মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুপালকৰ সপোনৰ সোণালী গাই :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুপালকৰ সপোনৰ সোণালী গাই :

পশুপালকৰ সপোনৰ সোণালী গাইৰ বিষয়ে লিখা হৈছে ।

 

মাথোঁ ১৫ টকাৰ বিনিময়ত আপুনি এটা সোণালী গাইৰ গৰাকী হ’ব পাৰে । গো-পালকসকল  এই সুবিধা আগবঢ়াইছে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে । ইতিমধ্যে ৰাজ্যখনৰ বহু পশুপালকক এই আঁচনিৰ অধীনত সংশ্লিষ্ট বিভাগে সামৰি লৈছে । এই আঁচনিখনক স্বৰ্ণধেনু আঁচনি নামে জনা যায় । থলুৱা গাইগৰুৰ দৰেই চেহেৰা সোণালী গাইৰ । আকাৰো প্ৰায় একেই । সামান্য প্ৰভেদ আছে মাথোঁ দৈহিক গঠনতহে । যিসকল লোকে সোণালী গাইৰ গৰাকী হ’ব খোজে তেওঁলোকে মাত্ৰ ১৫ টকা খৰচ কৰিলেই এই সুবিধা লাভ কৰিব পাৰে । অৱশ্যে তেওঁ নিজৰ থলুৱা গাই বা চেউৰীজনীক প্ৰজননৰ সময় হ’লে ওচৰৰ পশু চিকিৎসালয়লৈ নিব লাগিব আৰু কৃত্ৰিম প্ৰজননৰ সুবিধা গ্ৰহণ কৰিব লাগিব ।

কৃত্ৰিম প্ৰজনন -

উন্নত জাতৰ ষাঁড়ৰ বীৰ্য কৃত্ৰিম যোনিৰ সহায়ত সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পালখোৱাৰ সময়ত গাইৰ জৰায়ুত তাক স্থাপন কৰা হয় । ইয়েই কৃত্ৰিম প্ৰজনন । গাই বা চেউৰীজনীৰ প্ৰ্জনন সময়ৰ লক্ষণ দেখাৰ ১২ ঘণ্টাৰ পাছতহে প্ৰজনন কৰোৱাৰ ব্যৱস্থা কৰিব লাগে । গাইজনীৰ প্ৰজননৰ লক্ষণ দেখুওৱাৰ সময় দীঘলীয়া হ’লে প্ৰথমবাৰ কৃত্ৰিম প্ৰজনন কৰোৱাৰ ১২ ঘণ্টাৰ পাছত পুনৰ এবাৰ কৃত্ৰিম প্ৰজনন কৰাব পাৰি । কৃত্ৰিম প্ৰজনন কৰোৱাৰ পাছত গাইজনীয়ে সঁচাকৈয়ে গৰ্ভধাৰণ কৰিলে নে নাই তাক পৰীক্ষা কৰিব পাৰি । এইক্ষেত্ৰত ওচৰৰ পশু চিকিৎসকৰ সহায় আৰু পৰামৰ্শ লোৱা উচিত ।

