মূল পৃষ্ঠা / কৃষি / পশু পালন / ছাগলী ভেড়াৰ পি পি আৰু বেমাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাগলী ভেড়াৰ পি পি আৰু বেমাৰ :

ছাগলী ভেড়াৰ পি পি আৰু বেমাৰৰ বিষয়ে লিখা হৈছে ।

 

পি পি আৰু অৰ্থাৎ ইংৰাজীত পেষ্টি ডিছ পোটটছ ৰুমিনেণ্টছ (Peste des Petits ruminants) ছাগলী আৰু ভেড়াৰ গাত হোৱা এবিধ ভাইৰাছজনিত বেমাৰ। এই বেমাৰটো ইতিমধ্যে অসমকে ধৰি গোটেই দেশতে একপ্ৰকাৰ বিয়পি (Endemic) পৰিছে। এই বেমাৰটো ছাগলী প্লেগ (Goat Plague) বুলিও জনা যায়। এই বেমাৰটো ১৯৯৩ চনতে আমাৰ দেশত ধৰা পৰে। এই ৰোগৰ লক্ষণসমূহ গো-বসন্ত আৰু অন্যান্য কেইটামান ৰোগৰ লগত প্ৰায় একে। সেয়েহে গো-বসন্ত (Rinderpest) আমাৰ দেশৰ পৰা একেবাৰে চিৰদিনৰ বাবে নিৰ্মূল (Eradication) হোৱা বুলি কোৱাত এই বেমাৰটোৱে একপ্ৰকাৰ হেঙাৰ হিচাপে দেখা দিয়ে। এই বেমাৰটো এছিয়া আৰু আফ্ৰিকা মহাদেশত বিয়পি আছে।

ৰোগৰ কাৰক -

এই বেমাৰটো পি পি আৰ ভাইৰাছৰ (Pestedes Petits ruminants virus) দ্বাৰা হয়। এই ভাইৰাছটো পেৰামিকজোভিৰিডি (Paramixoviridac) পৰিয়ালৰ অন্তৰ্গত ই এটা মৰবিলি ভাইৰাছ (Morbilli Virus) , গো- বসন্ত (Rinderpest) আৰু কুকুৰৰ কেনাইন ডিছটেম্পাৰ (Canine Distemper) বেমাৰৰ বীজাণুৰ লগত বহুখিনি মিল আছে। এই বেমাৰটো ভেড়াতকৈ ছাগলীৰ ক্ষেত্ৰতহে বেছি মাৰাত্মক ৰুপত হোৱা দেখা যায়। চাৰিমাহৰ পৰা এবছৰৰ ভিতৰত ছাগলী এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। আক্ৰান্ত ৮০ শতাংশ পৰ্যন্ত মৃত্যুমুখত পৰে। এই ৰোগ এটাৰ পৰা আনটোলৈ বিয়পিব পাৰে অৰ্থাৎ ই এবিধ সোঁচৰা বেমাৰ (Contagious Disease) । এই ৰোগত আক্ৰান্ত ছাগলী বা ভেড়াৰ উশাহ-নিশাহৰ দ্বাৰা বীজাণু বিয়পে। ইয়াৰ উপৰি বেমাৰী ছাগলী-ভেড়াৰ চকু আৰু মুখৰ ঘাৰ সংস্পৰ্শত আহিলেও ৰোগ আন ভাল ছাগলী- ভেড়ালৈ বিয়পে।

ৰোগৰ লক্ষণ -

এই ৰোগ সাধাৰণতে একুইট ফৰ্মত (Acute form) হোৱা দেখা যায়। একুইট ফৰ্ম অৰ্থাৎ অতি কম সময়ৰ ভিতৰত ৰোগ বিস্তাৰ হয়। ছাগলী বা ভেড়া এই ৰোগত আক্ৰান্ত হোৱাৰ ৪-৭ দিনৰ ভিতৰত ৰোগৰ লক্ষণসমূহ দেখা দিয়ে। ৰোগৰ আৰম্ভণিতে অত্যন্ত জ্বৰ (৪০-৪১° ছে: প্ৰে: ) থাকে, পিছলৈ লাহে লাহে নোখোৱা হৈ আহে, মন মাৰি থাকে, চকু আৰু নাকৰ পৰা পানী ওলাই থাকে আৰু লাহে লাহে পানীবোৰ পূঁজসদৃশ হ’ব ধৰে। এই পূঁজসমূহ শেঙুনবোৰ লাহে লাহে ডাঠ হ’ব ধৰে আৰু নাকৰ ভিতৰ বাহিৰে লাগি ধৰি এক চামনিৰ সৃষ্টি কৰে। এই চামনিবোৰ পিছলৈ শুকাই চকৰা-চকৰিকৈ এৰিব ধৰে আৰু কিছুমান লাগি ধৰি থাকে। ইয়াৰ উপৰি মুখৰ ভিতৰ-বাহিৰ, দুয়োটা ওঁঠতে, একেবাৰে মুখৰ কাওৰিলৈকে ঘা লাগে। ওঁঠ-মূখ উখহি যায় আৰু একেবাৰে খাব নোৱাৰা হৈ যায়। জিভাখনতো ঘা লাগি উখহি যায় আৰু জিভাখন প্ৰায় লৰাব নোৱাৰা হয়। জ্বৰ দেখা দিয়াৰ ৩-৪ দিনমানৰ পাছত ৰোগাক্ৰান্ত ছাগলী- ভেড়াই অত্যন্ত হাগনি (Diarrhoea) বেমাৰত ভুগে আৰু পিছলৈ পায়খানাৰ লগত শ্লেষ্মা (mucous) যাবলৈ আৰম্ভ কৰে আৰু ই গৈ ডিছেণ্ট্ৰীত পৰিণত হয়। বেমাৰী ছাগলী বা ভেড়াৰ হাগনি আৰম্ভ হোৱাৰ এসপ্তাহমানৰ পাছত মৃত্যুমুখত পৰে।

