মূল পৃষ্ঠা / কৃষি / পশু পালন / জীৱ-জন্তুৰ চিজাৰিয়ান অপাৰেশ্যন আৰু কিছু প্ৰাসংগিক কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱ-জন্তুৰ চিজাৰিয়ান অপাৰেশ্যন আৰু কিছু প্ৰাসংগিক কথা

জীৱ-জন্তুৰ চিজাৰিয়ান অপাৰেশ্যন আৰু কিছু প্ৰাসংগিক কথা

 

গৰ্ভৱতী মাতৃয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে যেতিয়া প্ৰসৱ প্ৰক্ৰিয়া সম্পাদন কৰিব নোৱাৰে, তেতিয়া চিকিৎসকে পেট কাটি সন্তানটো বাহিৰ কৰি আনে। এনেদৰে পেট কাটি সন্তান প্ৰসৱ কৰা অপাৰেশ্যনৰ নাম হ’ল চিজাৰিয়ান অপাৰেশ্যন। এই চিজাৰিয়ান একমাত্র মানুহৰ ক্ষেত্ৰতে আবদ্ধ হৈ থকা নাই। জীৱ-জন্তুৰ ক্ষেত্ৰতো আৱদ্ধ হৈ থকা নাই। জীৱ-জন্তুৰ ক্ষেত্ৰতো বৰ্তমান ইয়াৰ বহুল আৰু সফল প্রয়োগ ঘটিছে। সাধাৰণতে চিজাৰিয়ানৰ দৰে এক ব্যয়—বহুল অপাৰেশ্যন এটা জীৱ-জন্তুক তেতিয়াই কৰিব লগা হয়, যেতিয়া সকলো ব্যৱস্থা গ্রহণ কৰিও পোৱালিটো যোনি দ্বাৰেদি সুস্থ আৰু নিৰাপদভাৱে প্ৰসৱ কৰিব পৰা নাযায়। এটা বা ততোধিক উপসৰ্গই দেখা দিলেই প্ৰসৱ সম্ভাৱনা মাকজনীক চিজাৰিয়ান অপাৰেশ্যন প্রয়োগ কৰা হয়—

১। কেতিয়াবা মাকৰ যোনিদ্বাৰ বা জৰায়ুৰ ক্ষমতাৰ তুলনাত গৰ্ভস্থ পোৱালিটোৰ আকাৰ যথেষ্ট ডাঙৰ হয়। তেনে অৱস্থাত মাকৰ যোনি দ্বাৰেদি পোৱালিটো উলিয়াই অনা অসম্ভৱ হৈ পৰে।

২। কেতিয়াবা কিছু ক্ষেত্ৰত গৰ্ভস্থ পোৱালিটোৰ আকাৰ বিকৃত হ’ব পাৰে অথবা টিউমাৰ, হাইদ্রচিকেলাচ, বিকৃত আকাৰৰ বিৰাট কায় পোৱালি, যঁজা পোৱালি আদি হ’লে সন্তান প্ৰসৱৰ স্বাভাৱিক প্রক্রিয়াত বাধাপ্রাপ্ত হয়।

৩। মাকৰ গৰ্ভত পোৱালিটো থাকিব লগা সময়ৰ এক নির্দিষ্ট সীমা থাকে। ইয়াক গৰ্ভধাৰণ কাল বুলি কোৱা হয়। এই গর্ভধাৰণ কাল প্ৰতিটো প্রজাতিৰ বেলেগ বেলেগ হয়। গাইগৰুৰ ক্ষেত্ৰত এই গর্ভধাৰণ কাল-২৮০ দিন, ছাগলীৰ ক্ষেত্ৰত ১৪৮-১৫৬ দিন, ম’হৰ ২৯০-৩১০ দিন, মেকুৰীৰ ৫৯-৬৮ দিন, ঘোঁৰা – ৩৩০-৩৪৫ দিন, গাহৰি ১১২-১২০ দিন, ছাগলী ১৪৮-১৫৬ দিন, ভেঁড়া ১৪৪-১৫০ দিন, ম’হ ২৯০-৩০০ দিন আৰু কুকুৰৰ ক্ষেত্ৰত ৬০-৬২ দিন প্রয়োজন হয়। কিন্তু কিছু ক্ষেত্ৰত স্বাভাৱিকভাৱে পোৱালিটো ওলাই নাহিলে চিজাৰিয়ান পদ্ধতি প্রয়োগ কৰিব লগা হয়।