গৰ্ভৱতী সোণালী গাইৰ যতন -

গৰ্ভৱতী সোণালী গাইজনীৰ প্ৰতি লোৱা যতনৰ ক্ষেত্ৰত কিঞ্চিতমানো অৱহেলা কৰিব নালাগে । কৃত্ৰিম প্ৰজনন কৰোৱাৰ ৬০ দিন পাছতহে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা গৰ্ভধাৰণৰ পৰীক্ষা কৰাব লাগে , অন্যথা গৰ্ভস্খলন হোৱাৰ আশংকা থাকে । সাধাৰণতে গো-পালকসকলে সোণালী গাইজনীৰ কৃত্ৰিম প্ৰজনন কৰোৱাৰ তাৰিখটো লিখি ৰখাটো জৰুৰী; কিয়নো এই তাৰিখটোৰ ভিত্তিতেই পশু চিকিৎসকসকলে পোৱালি জন্মাৰ সম্ভাব্য তাৰিখটো গণনা কৰিব পাৰে আৰু গো-পালকসকলে ভৱিষ্যতে গৰ্ভৱতী গাইজনীৰ প্ৰয়োজনীয় যত্ন আদি লোৱাত সুবিধা হয় । গাভিনী গাইজনীক ৰখা ঘৰটোৰ মজিয়াখন খহটা হ’ব লাগে, প্ৰস্ৰাৱ পায়খানা আদি কৰাৰ লগে লগে সেইবোৰ পৰিষ্কাৰ কৰিব লাগে , অন্যথা পিছল মজিয়াত পৰি গাইজনী দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে । তদুপৰি গোহালি ঘৰটোৰ যিখন দুৱাৰেৰে গাইজনী ওলোৱা- সোমোৱা কৰে সেই দুৱাৰখন যথেষ্ট বহল হ’ব লাগে । গৰম হোৱা গৰু বা ষাঁড় গৰুৱে যাতে গাভিনী গাইজনীৰ গাত জঁপিয়াই আমনি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু গৰ্ভাৱস্থাৰ শেষৰ ফালে আছুতীয়া স্থানলৈ গাইজনীক লৈ যাব লাগে । গোহালি ঘৰটোত বতাহৰ চলাচল যাতে ভালদৰে হয় তালৈ নজৰ দিয়াটো বাঞ্চনীয় । গোহালি ঘৰটোত মাজে-সময়ে কীটনাশক দৰব ছটিয়াই দিব লাগে যাতে ঘৰটো বীজাণুমুক্ত হৈ থাকে । গাভিনী গাইজনীক সাধাৰণ দানাৰ উপৰি যথেষ্ট পৰিমাণে কেঁচা ঘাঁহ খুওৱাব লাগে । গৰ্ভাৱস্থাৰ ছমাহৰ পাছৰ পৰা অতিৰিক্ত দুই কিলোগ্ৰামকৈ সুষম আহাৰ গাইজনীক যোগান ধৰিব লাগে । পোৱালি জন্ম দিয়াৰ আগে আগে গাইজনীৰ প্ৰতি সততে লক্ষ্য ৰাখিব পৰাকৈ ব্যৱস্থা কৰিব লাগে । সাধাৰণতে এজনী গাইৰ গৰ্ভাৱস্থাৰ কাল ২৭০-২৯০ দিন । এই সময়ছোৱাত গাভিনী গাইজনীক প্ৰচুৰ পৰিমাণে বিশুদ্ধ খোৱাপানী যোগান ধৰিব লাগে ।

পোৱালি দিয়াৰ সময়ত গাইৰ যতন -

অধিকাংশ সময়তে দেখা যায় যে সামান্য পৰিচৰ্যা বা স্বাভাৱিক ধৰণেই গায়ে পোৱালি জগায় । তথাপি গাই এজনীয়ে পোৱালি জগোৱাৰ সময়ত এজন অভিজ্ঞ লোকে অহৰহ গাইজনীৰ প্ৰতি চকু দি থাকিব লাগে । পোৱালি প্ৰসৱৰ সাধাৰণ নিয়ম অনুসৰি পোৱালিটোৰ আগফালৰ ভৰি দুখন প্ৰথমে ওলাব লাগে । তাৰ পাছত নাক অংশ ওলাব লাগে । এইক্ষেত্ৰত যদি কিবা বিসংগতি দেখা দিয়ে, তেন্তে লগে লগে পশু চিকিৎসকৰ সহায় ল’ব লাগে । যদি পোৱালিটো জন্ম হওঁতে চাৰি ঘণ্টাতকৈ বেছি সময়ৰ প্ৰয়োজন হয় তেনেহ’লে গৰ্ভত পোৱালিটোৰ স্থান স্বাভাৱিক অৱস্থাত নাথাকিব পাৰে । এনে হ’লেও পশু চিকিৎসকৰ সহায় লোৱাটো বাঞ্চনীয় । পোৱালি জগোৱাৰ পাছত গাইজনীৰ পিছফালটো বীজাণুমুক্ত কুহুমীয়া পানীত সামান্য পৰিমাণে পটেছিয়াম পাৰ্মাংগানেট নাথাকিলে নিমপাত গৰম পানীত উতলাই কুহুমীয়া কৰি সেই পানীৰে গাইজনীৰ সেই অংশখিনি ধুই দিব লাগে । পোৱালি দিয়াৰ ঠিক পাছতেই গাইজনীক কুহুমীয়া গৰম পানীত গুড় মিহলাই খুৱাব লাগে যাতে দেহৰ উষ্ণতা স্বাভাৱিক অৱস্থাত থাকে । সাধাৰণতে পোৱালি জন্মৰ কিছুদিন আগৰে পৰা গাইগৰুজনীৰ ওহাৰখন ডাঙৰ আৰু ফুলি আহিবলৈ ধৰে । এনেদৰে ফুলি থকা অৱস্থাত গজাল বা আইনাৰ টুকুৰা আদিয়ে যাতে ওহাৰখনৰ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত । পোৱালি জন্মৰ পাছত গাইজনীৰ ওহাৰৰ পৰা আংশিক পৰিমাণৰ গাখীৰ খীৰাই দিব লাগে । এনে কৰিলে মিল্ক ফিভাৰজাতীয় ৰোগৰ পৰা ৰক্ষা পাব পাৰি । গাইজনীৰ জলখন সাধাৰণতে ২-৪ ঘণ্টাৰ ভিতৰত সৰি পৰে । যদিহে ৮-১২ ঘণ্টাৰ ভিতৰত জলখন সৰি নপৰে, তেনেহ’লে পশু চিকিৎসকৰ সহায় লোৱাটো দৰকাৰ । জলখন সৰাৰ পাছত দকৈ গাঁত খান্দি পুতি পেলাব লাগে । জলখন যাতে গাইজনীয়ে চেলেকিব বা খাব নোৱাৰে তাৰ বাবে বিশেষ নজৰ দিয়াটো আৱশ্যক । খীৰতী গাইক যথেষ্ট পৰিমাণে কেঁচা ঘাঁহ খুৱাব লাগে । তদুপৰি ঘাঁহৰ সৈতে ৩-৪ কি:গ্ৰা: শুকান খেৰ দিয়াটো ভাল । কেঁচা ঘাঁহ নাথাকিলে শুকান খেৰ চুটি চুটিকৈ কাটি গুড় মিহলোৱা পানী ছটিয়াই গাইজনীক খাবলৈ দিব লাগে । এজনী গাইক প্ৰতি ২.৫ লিটাৰ গাখীৰৰ বাবে এক কিলোগ্ৰামকৈ উন্নত দানা যোগান ধৰিব লাগে । পোৱালি জন্মৰ ৬০ দিন সম্পূৰ্ণ নোহোৱালৈকে গৰম আহিলেও গাইজনীক প্ৰজনন কৰোৱাব নালাগে ।

সোণালী পোৱালিৰ যতন -

পোৱালি জন্মৰ পাছতে তাৰ নাক, মুখ আৰু শৰীৰত লাগি থকা বীজলুৱা পদাৰ্থবোৰ পৰিষ্কাৰ কৰি দিব লাগে । তাৰ পাছত পোৱালিটো মাকক চেলেকিবলৈ দিব লাগে । জন্মৰ পাছত পোৱালিটোৱে উশাহ-নিশাহ লোৱাত কষ্ট পালে পোৱালিটো শুৱাই লৈ বুকুত হাতেৰে উঠা-নমা কৰি কৃত্ৰিমভাৱে উশাহ লোৱাত সহায় কৰিব লাগে । যদি নাকৰ ফুটাটো মুকলি নহয় যেন বোধ হয় তেনেহ’লে পিছ ঠেং দুখনত ধৰি পোৱালিটোৰ মূৰটো তললৈ ওলোমাই জোকাৰি দিব লাগে , তেতিয়াও উশাহ লোৱাত সহজ হয় নহ’লে নাকৰ ফুটাটোত মুখেৰে ফুৱাই দি মোকলাই দিব লাগে । পোৱালিৰ নাভিটো দেহৰ পৰা ২ ইঞ্চি এৰি ষ্টেৰিলাইজড ব্লেডেৰে কাটি টিনকচাৰ আয়’ডিন দ্ৰৱ লগাই দিব লাগে । বেছিভাগ পোৱালিৰে ক্ষেত্ৰত দেখা যায় যে সিহঁতে জন্মৰ পৰা এঘণ্টামানৰ ভিতৰতে থিয় দিয়ে আৰু মাকৰ ওহাৰত চেলেকিবলৈ চেষ্টা কৰে । এনে অৱস্থাত থৰক-বৰক খোজত পোৱালিয়ে পৰি যাতে আঘাত নাপায় তাৰ বাবে এজন লোকে সহায় কৰি থাকিব লাগে । পোৱালিয়ে মাকৰ প্ৰথম গাখীৰ বা ফেঁহু যাতে অন্তত: ৪৮ ঘণ্টালৈকে পায় তাৰ বাবে বিশেষ মনোযোগ দিব লাগে । কিয়নো ফেঁহুত থকা ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বাবেই পোৱালিটো বেমাৰৰ পৰা বহু পৰিমাণে হাত সাৰে ।

পোৱালিটোক সময়ে সময়ে প্ৰতিষেধক চিটা, পেলুৰ দৰব আৰু উপযুক্ত দানা-পানী, কেঁচা ঘাঁহ আদি খুৱাব লাগে । কৃত্ৰিম প্ৰজননৰ জৰিয়তে জন্ম লাভ কৰা বৰ্ণসংকৰ জাৰ্ছী বলদবোৰ শক্তিশালী হয় । আমাৰ পশুপালকসকলৰ এটা ভুল ধাৰণা আছে যে এনে বলধৰ চুট নথকা বাবে হাল বোৱাৰ উপযোগী নহয় আৰু ইহঁত শাৰীৰিকভাৱে দুৰ্বল । কিন্তু বৈজ্ঞানিকভাৱে এই ধাৰণা ভুল প্ৰমাণিত হৈছে । স্থানীয় জাতৰ বলদতকৈ কৃত্ৰিম প্ৰজননজাত বলদবোৰ অধিক শক্তিশালী আৰু ইহঁত হাল বোৱাৰ বাবেও উপযোগী। আনহাতে বৰ্ণসংকৰ সোণালী চেউৰীবোৰে সময়ত প্ৰতিদিনে ৫-৬ লিটাৰ গাখীৰ দিবলৈ সক্ষম হয় । চেউৰীবোৰে কম সময়ৰ ভিতৰতে প্ৰজননক্ষম হয়  আৰু ৩০-৩৬ মাহ বয়সতে প্ৰথম পোৱালি দিয়ে । ইহঁতৰ বাবে হোৱা খৰচৰ তুলনাত আয়ৰ পৰিমাণ যথেষ্ট বেছি হয় । দেশীয় জাতৰ চেউৰী অথবা গাই এজনীৰ বাবে যিমানখিনি খৰচ কৰিবলগীয়া হয় সেই একেখিনি খৰচতে কৃত্ৰিম প্ৰজননজাত সোণালী চেউৰী অথবা সোণালী গাইৰ পৰা অধিক উৎপাদন পাব পাৰি । গতিকে সোণালী গাই পালন কৰি আমাৰ গো-পালকসকল অধিক লাভৱান হ’ব পাৰে ।

উৎস :- অসমীয়া খবৰ

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top