অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাগলী পালনৰ বিভিন্ন দিশ:

ছাগলী পালনৰ বিভিন্ন দিশ:

 

যুগ যুগ ধৰি ভাৰতীয় সভ্যতাত ছাগলীয়ে বিশেষ স্থান দখল কৰি আহিছে। ছাগলীৰ গাখীৰ শিশুৰ লালন-পালনৰ উসৈতে অংগাংগীভাৱে জড়িত। অসমকে ধৰি দেশৰ প্ৰতিখন ৰাজ্যতে ছাগলী পালন কৰা হয়। ছাগলীৰ মাংস, গাখীৰ, চামৰা, নোম আদিৰ বাবে যথেষ্ট চাহিদা আছে। ছাগলীৰ গাখীৰ যথেষ্ট পুষ্টিকৰ। ছাগলীৰ মাংসও অত্যন্ত সুস্বাদু। যিবোৰ স্থানত আন আন জীৱ-জন্তু পালন কৰিব নোৱাৰি, সেইবোৰ স্থানত ছাগলী পালন কৰাটো সম্ভৱ। ইয়াৰ বাবে কম মূলধনৰ প্ৰয়োজন। অথচ যথেষ্ট পৰিমাণে লাভ হোৱাটো সুনিশ্চিত। সামান্য সাৱধানতা অৱলম্বন কৰিলে ছাগলীৰ অসুখ-বিসুখ যথেষ্ট কম হোৱা দেখা যায়। দুখীয়া আৰু ভূমিহীন লোকসকলৰ বাবে ছাগলী পালন যথেষ্ট প্ৰিয়। পশ্চিমবংগত হেনো এটা ছাগলীয়ে দুইৰ পৰা পাঁচ লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে। সেইবাবে ছাগলীক দুখীয়া লোকৰ গাই বুলি কোৱা হয়। উল্লেখ্য যে পশ্চিমবংগৰ কৃষ্ণকাই ছাগলীৰ বৃদ্ধিৰ হাৰ ভাৰতৰ আন ছাগলীৰ তুলনাত সবাতোকৈ বেছি। প্ৰতিটো ছাগলীয়ে দুবছৰৰ মূৰে মূৰে তিনিবাৰ পোৱালি জন্ম দিয়ে। সেয়েহে কৃষ্ণকাই ছাগলী ব্যৱসায়িক ভিত্তিতো পালন কৰিব লাভৱান হোৱাৰ সম্ভাৱনা আছে। ছাগলীৰ পোৱালি পালন কৰিব বিচাৰিলে পোৱালিবোৰৰ ১-২ বয়স বছৰৰ বেছি উচিত নহয়।

ছাগলীৰ খাদ্য ব্যৱস্থা:

যদিও কথাতে কোৱা হয় ছাগলীয়ে কি নাখায়….। ছাগলীক সদায় বিজ্ঞানসন্মত খাদ্য যোগান ধৰা উচিত। তদুপৰি প্ৰসূতি ছাগলীৰ গৰ্ভাৱস্থাতে শুশ্ৰূষা কৰিলে উন্নত মানৰ আৰু নিৰোগী ছাগলী পোৱালি লাভ কৰিব পাৰিব। তদুপৰি অধিক গাখীৰ পাবৰ বাবে গৰ্ভাৱস্থাত এমাহলৈ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰা উচিত। ছাগলীৰ মুখগহ্বৰৰ গঠন এনেভাৱে তৈয়াৰী যে যিকোনো ঘাঁহ বা অন্য খাদ্য সহজে উপযোগী কৰি তোলে। আনকি কাঁইটযুক্ত পাতো সুন্দৰভাৱে খাব পাৰে ছাগলীয়ে।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate