মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বান :

পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বানৰ বিষয়ে লিখা হৈছে ।

 

পশুধনৰ শ্ৰীবৃদ্ধিত প্ৰকৃতি প্ৰত্যক্ষভাৱে জড়িত , ই এক বাস্তৱ সত্য। বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ ধাউতি কেৱল চৰকাৰী চাকৰিতে সীমাবদ্ধ হৈ থকা নাই। পশুপালনৰ দিশটোৱে আজিৰ সময়ত যুৱ প্ৰজন্মৰ ধাউতি কেৱল চৰকাৰী চাকৰিতে সীমাবদ্ধ হৈ থকা নাই। পশুপালনৰ দিশটোৱে আজিৰ সময়ত বহু পৰিমাণে খ্যাতি লাভ কৰিছে। সেয়েহে ইয়াৰ বৃদ্ধিত পৰিৱেশৰ সালসলনিৰ দিশটো সামৰি লোৱা নিতান্তই বাঞ্চনীয়। বাৰিষা কালত অহাৰ লগে লগে পশুপালকসকলৰ চিন্তাই আগভেটি ধৰে। কিয়নো বাৰিষা কালত জীৱ-জন্তুৰ বেমাৰ বাঢ়ি যোৱাৰ লগে লগে ই পালকজনৰ উপাৰ্জনত বিঘিনি আনে আৰু শেষত কৃষকজন চিকিৎসকৰ শৰণাপন্ন হয়। অসমত গোধনৰ ৰোগ-ব্যাধি অলপ বেছি, কিয়নো জলীয় বাষ্পৰ আধিপত্য আৰু সেমেকা পৰিৱেশ, অধিক বৰষুণ, বানপানী, উন্নত ঘাঁহৰ যোগানৰ অভাৱ, দানা জাতীয় খাদ্যৰ নাটনি আদি। বৰ্তমানৰ সময়ত পশুপালকসকলে উৎপাদন বৃদ্ধিৰ হেতু বহু উন্নতজাতৰ জীৱ-জন্তু ৰখাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। থলুৱা জাতৰ গোধনৰ উৎপাদন ক্ষমতা বাহিৰৰ জাততকৈ কম। সেয়েহে গোপালসকলে বাহিৰৰ জাত নিৰ্বাচন কৰি লয়। যিদৰে সকলো ভাল বস্তুৰে এটা বেয়া দিশ থাকে, ঠিক তেনেদৰেই বৰ্ণসংকৰ জাতৰ গৰুৰ ৰোগ-ব্যাধিৰ সমস্যাও বেছি। সঘনে দেখা দিয়া ৰোগসমুহক তলত দিয়া ধৰণে ভাগ কৰিব পৰা যায়:

১) বেক্টেৰিয়াজনিত ৰোগ।

২) ভাইৰাছজনিত ৰোগ।

৩) প্ৰট’জোৱাজনিত ৰোগ

৪) পেলু আৰু পৰজীৱীৰ পৰা হোৱা ৰোগ

৫) অপুষ্টিজনিত ৰোগ।

প্ৰথমেই, বেক্টেৰিয়াজনিত ৰোগসমুহৰ বিষয়ে উল্লেখ কৰা হ’ল- বেক্টেৰিয়াজনিত বিভিন্ন ৰোগসমুহৰ ভিতৰত গলফুলা, গাঠিয়া, ঠেটুৱা আদিয়েই প্ৰধান। গলফুলা ৰোগটো এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই ৰোগৰ প্ৰাদুৰ্ভাৱ সমগ্ৰ দেশতে বিস্তাৰিত হৈ আছে। এই ৰোগবিধ ৬ মাহৰ পৰা ২ বছৰৰ জন্তুৰ ভিতৰত হয়। গৰু, ম’হ, ছাগলী, ভেৰা, গাহৰি, ঘোঁৰা, হাতী সকলোৰে গলফুলা হয়। গলফুলা ৰোগ খাদ্যৰ পৰা , উশাহৰ পৰা বিয়পে। ৰোগৰ লক্ষণসমুহ হ’ল- প্ৰথমে অতিপাত জ্বৰ, উশাহ লোৱাত কষ্ট, নাকৰ পৰা পানী ওলাব। প্ৰধান লক্ষণটো হ’ল ডিঙি, জিভা ফুলি উঠা। উশাহ লওঁতে ঘৰ ঘৰ শব্দ হ’ব। এবাৰ হ’লে একেলগে বহু গৰু মৃত্যু মুখত পৰে। ৰোগবিধ নহ’বলৈ আগতীয়াকৈ প্ৰতিষেধক টীকাকৰণ ব্যৱস্থা কৰিলে সুফল পোৱা যায়। আন এবিধ বেক্টেৰিয়াজনিত মাৰাত্মক ৰোগ হ’ল ‘গাঠিয়া’। এবিধ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। সাধাৰণতে ৬ মাহৰ পৰা ২ বছৰৰ গৰু-ম’হৰ এই ৰোগ হয়। গৰু-ম’হৰ লগতে ছাগলী, ভেৰাৰো গাঠিয়া লগা হয়। এই ৰোগৰ লক্ষণসমুহ হ’ল- আৰম্ভণিতে জন্তুটোৰ অতিপাত জ্বৰ আন এবিধ বেক্টেৰিয়াজনিত মাৰাত্মক ৰোগ হ’ল ‘ঠেটুৱা লগা’। বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। গৰু-ম’হৰ উপৰি ছাগলী, ভেৰা, গাহৰি, ঘোঁৰা, হাতী, য়াক, মিথুন, উট আদি সকলোৰে এই ৰোগ হয়। এই ৰোগৰ লক্ষণসমুহ হ’ল- আৰম্ভণিতে অতিপাত জ্বৰ উঠে। পেট ফুলে আৰু কেতিয়াবা কঁপনি উঠাৰ লক্ষণে দেখা দিয়ে। ইয়াৰ পিছত খোজ কাঢ়িব নোৱাৰা হয়। খাবলৈ মন নকৰে। যিকোনো এটা ভৰিত বিষ হয় আৰু এটা ঠাই ফুলি উখহি যায়। ফুলি যোৱা অংশটো চুই চালে গৰম পোৱা যায়। উখহা অংশত হাতেৰে হেঁচি চালে ডাঠ আৰু কিৰ কিৰ শব্দ হয়। ঠাইখিনিৰ ৰং সলনি হৈ অলপ সেউজীয়া আৰু নীলা ৰঙৰ সংমিশ্ৰণৰুপে দেখা যায়। নাকৰ ফুটাৰ পৰা তেজৰ পানী ওলোৱা পৰিলক্ষিত হয়। এনে ৰোগ হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কিয়নো ৰোগবিধ দেখা দিয়াৰ পিছতে চিকিৎসা নকৰিলে  সুফল পোৱা নাযায়।

আন এবিধ বেক্টেৰিয়াজনিত মাৰাত্মক ৰোগ হ’ল ‘ঠেটুৱা লগা’। বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। গৰু-ম’হৰ উপৰি ছাগলী, ভেৰা, গাহৰি, ঘোঁৰা, হাতী, য়াক, মিথুন, উট আদি সকলোৰে ৰোগ হয়। এই ৰোগৰ লক্ষণসমুহ হ’ল- আৰম্ভণিতে অতিপাত জ্বৰ উঠিব, খাবলৈ ৰুচি নোহোৱা হ’ব, উশাহ লওঁতে কষ্ট হ’ব, চকু ৰঙা হ’ব। এই ৰোগৰ এক বিশেষ লক্ষণ হ’ল- আগতীয়া কোনো লক্ষণ নেদেখুৱাকৈ জন্তুটো হঠাতে মূৰ্চ্ছা যাব আৰু মৃত্যু হ’ব। পেট ফুলিব আৰু মৃত্যুৰ পাছত জন্তুটোৰ সকলো ৰন্ধ্ৰইদি গাঢ় নীলা ৰঙৰ তেজ ওলাব। কিন্তু মৰাশটোৰ সলনি নহব। মৰাশটোৰ পৰা ওলোৱা তেজ কিন্তু গোট নামাৰে, ই একেদৰেই থাকিব। এই ৰোগ হ’লে আৰম্ভণিতে এণ্টিবায়টিক দি আৰোগ্য কৰিব পৰা যায় যদিও দেৰি হ’লে সুফল পোৱা নাযায়।

এনে মাৰাত্মক ৰোগসমুহৰ নিৰাময় কৰিবলৈ হ’লে কিছুমান ব্যৱস্থা গো-পালকসকলে ল’ব পাৰে। সেইসমুহ হ’ল-

১) ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে অনতিপলমে ওচৰৰ পশু চিকিৎসকক অৱগত কৰিব লাগে।

২) আক্ৰান্ত গৰু-ম’হক আন সুস্থ জন্তুৰ পৰা দুৰত ৰাখিব লাগে।

৩) যদি আক্ৰান্ত জীৱটো মৃত্যু মুখত পৰে, তেন্তে ইয়াক য’তে ত’তে নেপেলাই দ’ গাত খান্দি, তাত চুণ দি পুতিব লাগে।

৪) মৰাশটো কেতিয়াও চোঁচৰাই গাঁতটোলৈ নিব নালগে। যদি ঠেটুৱা লগা ৰোগ হয়, তেতিয়া ইয়াক কাটিব নালাগে কাৰণ ৰোগৰ বীজাণু বায়ুৰ সংস্পৰ্শলৈ আহিলে ই আনলৈ সংস্পৰ্শিত হয়।

৫) গাঁতটো এনেদৰে পুতিব লাগে যাতে ই পানীৰ সংস্পৰ্শলৈ নাযায়।

৬) মৰাশটো নিয়াৰ পিছত গোহালিটো ভালদৰে কীটনাশক দৰৱ দি পৰিষ্কাৰ কৰিব লাগে আৰু ৰোগীয়া জন্তুৰে ব্যৱহাৰ কৰা ঘাঁহ-খেৰ আঁতৰাব লাগে।

৭) বাৰিষাৰ আগে আগে বছৰেকত এবাৰ বেমাৰৰ গলফুলা আৰু গাঠিয়া লগা ৰোগৰ একেলগে থকা প্ৰতিষেধক পোৱা যায়। সেয়েহে কৃষকসকলে এনেদৰে ৰোগৰ বিৰুদ্ধে থিয় দিব লাগে যাতে ৰোগবিধৰ বীজাণুৱে জন্তুটোক কষ্ট দিব নোৱাৰে। বেমাৰ হোৱাৰ পিছত ঔষধ দিয়াতকৈ আগতেই প্ৰতিষেধক টীকা প্ৰদান কৰাটো আৱশ্যকীয়।

লেখক: ডা: চন্দ্ৰ কুমাৰ সিংহ, লেখিকা: ডা: উপাসনা বৰুৱা  (দৈনিক জনমভুমি)

 

2.82352941176
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top