ৰোগৰ চিকিৎসা -

যিহেতু বেমাৰটো ভাইৰাছজনিত গতিকে চিকিৎসাৰ সলনি প্ৰতিষেধক বেছি ফলদায়ক। কিন্তু বেমাৰত পৰিলে এই ৰোগৰ চিকিৎসাৰ বাবে পশু চিকিৎসকৰ পৰামৰ্শসাপেক্ষে দৰকাৰী এণ্টিবায়’টিক , এণ্টিহিষ্টামিনিক, এণ্টিপাইৰেটিক আৰু এক্সপেক্টটোৰেণ্ট দিব পৰা যায়। প্ৰয়োজনসাপেক্ষে ডি হাইড্ৰেছন হৈছে বুলি গম পালে ৰিহাইড্ৰেছন থেৰাপী হিচাপে ডেক্সট্ৰোজ বা নৰমেল চেলাইন সিৰাত দিব লাগে।

প্ৰতিষেধক -

আমাৰ দেশত এই ৰোগৰ ছিটা ইতিমধ্যে তৈয়াৰ হৈ গৈছে। গতিকে ইয়াক ব্যৱহাৰ কৰি ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা আটাইবোৰ ছাগলী-ভেড়াক এশ শতাংশই বচাব পৰা যায়। ইতিমধ্যে কেইবাটাও উৎসৰ পৰা এই ৰোগৰ ছিটা পাব পৰা হৈছে। তাৰ ভিতৰত I.V.R.I: Muktewar/ H.V.V.I; Hisar/ Indian Immunologicals limited; Hyderabad ইত্যাদি। Indian Immunologicals limited   কোম্পানীয়ে এই ৰোগক ছিটা নামেৰে নামকৰণ কৰিছে আৰু বৰ্তমান এই ছিটাটো অসম চৰকাৰৰ পশুপালন বিভাগৰ অধীনস্থ খানাপাৰাস্থিত Institute of veterinary Biologicals ত যথেষ্ট পৰিমাণে মজুত আছে। গতিকে আমাৰ ৰাজ্যৰ উদ্যমী ছাগলী- ভেড়াপালকসকলে জিলা পশুপালন বিষয়াৰ জৰিয়তে যোগাযোগ কৰি বিনামূলীয়াকৈ এই ৰোগৰ ছিটাৰ ব্যৱস্থা কৰিব পাৰে। এই ৰোগৰ ছিটা চাৰি মাহ বয়সৰ পৰা ছাগলী ভেড়াক দিব পৰা যায়। ই মোটামুটিভাৱে এবছৰৰ পৰা তিনি বছৰলৈ বেমাৰ প্ৰতিৰোধ ক্ষমতাসম্পন্ন হয়। গতিকে এবছৰৰ পৰা তিনি বছৰৰ ভিতৰত ২ য় বাৰৰ বাবে ছিটাকৰণ কৰিব লাগে। ছিটাৰ পৰিমাণ ১ মি: লি: আৰু ইয়াক ডিঙিৰ মাজ অংশৰ ছালৰ তলত দিব লাগে।

ছিটাকৰণৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা -

১) ছাগলী বা ভেড়াক ছিটাকৰণ কৰাৰ এসপ্তাহমানৰ আগতে কৃমিৰ এপালি ঔষধ খুৱাই ল’ব লাগে। ইয়াৰ লগতে লিভাৰৰ টনিক এটাও খুৱাব পাৰিলে ভাল।

২) বাৰিষা অহাৰ এমাহমান আগতে ছিটা দিয়া কামটো পাৰিলে কৰি পেলাব লাগে।

৩) য’ত ইতিমধ্যে বেমাৰটো দেখা দিছে, সেই ঠাইত ছিটাকৰণৰ কাম হাতত ল’ব নালাগে।

৪) ছিটা ব্যৱহাৰ কৰাৰ আগতে ছিটাৰ গুণাগুণটো (অৰ্থাৎ Cold chain Maintained  হৈছে নে নাই ) পাৰিলে চাই ল’ব লাগে।

৫) ছিটাকৰণৰ কামটো সদায় চৰকাৰী পশু চিকৎসকৰ তত্ত্বাৱধানত হ’ব লাগে।

৬) ছিটাটো ইয়াৰ লগত ব্যৱহৃত পানীয়ৰ (Diluent) লগত মিহলাই লোৱাৰ পাছত বৰফত ৰাখিহে ছিটাটো ব্যৱহাৰ কৰিব লাগে। ছিটাকৰণৰ কামটো যিমান পৰা যায়, সোনকালে শেষ কৰিব লাগে।

৭) ছিটাকৰণৰ বাবে সাজু কৰি লোৱা পি পি আৰ ছিটা আধা দি আধা ডিপ ফ্ৰীজ বা ৰেফ্ৰিজাৰেটৰত থৈ পাছত কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰি।

৮) প্ৰতিটো ছাগলী-ভেড়াৰ বাবে নতুন বেজী আৰু নতুন চিৰিজ ব্যৱহাৰ কৰিব লাগে।

৯) গাভিনী ছাগলী বা ভেড়াক এই ছিটা দিব পৰা নাযায়।

১০) এই ছিটা ব্যৱহাৰৰ ফলত কেতিয়াবা হাইপাৰচেনচিটিভিটি ৰিয়েক্স হ’ব পাৰে। এনেক্ষেত্ৰত এণ্টিহিষ্টামিনিক ব্যৱহাৰ কৰিলে ঠিক হৈ যায়।

উৎস: অসমীয়া খবৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top