৪। কেতিয়াবা আকৌ অন্য ধৰণৰ ঠিক ওপৰৰ ঘটনাটোৰ ওলোটা ধৰণৰ ঘটনা এটা ঘটে। গৰ্ভধাৰণ কাল অতিক্ৰম কৰি গৈছে। কিন্তু মাকে কোনোধৰণৰ প্ৰসৱৰ লক্ষণ দেখোৱা নাইবা যোনি দ্বাৰ খোল খোৱা নাই অর্থাৎ গর্ভাশয়টো একেবাৰে নিস্ক্রিয় অৱস্থাত আছে। এনে ক্ষেত্ৰত চিজাৰিয়ান পদ্ধতি অৱলম্বন কৰিব লগা হয়।

৫। কেতিয়াবা কিছু কিছু ক্ষেত্ৰত মাকজনীয়ে গর্ভধাৰণ অৱস্থাত দুখ পালে অথবা জৰায়ু বা গর্ভাশয়ৰ ৰোগৰ বাবে বিনাশ কৰাৰ লক্ষণ দেখুৱাব পাৰে। স্বাভাৱিক ভাৱেই এনে অৱস্থাত পোৱালিটো উলিয়াই দিবলৈ মাকে বল প্রয়োগ কৰে। কিন্তু কিছু ক্ষেত্ৰত যোনি দ্বাৰ সামান্যভাৱে খোল খোৱাৰ বাবে বা একে বাৰেই খোল নোখোৱা বাবে স্বাভাৱিকভাৱে পোৱালিটো উলিয়াই আনিব নোৱাৰা অৱস্থাত পৰিণত হয়। তেনে ক্ষেত্ৰত চিজাৰিয়ান পদ্ধতি অপৰিহার্য।

৬। কেতিয়াবা জৰায়ুৰ মুখ খোল নোখোৱা অৱস্থাত প্ৰসৱ বেদনা আৰম্ভ হয়। এনে অৱস্থাত মাকে অত্যধিক জোৰ দিয়া বাবে গোটেই গর্ভাশয়টো পোৱালিটোৰ সৈতে বাহিৰলৈ ওলাই আহে। দ’ অঞ্চলত ম’হৰ খুটিবোৰত য’ত দৈনিক গাভিনী ম’হবোৰে মথাউৰিত উঠা-নমা কৰে তাত এই পৰিঘটনা সঘনে পৰিলক্ষিত হয়। এনে ক্ষেত্ৰত চিজাৰিয়ান পদ্ধতি প্রয়োগ কৰিব লগা হয়৷

৭৷ গৰ্ভধাৰণৰ আগত নতুবা গর্ভধাৰণ কৰা অৱস্থাত আঘাতপ্রাপ্ত হ’লে স্বাভাৱিকভাৱে পোৱালি ওলোৱা ৰন্ধ্ৰ ঠেক হৈ পৰে। এনে ক্ষেত্ৰত চিজাৰিয়ান পদ্ধতি অপৰিহার্য।

৮। কেতিয়াবা কেতিয়াবা গর্ভধাৰণ অৱস্থাত গাইজনীৰ গৰ্ভাশয়টো কিছু কাৰণত ঘূৰ খাই অস্বাভাৱিক অৱস্থাত পৰিণত হয়। এনে ক্ষেত্ৰত জৰুৰীভাৱে চিজাৰিয়ানৰ আৱশ্যক হৈ পৰে।

৯। গৰ্ভাশয়ত পোৱালিটোৰ অস্বাভাৱিক অৱস্থান, স্থিতি বা ভংগী হ’লে আৰু মাকজনীয়ে বল প্রয়োগেৰে স্বাভাৱিক অৱস্থাত অনাত কঠিন হ’লে চিজাৰিয়ান অৱশ্যম্ভাৱী।

১০। কিছুক্ষেত্ৰত দেখা যায় যে গৰ্ভধাৰণৰ শেষ অৱস্থাত মাক জনীয়ে উঠিব নোৱাৰা অৱস্থাত পৰে। বহুধৰণৰ চিকিৎসা কৰিও এনে ক্ষেত্ৰত আশানুৰূপ সুফল পোৱা নাযায়। এনে ক্ষেত্ৰত মাক আৰু পোৱালিটো বচাবলৈ চিজাৰিয়ান অপাৰেশ্যন প্রয়োগ কৰিব লগা হয়।

চিকিৎসকৰ কাষ কেতিয়া চাপিব

গাইজনীৰ বা অন্যান্য জীৱ-জন্তুৰ ক্ষেত্ৰতো প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ ২ ঘণ্টা মানৰ ভিতৰতে সাধাৰণতে পোৱালি ভূমিষ্ঠ হয়। অৱশ্যে কুকুৰ আৰু মেকুৰীৰ ক্ষেত্ৰত দীঘলীয়া সময়ৰ প্রয়োজন হয়। গতিকে প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পৰা ২-৩ ঘণ্টালৈ আপুনি নিৰুদ্বেগ চিত্তে অপেক্ষা কৰিব পাৰে। যদি তাৰ পাছতো মাকজনীয়ে প্রসৱ কৰিব পৰা নাই অথবা পোৱালিটো আৱৰি অহা পানীৰ বেগটো এই সময়ৰ ভিতৰত ভাগি গৈছে, তেতিয়া আপুনি চিকিৎসকৰ কাষ চাপিব পাৰে। সদায় মনত ৰাখিব এনে ক্ষেত্ৰত কোনো অনভিজ্ঞ লোকক নামাতিব, নহ’লে হিতে বিপৰীত অধিক হয়।

পোনে পোনে অপাৰেশ্যন কৰিব নালাগে

কোনো অভিজ্ঞ চিকিৎসকেই পোনে পোনে গাইজনী বা অন্যান্য জন্তুৰ ক্ষেত্ৰতো অপাৰেশ্যন কৰাৰ চিন্তা নকৰে। প্রথমতে কিছু বল প্রয়োগ কৰি আৰু শাৰীৰিক কৌশল খটুৱাই স্বাভাৱিকভাৱে পোৱালিটো যোনিদ্বাৰেদি ভূমিষ্ঠ কৰাৰ চেষ্টা কৰে। এনে সকলো পোৱালি অপাৰেশ্যনৰ চিন্তা কৰিব লগা হয়।

অপাৰেশ্যন আৰু কিছু প্ৰাসংগিক কথা

চিজাৰিয়ান এটা গধুৰ ধৰণৰ অপাৰেশ্যন। তুলনামূলকভাৱে ই ব্যয় বহুলো। কেৱল মাত্ৰ মাক আৰু পোৱালিটোৰ জীৱনৰ স্বার্থতহে এই অপাৰেশ্যন প্রয়োগ কৰিব লগা হয়। সাধাৰণ চেতনানাশক আৰু স্থানীয় চেতনানাশক প্রয়োগ কৰি মাকজনীয়ে কোনো দুখ-বেদনা অনুভৱ নকৰাকৈ এই অপাৰেশ্যন সম্পূর্ণ কৰা হয়। সাধাৰণতে সৰহভাগ অপাৰেশ্যনতে ই সফল হয় যদিও কোনো কোনো ক্ষেত্ৰত বিফলো হয়। চিজাৰিয়ান অপাৰেশ্যন বিফল হোৱা কিছু কাৰণ হ’ল—

১। অপাৰেশ্যন বুলিয়েই যিমান পৰা যায় চাফ-চিকুণকৈ বীজাণুমুক্ত অৱস্থাত কৰিব লাগে। বীজাণুমুক্ত অৱস্থা সৃষ্টি কৰিবলৈ অপাৰেশ্যনৰ সমূহ যন্ত্রপাতি গৰম পানীত ধুই বীজাণু নাশক দ্রৱণেৰে মচিব লাগে। অপাৰেশ্যন কৰাৰ বাবে শৰীৰৰ অংশটো ভালদৰে ধুই বীজাণুনাশক দ্ৰৱণেৰে সানি পৰিষ্কাৰ কৰি ল’ব লাগে।

২। অপাৰেশ্যন সম্পূর্ণ কৰাৰ পাছত বা অপাৰেশ্যনৰ ঘা নুশুকুৱা পর্যন্ত জন্তুটো চাফ-চিকুণকৈ ৰাখিব লাগে। অপাৰেশ্যনৰ ঘা ডোখৰ ডাক্তৰৰ পৰামর্শ অনুযায়ী ভালদৰে দৈনিক লাগে আৰু ডাক্তৰে বিধান দিয়া এণ্টিবায়টিকৰ সম্পূর্ণ ক’ৰ্ছটো নিয়মীয়াকৈ দিব লাগে। নহ’লে পাছত চেপটিক হৈ জন্তুটো মৃত্যু মুখত পৰিব পাৰে।

৩। অপাৰেশ্যন সম্পূর্ণ কৰাৰ পাছত কেতিয়াবা গাইজনীক ভিটামিন জাতীয় ঔষধ দিব লগা হয়। তেনে ক্ষেত্ৰত পালকে চিকিৎসকৰ পৰামর্শ অনুযায়ী বিহিত ব্যৱস্থা গ্রহণ কৰাটো অতি প্রয়োজন।

৪। কেতিয়াবা কেতিয়াবা দেখা যায় যে পালকে বা অনভিজ্ঞ বেজ বা লোকৰ দ্বাৰা যোনিদ্বাৰেদি পোৱালিটো উলিয়াই আনিবলৈ বল প্রয়োগ কৰি জৰায়ু আৰু যোনি দ্বাৰত ঘা লগাই দিয়ে। অত্যধিক বল প্রয়োগ কৰিলে জৰায়ুৰ ভিতৰৰ পোৱালিটো মৰাৰ উপৰি ভিতৰৰ অন্যান্য জনন ইন্দ্ৰিয়াত আঘাত লাগি অতিপাত ৰক্তক্ষৰণ হৈ মাকজনী অৱশ হৈ পৰে। তেনে ক্ষেত্ৰত চিজাৰিয়ান অপাৰেশ্যন বিফল হোৱাৰ সম্ভাৱনাই বেছি। অনভিজ্ঞ লোক বা বেজৰ দ্বাৰা অতিপাত বল প্রয়োগ কৰি প্ৰসৱৰ বৃথা চেষ্টা কৰা জন্তুৰ প্ৰতি কৰা এক অন্যায় আৰু ইয়াক এক ঘোৰ অপৰাধ বুলিহে গণ্য কৰা হয়।

৫। অপাৰেশ্যন কৰাৰ পাছত ৬-৭ দিনলৈ জন্তুটোক লঘু আহাৰ দিব লাগে। তদুপৰি, কিছু ক্ষেত্ৰত ভিটামিন, আয়াৰণ টনিক, চেলাইন আদিৰো প্রয়োজন হয়। অপাৰেশ্যন কৰা জন্তুটো ২ সপ্তাহ মানলৈ একে ঠাইতে ৰাখিব লাগে। অর্থাৎ চলা-ফুৰা কৰিব দিব নালাগে। মুঠতে চিকিৎসকৰ পৰামর্শ আখৰে আখৰে পালন কৰিব লাগে। সদায় মনত ৰাখিব, চিজাৰিয়ান অপাৰেশ্যন হৈ যোৱাৰ পাছত চিকিৎসকৰ যেনে দায়িত্ব, জন্তুটোৰ গৰাকীজনৰ দায়িত্ব তাতোকৈ বেছি।

লিখক: ডাঃ চন্দ্ৰ কুমাৰ সিংহ আৰু ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি।

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top