অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বান

 

এই সংখ্যাত বৰ্ষাকালত গৰু-ম’হৰ বিভিন্নধৰণৰ পেলুজনিত ৰোগ, পৰজীৱীয়ে সৃষ্টি কৰা বিভিন্ন ৰোগ আৰু গৰু-ম’হৰ প্ৰটজোৱাজনিত ৰোগ হোৱা দেখা যায়। এই সম্পৰ্কে গো-পালকসকলক কিছু আভাস দিয়া হৈছে-

গৰু-ম’হৰ পেলুজনিত ৰোগ -

অসমৰ ভৌগালিক অৱস্থিতি, সেমেকা আৰু গৰম জলবায়ু, খাল-বিল আদি দ ঠাই, জলাশয় আদিৰ আধিক্যতা, সঘনাই হৈ থকা বানপানী, অধিক বৰষুণ ইত্যাদিৰ বাবে গৰু-ম’হৰ পেলুজনিত বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হোৱা দেখা যায় । অসমৰ এনে ভৌগোলিক পৰিৱেশ পেলুৰ বংশ বৃদ্ধিৰ বাবে অতি উপযোগী । সেয়েহে অসমৰ সেমেকা জলবায়ু পেলুৰ বাবে ‘ভূ-স্বৰ্গ’ বুলি কোৱা হয় ।

সাধাৰণতে গৰু-ম’হৰ পোৱালিবিলাক ঘূৰণীয়া পেলুৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায় । এনে ঘূৰণীয়া পেলুবোৰ পোৱালিয়ে মাকৰ গৰ্ভত থাকোঁতেই মাকৰ পৰাই সংক্ৰমিত হ’ব পাৰে । এনে ধৰণৰ ঘূৰণীয়া পেলুবোৰে পোৱালিটোৰ অন্ত্ৰতলীত থাকি বহুতো লাগতিয়াল পদাৰ্থৰ উপৰি তেজ শুহি খাই পোৱালিটো নিশকটীয়া কৰি তোলে । আক্ৰান্ত পোৱালিবিলাকৰ পাইখানা টান ছাগলীৰ পাইখানাৰ দৰে বা কেতিয়াবা ঢিলা হোৱাও দেখ যায় । পেটটো মাটিৰ কলহৰ দৰে আকৃতি লয় আৰু নোমবোৰ ভোবোৰা পৰে । শৰীৰৰ ওজন হ্ৰাস পায় । ক্ৰমাম্বয়ে আক্ৰান্ত পোৱালিবিলাক নিশকটীয়া হৈ ৰক্তহীনতাত ভোগে আৰু অৱশেষত মৃত্যুমুখত পৰে । ঘূৰণীয়া পেলুৰ উপৰি গৰু-ম’হক বা অন্যান্য ঘৰচীয়া জীৱজন্তুবিলাক ফিটা পেলুৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায় । ফিটা পেলুৰ দ্বাৰা আক্ৰান্ত হ’লে এই পেলুৱে জন্তুটোৰ খাদ্যনলীত থাকি জন্তুটোৰ পৰিপাক খাদ্যৰ কিছু অংশ চোহকৰ সহায়েৰে শোষণ কৰে, ফলত আক্ৰান্ত জন্তুটো ক্ৰমান্বয়ে শুকাই-খীণাই নিশকটীয়া হৈ পৰে । নোমবোৰ ভোবোৰা পৰে, শৌচ ঢিলা হয় আৰু ৰক্তহীনতাত ভোগে । শৰীৰৰ স্বাভাৱিক শ্ৰীবৃদ্ধিত বাধাপ্ৰাপ্ত হয় । গাখীৰতী গাইৰ গাখীৰ দিয়াৰ ক্ষমতা হ্ৰাস পায় । বলধ গৰুবিলাকৰ কাৰ্য ক্ষমতা কমি আহে আৰু আক্ৰান্ত জন্তুটো ক্ৰমান্বয়ে শুকাই-খীণাই অৱশেষত মৃত্যু মুখত পৰা দেখা যায় ।

