মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুপালকৰ বাবে প্ৰত্যাহ্বান গৰু-ম’হৰ পেট ফুলা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুপালকৰ বাবে প্ৰত্যাহ্বান গৰু-ম’হৰ পেট ফুলা ৰোগ

পশুপালকৰ বাবে প্ৰত্যাহ্বান গৰু-ম’হৰ পেট ফুলা ৰোগৰ বিষয়ে লিখা হৈছে ।

পেট ফুলা গৰু-ম’হ বা অন্যান্য ঘাঁহ পাগুলি খোৱা জীৱ-জন্তুৰ এক মাৰাত্মক ৰোগ । এই ৰোগ সাধাৰণতে ঘাঁহ পাগুলি খোৱা জীৱ-জন্তুৰ ক্ষেত্ৰতহে বেছিকৈ দেখা যায় । কিম্বন প্ৰক্ৰিয়াৰ ফলত পাকস্থলীত (ৰুমেন) অধিক পৰিমাণৰ বায়ু উৎপাদন হোৱাৰ ফলত জীৱ-জন্তুবিলাকৰ পেট ফুলি উঠে আৰু ইয়াৰ ফলত এই ৰোগ হয় । সাধাৰণতে নিয়মিতভাৱে পাকস্থলীত (ৰুমেন) উৎপন্ন হোৱা বায়ু পায়ুছিদ্ৰই দি প্ৰাকৃতিকভাৱে নিৰ্গত হয় । কিন্তু কিবা কাৰণত পাকস্থলীত উৎপাদিত বায়ু নিৰ্গমন হোৱা প্ৰক্ৰিয়াটোত বাধাৰ সৃষ্টি হ’লে নতুবা কম সময়ৰ ভিতৰত অধিক পৰিমাণৰ বায়ু উৎপাদন হ’লে পেটফুলা ৰোগত আক্ৰন্ত হয় ।

পেটফুলা ৰোগৰ কাৰণসমূহ -

পেটফুলা ৰোগৰ বহুতো কাৰণ আছে । তাৰ ভিতৰত নিম্ন উল্লিখিত কাৰণসমূহেই প্ৰধান-

১) খাদ্য নলীৰ অৱকাশিকাত কিবা কাৰণত বাধাৰ সৃষ্টি হ’লে ।

২) অত্যধিক দানা খালে বা দানাৰ হঠাৎ পৰিৱৰ্তন হ’লে ।

৩) হঠাৎ খাদ্যৰ পৰিৱৰ্তন হ’লে নতুবা নিয়ৰত তিতি থকা অত্যধিক পৰিমাণৰ মাহজাতীয় খাদ্য খালে ।

৪) কিছুমান ঘাঁহত বা মাহ জাতীয় খাদ্য শস্যত হাইড্ৰচায়ানিক নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে । এনে বিষাক্ত পদাৰ্থই পাকস্থলীৰ মাংসপেশীবোৰ অৱশ কৰি তোলে । ফলস্বৰুপে পাকস্থলীত স্বাভাৱিক প্ৰক্ৰিয়াৰে উৎপাদিত বায়ু পায়ু ছিদ্ৰইদি বাহিৰ কৰি দিয়াত বাধাৰ সৃষ্টি কৰে ।

৫) কিছুমান ঘাঁহ বা ঘাঁহজাতীয় খাদ্য শস্যত নতুবা অন্যান্য খাদ্যত ফছফেট নামৰ এবিধ পদাৰ্থ বেছিকৈ থাকিলে পাকস্থলীত কাৰ্বন ডাই অক্সাইড, মিথেন, এমোনিয়া আদি গেছ উৎপন্ন হয় ফলত পেটটো বেছিকৈ ফুলি উঠে । এনে পদাৰ্থই পাকস্থলীৰ মাংসপেশীবোৰ অৱশ কৰি তোলে, ফলস্বৰুপে স্বাভাৱিকভাৱে পায়ু ছিদ্ৰাই বায়ু নিষ্কাশন কৰাত বাধাৰ সৃষ্টি কৰে ।

৬) অত্যধিক পৰিমাণৰ সেউজীয়া কোমল ঘাঁহ খোৱাৰ ফলতো পেট ফুলিব পাৰে ।

৭) পচা বা ভেঁকুৰা ঘাঁহ, খেৰ, ভাত, আলু, আঁহ বিহীন শাক-পাচলি, দানা বা শস্য আদি খোৱাৰ ফলত ।

৮) শৰ্কৰাযুক্ত আহাৰ অধিক পৰিমাণে খালে ।

৯) দূষিত পানী আদি খোৱাৰ ফলত ।

১০) অসাৱধানবশত: কেতিয়াবা গৰু-ম’হে আটা, চাউল, কাগজ, পলিথিন, পেলনীয়া ভাত, ৰসগোল্লাৰ ৰস, গুৰ, মাহ, চাউল, চেনি আদি খোৱাৰ ফলত ।

১১) পাকস্থলীৰ কিছু ৰোগত স্বাভাৱিক প্ৰাকৃতিক প্ৰক্ৰিয়াৰে উৎপাদিত বায়ু পায়ু ছিদ্ৰই দি বাজ কৰি দিয়াত অপাৰগতা হোৱাৰ ফলত ইত্যাদি ।

