আগৰ সংখ্যাত আমি কৃষকসকলক বিভিন্নধৰণৰ বেক্টেৰিয়াজনিত ৰোগৰ বিষয়ে অৱগত কৰিলোঁ । এই খণ্ডত আমি কৃষক ৰাইজক জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান ভাইৰাছজনিত ৰোগৰ বিষয়ে অৱগত কৰিম ।
ভাইৰাছজনিত ৰোগৰ ভিতৰত আটাইতকৈ বেছিকৈ দেখা দিয়া ৰোগবিধ হ’ল চবকা । এই ৰোগ পিকন নামৰ এবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । খুৰাফটা ঘৰচীয়া বা বনৰীয়া জন্তুৰ এইবিধ ৰোগ হ’ব পাৰে ।
এই ৰোগৰ লক্ষণসমূহ হ’ল- আৰম্ভণিতে আক্ৰান্ত জন্তুৰ অতিপাত জ্বৰ উঠে । মুখেৰে অনবৰত লেলাউতি ওলায় । মুখ, জিভা আৰু ভৰিত খুৰাৰ ফাকত ঘা লাগে । ঘাৰ সৃষ্টি হোৱাৰ ফলত জন্তুটোৱে দানা-পানী খাব নোৱাৰা হয় । ভৰিত হোৱা ঘাৰ বাবে চলা-ফুৰা কৰিব নোৱাৰা হয় । গাখীৰতী গাইৰ গাখীৰৰ উৎপাদনক্ষমতা হ্ৰাস পায় । মুখ, জিভা আৰু ভৰিত ঘা হোৱা ঠাইখিনিত পানীজ্বলাৰ সৃষ্টি হয় আৰু ১-২ দিনৰ ভিতৰত পানীজ্বলাটো ফুটি যায় আৰু তাত মাখিয়ে কণী পাৰিবলৈ আৰম্ভ কৰে । ই এক ভয়ংকৰ ৰুপ ধাৰণ কৰে । এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষকৰাইজে আগতীয়াকৈ বেমাৰৰ প্ৰতিষেধক টীকা দিয়াৰ ব্যৱস্থা কৰিব লাগে । এই ৰোগৰ প্ৰতিষেধক ছয়মাহৰ মূৰে মূৰে পোহনীয়া জীৱ-জন্তুক দিয়াৰ ব্যৱস্থা কৰিব লাগে । প্ৰতিষেধকটো গাভিনী গাইকো দিব পৰা যায় । বৰ্তমান অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে বিনামূলীয়াকৈ চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰাৰ ব্যৱস্থা লৈছে ।
এই ৰোগ দেখা দিয়াৰ পিছত গোপালসকলে কিছুমান ব্যৱস্থা হাতত ল’ব পাৰে –
১) ৰোগাক্ৰান্ত জন্তুবোৰক প্ৰথমে ৰোগ নোহোৱা অন্য জন্তুৰ পৰা পৃথকে ৰাখিব লাগে ।
২) মুখ আৰু ভৰিৰ ঘা হোৱা ঠাইখিনিত ১% পটাচিয়াম পাৰমাংগানেট পাউডাৰ দি ধুব লাগে।
৩) মুখৰ ঘা হোৱা ঠাইত বৰ’গ্লিচাৰিন, বিটাদিন গাৰ্গল মলম লগাব পাৰে ।
৪) ভৰিত হোৱা ঘাত টাৰপিন তেল, নেপথেলিনৰ বল, নাৰিকল তেল লগাব পাৰে ।
৫) অন্য ঔষধ যেনে প্ৰতিজৈৱিক আদি চিকিৎসকৰ পৰামৰ্শ মতে দিব পাৰে ।
৬) ভৰিত হোৱা ঘাত শতকৰা ১ ভাগ পটাছ মিহলি পানীৰে ধুই, টপিকিউৰ স্প্ৰে, ড্ৰেচল স্প্ৰে, স্কেভন মলম আদি লগাব লাগে ।
