৰৰ পৰা যকৃৎ কৃমিৰ কণীবিলাক গোবৰৰ লগত বাহিৰলৈ ওলাই আহে । উক্ত কণীবিলাকে পোনপটীয়াকৈ কোনো জন্তুৰ অপকাৰ সাধন কৰিব নোৱাৰে । এনেদৰে বাহিৰলৈ গোবৰৰ লগত ওলাই অহা কণীবিলাক সেমেকা জলবায়ুত উপযুক্ত তাপ আৰু পৰিৱেশত ১০-১২ দিনৰ ভিতৰত কণীবোৰ ফাটি মিৰাচিডিয়াম নামৰ এটা স্তৰ ওলাই আহে । এই মিৰিচিয়াডামবিলাকেও গৰু-ম’হক আক্ৰমণ কৰিব নোৱাৰে । কিন্তু এই মিৰাচিডিয়াম বিলাক পৰৱৰ্তী অৱস্থালৈ ৰুপান্তৰিত হ’বৰ বাবে লিমনিয়া ট্ৰানকে’টুলা আৰু লিমনিয়া অৰিকুৰেলিয়া নামৰ দুবিধ বিশেষ শামুকৰ প্ৰয়োজন হয় । এনে জাতৰ শামুকবিলাক সেমেকা পানী বন্ধ হৈ থকা অঞ্চল, জলাশয় আদিত পৰ্যাপ্ত পৰিমাণে পোৱা যায় । এই শামুকবিলাকে মিৰাচিডিয়ামবিলাক ভক্ষণ কৰে আৰু শামুকৰ পেটত মিৰিচিডিয়াম বিলাক স্পৰচিষ্ট নামৰ পৰৱৰ্তী অৱস্থালৈ ৰুপান্তৰিত হয় । কেই সপ্তাহমানৰ পাছত এই স্পৰ’চিষ্টবোৰ চাৰকেৰিয়ালৈ পৰিৱৰ্তন হয় । এটা মিৰাচিডিয়ামৰ পৰা ৫ টাৰ পৰা ৮ টালৈ চাৰকেৰিয়া উৎপন্ন হয় । চাৰকেৰিয়াবিলাকৰ আকাৰ অতি ক্ষুদ্ৰ প্ৰায় ০.২ মিলিমিটাৰ মান হয় । শামুকৰ পেটৰ পৰা ৪ ৰ পৰা ৭ সপ্তাহৰ পিছত চাৰকেৰিয়াবিলাক বাহিৰলৈ ওলাই আহে আৰু শৰীৰত থকা নেজৰ সহায়ত পানীত সাঁতুৰি থাকে । কিছু সময়ৰ পাছত চাৰকেৰিয়া বিলাকৰ নেজ ডাল খহি পৰে আৰু শৰীৰৰ পৰা ওলাই অহা এবিধ বিশেষ আঠাৰ সহায়ত এক আৱণৰ সৃষ্টি কৰি মেটা চাৰকেৰিয়ালৈ পৰিৱৰ্তন হয় । এই মেটা চাৰকেৰিয়া বিলাক পানীত ওপঙি থাকে নতুবা পানীত হোৱা ঘাঁহ-বন, গছ-গছনি আদিত লাগি থাকে । গৰু, ম’হে এনে মেটা চাৰকেৰিয়া যুক্ত ঘাঁহ-বন বা পানী খাওঁতে শৰীৰৰ ভিতৰলৈ প্ৰবেশ কৰি জন্তুটোৰ পাকস্থলীত থকা ট্ৰিপচিন বা পিত্তৰসে এই মেটা চাৰকেৰিয়া বিলাকক গলাই পেলায় আৰু ফলত কৃমিবিলাক ওলাই আহি গৰু-ম’হক আক্ৰমণ কৰে । ক্ৰমান্বয়ে এই কৃমি বিলাকে অন্ত্ৰত প্ৰবেশ কৰে আৰু অন্ত্ৰ ফুটা কৰি যকৃত আৰু পাকস্থলী থকা কক্ষত প্ৰবেশ কৰে । তাৰ পিছত এই কৃমিবিলাক পোনপটীয়াকৈ নতুবা ৰক্তবাহী নলীয়েদি যকৃতত প্ৰবেশ কৰি থিতাপি লৈ পূৰ্ণবয়স্ক কৃমিলৈ ৰুপান্তৰিত হয় । কালক্ৰমত এই পূৰ্ণবয়স্ক কৃমিবিলাকে কণী পাৰিবলৈ আৰম্ভ কৰে আৰু পুনৰ কণীবিলাক পিত্তবাহী নলীয়েদি অন্ত্ৰত প্ৰবেশ কৰে আৰু গোবৰৰ লগত বাহিৰলৈ ওলাই আহে । একোটা চাৰকেৰিয়াৰৰ পৰা একোটা পূৰঠ যকৃৎ কৃমি উৎপত্তি হ’বলৈ ৪ ৰ পৰা ৮ সপ্তাহ মান সময়ৰ প্ৰয়োজন হয় ।

এনেদৰে যকৃৎ কৃমিৰ জীৱনচক্ৰ গৰু, ম’হ আৰু শামুকৰ মাজেৰে সম্পূৰ্ণ হৈ উঠে ।

যকৃৎ কৃমিত আক্ৰান্ত জীৱ-জন্তুৱে কেনে লক্ষণ দেখুৱাব পাৰে -

যকৃতেই হ’ল জীৱ-জন্তুৰ আন্ত্ৰিক ছিষ্টেমৰ মূল অংশ । সেয়েহে যকৃৎ কৃমিৰ দ্বাৰা আক্ৰান্ত হ’লে জন্তুটোৱে খাবলৈ ইচ্ছা প্ৰকাশ নকৰে । ক্ৰমান্বয়ে শুকাই-খীণাই গৈ হাড়-ছাল ওলাই পৰে । আৰম্ভণিতে পাইখানা কঠিন হয় আৰু পাইখানা কৰোঁতে কষ্ট হয় । ৰোগ পুৰণি হ’লে পাইখানা অত্যন্ত ঢিলা হয় । নোমবিলাক ভোবোৰা পৰে । গাখীৰতী গাইৰ গাখীৰ উৎপাদনৰ ক্ষমতা হ্ৰাস পায় আৰু হালোৱা বা বলধ গৰু, ম’হ বিলাক অত্যন্ত দুৰ্বল হৈ কাম কৰাৰ শক্তি হেৰুৱাই পেলায় । কোৱাৰিৰ তলত আৰু গলবিচনীৰ আগৰ টোটোলা পানী জমা হৈ ওলমি পৰে । শৰীৰ পিছঅংশ ঠেং, নেজ আদিত পনীয়া শৌচ লাগি লেতেৰা হৈ থাকে । পাইখানা দুৰ্গন্ধযুক্ত হয় । শৰীৰৰ পৰা শৌচৰ লগত অতিৰিক্ত পানী ওলাই যোৱাৰ ফলত আক্ৰান্ত জন্তুটোৰ শৰীৰত পানীৰ পৰিমাণ বহু পৰিমাণে কমি যায় । ফলস্বৰুপে চকু কোটৰ ভিতৰলৈ সোমাই হাড়-ছাল ওলাই পৰে । যকৃতৰ কাৰ্যক্ষমতা কমি যোৱাৰ ফলত শৰীৰত ভিটামিন আৰু মণিকৰ সংশ্লেষণ আৰু জমা প্ৰক্ৰিয়া বাধাপ্ৰাপ্ত হয়, ফলত জন্তুটো অত্যন্ত দুৰ্বল হৈ পুষ্টিহীনতাত ভোগে । দীৰ্ঘ সময় ধৰি চিকিৎসাৰ ব্যৱস্থা নকৰিলে যকৃতৰ কাৰ্যক্ষমতা বিকল হৈ পৰে আৰু জন্তুটোৰ মৃত্যু অৱশ্যাম্ভাৱী হৈ পৰে ।

