অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱ-জন্তুৰ পামৰ বাবে প্ৰয়োজনীয় উপাদান

জীৱ-জন্তুৰ পামৰ বাবে প্ৰয়োজনীয় উপাদান

খনিজ পদাৰ্থ

অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ প্ৰায় ৭০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। যিকোনো জীৱ-জন্তুৰ পামৰ পৰা উপযুক্ত পৰিমাণৰ লাভৰ বাবে খাদ্যৰ দিশটোত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন। পশু-পক্ষীৰ খাদ্যত সকলো প্ৰয়োজনীয় উপাদানৰ স্ংমিশ্ৰণ কৰাটো এটা অপৰিহাৰ্য বিষয়।

খনিজ পদাৰ্থসমূহ শৰীৰ গঠনৰ মূল উপাদান। এটা সুষম খাদ্য প্ৰস্তুত কৰিবৰ বাবে খনিজ পদাৰ্থসমূহু উপযুক্ত দানাত মিহলোৱাটো এটা আৱশ্যকীয় কথা। প্ৰশ্ন হ’ল- এই খনিজ পদাৰ্থসমূহ কিয় সুষম খাদ্য তৈয়াৰ কৰোতে দৰকাৰী বুলি বিবেচনা কৰা হয়?

জীৱ-জন্তুৰ শৰীৰৰ প্ৰতিটো কোষৰ গঠন আৰু ইয়াৰ কাৰ্য খনিজ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে। জীৱ-জন্তুৰ শৰীৰৰ ভিতৰত ঘটা ৰাসায়নিক বিক্ৰিয়াবোৰত অনুঘটক হিচপে কাৰ্য কৰা ‘এনজাইম’ৰ সৰহভাগেই এটা অবিচ্ছেদ্য অংগ হিচাপে এই খনিজ পদাৰ্থসমূহত থাকে, যাক এই ‘এনাজাইম’বোৰৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। যিকোনো জীৱ-জন্তুৰ শৰীৰৰ বিকাশ আৰু বৃদ্ধিৰ বাবে খনিজ পদাৰ্থসমূহ অতি প্ৰয়োজন। খনিজ পদাৰ্থই জীৱ-জন্তুৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰে, গাখীৰ আদিৰ উত্পাদন বৃদ্ধি কৰে। জীৱ-জন্তুৱে খোৱা খাদ্য হজম কৰা, মাংসপেশীৰ সৱলীকৰণ, স্নায়ু স্ংকেত এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰা, ৰোগ প্ৰতোৰোধ ক্ষমতা বঢ়োৱা, শৰীৰত লগা ঘা আদি শুকোৱাৰ লগতে এই খনিজ পদাৰ্থসমূহ অত্যন্ত প্ৰয়োজন।

ঘাঁহ আৰু খাদ্যত থকা খনিজ পদাৰ্থসমূহেই গাখীৰ, কণী, মাংস উত্পাদন আৰু বংশবৃদ্ধিৰ বাবে যথেষ্ট নহয়। তদুপৰি ঘাঁহ আৰু খাদ্যত থকা খনিজ পদাৰ্থসমূহৰ পৰিমাণ এটা অঞ্চলবিশেষৰ লগত খাপ খোৱাকৈ বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ আমাৰ পশুধনক দিয়াটো অতি প্ৰয়োজন হৈ পৰিছে।

পশু–পক্ষীৰ প্ৰয়োজনীয় খনিজ পদাৰ্থসমূহক দুই ভাগত বিভক্ত কৰা হয়- গুৰু খনিজ পদাৰ্থ আৰু লঘু খনিজ পদাৰ্থ।

গুৰু খনিজ পদাৰ্থসমূহ হ’ল-কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, ছ’ডিয়াম, পটাছিয়াম, ক্ল’ৰাইড, ছালফাৰ। গুৰু খনিজ পদাৰ্থসমূহে দেহৰ গঠন, প্ৰত্যক্ষ বা পৰোক্ষভাৱে শক্তি উত্পাদন, শৰীৰৰ তেজৰ চাপ, শৰীৰত থকা পানী ভাগৰ সমতা আৰু ইলেক্ট্ৰ’লাইটৰ সমতা স্থাপন আদি বিভিন্ন কামত সহায় কৰা।

লঘু খনিজ পদাৰ্থসমুহ হ’ল- আইৰণ, ক’পাৰ, আয়’ডিন, চেলিনিয়াম, ক’বাল্ট আদি। লঘু খনিজ পদাৰ্থসমূহে গখীৰ, মাংস, কণীৰ উত্পাদন বৃদ্ধি কৰা, দেহলৈ সতেজতা অনা, তেজৰ ৰক্তকণিকাৰ উত্পাদন বৃদ্ধি কৰা, বিভিন্ন এমাইন’ এচিড, প্ৰটিন আদিৰ প্ৰস্তুতকৰণত শৰীৰক সহায় কৰে।

আমাৰ অসম ৰাজ্যখনক বৰষুণৰ পৰিমাণ, তাপ, মাটিৰ কাৰকতা, আপেক্ষিক আৰ্দ্ৰতা, জলবায়ু আদিৰ ওপৰত ভিত্তি কৰি ছটা ‘এগ্ৰ’ক্লাইমেটিক’ ভাগত বিভক্ত কৰা হৈছে।সম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত চলা গৱেষণাৰ দ্বাৰা কিছুমান বিশেষ খনিজ পদাৰ্থ কোনো কোনো ‘এগ্ৰ’ক্লাইঅমেটিক জ’ন’ত কমকৈ থকা বা অভাৱ হোৱাটো প্ৰতিপন্ন কৰা হৈছে। বিভিন্ন ‘এগ্ৰ’ক্লাইঅমেটিক জ’ন’ত থকা জিলাসমূহৰ বিভিন্ন মাটি, বিভিন্ন ধৰণৰ ঘাঁহ, খাদ্য আৰু জীৱ জন্তুৰ তেজৰ নমুনা স্ংগ্ৰহ্ কৰি বিশ্লেষণ কৰি পোৱা তথ্যৰ আধাৰত অঞ্চল বিশেষত অ ভাৱ হোৱা খনিঅজ পদাৰ্থ সমূহ চিনাক্ত কৰা হৈছে।

আমাৰ কৃষকসকলে এতিয়া নিজৰ অঞ্চলত যিবোৰ খনিজ পদাৰ্থৰ অভাৱ আছে, সেইটোৰ প্ৰতি লক্ষ্য ৰখাটো অতি প্ৰয়োজন। যিটো খনিজ পদাৰ্থৰ অভাৱ আছে বা কমকৈ আছে সেইটো বা সেইকেইটাৰ যাতে স্ংমিশ্ৰণ ঘটাই সুষম খাদ্য প্ৰস্তুত কৰা হয়, তাৰ ওপৰত গুৰুত্ব দিয়াটো নিত্যান্তই প্ৰয়োজন। তদুপৰি কৃষকসকলে সচৰাচৰ খুৱাই থকা খাদ্য বা ঘাঁহ্ৰপৰা কিমানখিনি খনিজ পদাৰ্থ নিজৰ পামৰ জীৱ-জন্তুবোৰে আহৰণ কৰিছে, সেইটো বিশ্লেষণ কৰাৰো প্ৰয়োজন আছে। এই খনিজ পদাৰ্থবোৰ বিশ্লেষণ কৰিবৰ বাবে সদায় খুৱাই থকা খাদ্য, ঘাঁহ অলপ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ খানাপাৰা চৌহদত জমা দিলে, অনুৰোধ সাপেক্ষে কৰি দিয়া হয়। মুঠৰ ওপৰত কৃষক সকলে কোনো কাৰণতে যাতে নিজৰ পামখনৰ পশু-পক্ষীৰ খনিজ পদাৰ্থৰ অভাৱ নঘটে তাৰ প্ৰতি নজৰ দিয়াটো বাঞ্চণীয়।

এখন পাম ব্যৱসায় ভিত্তিত প্ৰতিষ্ঠা কৰি তাৰপৰা উপযুক্ত পৰিমাণৰ লাভ আদায় কৰিবৰ বাবে নিজৰ পামখনৰ পশুধনখিনিক ঠাইবিশেষে বা অঞ্চল বিশেষে প্ৰয়োজন হোৱা খনিজ পদাৰ্থখিনি দিয়াটো অতি দৰকাৰী। ইয়াৰ অভাৱ হ’লে পশু-পক্ষীৰ উত্পাদন ক্ষমতা কমি যায়, বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে আৰু ৰোগ –প্ৰতিৰোধ কৰাৰ ক্ষমতা কমি যায়। আমাৰ কৃষক সকলে এই সম্পৰ্কত ওচৰৰ পশু চিকিত্সক বা পশু বিশেষজ্ঞৰ লগত আলাপ-আলোচনা কৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কাৰাটো অতি প্ৰয়োজন।

0 ধ্ৰুৱজ্যোতি কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate