মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুৰ চবকা ৰোগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুৰ চবকা ৰোগ

পশুৰ চবকা ৰোগৰ বিষয়ে লিখা হৈছে

চবকা বা খুৰাফটা ৰোগ (Foot and Mouth Disease) পশুৰ এবিধ ভয়াবহ সংক্রামক ৰোগ। বৰ্ত্তমান বিশ্বৰ প্ৰায় ২০ খন মান দেশ এই ৰোগৰ পৰা মুক্ত, কিন্তু আমাৰ দেশত এই ৰোগৰ প্ৰাদূৰ্ভাৱ এতিয়াও উল্লেখনীয়। ভাৰতত এই ৰোগৰ ফলত বছৰি আনুমানিক প্রায় ৫০০ কৌটি টকা লোকচান হয়।

ৰোগৰ কাৰণ

 

চবকা এবিধ ভাইৰাছৰ দ্বাৰা হোৱা বেমাৰ। ভাইৰাছবোৰ খালি চকুৰে মনিব নোৱাৰি, অতি শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে ইহঁতক দেখা যায়। চবকা ভাইৰাছৰ কেবাটাও প্রকাৰ আৰু উপপ্রকাৰ (Sub type) আছে। বৰ্ত্তমান সাতটা প্রকাৰ যেনে – ‘ও’, ‘এ’, ‘চি, এচিয়া, এছ. এ. টি. এছ এ.টি. এছ.এ.টি. আৰু আশীৰ ওপৰত উপ-প্ৰকাৰ আছে। ভাৰতবৰ্ষত হোৱা চবকা ৰোগৰ প্ৰথম চাৰিটা প্রকাৰ আৰু এ২২ নামৰ এবিধ উপ-প্ৰকাৰ পোৱা গৈছে।

সাধাৰণতে সকলো ধৰণৰ ঘৰচীয়া আৰু বণৰীয়া প্রাণী এই ৰোগত আক্রান্ত হ’ব পাৰে। উন্নত আৰু বৰ্ণসংকৰ জাতৰ গৰুৰ ক্ষেত্ৰত ই মাৰাত্মক ধৰণেৰে হোৱা দেখা যায়। মানুহো কেতিয়াবা চবকা জীৱাণুৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। সাধাৰণতে, এই ৰোগৰ প্ৰাদুৰ্ভাৱ জুনৰ পৰা চেপ্তেম্বৰ মাহত বেছি হোৱা দেখা যায় যদিও বছৰৰ যিকোনো সময়তেই ই হ’ব পাৰে।

(ক) দূষিত বায়ুৰ দ্বাৰা: আক্রান্ত জন্তুৰ লালটিৰ লগত এই ভাইৰাছ বহু পৰিমানে নিঃসৰিত হয়। পাছত ই ধূলিকণাৰ লগত মিহলি হৈ বতাহত উৰি ফুৰে আৰু আনকি ৬০ মাইল পর্যন্ত যাব পাৰে। বতাহৰ লগত মিহলি হোৱা চবকা ভাইৰাছৰ জীৱনী শক্তি অৱশ্যে তাপ, আৰ্দ্ৰতা, বৰষুণ আদিৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) আক্রান্ত জন্তু: নিৰোগী প্রাণী আক্রান্ত প্ৰাণীৰ লগত প্রত্যক্ষ সংস্পৰ্শলৈ আহিলে ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। আক্রান্ত প্ৰাণী এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ফলত নতুন ঠাইতো এই বেমাৰ বিয়পিব পাৰে।

বেমাৰী গাই গৰুৰ গাখীৰতো ভাইৰাছবোৰ আহে আৰু সেই গাখীৰ খোৱাৰ ফলত পোৱালি বেমাৰৰ দ্বাৰা আক্রান্ত হ’ব পাৰে।

ৰোগত মৃত্যু হোৱা জন্তুৰ হাড়, মজ্জা, চাল আদিত ভাইৰাছবোৰ কিছুদিনলৈ জীয়াই থাকে আৰু ‘শ’ ভালদৰে সৎকাৰ নকৰিলে সুস্থ জন্তু তাৰ সংস্পৰ্শলৈ আহি ৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে।

বেমাৰী প্ৰাণীৰ আলপৈচান ধৰা বা চিকিৎসা কৰা মানুহৰ কাপোৰ-কানি, জোতা আদিত এই ভাইৰাছবোৰ লাগি থাকিব পাৰে আৰু তেনে মানুহ আন ঠাইলৈ গৈ নিৰোগী প্রাণীক ৰোগাক্রান্ত কৰি তুলিব পাৰে।

চবকা হৈ থকা ঠাইৰ ঘাঁহ, খেৰ আদিতো জীৱানু বহুদিন জীয়াই থাকিব পাৰে আৰু তাৰ দ্বাৰা আন ঠাইতো বেমাৰ বিয়পি পৰিব পাৰে।

বাহক প্রাণী

 

বেমাৰ হৈ যোৱাৰ পাছতো গৰুৰ টনছিল, অন্ত্র আদিত ভাইৰাছ প্রায় ২ বছৰ তিনি মাহ পর্যন্ত থাকিব পাৰে। এনে জন্তুৱে ৰোগৰ লক্ষণ নেদেখুৱায়। কিন্তু ভাইৰাছ বহন কৰি ফুৰে। তেনেকৈ ছাগলীৰ ক্ষেত্ৰত বেমাৰ হৈ যোৱাৰ ৯ মাহ পাচলৈকে এই ভাইৰাছ বহন কৰি বেমাৰ বিয়পায়।

আক্রান্ত জন্তুৰ বীৰ্য্য

আক্রান্ত ষাঁড় গৰু প্ৰজনন কাৰ্য্যত ব্যৱহাৰ কৰিলে বা বেমাৰী ষাঁড়ৰ বীৰ্য্যৰ দ্বাৰা কৃত্রিম প্রজনন কৰালেও বেমাৰ সুস্থ প্ৰাণীৰ গালৈ বিয়পিব পাৰে।

ছিটাৰ দ্বাৰা

কেতিয়াবা চবকা ভাইৰাছ অন্য ৰোগৰ ছিটাৰ লগত মিহলি হোৱাৰ ফলত এই ৰোগ বিয়পি পৰিব পাৰে।

ৰোগৰ লক্ষণ

 

ভাইৰাছ সুস্থ প্ৰাণীৰ দেহত সোমোৱাৰ দুইৰ পৰা আঠ দিন মানৰ ভিতৰত ৰোগৰ লক্ষণ দেখা যায়। চবকাত আত্রান্ত জন্তুৰ সাধাৰণতে জ্বৰ উঠে, লাহে লাহে অৱশ হৈ আহে, আভোক হয়। খীৰতী গাইৰ গাখীৰ কমে। কেইঘন্টামানৰ ভিতৰত জিভা, ওঁঠ, দাঁতৰ আলু, খুৰাৰ মাজ আদি ৰঙা পৰে আৰু পানী জোলা বান্ধে। মুখেৰে ফেন আৰু লালতি ওলাব ধৰে। খোজ কাঢ়িব নোৱাৰা হয়। ওহাৰ আৰু বাটত কেতিয়াবা পানী জোলা বান্ধে। কেতিয়াবা গৰ্ভৱতী গাইৰ পোৱালি অকালতে নষ্ট হ’ব পাৰে। বৰ্ণসংকৰ গৰুৰ কেতিয়াবা মৃত্যুও হোৱা দেখা যায়। পোৱালিয়ে আন কোনো বাহ্যিক লক্ষণ নেদেখুৱাকৈয়ে মৃত্যু মুখত পৰে।

গাহৰিৰ ক্ষেত্ৰত বাকীবোৰ লক্ষণ প্রায় একে যদিও মুখেৰে লালটি নোলায়। গাভিনী গাহৰিৰ গর্ভপাত হয়। ওহাৰ আৰু বাটত পানীজোলা বেছিকৈ হোৱা দেখা যায়।

চবকা ৰোগৰ চিকিৎসা

চবকা ৰোগৰ কোনো নির্দিষ্ট চিকিৎসা নাই। তথাপিও বেমাৰৰ উপশম ঘটাবলৈ আৰু আৰোগ্য প্রক্রিয়াক তড়িত কৰিবলৈ কিছু চিকিৎসা দিয়া প্রয়োজন যেনে-

(১) ১৫ গ্রাম (৩ চামুচ) বাৰিক পাউদাৰ ১ লিঃ পানীত মিহলাই মুখ জিভা আদি ভালকৈ প্রতিদিনে ধুই দিব লাগে।

(২) ১ গ্রাম পটাছিয়াম পাৰমাঙ্গনেট তিনি লিটাৰ পানীত মিহলাই মুখ ভৰিৰ ঘা আদি দিনে তিনিবাৰকৈ ধুই দিব লাগে।

(৩) ১ চামুচ ফিট্‌কিৰি ১ লিটাৰ পানীত মিহলাই মুখ/ ঠেঙৰ ঘা দিনত দুই/তিনিবাৰ ধুব লাগে।

(৪) ধুওৱাৰ পাছত ১গ্রাম বৰিক পাউদাৰ ১০০ মিঃ লিঃ গ্লিচাৰিনত মিহলাই মুখৰ ঘাত লগাব লাগে।

খুৰাৰ ঘাত ৪০ মিঃ লিঃ ফিনাইল ১ লিটাৰ পানীত মিহলাই সদায় ধুব লাগে। নাইবা ৪০ গ্রাম জিঙ্ক অক্সাইড ১ লিঃ পানীত মিহলাই ধুব লাগে। খুৰাৰ ঘাত যদি পোক লাগে পোকবোৰ উলিয়াই দি তাৰপিন তেল কপাহত লগাই ঘাত লগাব লাগে। তাৰোপৰি ঘাত দিয়া বিভিন্ন মলমো লগাব পাৰি। ওহাৰ আৰু বাটৰ ঘাঁত এণ্টিছেপ্তিক ক্রীম দিনত তিনিবাৰকৈ লগাব পাৰি।

ইয়াৰ উপৰিও আক্রান্ত জন্তু আন জীৱাণুৰ দ্বাৰা আক্রান্ত নোহোৱাকৈ ৰাখিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ মর্মে এন্টিবায়টিক আদি দৰৱৰ প্ৰয়োগ কৰিব লাগে। আক্রান্ত প্ৰাণীক দুর্বল নহ’বৰ বাবে খনিজ পদার্থৰ মিশ্রণ, ভাতৰ মাৰ, জুলীয়া দানা, কোমল গছ-পাত আদিৰ যোগান ধৰিব লাগে। অতি দুর্বল হ’লে চেলাইন আদি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

প্ৰতিৰোধ ব্যৱস্থা

 

উপযুক্ত ছিটা প্রদানেৰে এই বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়। বজাৰত এই ৰোগৰ বিভিন্ন ছিটা পোৱা যায়। ছিটা সদায় চিকিৎসকৰ পৰামৰ্শ মতেহে দিয়াব লাগে। সঘনে চবকা আক্রান্ত অঞ্চলত প্রতিষেধক ছিটা প্রতি চাৰিমাহৰ অন্তৰত দিয়াব লাগে। ছিটাৰ উপৰিও আৰু কিছুমান সাৱধানতা অৱলম্বনৰ প্রয়োজন আছে। যেনে –

(ক) ওচৰত চবকা হোৱাৰ খবৰ পালে সেই ঠাইৰ জন্তু, মানুহ, জন্তুৰ খোৱা খাদ্য আদি গোহালিত সোমাব দিব নালাগে। গোহালিৰ মজিয়া মাজে-সময়ে আধা কেজি কাপোৰ ধোৱা চৌডা ১০ লিটাৰ পানীত মিহলাই ধুই দিব লাগে।

(খ) ঘাঁহ-খেৰ আদি আক্রান্ত অঞ্চলৰ পৰা আনিব নালাগে।

(গ) আক্রান্ত অঞ্চলৰ পৰা জীৱ-জন্তু কিনি আনিব নালাগে।

(ঘ) নিৰোগী প্ৰাণীক আক্রান্ত অঞ্চলৰ প্ৰাণীৰ লগত একে লগে চৰি ফুৰিব দিব নালাগে।

(ঙ) আক্রান্ত খিৰতী গাইৰ গাখীৰ গৰম নকৰাকৈ পোৱালীক খাবলৈ দিব নালাগে।

(চ) চবকা লক্ষণ এবাৰ দেখা দিয়াৰ পাচত ছিটা দিয়াটো নিৰৰ্থক। গোহালিত কোনো জন্তুৰ গাত বেমাৰৰ লক্ষণ দেখা দিলে সুস্থ হৈ থকা জন্তুবোৰকো ছিটা দিব নালাগে।

(ছ) ৰোগাক্রান্ত প্রাণীক নদী বা আন বোৱতী পানীত বান্ধি ৰাখিব নালাগে।

(জ) আক্রান্ত প্ৰাণীৰ মৃত্যু হ’লে য’তে-ত’তে নেপেলাই দ’ গাঁত কৰি পুতি পেলাব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.96153846154
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top