গৰু-ম’হৰ অন্য এক মাৰাত্মক পেলু জনিত ৰোগ হ’ল যকৃতত হোৱা চেপেটা কৃমি বা লিভাৰ ফ্লুক। এনে যকৃত কৃমিৰ দ্বাৰা আক্ৰান্ত জীৱজন্তুৰ প্ৰথম অৱস্থাত পাইখানা টান হয় আৰু পাইখানা কৰোঁতে কষ্ট হয় । খাবলৈ ইচ্ছা প্ৰকাশ নকৰে, চকুৱেদি পানী ওলায় । ক্ৰমান্বয়ে আক্ৰান্ত জন্তুটোৰ নোম বিলাক ভোবোৰা পৰে আৰু শুকাই খীণাই গৈ অতি দুৰ্বল হৈ পৰে । গাখীৰতী গাইৰ দিয়াৰ ক্ষমতা হ্ৰাস পায় । কোৱাৰীৰ তলত আৰু গলবিচনীৰ আগৰ টোটোলাত পানী জমা হৈ ওলমি পৰে । বিশেষ লক্ষণীয় কথা হ’ল এই ফিটা পেলুৰ জীৱন চক্ৰৰ এটা পৰ্যায় শামুকৰ পেটত অতিবাহিত হয় । শামুকৰ পেটৰ পৰা ওলাই অহা ‘চাৰকেৰিয়া’ নামৰ পেলুটো পানীত হোৱা ঘাঁহ-বনবিলাকত লাগি থাকে আৰু এনে ঘাঁহ গৰু-ম’হে ভক্ষণ কৰিলে, গৰু-ম’হ এই পেলুৰ দ্বাৰা আক্ৰান্ত হয় ।

যকৃৎ কৃমিৰ নিচিনাকৈ গৰু-ম’হৰ অন্য এক মাৰাত্মক পেলু হ’ল ‘পাৰামফিচট’ মাম’ । দেখাত জামুগুটিৰ দৰে এই পেলুৱে আশ্ৰিত জন্তুটোৰ পাকস্থলীত থাকি পৰিপাক খাদ্যৰ কিছু অংশৰ উপৰি তেজ শুহি খায় । আক্ৰান্ত জন্তুটোৰ শৌচ অতি পাতল হয় আৰু শৌচৰ লগত তেজ আৰু শাওঁ পৰে । শৰীৰৰ পিছ অংশ, ঠেং, নেজ আদিত পনীয়া শৌচ লাগি লেতেৰা হৈ থাকে । শৌচৰ লগত অতিমাত্ৰা পানী ওলাই যোৱাৰ ফলত আক্ৰান্ত জন্তুটোৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় আৰু চকু কোটৰ ভিতৰলৈ সোমাই যায় আৰু পুষ্টিহীনতাত ভুগি অৱশেষত মৃত্যু মুখত পৰে ।

ল’ব লগা সাৱধানতা আৰু প্ৰতিষেধক ব্যৱস্থা -

আমাৰ গোপালসকলে কিছু সাৱধানতা আৰু প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰিলে সকলোধৰণৰ পেলুজনিত সমস্যাৰ পৰা নিজৰ ঘৰচীয়া জীৱজন্তুখিনিক ৰক্ষা কৰিব পাৰে ।

১) জন্মৰ এসপ্তাহমানৰ পাছতে পোৱালিবিলাক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ঘূৰণীয়া পেলুৰ ঔষধ দিব লাগে ।

২) গোহালি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিব লাগে । ভঙা-ছিঙা মজি য়াত পানী জমা হৈ পেলুৰ অংশ বৃদ্ধিৰ সহায়ক হয় । গতিকে ভঙা-ছিঙা মজিয়া তাৎক্ষণিকভাৱে মেৰামতি কৰিব লাগে ।

৩) গোহালিৰ চাৰিওফালে পানী জমা হ’ব নোৱাৰাকৈ খাল খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ।

৪) গৰু-ম’হক পৰিষ্কাৰ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে।

৫) গোহালিৰ গোবৰ আঁতৰত পেলাব লাগে ।

৬) কীটনাশক দ্ৰৱণেৰে গোহালি ঘৰৰ মজিয়া মাজে মাজে ধুব লাগে ।

৭) দ পথাৰ বা দ পানী থকা ঠাইত গৰু-ম’হক চৰিবলৈ দিয়া উচিত নহয় ।

৮) দ ঠাইৰ পৰা কাটি অনা ঘাঁহ ৰ’দত শুকুৱাই লৈহে গৰু-ম’হক খাবলৈ দিব লাগে ।

৯) চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰতি ১ বা ২ মাহৰ অন্তৰে অন্তৰে গৰু-ম’হক পেলুৰ ঔষধ খুৱাব লাগে ।

১০) গাভিনী গাই বা দুৰ্বল গৰু-ম’হকো পেলুৰ ঔষধ খুৱাব পাৰি । মাত্ৰ চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

লেখিকা: ডা: উপাসনা বৰুৱা

লেক: ডা: চন্দ্ৰকুমাৰ সিংহ

 

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate