মূল পৃষ্ঠা / কৃষি / পশু পালন / নিবনুৱা সকলৰ বাবে ছাগলী পালন এক লাভজনক ব্যৱসায় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিবনুৱা সকলৰ বাবে ছাগলী পালন এক লাভজনক ব্যৱসায় :

নিবনুৱা সকলৰ বাবে ছাগলী পালন এক লাভজনক ব্যৱসায়ৰ বিষয়ে লিখা হৈছে ।

 

অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয়৷ ইয়াৰ জলবায়ু উষ্ণতা আৰু সিক্ত৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ।জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম আৰু খৰছো কম৷ যদিও অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত লেখত ল’বলগীয়া অনুমোদিত জাত নাই তথাপিও মাংস জাতীয় মাংস সাৰ (প্ৰ’টিন) উৎপাদনত অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

ছাগলী পালনক কিয় লাভজনক ব্যৱসায় গণ্য কৰা হয়?

১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয়৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷

২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি৷

৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে৷

৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয়৷

৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয়৷

৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম৷

কেইটামান ভাৰতীয় ছাগলীৰ জাত:

১)অসমৰ থলুৱা জাত (Assam Local) :

অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয়৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায়৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায়৷

২)বিটাল (Beetal):

পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে৷ বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয়৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে৷

৩)বাৰবাৰী (Barbari) :

বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায়৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয়৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয়৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷

৪)যমুনাপাৰী (Jamunapari):

ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায়৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলী বোৰ মুকলিকৈ চৰি-ফুৰি সোনকালে ডাঙৰ হয়৷

৫)বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats):

কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয়৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি৷ কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে- অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে৷

পোহনীয়া ছাগলীৰ নিৰ্বাচন:

(ক)মাইকী ছাগলী:

১)মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল৷

২)দৈহিক গঠন আকৰ্ষণীয় আৰু থিয় হৈ থাকোঁতে চাৰিওটা ঠেঙত সমানে ভৰ পৰা হ’ব লাগে৷

৩)গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল হ’ব লাগে৷

৪)ওহাঁৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো প্ৰয়োজনীয়৷

৫)অধিক সংখ্যক পোৱালী জন্ম দিয়া মাকৰ সন্তান৷

৬)মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহৰ বয়সত প্ৰথম গৰম হয় আৰু ১৮-২৪ দিনৰ মূৰে মূৰে পুনৰাবৃত্তি হয়, যেতিয়ালৈকে গৰ্ভধাৰণ নহয়৷

৭)এজনী মাইকী ছাগলী ২-৩ দিন গৰম হৈ থাকে আৰু সেইসময়ত উপযুক্ত মতাৰে প্ৰজনন কৰাব লাগে৷

৮)প্ৰজননৰ পৰা পোৱালী জন্ম দিয়ালৈকে ছাগলীক গঢ়ে ১৪৮ দিন লাগে৷

(খ)মতা ছাগলী:

১)ভৱিষ্যত প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ হ’লে মতা ছাগলী বাছনিৰ ওপৰত গুৰুত্ব দিব লাগে৷

২)উন্নত গাৰ গঠন, আটিল স্বাস্হ্য, ঠেং কেইটা সমানে মাটিত পৰা আৰু নিৰোগী মতা ছাগলী বাছনি কৰিব লাগে৷

৩)মতা ছাগলীয়ে ৭-১২ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায়৷

৪)প্ৰজনন ক্ষমতা প্ৰাপ্ত ছাগলীক দিনে ৩-৫ কিল’মিটাৰ খোজ কাঢ়িবলৈ দিব লাগে৷

৫)সাধাৰণতে এটা মতা ছাগলীয়ে ৫০ জনী ছাগলীক গাভিনী কৰিব পাৰে৷

৬)যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে অনুপযুক্ত, সিহঁতক ৩ মাহ বয়সত খাহী কৰাব লাগে৷

৭)খাহী কৰিলে দেহৰ ওজন বাঢ়ে, মাংসৰ গুণগুণ বৃদ্ধি হয় আৰু অবাঞ্চিত প্ৰজনন ৰোধ হয়৷

ছাগলীৰ ঘৰ:

১)ছগলী ঘৰৰ বাবে শুকান, আহল-বহল, বতাহ চলাচল কৰিব পৰা, পোহৰ পৰা ঠাই উপযুক্ত৷

২)৫ ফুট বহল আৰু ৭ ফুট দীঘল বাঁহ-খেৰেৰে নিৰ্মিত সাধাৰণ ঘৰ এটাত ৩-৫ জনী ছাগলী ৰাখিব পাৰি৷

৩)যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ আৰু আৰ্দ্ৰতা বেছি সেয়েহে চাংঘৰত ছাগলী পালন কৰাটো উত্তম৷

৪)চাংঘৰৰ বাবে ছাগলী থকা মজিয়াখন ঘৰটোৰ ভেটিৰ পৰা ৩-৩.৫ ফুট ওখ কৰিব লাগে৷

৫)ছাগলী এজনীৰ বাবে ২.৫ ফুট X ৮.৫ ফুট মজিয়াৰ প্ৰয়োজন৷

৬)ঘৰৰ চালখন খেৰ বা এচবেচটচেৰে সাজিলে বছৰটোৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে৷

৭)চাংঘৰত ছাগলী প্ৰতিপালন কৰিলে ছাগলীবোৰ মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু বহু ধৰণৰ পেলুৰ পৰা মুক্ত হৈ থাকে৷

অসম কৃষি বিশ্ববিদ্যালৰ অধীনত বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰত বিটাল আৰু যমুনাপাৰী জাতৰ ছাগলী প্ৰতিপালন কৰি থকা হৈছে৷ ইচ্ছুক ছাগলী পালকে নিজৰ পামত থকা থলুৱা জাতৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসঙ্কৰ ছাগলী উৎপাদনৰ বাবে গৱেষণা কেন্দ্ৰত যোগাযোগ কৰি বিটাল জাতৰ মতা ছাগলী আনিব পাৰিব৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top