পেটফুলা ৰোগৰ লক্ষণ -

১) এই ৰোগত আক্ৰান্ত জন্তুটোৰ পেটটো বিশেষকৈ বাওঁফালৰ পেটটো বেছিকৈ ফুলি উঠে । বাওঁফালৰ পেটত হাতৰ তলুৱাৰে বজাই দিলে ধপ ধপ শব্দ হয় ।

২) খাবলৈ ইচ্ছা প্ৰকাশ নকৰে আৰু একে ঠাইতে থিয় হৈ থাকিব বিচাৰে ।

৩)আক্ৰান্ত জন্তুটো শুবলৈ ইচ্ছা প্ৰকাশ নকৰে নতুবা শুব খুজিলেও তৎক্ষণাৎ উঠি দিয়ে । কিয়নো পেট ফুলিলে স্বাভাৱিকভাৱে উশাহ-নিশাহ লোৱাত কষ্ট হয় ।

৪) নোমবোৰ ভোবোৰা পৰে আৰু মন মাৰি থাকে ।

৫) ঘনাই ঘনাই উশাহ-নিশাহ লয় আৰু উশাহ-নিশাহ লওঁতে অতি কষ্ট হয় ।

৬) হৃদস্পন্দনৰ মাত্ৰ বৃদ্ধি পায় ।

৭) শৌচ, প্ৰস্ৰাৱ বন্ধ হৈ পৰে ।

৮) কেতিয়াবা অত্যন্ত পেটৰ বিষৰ বাবে পিছ ভৰিকেইখন আচাৰি থাকে আৰু উঠা-বহা কৰি থাকে ।

৯) মুখেৰে কেতিয়াবা পৰ্যাপ্ত পৰিমানত লেলাউটি ওলায় ।

যথেষ্ট পৰিমানে ঘাঁহ-বনৰ লগতে আঁহযুক্ত খাদ্য শস্যৰ অতি প্ৰয়োজন । হঠাৎ খাদ্যৰ পৰিৱৰ্তন কৰিব বিচাৰিলে সেই আহাৰ অত্যধিক পৰিমাণত খাবলৈ নিদি কম কমকৈ খুৱাই অভ্যাস কৰাব লাগে । গৰু, ম’হক কেতিয়াও ভাত, আটা, গুৰ, পচা বা ভেঁকুৰা দানা, ঘাঁহ, খেৰ, দূষিত পানী খাবলৈ দিব নালাগে । বিয়া, সভা বা বিভিন্ন সকাম-নিকামত পেলনি যোৱা ভাত, দাইল, ৰসগোল্লাৰ ৰস, আটা, ৰুটি, মাহ, চাউল ইত্যাদিবিলাক কেতিয়াও গৰু, ম’হক খাবলৈ দিব নালাগে । এইবোৰ অতি মাৰাত্মক ।

আজিকালি বজাৰত পেটফুলা ৰোগৰ বহুতো ঔষধ ওলাইছে । চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি এনে ঔষধ যেনে- কেটন, এপিটনিক, ৰুচামেক্স, ব্লটাৰিড, ব্লট’চিল, টাইৰেল, ব্লৰ্টিনৰ্ম, ফ্লৰাবষ্ট, ৰুমেন, ৰুমেনটাচ, ৰুমিচেল, বাফজন, বাফাৰ, বাফকাইণ্ড আদি ঔষধ প্ৰয়োগেৰে সুফল পাব পাৰি । কেতিয়াবা পাইখানা টান হ’লে মেগচালফজাতীয় ঔষধ খুৱাব লগা হয় । ৰোগৰ মাত্ৰা অত্যধিক হ’লে কেতিয়াবা সিৰা অভ্যন্তৰণ প্ৰথাৰে নৰমেল চেলাইন, ডেক্সট্ৰচ, চেলাইন, ৰিনজাৰ লেকটেট আদি ঔষধ প্ৰয়োগ কৰিব লগা হয় । কেতিয়াবা কেতিয়াবা ৰোগৰ মাত্ৰা অনুযায়ী প্ৰতিজৈৱিক ঔষধ, লিভাৰৰ ঔষধ, এণ্টি চিষ্টামিন, ভিটামিন বি কমপ্লেক্স আদি বিভিন্ন ঔষধ প্ৰয়োগ কৰিব লগা হয় । প্ৰাথমিক চিকিৎসা হিচাপে আমাৰ গো-পালক সকলে নিম্ন উল্লিখিত গাঁৱলীয়া ঔষধ প্ৰয়োগ কৰিব পাৰে ।

১) আদা- ১০০ গ্ৰাম

২) নহৰু- ২ টা (ডাঙৰ আকাৰৰ)

৩) ক’লানিমখ – ৫ গ্ৰাম

৪) খোৱা চৌদা- ৫ চামুচ

উপৰিউক্ত উপাদানসমূহ ভালদৰে পিহি দিনে দুবাৰ কৰি খুৱালে সুফল পাব পাৰে ।

১) মিঠাতেল- ৫০০ মি:লি:

২) এৱা গাখীৰ- ২৫০ মি:লি:

উক্ত উপাদানসমূহ ভালদৰে মিহলি কৰি খুৱালে পেটফুলা ৰোগ নিৰাময় কৰিব পাৰি ।

মুঠতে আমাৰ গো-পালকসকলে পেটফুলা ৰোগত আক্ৰান্ত হোৱা দেখা পালেই বিলম্ব নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত

লেখক: ডা: চন্দ্ৰ কুমাৰ সিংহ, লেখিকা: ডা: উপাসনা বৰুৱা  (দৈনিক জনমভুমি)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top