অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বান

পশুপালকৰ বাবে বৰ্ষাকালীন প্ৰত্যাহ্বান

 

পৰজীৱীয়ে সৃষ্টি কৰা পশুপালকসকলৰ আন এটা ডাঙৰ সমস্যা হ’ল চুটখৰ । ইংৰাজীত ইয়াক Hump Sore   বুলি কোৱা হয় । এবিধ পেলুৰ দ্বাৰা এই ৰোগ হয় । গাইগৰু বা হালোৱা গৰুৰ কান্ধত থকা চুট খৰে বহু সমস্যাৰ সৃষ্টি কৰে আৰু তাক গো-পালকসকলে নিশ্চয় জানে । এই চুটখৰ নিৰাময় কৰাৰ ঔষধ বৰ্তমানলৈকে বজাৰত ওলোৱা নাই যদিও কিছু ঔষধ প্ৰতিষ্ঠানে এই ৰোগৰ নিৰাময়ৰ বাবে ইনজেকশ্যন উলিয়াইছে । অৱশ্যে সম্পূৰ্ণ ৰোগ নিৰাময়ৰ বাবে আমাৰ গো-পালকসকলে ঘৰতে এবিধ মলম তৈয়াৰ কৰি ল’ব পাৰে ।

চিকিৎসা আৰু প্ৰতিকাৰ :- আজিকালি বজাৰত এনে পৰজীৱীসমূহ ধ্বংস কৰাৰ বহুতো কাৰ্যকৰী ঔষধ ওলাইছে। পশুপালকসকলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এনে ঔষধ প্ৰয়োগ কৰি এনে পৰজীৱীসমূহ নিৰাময় কৰিব পাৰে । BUTOX, NFOCI DOL, CLINER, BOVITRAZ, VITRAZ, RIDD, TAKTIC FLUMITAS    ইত্যাদি বহুতো কাৰ্যকৰী ঔষধ বজাৰত কিনিবলৈ পোৱা যায় । কিন্তু ছালৰ পৰজীৱীৰ বাবে ব্যৱহৃত যিকোনো ঔষধেই শৰীৰৰ বাবে অপকাৰী । গতিকে যিকোনো ঔষধ প্ৰয়োগ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন । উল্লেখযোগ্য যে এনেবোৰ পৰজীৱী যিহেতু লেতেৰা পৰিৱেশতহে বংশ বিস্তাৰ হয় । গতিকে গোহালি ঘৰ সহায় চাফ-চিকুণ কৰি ৰাখিব লাগে । মাজে সময়ে পোহনীয়া জীৱ-জন্তুখিনি ব্ৰাছ, ফণি আদি ব্যৱহাৰ কৰি গা ধুৱাব লাগে । পায়খানা, প্ৰস্ৰাৱৰ ওপৰত যাতে গৰু, ম’হে লেটি ল’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । মাজে সময়ে গোহালি ঘৰ, মজিয়া বীজাণুনাশক দ্ৰৱণেৰে পৰিষ্কাৰ কৰাৰ উপৰি স্বীকৃত শোধন কাৰক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে ।

প্ৰ’টজৱাজনিত ৰোগ :- প্ৰ’টজৱা হ’ল এবিধ এককোষ প্ৰাণী । এইবিধ প্ৰাণী জন্তুটোৰ ৰক্ত কণিকাত বসবাস কৰি তেজৰ কণিকাবোৰ ভক্ষণ কৰি অশেষ ক্ষতি সাধন কৰে । গৰু, ম’হক আক্ৰান্ত কৰা এই প্ৰট’জৱা জনিত ৰোগৰ ভিতৰত বেবেচিয়’ছিছ, বা চিকৰাজ্বৰ, থেইলেৰিঅ’ছিছ আদিয়েই প্ৰধান । বেবেচিয়’ছিছ নামৰ প্ৰট’জৱা জনিত এই ৰোগ বেবেচিয়া নামৰ এবিধ প্ৰট’জৱাৰ পৰা হয় । এবিধ চিকৰাৰ দ্বাৰা এই ৰোগ এটা জন্তুৰ পৰা অন্য এটা জন্তুলৈ সংক্ৰমিত হয় । এই ৰোগৰ প্ৰধান লক্ষণ হ’ল আৰম্ভণিতে আক্ৰান্ত জন্তুটোৰ অতিপাত জ্বৰ উঠে। প্ৰস্ৰাৱ কফি ৰঙৰ বা ফিকা চাহৰ দৰে হয় । খাবলৈ ইচ্ছা প্ৰকাশ নকৰে, শৌচ ঢিলা আৰু ৰঙচুৱা হয় । যিহেতু এই ৰোগৰ বীজাণুৱে তেজৰ ৰক্ত কণিকাসমূহ ধ্বংস কৰে । ফলত আক্ৰান্ত জন্তুটো ৰক্তহীনতাত ভোগে আৰু কেতিয়াবা জণ্ডিচৰ লক্ষণো দেখা দিয়ে । ক্ৰমান্বয়ে জন্তুটো দুৰ্বল হৈ পৰে । গৰ্ভৱতী গাইগৰুৱে বিনচ কৰা দেখা যায় । সময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে আক্ৰান্ত জন্তুটো মৃত্যুমুখত পৰে । গতিকে পালকসকলে ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাটো বাঞ্চনীয় । আজিকালি এই ৰোগৰ বহুতো কাৰ্যকৰী ঔষধ বজাৰত পোৱা যায় । সঠিক সময়ত আৰু সঠিকভাৱে প্ৰয়োগ কৰিলে এই ৰোগ সম্পূৰ্ণ নিৰাময় হয় ।

লেখিকা- ডা: উপাসনা বৰুৱা,

লেখক – ডা: চন্দ্ৰকুমাৰ সিংহ

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate