মূল পৃষ্ঠা / কৃষি / পশু পালন / ঘাঁহ-বন সিজাই প্রস্তুত কৰা খাদ্যই পশুধনৰ অপকাৰ কৰিব পাৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘাঁহ-বন সিজাই প্রস্তুত কৰা খাদ্যই পশুধনৰ অপকাৰ কৰিব পাৰে

 

গৰু-ম’হৰ খাদ্যক সাধাৰণভাৱে দুই ভাগত ভাগ কৰা হয় — ঘাঁহ আৰু দানা। গো-খাদ্য সম্পর্কত সাধাৰণভাৱে চলি থকা এষাৰ কথা হ’ল এনেধৰণৰ – “ঘাঁহ আগে দানা পাছে জানা সবে ভাই, ঘাঁহ নিদি দানা দিলে কিছু লাভ নাই’। আগৰ সময়ত, যেতিয়া চৰণীয়া পথাৰৰ আধিক্য আছিল আৰু আমাৰ গঞা ৰাইজৰ আছিল জাক জাক থলুৱা গৰু, তেতিয়া দানাৰ প্রয়োজন হোৱাই নাছিল। প্রকৃততে ডেৰ-দুইলিটাৰ গাখীৰ উৎপাদনৰ বাবে ঘাঁহেই যথেষ্ট; দানাৰ প্রয়োজনেই নহয়|

বর্তমান জনসংখ্যা বাঢ়িল কিন্তু গৰু-ম’হৰ সংখ্যা কমি আহিল। পূৰ্বৰ দৰে এজাক গৰু-ম’হ ৰখাৰ সুবিধা এতিয়া নাই, সেয়েহে এতিয়া পশুপালকসকলে পশুপালনৰ ধৰণ-কৰণ সলনি কৰিবলৈ বাধ্য হৈছে। পূৰ্বৰ এজাক গৰু-ম'হৰ পৰিৱৰ্তে আজিকালি অধিক উৎপাদনক্ষম এজনী বা দুজনী গাই পালন কৰিবলৈ ইচ্ছা কৰা পশুপালকৰ সংখ্যা বাঢ়িছে। সমগ্ৰ পৃথিৱীতে প্রোথিত হোৱা বিজ্ঞানসন্মত ধ্যান-ধাৰণাৰ পটভূমিত আমাৰ অসম মুলুকতো ধীৰে ধীৰে কৃত্রিম প্ৰজননৰ প্রক্রিয়া আগবাঢ়িছে আৰু কিছুসংখ্যক বৰ্ণসংকৰ গোধনৰ সৃষ্টি হৈছে। গো-ধনৰ নিচিনাকৈ ছাগলী, গাহৰি আৰু ম’হৰ ক্ষেত্ৰতো প্রজনন প্রক্রিয়া সফলকাম বুলি বিভিন্ন দেশৰ পশুপালকসকলে সাব্যস্ত কৰিছে যদিও আমাৰ ইয়াত সেই প্ৰক্ৰিয়ালৈ বহু দূৰ।

দানা বুলিলে আমি কি বুজোঁ ?

 

গৰু-ম’হৰ দানা বুলিলে আমি সেইসমূহ খাদ্যক বুজোঁ যিবোৰত আঁহজাতীয় উপাদান আৰু পানীৰ পৰিমাণ কমকৈ থাকে আৰু অধিক পৰিমাণে থাকে প্ৰ’টিন, কার্বহাইড্রেট আৰু চর্বি। চর্বি আৰু কার্বহাইড্রেটে যোগান ধৰে কেলৰি আৰু প্ৰ'টিনে সহায় কৰে উৎপাদান আৰু শাৰীৰিক বিকাশত। সাধাৰণতে উৎপাদিত শস্যৰ উপৰোৱা উৎপাদনসমূকে দানা হিচাপে অভিহিত কৰা হয়। ঘেঁহুৰ বাকলি বা চাপৰ, ধানৰ তুঁহ, চাউলৰ মল, মাকৈৰ গুৰি, মগুমাহৰ বাকলি, মাটি মাহৰ বাকলি, বুটৰ বাকলি, সৰিয়হৰ খলিহৈ, বাদামৰ খলিহৈ, চয়াবিনৰ খলিহৈ আদি খাদ্য দানাৰ ভিতৰত পৰে। পশুপালকে এইবোৰ উপাদান বেলেগে বেলেগে সংগ্ৰহ কৰি নির্দিষ্ট মাত্ৰাত মিহলাই পশুধনক খুৱাব পাৰে। গো-খাদ্য উৎপাদনকাৰী বহুবোৰ কোম্পানীয়ে এই উপাদানবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্দিষ্ট মাত্ৰাত মিহলাই প্ৰাক্‌প্ৰস্তুত খাদ্য প্ৰস্তুত কৰে। এনেদৰে প্ৰস্তুত কৰা দানাজাতীয় খাদ্যত কেতিয়াবা ইউৰিয়া, গুৰ, নিমখ বা মিনাৰেল মিক্সাৰ মিহলোৱা হয়। এনে মিশ্রণে দানাৰ গুণগত মান বৃদ্ধি কৰে। দীর্ঘদিনীয়া পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে নির্দিষ্ট মাত্রাত মিহলোৱা সুষম দানা জাতীয় খাদ্যই পশুধনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে।

ঘাঁহ-বন সিজাই তৈয়াৰ কৰা ‘দানা’

গ্রামাঞ্চলত দেখা যায় যে বহুতো গো-পালকে বাৰীৰ পৰা বা ঘৰৰ চৌপাশৰ পৰা বিভিন্ন ধৰণৰ ঘাঁহ, গোন্ধোৱা বন, শোহনি, বিহলঙনি, মৰলীয়া, বাঘঢক আদিৰ দৰে অপতৃণ, কচুগছ, ঢেকীয়া, মৌ-সৰালি আদিৰ দৰে উদ্ভিদ আদি সংগ্ৰহ কৰি এইবোৰ সিজাই গাই বা বলধৰ কাৰণে ‘দানা’ তৈয়াৰ কৰে। এনেদৰে দিনটোত দুই কেৰাহী পর্যন্ত বিভিন্ন গছ-বন সিজাই তৈয়াৰ কৰা খাদ্য খুৱাই পালকজনে গাইজনী ‘দানা’ খুৱাইছে বুলি সন্তুষ্টি লভি থাকে আৰু আশানুৰূপ গাখীৰ নোপোৱা বাবে গাইজনীকে গালি পাৰি থাকে। এনেদৰে ঘাঁহ-বন সিজাই তৈয়াৰ কৰা খাদ্যখিনি দানাতো নহয়েই বৰং ই খাদ্য হিচাপেও বিবেচিত হ’বৰ যোগ্য নহয়। বহু সময়তে এনে খাদ্যই পশুধনৰ উপকাৰ কৰাতকৈ অপকাৰহে কৰে। সেউজীয়া ঘাঁহ-বনৰ ভিতৰত কোনবোৰ গৰু-ম’হৰ খাদ্য আৰু কোনবোৰ অখাদ্য সেই কথা সিহঁতেই সহজাত ভাৱেই কিছু জানে। কেঁচাই যোগান ধৰা ঘাঁহ-বনৰ ভিতৰত নাখাবলগীয়াখিনি সিহঁতে বাছি বাছি এৰি দিয়ে, কিন্তু যদিহে সেই একেখিনি ঘাঁহ-বনকে কাটি কুটি সিজাই দিয়া হয়, তেতিয়া সিহঁতে নিৰ্বাচন কৰিব নোৱাৰি সকলোবোৰকে খাদ্য বুলি গ্রহণ কৰে। ঘাঁহ-বনবোৰৰ মাজত দুই-এবিধ বিষাক্ত বা অস্বাস্থ্য সন্মত খাদ্যও থাকে, চিনিব নোৱাৰি ধাৰাবাহিকভাৱে এনে খাদ্যবোৰ খাই থাকিলে পশুধনৰ শৰীৰত বিষক্রিয়াজনিত লক্ষণে দেখা দিয়াৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি, ঘাঁহ-বন,শাক-পাচলি আদি যিবোৰ খাদ্য গৰু-ম’হে কেঁচা অৱস্থাতে খায় সেইবোৰ সিজাই থকা মানে সময়, শ্ৰম আৰু ধনৰ অপচয়হে মাথোন। আচলতে, চাপৰ, তুঁহ, খলিহৈ আদি প্রকৃত দানাজাতীয় খাদ্যও গৰু-ম’হক খুৱাবলৈ সিজাই থকাৰ প্রয়োজন নহয়; কোমল হ’বৰ বাবে এনেধৰণৰ খাদ্যবোৰ দুঘণ্টামানৰ বাবে পানীত তিয়াই থ’লেই যথেষ্ট।

বিহলঙনী, পহু সোকোটা, জাপানীবন আদি উদ্ভিদ সাধাৰণতে গৰুম’হে নাখায় কিন্তু অন্যান্য শাক-বনৰ লগত সিজাই দিলে সিহঁতে ধৰিব নোৱাৰি খাই দিয়ে। নক’লেও হ’ব যে এনেবাৰ খাদ্যই গৰু-ম'হৰ যকৃতৰ ক্ষতি কৰিব। অৱশ্যে কচু, ঢেকীয়া, কলপুলি, টেঙেচি আদি খাদ্য আমি পশুধনক সিজাই খুৱাব পাৰোঁ, যিহেতু সিহঁতে এইবোৰ কেঁচাই নাখায়। এনেধৰণৰ কিছুমান উদ্ভিদ দীর্ঘদিনধৰি মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰি সাব্যস্ত কৰিছে যে এইবিলাক বিষাক্ত নহয়।

লিখকদ্বয়: ডাঃ প্রবীণ কুমাৰ নেওগ আৰু ডাঃ চন্দ্ৰকুমাৰ সিংহ, দৈনিক জনমভূমি।

 

2.89655172414
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top