অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাভিনী গাহৰিৰ বিশেষ যতন

 

গাভিনী গাহৰিৰ পৰা যাতে সৰ্বাধিক পোৱালি পোৱা যায় তথা এইবোৰ বচাব পৰা যায় তাৰ বাবে ইহঁতৰ বিশেষ যত্ন লোৱা দৰকাৰ। সেইবোৰৰ ভিতৰত তলত দিয়াবোৰ উল্লেখযোগ্য-

খাদ্যঃ

গাভিনী গাহৰিক যথেষ্ট প্ৰ’টিনজাতীয় খাদ্য (মাছৰ গুড়ি, পেলনীয়া মাংস, বাদামৰ খলিহৈ আদি) দিব লাগে। খাদ্যদ্ৰব্যসমূহৰ কেল’ৰী মাত্ৰা অৰ্থাৎ চৰ্বি বেছি থকা হ’ব নালাগে। লগতে এই খাদ্যসমূহত যাতে প্ৰয়োজনীয় পৰিমাণৰ আয়োডিন, কেলচিয়াম, ফছফৰাছ, লৌহ যৌগ আদি থাকে তাক নিশ্চিত কৰিব লাগে।

এইবোৰৰ উপৰি এই খাদ্যত ‘ক’ খাদ্যপ্ৰাণ আৰু ‘ঙ’ খাদ্যপ্ৰাণ পৰ্যান্ত পৰিমাণত থাকিব লাগে। পোৱালি জগাবৰ আগদিনা ইহঁতক অতি সামান্য পৰিমাণৰ দানাহে দিব লাগে।

ব্যায়ামঃ

গৰ্ভাৱস্থাত গাহৰিজনীৰ বাবে ব্যায়াম অতি আৱশ্যকীয়। দৈনিক কিছু সময়ৰ বাবে মুকলি পথাৰত চৰিবলৈ দিলে ইহঁতৰ প্ৰয়োজনীয় ব্যায়াম সম্পূৰ্ণ হয়। এইক্ষেত্ৰত মন কৰিবলগীয়া ব্যায়াম সম্পূৰ্ণ হয়। এইক্ষেত্ৰত মন কৰিবলগীয়া কথা হ’ল চৰিবলৈ বাহিৰ কৰি দিওঁতে যাকে জাকৰ মাজত কাজিয়া নহয়।

পোৱালি জগাবৰ বিশেষ ব্যৱস্থাঃ

পোৱালি জগাবৰ সময়ত গাহৰিৰ বাবে বিশেষ ব্যৱস্থা কৰিব পাৰিলে ভাল। এই বিশেষে ব্যৱস্থাৰ ভিতৰত পোৱালি দিয়াৰ সময়ত বস্তা আদি দি সহায় কৰা, নাড়ী কটা আৰু অতিপাত ঠাণ্ডা পাৰিলে কৃত্ৰিমভাৱে তাপৰ ব্যৱস্থা কৰিব লাগে। এই কোঠাটো যথেষ্ট পৰিষ্কাৰ আৰু বীজাণুমুক্ত হ’ব লাগে।

জগাৰ এসপ্তাহমান আগতে গাভিনী গাহৰি সুকীয়া কোঠাত ৰাখিব লাগে। এনেকুৱা কোঠা উম থকা হ’ব লাগে আৰু গাহৰি সোমোৱাৰ কেইদিনমান আগতে ফেনাইল বা আন বীজাণুনাশক দৰব মিহলোৱা পানীৰে ধুই পৰিষ্কাৰ কৰি থ’ব লাগে।

জগাৰ ৩ সপ্তাহ আগতে গাভিনী গাহৰিক পেলুৰ দৰব খুৱাব লাগে। ‘পাই পাৰেজিন’ নামৰ দৰব প্ৰস্তুতকাৰক বা পশু চিকিৎসকৰ নিৰ্দেশ মতে খুৱালে সুফল পোৱা যায়।

জগাৰ ৩ দিনমান আগতে দানাত ঘেঁহুৰ ভুঁচিৰ পৰিমাণ অলপ বঢ়াই দিব লাগে যাতে পায়খানা খোলোচা থাকে। তেনে কৰোতে দানাৰ মাংসসাৰ, খনিজ দ্ৰব্য আৰু খাদ্যপ্ৰাণৰ যাতে বিশেষ তাৰতম্য নহয় তালৈ লক্ষ্য ৰাখিব লাগে।

সৰ্বোপৰি গাভিনী অৱস্থাত যাতে কেতিয়াও একেটা ঘৰতে অন্য গাহৰি ৰখা নহয় তাৰ প্ৰতি সতৰ্ক হ’ব লাগে। কিয়নো কেতিয়াবা ইহঁতে কাজিয়া কৰি গাভিনীজনীৰ বিপদ ঘটাব পাৰে।

জগাৰ সময়ত যতনঃ

জগাৰ সময়ত এজন সহায়ক ওচৰতে থাকি গাহৰিজনীক কোনা আমনি নকৰাকৈ নিৰীক্ষণ কৰা উচিত। পোৱালি জন্ম হোৱাৰ পাছতে পোৱালিৰ নাক, মুখ, কাণ আদি চাফা কৰি কোঠাৰ ভিতৰতে থকা আছুতীয়া ঠাইত উম লগাকৈ থ’ব লাগে।

মাকৰ যতনঃ

পোৱালি দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰত মাইকী গাহৰিক তাকৰীয়া দানা খুওৱা ভাল। তাৰ পাছত ইচ্ছানুযায়ী খাবলৈ দিব লাগে। যাতে পোৱালিক যথোচিত পৰিমাণে গাখীৰ যোগাব পাৰে। এজনী গাহৰিক নিজৰ প্ৰয়োজনীয় ২.৫-৩ কিলোগ্ৰাম দানাৰ উপৰি প্ৰতিটো পোৱালিৰ বাবদ অন্ততঃ ২০০ গ্ৰামকৈ অতিৰিক্ত দানা খুৱাব লাগে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate