মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুপালকৰ বাবে প্ৰত্যাহ্বান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুপালকৰ বাবে প্ৰত্যাহ্বান :

পশুপালকৰ বাবে প্ৰত্যাহ্বানৰ বিষয়ে লিখা হৈছে ।

 

বাৰিষা কালত বিশেষকৈ বানপানীৰ পাছতে চৰ অঞ্চলত ব্যাপক হাৰত পশুধনৰ মৃত্যু হোৱাৰ বাতৰি সঘনাই শুনিবলৈ পোৱা যায় । তদুপৰি, বহুতো পশুধন এনে সময়তে এবিধ জোপোহা জাতীয় গছৰ পাত ভক্ষণ কৰাৰ ফলত অকালতে মৃত্যুবৰণ কৰা দেখা যায় । সাধাৰণতে বাৰিষা বানপানীৰ সময়ছোৱাত দীঘলীয়া সময়ৰ বাবে নদী ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল বা নদীৰ মাজৰ চৰ অঞ্চলসমূহ পানীত ডুব গৈ থাকে । এনেদৰে দীৰ্ঘদিন পানীত ডুবি থকাৰ বাবে তাত গজা ঘাঁহ-বনজাতীয় উদ্ভিদবিলাক মৰি যায় । কিন্তু দেখা যায় যে চৰ-চাপৰিত বা নদীৰ কাষৰীয়া অঞ্চলত বা অন্যান্য ঠাইত গজা বিষাক্ত গু-ফুলৰ গছবিলাক তেতিয়াও বাচি থাকে । এনে জাতীয় উদ্ভিদবিলাক পানীত ডুব গৈ থাকিলেও সাধাৰণতে নমৰে বৰঞ্চ লহপহকৈ বাঢ়ে । পানী শুকাই যোৱাৰ পাছত এনেবোৰ অঞ্চলৰ গৰু-ম’হৰ বাবে ঘাঁহৰ অভাৱ এক জ্বলন্ত আৰু গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰে । সাধাৰণতে গৰু-ম’হে এই বিষাক্ত গু-ফুলৰ পাত আদি ভক্ষণ নকৰে । কিন্তু দুৰ্ভিক্ষৰ দিনত অতিপাত ভোকৰ কলমনলিত সিহঁতে এইবিধ গছ ভক্ষণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হোৱা দেখা যায় ।

গু-ফুল কেনেধৰণৰ উদ্ভিদ -

গু-ফুল জোপোহা জাতীয় উদ্ভিদ । গাঢ় সেউজীয়া ৰঙৰ এই বিধ গছৰ পাত ঠিক আমাৰ তুলসী পাতৰ দৰে যদিও আকাৰত কিছু ডাঙৰ । পাতবিলাক মোহাৰি চালে অতিপাত গোন্ধায় । বিভিন্ন ৰঙৰ থোপাথুপি ফুল ফুলে । চৰ- চাপৰি, নদী কাষৰীয়া অঞ্চলৰ বাদেও এইবিধ উদ্ভিদ সকলো ঠাইতে গজা দেখা যায় । এইবিধ গছৰ বিশেষত্ব হ’ল গছজোপা সম্পূৰ্ণ কাটি পেলালেও থাকি যোৱা অংশৰ পৰাই পুনৰ গজালি মেলি লহপহকৈ বাঢ়ে আৰু অতি কম দিনৰ ভিতৰতে পূৰ্ণাংগ গছলৈ পৰিৱৰ্তন হয় ।

গু-ফুলৰ গছৰ কোনটো অংশ বিষাক্ত :- গু-ফুল গছজোপাৰ সকলো অংশই বিষাক্ত বুলি প্ৰমাণিত হৈছে। তথাপি ফুল ব গা-গছতকৈও ইয়াৰ পাত খালে অতি কম সময়ৰ ভিতৰতে জন্তুটো বিষক্ৰিয়াত আক্ৰান্ত হোৱা দেখা যায় । সাধাৰণতে গু-ফুলৰ পাতত লেনটাদিন ‘এ’ আৰু লেনটাদিন ‘বি’ নামৰ দুবিধ অতি বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে । এই দুবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ বাবে গৰু, ম’হ আদি বিষক্ৰিয়াত আক্ৰান্ত হয় । গৰু-ম’হৰ বাদেও ছাগলী, ভেৰা গিনিপিগ, শহাপহু আদি জন্তুও গু ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত হ’ব পাৰে । চৰ-চাপৰিত থকা গৰু-ম’হৰ বাদেও, চৰণীয়া পথাৰত চৰি থকা গৰু-ম’হ বা গোহালিত বান্ধি ৰখা গৰু-গাইৰ বাবে কাটি অনা ঘাঁহত অজানিতে গু-ফুলৰ পাত আদি মিহলি হৈ তেনে ঘাঁহ খোৱাৰ ফলতো গৰু, ম’হ আদি গু-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা দেখা যায় ।

গু-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত জন্তুৱে কেনেধৰণৰ লক্ষণ দেখুৱায় :- গু-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত জন্তুটোৱে বিভিন্নধৰণৰ লক্ষণ দেখুৱায় । সাধাৰণতে জন্তুটোৱে কিমান পৰিমাণৰ গু-ফুলৰ পাত বা অন্যান্য অংশ ভক্ষণ কৰিলে, তাৰ ওপৰত লক্ষণ নিৰ্ভৰ কৰে । সাধাৰণতে গো-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত জন্তুটোৰ আৰম্ভণিতে শৰীৰৰ উত্তাপ কমি যায় । মুখেদি অত্যধিক পৰিমাণৰ লেলাউটি নিৰ্গত হয় । উশাহ-নিশাহ লওঁতে কষ্ট হয় । খাবলৈ ইচ্ছা প্ৰকাশ নকৰে । শৌচ ঢিলা হয় বা কেতিয়াবা টান হয় । কাণ আৰু মূৰ অনবৰত জোকাৰি থাকে । আক্ৰান্ত জন্তুটোৱে পাগুলিবলৈ এৰে । শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ কাণৰ আগ অংশ আৰু নাকত ঘা লাগে । পেট ফুলে আৰু হৃদযন্ত্ৰৰ স্পন্দন বাঢ়ি যায় । গু-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত জন্তুৰ অন্য এক বিশেষ লক্ষণ হ’ল ইহঁত পোহৰৰ প্ৰতি অতি সংবেদনশীল হয় অৰ্থাৎ ইহঁতে ৰ’দৰ পোহৰ সহ্য কৰিব নোৱাৰা হয় । সেয়েহে, আক্ৰান্ত জন্তুবোৰে গছৰ ছাঁত নতুবা ৰ’দ নপৰা জোপোহাৰ মাজত সোমাই থাকিব বিচাৰে । দেহৰ বিভিন্ন অংশৰ শ্লেষ্মা চৰ্মপ্ৰদ বিলাক হালধীয়া হৈ পৰে অৰ্থাৎ আক্ৰান্ত জন্তুটো জণ্ডিচ বা পাণ্ডুৰোগতো ভোগা দেখা যায় । ক্ৰমান্বয়ে এই বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ ৰক্ত প্ৰবাহৰ লগত সমগ্ৰ শৰীৰতে বিয়পি পৰে আৰু শৰীৰৰ মুখ্য অংগ যকৃৎ আৰু বৃক্কৰ কোষবিলাক ধ্বংস কৰি মৃত্যু মুখত পেলায় ।

কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন -

আমাৰ গো-পালকসকলে জন্তুটো গু-ফুলৰ বিষক্ৰিয়াত আক্ৰান্ত বুলি সন্দেহ কৰাৰ লগে লগে চিকিৎসকৰ লগত তাৎক্ষণিক যোগাযোগ কৰিব লাগে । পালকসকলে এটা কথা মনত ৰখা উচিত, আৰম্ভণিতে চিকিৎসাৰ ব্যৱস্থা কৰিলে সু-ফল দিয়ে । বিলম্ব কৰিলে শৰীৰৰ মুখ্য অভ্যন্তৰীণ অংগসমূহ ধ্বংস হোৱাৰ পাছত চিকিৎসাই ফল নিদিয়ে । ৰোগৰ লক্ষণ দেখা দিয়াৰ বা বিষক্ৰিয়াত আক্ৰন্ত হোৱাৰ তৎমূহৰ্ততে উপযুক্ত চিকিৎসা দিব পাৰিলে মৃত্যুৰ হাৰ যথেষ্ট কমাব পৰা যায় । বিষক্ৰিয়াত আক্ৰান্ত জন্তুবোৰক ১০% বা ২০% ডেক্সটছ চেলাইন, নৰ্মেল চেলাইন, গ্লুক’জ চেলাইন আদি শিৰাভ্যন্তৰণ প্ৰথাৰে দিয়া হয় । যকৃতৰ স্বাভাৱিক ক্ৰিয়া সঠিক কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ যকৃতৰ ঔষধ খুৱাব লাগে বা বেজী আদি প্ৰয়োগ কৰিব লগা হয় । তদুপৰি, বিভিন্নধৰণৰ ইলেক্সলাইট পাউডাৰ যেনে- ইনটালাইট, ইলেক্সবেষ্ট আদি প্ৰতি ৫ লিটাৰ পানীত ৩০ গ্ৰাম মিহলি কৰি দিনটোত ৩-৪ বাৰ খুৱাব লাগে । তদুপৰি আক্ৰান্ত জন্তুটোক ভিটামিন বি কমপ্লেক্স, এট্ৰপিন ছালফেট, ষ্টেৰইড, এণ্টিহিষ্টমিন আদি বিভিন্ন ঔষধ প্ৰয়োগ কৰিব লগীয়া হয় । কেতিয়াবা কেতিয়াবা জোলাপ খুৱাই খাদ্য নলীত থকা বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰি দিব লগা হয় । ক্ষুদ্ৰান্তৰ পৰা যাতে এই বিষাক্ত পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংগলৈ প্ৰসাৰিত হ’ব নোৱাৰে তাৰ বাবে এট্ৰপিন ছালফেট জাতীয় বেজী তাৎক্ষণিকভাৱে প্ৰয়োগ কৰিব লগা হয় । কেতিয়াবা আক্ৰান্ত জন্তুবোৰক প্ৰতিজৈৱিক ঔষধৰ লগতে পাকস্থলী সুস্থ থাকিবৰ বাবে প্ৰি বায়টিক, প্ৰ-বায়টিক আদি বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰিব লগা হয় । গাৰ ছাল, নাক, কাণ বা শৰীৰৰ বিভিন্ন অংশত হোৱা ঘাৰ বাবে বিভিন্নধৰণৰ এণ্টিছেপ্টিক মলম যেনে- ড্ৰেছল, স্কেভন, টপিকিউৰ, পলিএক্স এল আৰ আদি মলম লগাব লাগে । শৰীৰ স্বাভাৱিক পাচনক্ৰিয়া সঠিকভাৱে ৰাখিবলৈ ৰুমেন এফ এছ, কেটন, এপিটনিক, ফ্লুৰাবষ্ট, ৰুমেনটাছ বলাছ, ফ্লৰাটন আদি ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰয়োগ কৰিব লাগে ।

লেখক :-  ডা: চন্দ্ৰ কুমাৰ সিংহ

লেখিকা :- ডা: উপাসনা বৰুৱা

উৎস :- দৈনিক জনমভূমি

অপতৃণজাতীয় উদ্ভিদৰ বিষক্ৰিয়া -

পালকসকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব :-

১) যিহেতু বানাক্ৰান্ত জীৱজন্তু বা অন্যান্য জীৱ-জন্তুবিলাক অতিমাত্ৰা খাদ্যাভাৱত বা ভোকত থকাৰ বাবে সন্মুখত পোৱা যিকোনো খাদ্য বা ঘাঁহ-বন খাব পাৰে । আমাৰ গো-পালকসকলে যাতে এনেধৰণৰ কোনো বিষাক্ত ঘাঁহ-বন খাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হোৱা উচিত ।

২) কাটি অনা ঘাঁহত যাতে এইবিধ বন মিহলি হৈ নাহে তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে ।

৩) চৰণীয়া পথাৰ বা চৰ-চাপৰি অঞ্চলত হোৱা এইবিধ উদ্ভিদ পুলিয়ে –পোখাই উঘালি ধ্বংস কৰিব পাৰিলে ভাল ।

৪) আক্ৰান্ত জীৱ-জন্তুক সেউজীয়া কোমল ঘাঁহৰ লগতে৪ আঁহযুক্ত খাদ্য শস্য আৰু খেৰ দিব লাগে ।

৫) আক্ৰান্ত জীৱ-জন্তুক মুকলি বতাহ সহজে চল চল কৰিব পৰা ঠাই আৰু ৰ’দ নপৰা ঠাইত ৰাখিব লাগে ।

৬) পাতলীয়াকৈ চাপৰৰ পানী দিব পাৰিলে ভাল ।

৭) জন্তুটোক যথেষ্ট পৰিমাণৰ পৰিষ্কাৰ পানী বা গ্লুক’জ বা ইলেক্সলাইট মিশ্ৰিত পানী খাবলৈ দিব লাগে ।

অৱশেষত ইয়াকে ক’ব পাৰি যে আমাৰ পালকসকলে অলপমান সাৱধানতা অৱলম্বন কৰিলেই এনে মাৰাত্মক বিষক্ৰিয়াজনিত ৰোগৰ পৰা পশুধনসমূহক ৰক্ষা কৰিব পাৰে ।

উৎস :- দৈনিক জনমভূমি

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top