মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুপালন উদ্যোগ আৰু পশুপালকসকলৰ ভৱিষৎ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুপালন উদ্যোগ আৰু পশুপালকসকলৰ ভৱিষৎ

পশুপালন উদ্যোগ আৰু পশুপালকসকলৰ ভৱিষ্যতৰ বিষয়ে লিখা হৈছে

 

কেইবছৰমান আগলৈকে গৰু-ম’হৰ খুঁটি আৰু গাখীৰৰ উৎপাদনৰ বাবে বিখ্যাত যোৰহাটৰ জাঁজীমুখ এলেকাটোত এৱাঁ গাখীৰ প্ৰতিলিটাৰ বিক্ৰী হৈ আছিল মাত্ৰ সোতৰ টকাত-

যি সময়ত বিছলেৰি বা ডিউড্ৰপ পানীৰ বটলৰ খুচুৰা বিক্ৰী প্ৰতিলিটাৰত বিশ টকা হৈছে,সেই সময়ত থলুৱা গাই বা ম’হৰ গাখীৰ সোতৰ টকাত কিনাটো কিনোতাৰ বাবে সৌভাগ্যৰ কথা হ’ব পাৰে।কিন্তু উৎপাদনকাৰী আৰু বিক্ৰেতাৰ বাবে ই কিমান দুৰ্ভাগ্যজনক ভাবি চাবলগীয়া।প্ৰকৃততে ইচ্ছাকৃতভাৱে কোনেও কষ্ট কৰি উৎপাদন কৰা ঘৰৰ গাখীৰখিনি সোতৰ টকা দৰত বিক্ৰী নকৰে,কিন্তু পশুপালকসকলৰ অদক্ষতা,অজ্ঞতা আৰু পৰিস্থিতিগত বাধ্যবাধকতাত সাধাৰণভাৱে নগৰীয়া বজাৰত পঞ্চাশ টকা দৰত উপলব্ধ প্ৰতিলিটাৰ গাখীৰ তেওঁলোকে বিক্ৰী কৰিব লাগে বজাৰৰ দৰৰ তিনি ভাগৰ এক অংশ মুল্যত।বহু দিন ধৰি আমি জাঁজীমুখৰ এই এলেকাটোত গাখীৰৰ বিপণন প্ৰক্ৰিয়াটো উন্নত কৰি পশুপালকসকলৰ প্ৰাপ্য মুল্য প্ৰাপ্তিৰ বাবে যত্ন কৰিও সফল হোৱা নাছিলোঁ।‘উত্তৰ –পুব পীড়িত অঞ্চল উন্নয়ন সমিতি বা চমুকৈ ‘নীডছ’(NEADS)নামৰ ঢেকীয়াখোৱাস্থিত বেচৰকাৰী সংস্থাটোৰ জৰিয়তে জাঁজীমুখৰ কৃষক পশুপালকসকলৰ মাজত সজাগতামুলক কাৰ্যসুচী লৈও সফল হ’ব পৰা নাছিলোঁ।আমি যত্ন কৰিছিলোঁ পশু পালকসকলৰ তৰফৰ পৰাই গাখীৰখিনি পোনে পোনে যোৰহাটৰ বজাৰলৈ নিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ,কিন্তু মধ্যভোগীসকলৰ সুদৃঢ় খোপনি আমি লৰাব পৰা নাছিলোঁ।স্থানীয়ভাৱে “মহলদাৰ”বুলি পৰিচিত মধ্যভোগীসকলকে তেওঁলোকে সোতৰ টকা দৰত গাখীৰ বিক্ৰী কৰিব,কিন্তু টীয়ক,আমগুৰি বা যোৰহাটৰ বজাৰত অনায়াসে পঞ্চাশ টকা পালেও তেনেকৈ বিক্ৰী কৰিবলৈ ৰাজী নহয়।পৰিস্থিতিয়ে তেওঁলোকক তেনে হ’বলৈ বাধ্য কৰিছে।

দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত এই অঞ্চলৰ এই সমস্যাটোৰ পৰা আমি পশুপালকসকলক কিছু মুক্তি কৰিব পাৰিছোঁ।পুৰ্বে নাবাৰ্ডৰ বিষয়া হিচাপে যোৰহাটত কৰ্মৰত ময়ুৰ বৰা,ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ যোৰহাটস্থিত সমন্বয়ক উদয় বাৰ্মা আদিৰ আগ্ৰহ আৰু প্ৰচেষ্টাত জাঁজীমুখত আমি গঠন কৰিলোঁ “কামধেনু কৃষক সংঘ”নামেৰে এটা স্বেচ্ছাসেৱী সংগঠন।ব্যক্তিগতভাৱে বিদ্যালয় এখন খুলি বহু বছৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা,প্ৰকৃতি আৰু চৰাই সম্পৰ্কে ঈৰ্ষণীয় জ্ঞান আৰু তথ্যৰ ভঁৰাল স্বৰুপ অনন্ত দত্ত নামৰ যুৱকজন এই কামৰ বাবে আগবাঢ়ি আহিল আৰু লগত আহিল স্থানীয় “কেতেকী নামৰ প্ৰকৃতি সংঘটোৰ কেইবাজনো কৰ্মকৰ্তা।তেওঁলোকে গো-পালন আৰু গাখীৰৰ বিপণন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিলে।পোনতেই যেতিয়া তেওঁলোকে ত্ৰিশ টকা প্ৰতি লিটাৰত পালকসকলৰ পৰা নগদ ধনেৰে কিনিবলৈ ল’লে,তেতিয়াই বহুসংখ্যক পশুপালকে “কামধেনু কৃষক সংঘ”ত গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে।উপায়হীন হৈ মহলদাৰেও গাখীৰৰ প্ৰতিলিটাৰ আঠাইশ টকা পৰ্যন্ত দিবলৈ বাধ্য হৈ পৰিল।

উল্লিখিত জাঁজীমুখৰ ঘটনাটো এটা উদাহৰণহে।সামগ্ৰিক ভাৱে অসমৰ সকলো অঞ্চলৰে পশুপালকসকল একে ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত।ৰাজ্যখনত পশুধনক এতিয়াও সম্পদ বুলি ভবাৰ ধাৰণা অহাই নাই,পশুধনৰ বিকাশ আৰু উদ্যোগ হিচাপে পশুপালনক প্ৰতিষ্ঠা কৰাৰ বাবেও সেয়েহে কোনো প্ৰচেষ্টা নাই।পশু চিকিৎসা বিভাগটোৰ বিষয়া –কৰ্মচাৰীসকলৰ মুখ্য কাম হৈছে পোহনীয়া জীৱ-জন্তুবোৰৰ ৰোগ-ব্যাধি হ’লে চিকিৎসা কৰা আৰু মহামাৰীজনিত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মাজে-সময়ে পশুধনসমুহৰ টিকাকৰণ কৰা।প্ৰকৃততে চিকিৎসা আৰু ৰোগ প্ৰতিৰোধ কাৰ্যসুচী হ’ব লাগিছিল বিভাগটোত গৌণ কাম,মুখ্য কাম হ’ব লাগিছিল পশুপালন কাৰ্যসুচীক উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰি ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতি সুদৃঢ় কৰাহে।গো-পালনৰ বিকাশৰ বাবে কৃত্ৰিম প্ৰজননৰ দ্বাৰা বৰ্ণসংকৰ গো-ধন উৎপাদনৰ এক কাৰ্যসুচী ৰাজ্যখনত আছে যদিও এই কাৰ্যসুচী ফলপ্ৰসু হৈছে বুলি ক’ব নোৱাৰি।কেতিয়াবা বহু দিন ধৰি একেৰাহে শুক্ৰৰ যোগান বন্ধ হৈ পৰা বা শুক্ৰ থাকিলেও সংৰক্ষণৰ বাবে ব্যৱহৃত জুলীয়া নাইট্ৰ’জেনৰ যোগান ব্যাহত হৈ পৰাটো এটা স্বাভাৱিক পৰিঘটনা হৈ পৰিছে।“চাহিয়াল”আৰু “গিৰ’ জাতীয় ভাৰতীয় উচ্চ উৎপাদনক্ষম আৰু বহনক্ষম গুণৰ অধিকাৰী জাতৰ শুক্ৰৰ দ্বাৰা বৰ্ণসংকৰ ঘটোৱাৰ সুবিধা এতিয়াও অসমত নাই,কিয়নো সেই বহু বছৰ আগতে নিৰ্ধাৰণ কৰা পুৰণি প্ৰজনন নীতিয়ে এনেধৰণৰ কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াক সমৰ্থন নকৰে।কেৱল “জাৰ্ছি আৰু হলষ্টেইন ফ্ৰিজিয়ান”জাতৰ শুক্ৰৰ দ্বাৰা বৰ্ণসংকৰ ঘটোৱাৰ ব্যৱস্থা থকা বাবে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ,নিম্নভুমি আৰু চৰাঞ্চলৰ পশুপালকসকলে কৃত্ৰিম প্ৰজননৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে।প্ৰচলিত প্ৰজনন প্ৰক্ৰিয়াটোৰ বাবেও আকৌ পৰিকাঠাম আৰু বিষয়াকৰ্মীৰ বাৰুকৈয়ে অভাৱ।ভিতৰুৱা  বহু  অঞ্চলক কৃত্ৰিম প্ৰজনন আঁচনিখনে চুবগৈয়ে পৰা নাই।পশু চিকিৎসক আৰু ক্ষেত্ৰ কৰ্মীৰ অভাৱ এটা দীৰ্ঘদিনীয়া সমস্যা।দীৰ্ঘদিন ধৰি ক্ষেত্ৰ কৰ্মী নিয়োগ নোহোৱা বাবে বহু চিকিৎসালয় আৰু পশু চিকিৎসা উপকেন্দ্ৰই কোনোধৰণৰ সেৱা আগবঢ়াব পৰা নাই।

যি সময়ত সাধাৰণ বজাৰতে গাখীৰৰ মুল্য প্ৰতিলিটাৰত ৫০-৬০ টকা হৈছে-

সেই সময়ত এটা চৰকাৰী বিভাগে মাত্ৰ ৩৫ টকা দৰত গাখীৰ কিনাটো পশুপালকসকলৰ বাবে দুৰ্ভাগ্যজনক বিষয়।দুগ্ধ উন্নয়ন বিভাগেও গাখীৰ সংগ্ৰহ কৰে কেৱল পুৱাবেলাহে ,আবেলিৰ গাখীৰখিনিৰ বাবে পালকৰ মুৰ কামোৰণি থাকেই।পুৱাৰ সংগ্ৰহৰ ক্ষেত্ৰতো দুগ্ধ উন্নয়ন বিভাগে সীমিত পৰিমাণৰ গাখীৰহে সংগ্ৰহ কৰে আৰু এইক্ষেত্ৰতো “ক্ষেণোক দেখি ৰন্ধা-বঢ়া আৰু ক্ষেণোক দেখি দুৱাৰ মৰা নীতি”লোৱা বুলি বিভাগটোৰ ওপৰত পশুপালকসকলে অভিযোগ আৰোপ কৰা দেখা যায়।বহুবোৰ পশু চিকিৎসালয় আৰু পশু চিকিৎসা উপকেন্দ্ৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ জৰিয়তে পুন:নিৰ্মাণ কৰা হৈছে।কিন্তু  চিকিৎসক আৰু কৰ্মীৰ যদি অভাৱ থাকে,এইবোৰৰ পৰাও পশুপালকসকলৰ কোনো সহায় নহ’ব।ঔষধ আৰু শল্য চিকিৎসাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ নাটনিও এক দীৰ্ঘদিনীয়া সমস্যা।ইমানবোৰ অসুবিধাৰ পাছতো ঠায়ে ঠায়ে দুগ্ধ উৎপাদন কাৰ্যসুচীৰ যিখিনি সফলতা আহিছে,সেয়া হৈছে কিছু চিকিৎসক আৰু ক্ষেত্ৰ কৰ্মীৰ ব্যক্তিগত নিচা আৰু দায়বদ্ধতাৰ বাবে আহিছে আৰু উদ্যমী কিছু যুৱক-যুৱতীৰ ব্যক্তিগত নেৰানেপেৰা প্ৰচেষ্টাৰ বাবে।প্ৰগতিশীল পশুধন পালকসকলক বিভাগীয়ভাৱে ঔষধ আদিৰ সুবিধা দিব পৰাতো নাযায়েই,ঘাঁহ,দানা আদিৰ ক্ষেত্ৰতো তেওঁলোকৰ বাবে কোনো সেৱাৰ কাৰ্য উপলব্ধ নহয়।দুখীয়া লোকক তিনি টকীয়া চাউল,আৱাসৰ সুবিধা দিয়া হৈছে,কিন্তু উৎপাদন কাৰ্যত নিয়োজিতসকলক দিব পৰাকৈ কোনো সেৱা উপলব্ধ নহয়।প্ৰগতিশীল পশুধন পালকসকলক খণ্ড উন্নয়ন এলেকাভিত্তিত পঞ্জীয়ন কৰি যদি কিছু পৰিমাণে দানা যোগানৰ ক্ষেত্ৰত ৰাজসাহায্য দিব পৰা গ’লহেঁতেন,তেন্তে স্বাভাৱিকতে পশুধন উদ্যোগৰ বিস্তাৰ ঘটিলহেঁতেন ।বৰষুণ প্ৰধান এলেকা যদিও অসমত ঘাঁহৰ যোগান একেবাৰে নিম্ন পৰ্যায়ৰ।বজ্ৰা,মাকৈ,চেটেৰীয়া আদি জাতৰ ঘাঁহ যোগান ধাৰাসকলেহে জানে এনেবোৰ ঘাঁহৰ উৎপাদনী শক্তি কিমান।উচ্চ জাতৰ এইবোৰ ঘাঁহ অসমৰ জলবায়ুত উৎপাদনো হ’ব সহজতে।প্ৰয়োজন মাত্ৰ এটাই আৰু সেয়া হ’ল পশুপালকসকলক উজ্জীৱিত কৰাৰ কাৰ্যসুচী।সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে পশুপালকসকলক দক্ষ কৰি তুলিবলৈ নিম্নতম প্ৰশিক্ষণ কাৰ্যসুচীৰ জৰিয়তে কিছু কাৰিকৰী কৌশল পালকসকলক আয়ত্ত কৰিবলৈ প্ৰেৰণা আৰু সুযোগ দিয়া।এনেধৰণৰ এক সামগ্ৰিক ধাৰণা নতুন চৰকাৰে যদি প্ৰোথিত কৰিবলৈ যত্ন কৰে,পশুধন এক উন্নয়ন সম্পদ হিচাপে গঢ় লোৱাৰ আশা স্বাভাৱিকতে কৰিব পাৰি আৰু লগতে আশা কৰিব পাৰি ৰাজ্যখনৰ উৎপাদনমুখী আৰ্থিক প্ৰগতি।

লেখক:ডা: প্ৰবীণ কুমাৰ নেওগ (নিয়মীয়া বাৰ্তা)

 

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top