অন্য এক ভাইৰাছজনিত ভয়ংকৰ ৰোগ হৈছে ‘জলাতংক’ ৰোগ । এইবিধ ৰোগ লাইচা নামৰ এক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । গৰু, ম’হ, ঘোঁৰা, ছাগলী আদি ঘৰচীয়া জন্তুৰ এই ৰোগ কুকুৰে কামোৰৰ ফলত হয় ।
এই ভাইৰাছৰ বীজাণু মুখৰ লেলাউতিৰ পৰা বিয়পে।
এই ৰোগৰ দুটা লক্ষণ দেখিবলৈ পোৱা যায় । প্ৰথমটো লক্ষণত জন্তুটোৱে কিছুমান অবাস্তৱিক বস্তু ধৰিবলৈ চেষ্টা কৰিব, মুখৰ পৰা লেলাউতি ওলাব । কিন্তু এই লেলাউতি চবকাৰ দৰে অনবৰতে ওলোৱা দেখা নাযায় । জলাতংকত লেলাউতি অলপ অলপকৈ টোপালৰ দৰে পৰিব । চকুবোৰ ঘন ৰঙা হ’ব । চকুৰ মণি একেঠিৰ হ’ব । গাৰ উষ্ণতা বা জ্বৰ উঠা দেখা নাযায় ।
দ্বিতীয় প্ৰকাৰৰ লক্ষণটো ভয়ানক হয় । এনে লক্ষণত জন্তুটোৱে দৌৰিবলৈ আৰম্ভ কৰিব । জন্তুটোৰ মুখৰ আগত যাকে দেখা পায়, তাকে কামুৰিব । পিছফালে শএৰেৰৰ অংশত পেৰালাইচিচ আৰম্ভ হ’ব ।
এই ৰোগৰ লক্ষণ দেখা দিলে অনতি পলমে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে । লক্ষণ দেখা দিয়াৰ আগতেই যদি কুকুৰে কামোৰাৰ প্ৰমাণ পায়, তেতিয়াও চিকিৎসকৰ কাষ চাপিব লাগে ।
এনে ৰোগ হ’লে কৃষকসকলে কেতিয়াও কহলী হাতেৰে ঘা লগা ঠাইখিনি চুব নালাগে । বিশেষকৈ হাতত কটা ঘা থাকিলে বেমাৰৰ বীজাণু বিয়পে । সেয়েহে পশুপালক ৰাইজে বেমাৰৰ সাৱধানতা অৱলম্বন কৰিব লাগে ।
কুকুৰে জন্তুক কামোৰাৰ লগে লগে প্ৰতিষেধক টীকা জন্তুটোক দিয়াব পাৰে । এই কামোৰাৰ পিছত এই প্ৰতিষেধক টীকা ০,৩,৭,১৪,২৮ আৰু ৯০ দিনত দিয়া হয় । বাস্তৱ ক্ষেত্ৰত দেখা যায় যে আমাৰ বহুতো কৃষক ৰাইজে কুকুৰে কামোৰা জন্তুটোক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰি গাঁৱলীয়া বেজ বা তন্ত্ৰ-মন্ত্ৰৰ সহায় লয় । ফলত ৰোগে মাৰাত্মক ৰুপ ধাৰণ কৰে আৰু আক্ৰান্ত জন্তুটো অৱশেষত মৃত্যু মুখত পৰে । মনত ৰাখিব, এবাৰ লক্ষণসমূহ দেখা দিয়াৰ পাছত কোনো চিকিৎসাই সুফল নিদিয়ে । গতিকে আমাৰ কৃষক ৰাইজে এনেক্ষেত্ৰত কোনো বেজ-বেজালিৰ পৰামৰ্শ নলৈ, চিকিৎসকৰ পৰামৰ্শ অনুযায়ী জলাতংক ৰোগৰ প্ৰতিষেধক টীকা কামোৰৰ প্ৰথম দিন ০ দিন, ৩ দিন, ৭ দিন, ১৪ দিন, ২৮ দিন আৰু ৯০ দিনত দিয়ালে আক্ৰান্ত জন্তুটো মৃত্যু মুখৰ পৰা ৰক্ষা পৰে ।
লেখক – ডা: চন্দ্ৰ কুমাৰ সিংহ , লেখিকা – ডা: উপাসনা বৰুৱা ।
উৎস – দৈনিক জনমভূমি
শেহতীয়া উন্নীতকৰণ: : 4/16/2020