চিকিৎসা বিধি :-

আমাৰ গো-পালক বা পশুপালকসকলে উপৰিউক্ত লক্ষণসমূহ দেখা পালেই চিকিৎসকৰ পৰামৰ্শ ততালিকে গ্ৰহণ কৰিব লাগে । আজিকালি যকৃত কৃমিৰ বহুতো কাৰ্যকৰী ঔষধ পোৱা যায় । অৱশ্যে কিছু ক্ষেত্ৰত চিকিৎসা কিছু দীঘলীয়া হয় । আৰম্ভণিতে পেলুৰ ঔষধ খুৱালেই হয়, কিন্তু বিলম্ব কৰিলে বিভিন্নধৰণৰ ভিটামিন, মিনাৰেল মিক্সাৰ, কেলচিয়াম, চেলানিৰ লগতে এণ্টিবায়টিক বা প্ৰতিজৈৱিক ঔষধৰো প্ৰয়োজন হৈ পৰে । যিহেতু, এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত প্ৰ’টিনৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হয়, সেয়েহে আক্ৰান্ত জন্তুটোক খাদ্যৰ লগত অধিক প্ৰ’টিন যোগানৰ আৱশ্যকতা আহি পৰে । চিকিৎসাৰ বিলম্ব কৰিলে কেতিয়াবা এনে অৱস্থা পায়গৈ যে জন্তুটোক পেলুৰ ঔষধ খুওৱাৰ আগতে লিভাৰ, স্বাস্থ্যবৰ্ধক আৰু শক্তিবৰ্ধক চিকিৎসাৰহে প্ৰয়োজন হৈ পৰে । গো-পালনসকলে এই কথা সদায় মনত ৰাখিব । আজিকালি এই ৰোগৰ বহুতো কাৰ্যকৰী ঔষধ বা ইনজেকশ্যন বজাৰত উপলব্ধ আৰু দামো কম ।

ল’বলগা সাৱধানতা আৰু প্ৰতিষেধক ব্যৱস্থা -

গো পালকসকলে অলপ সাৱধানতা আৰু প্ৰতিষেধক ব্যৱস্থা অৱলম্বন কৰিলে গৰু-ম’হক এই মাৰাত্মক কৃমিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে ।

১) পেলু হওকেই বা নহওক ২-৩ মাহৰ অন্তৰে অন্তৰে গৰু, ম’হক পেলুৰ ঔষধ নিৰ্ধাৰিত পৰিমাণত খুৱাব লাগে ।

২) গাভিনী গাইকো পেলুৰ ঔষধ খুৱাব পাৰি ।

৩) শামুকেৰে ভৰি থকা ঠাইত গৰু, ম’হক চৰিবলৈ দিব নালাগে । পৰাপক্ষত এনে ঠাইবিলাক বেৰা দি ৰাখিব পাৰিলে ভাল ।

৪) দ পানী থকা ঠাইৰ পৰা কাটি অনা ঘাঁহ পোনপটীয়াকৈ গৰু, ম’হক খাবলৈ নিদি ৰ’দত ভালদৰে শুকুৱাই লৈহে খাবলৈ দিব লাগে ।

৫) দ পথাৰ বা পানী বন্ধ হোৱা ঠাইত গৰু, ম’হক চৰিবলৈ দিব নালাগে ।

৬) শামুক থকা ঠাইৰ পানী গৰু, ম’হক খাবলৈ দিব নালাগে ।

৭) যকৃৎ কৃমিৰ জীৱন চক্ৰ শামুক নহ’লে সম্পূৰ্ণ হ’ব নোৱাৰে । গতিকে শামুক থকা দ ঠাই বা জলাশয়ত ১ ভাগ টুটিয়া প্ৰায় ১/২ লিটাৰ পানীত মিহলি কৰি বা ১ ভাগ টুটিয়া ভালদৰে গুৰি কৰি ৬ ভাগ বালিৰ লগত মিহলি কৰি সেমেকা দ ঠাইত বা শামুক হোৱা ঠাইত ছটিয়াই শামুক নিধন কৰিব পাৰি ।

৮) পানী জমা হোৱা দ ঠাই আদি নলা কাটি বৈ যোৱাৰ ব্যৱস্থা কৰা উচিত ।

৯) শামুক হাঁহৰ প্ৰিয় খাদ্য । গতিকে হাঁহ পুহি শামুক নিয়ন্ত্ৰণ কৰিব পাৰি ।

১০) চিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰি মাজে মাজে গৰু, ম’হক যকৃতৰ ঔষধ বা ইনজেকশ্যন ভিটামিন, কেলচিয়াম আদি প্ৰয়োগ কৰিব লাগে ।

১১) পশু পালন আৰু চিকিৎসা বিভাগৰ অধীনৰ জিলা ৰোগ নিৰ্ণয় প্ৰয়োগ শালাত মাজে মাজে গোবৰ পৰীক্ষা কৰোৱাই যকৃৎ কৃমিৰ আক্ৰমণৰ সম্ভাৱনা পৰীক্ষা কৰি চাব লাগে ।

লেখক :- ডা: চন্দ্ৰকুমাৰ সিংহ

লেখিকা :- ডা: উপাসনা বৰুৱা

উৎস :- দৈনিক জনমভূমি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top