মূল পৃষ্ঠা / কৃষি / পশু পালন / ধানখেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত প্ৰণালীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানখেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত প্ৰণালীঃ

ধানখেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত প্ৰণালীৰ বিষয়ে লিখা হৈছে

 

 

অনুকূল জলবায়ুৰ বাবে অসমৰ কৃষকে ধানকেই প্ৰধান শস্য হিচাপে খেতি কৰে। ধান চপোৱাৰ পাছত মৰণা মাৰি খেৰখিনি মেজি সাজি থৈ দিয়ে আৰু বছৰৰ সৰহ দিনত মুখ্য খাদ্য হিচাপে গৰু-মহক খাবলৈ দিয়ে। গৱেষণাৰ পৰা পোৱা গৈছে যে যিবোৰ পৰিমাণত বহুত বেছি থকাৰ বাবে জীণ নিয়াব পৰা পুষ্টিৰ মাত্ৰাও শতকৰা ৪০ ভাগহে থাকে। ইয়াৰ উপৰি ধানখেৰত ধূলি, বালি আৰু অক্সলেট (Oxalate) নামৰ ধাতৱ পদাৰ্থৰ পৰিমাণ বেছি থকাৰ বাবে আনবোৰ পোষক দ্ৰব্যৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মায় আৰু ফলত ধানখেৰৰ পৰা গৰু-ম’হে লাগতিয়াল পুষ্টি আহৰণ কৰিব নোৱাৰে।

ধানখেৰত ইউৰিয়া প্ৰয়োগ কৰাৰ আৱশ্যকতা কি ?

 

অসমৰ কৃষক ৰাইজে বৰ্তমান বিভিন্ন খেতি পথাৰত ইউৰিয়া সাৰ হিচাপে ব্যৱহাৰ কৰে। ইউৰিয়া এটা ৰাসায়নিক দ্ৰব্য আৰু ইয়াত ৪৬.৬ শতাংশ নাইট্ৰ’জেন থাকে। গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ধানখেৰৰ লগত নিৰ্দিষ্ট অনুপাতত ইউৰিয়া মিহলি কৰিলে ধানখেৰৰ পোষকতা বৃদ্ধি হয় আৰু গৰু-ম’হে খেৰত থকা পুষ্টি অতি সহজে গ্ৰহণ কৰিব পাৰে।

ধানখেৰত ইউৰিয়া প্ৰয়োগ কৰাত লাভালাভ কি ?

 

সাধাৰণ ধানখেৰঃ

সাধাৰণ ধানখেৰৰ জীণ নিয়াব পৰা পুষ্টি অতি নিম্নমানৰ।

ধানখেৰত অক্সলেট আৰু চিলিকা নামৰ অপকাৰী পদাৰ্থৰ পৰিমাণ বেছি থাকে।

কঠিন আঁহজাতীয় পদাৰ্থৰ পৰিমাণ বহুত বেছি থকাৰ বাবে হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মায়।

ইউৰিয়া প্ৰয়োগ কৰা ধানখেৰঃ

 

- ইউৰিয়া প্ৰয়োগ কৰা ধানখেৰত জীণ নিয়াব পৰা প্ৰ’টিন শতকৰা ৪-৫ গুণ বৃদ্ধি হয়।

- ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে অক্সলেট আৰু চিলিকাৰ পৰিমাণ হ্ৰাস হয়।

- কঠিন আঁহজাতীয় পদাৰ্থক কোমল কৰি অতি সোনকালে হজম হোৱাত সহায় কৰে।

প্ৰস্তুতকৰণৰ বাবে আৱশ্যকীয় সামগ্ৰীসমূহঃ

 

- ১০০ কিলোগ্ৰাম শুকান ধানখেৰ

- ৪ কিলোগ্ৰাম ইউৰিয়া

- ৪০ লিটাৰ বিশুদ্ধ পানী

- ৫০ লিটাৰ আয়তনৰ প্লাষ্টিক বাল্টি এটা

- ৫ লিটাৰ আয়তনৰ ঝাৰ এটা

- মগ এটা

- পলিথিন ৬ মিটাৰ

- প্লাষ্টিক বা নাৰিকলৰ ৰছী।

প্ৰস্তুত প্ৰণালীঃ

 

- ওখ ঠাই এটুকুৰা নিৰ্বাচন কৰি ৫ ফুট আকাৰ আৰু ২.৫ ফুট ওখ বাঁহৰ চাং এখন সাজি, চাঙৰ ওপৰত এখন ডাঠ পলিথিন পাৰি দিয়ক।

- ৪ কিলোগ্ৰাম ইউৰিয়া ৪০ লিটাৰ পানীত ভালদৰে মিহলাই লওক।

- প্ৰথমে শুকান ধানখেৰ ৬ ইঞ্চি ডাঠকৈ চাঙৰ ওপৰত ছটিয়াই দিয়ক।

-  এতিয়া ইউৰিয়া মিশ্ৰিত পানী ঝাৰি এটাত লৈ ধানখেৰৰ ওপৰতে সমভাৱে ছটিয়াই খেৰখিনি গচকি দিয়ক।

-  ইয়াৰ পাছত পুনৰ ৬ ইঞ্চি ডাঠকৈ শুকান ধানখেৰৰ তৰপ এটা দি পুনৰ ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই দিয়ক।

-  এনেদৰে তৰপে তৰপে খেৰ দি ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই মেজি আকাৰতে খেৰখিনি প্ৰস্তুত কৰক আৰু শেষত এতৰপ শুকান ধানখেৰেৰে মেজিটো ঢাকি দিয়ক।

-  এতিয়া পলিথিনিৰে মেজিটো চাৰিওফালে সম্পূৰ্ণৰূপে ঢাকি ৰছীৰে মেৰিয়াই টানকৈ বান্ধি দিয়ক যাতে বাহিৰৰ পৰা বতাহ বা বৰষুণৰ পানী সোমাব নোৱাৰে।

-  এনেদৰে সম্পূৰ্ণ পলিথিনিৰে বন্ধ কৰি ৰখা খেৰখিনি ৩-৪ সপ্তাহ পাছত ৰাসায়নিক প্ৰক্ৰিয়াকৃত হৈ গৰু-ম’হক খুওৱাৰ উপযোগী হয়।

পশুধনক ইউৰিয়া মিশ্ৰিত ধানখেৰ খুওৱাৰ নিয়মঃ

 

ইউৰিয়া মিশ্ৰিত ধানখেৰৰ মেজিৰ এফালে পলিথিন খুলি কিছু পৰিমাণৰ ধানখেৰ বাহিৰলৈ আনি ২-৩ ঘণ্টা ৰ’দত মেলি দিব লাগে যাতে ইয়াত থকা অতিৰিক্ত এম’নিয়াৰ গোন্ধটো আঁতৰি যায়। ইউৰিয়া প্ৰক্ৰিয়াকৃত ধানখেৰ আৱশ্যকীয় শুকান ধানখেৰৰ সৈতে ৫০:৫০ পৰিমাণ মিহলাই গৰু-ম’হক খাবলৈ দিব লাগে আৰু তাৰ পাছত প্ৰতিদিনে ধানখেৰৰ পৰিমাণ কমাই ইউৰিয়া মিশ্ৰিত ধানখেৰৰ পৰিমাণ বৃদ্ধি কৰি, এসপ্তাহ পাছত অকল ইউৰিয়া মিশ্ৰিত ধানখেৰহে খাব দিব লাগে।

ইউৰিয়া মিশ্ৰিত ধানখেৰ খুৱাই কেনেদৰে লাভৱান হ’ব পাৰি ?

 

গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ৪-৫ কিলোগ্ৰাম ইউৰিয়া মিশ্ৰিত ধানখেৰ গৰু-ম’হক খুৱালে ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম দানা ৰাহি কৰিব পাৰি। সেউজীয়া ঘাঁহৰ নাটনিৰ দিনত আৰু বানপানীৰ সময়ত ইউৰিয়া মিশ্ৰিত ধানখেৰৰ লগত কম পৰিমাণৰ দানা আৱশ্যকীয় খনিজ পদাৰ্থ আৰু ভিটামিন যোগান ধৰিলে খীৰতী গৰু-ম’হৰ সুস্বাস্থ্যৰ লগতে উৎপাদন ক্ষমতাও অটুট থাকিব।

(উৎসঃ খবৰ, ড কামিনী চৌধুৰী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top