মূল পৃষ্ঠা / কৃষি / পশু পালন / পশুৰ পেষ্টিদিচ পেটিচ ৰুমিনেন্ট(PPR)ৰোগ-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশুৰ পেষ্টিদিচ পেটিচ ৰুমিনেন্ট(PPR)ৰোগ-

পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)নামৰ ৰোগ বিধ সম্প্ৰতি অসমৰ সকলো জিলাত দেখা দিয়া এবিধ নতুন আৰু মাৰাত্মক সংক্ৰামক বিজানু(ভাইৰাচ)জনিত ছাগলীৰ বেমাৰ

পেষ্টিদিচ পেটিচ ৰুমিনেন্ট(PPR) ৰোগ কি-

 

পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)নামৰ ৰোগ বিধ সম্প্ৰতি অসমৰ সকলো জিলাত দেখা দিয়া এবিধ নতুন আৰু মাৰাত্মক সংক্ৰামক বিজানু(ভাইৰাচ)জনিত ছাগলীৰ বেমাৰ।সকলো বয়সৰ ছাগলী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

লক্ষণ সমূহ:-

 

এই ৰোগ হলে ছাগলীৰ মুখত ঘাঁ লাগে,জ্বৰ হয়,পাতল পায়খানা হয়,নাকেৰে পানী,শেঙুণ ওলায়,চকুত বিজলুৱা পদাৰ্থ দেখা যায় আৰু উশাহ-নিশাহত অতিপাত কষ্ট পায়।এই ৰোগ হলে ¾ দিনৰ ভিতৰতে ছাগলীৰ মৃত্যু হব পাৰে।বিশেষকৈ পোৱালীৰ মৃত্যু সৰ্বাধিক হয়।

চিটাৰ পৰিমাণ:-

 

2 মাহ বয়সৰ ওপৰত সকলো ছাগলীকে পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটা ছালৰ তলত 1 মি.লি.কৈ দিব লাগে।আনকি গাভিনী ছাগলীকো (3 মাহ) দিব পৰা যায়।

চিটা দিয়াৰ নিয়ম:-

 

সাধাৰণতে সৰু পি.পি.আৰ.(পেষ্টিদিচ পেটিচ ৰুমিনেন্ট)চিটাৰ বটলত ঔষধ খিনি 100 মি.লি. বটলৰ দ্ৰাৱকৰ লগত ভালকৈ মিহলাই 1 মি.লি. কৈ 100 টা ছাগলীক ছালৰ তলত চিটা হিচাপে দিয়া হয়।

পি.পি.আৰ.চিটাৰ যোগান:-

 

সাধাৰণতে এই পি.পি.আৰ. চিটাসমূহ খানাপাৰাত থকা জৈৱিক উৎপাদন প্ৰতিষ্ঠানে সকলো জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু জিলা পশু-পালন ও পশু-চিকিৎসা বিষয়াৰ কৰ্যালয়ে সকলো উপকেন্দ্ৰ,পশু-চিকিৎসালয়লৈ বিনামূলীয়াকৈ যোগান ধৰে আৰু পশু-চিকিৎসালয়/উপকেন্দ্ৰ সমূহে বিনামূলীয়াকৈ সকলো ছাগলীকে এই ৰোগৰ প্ৰতিশেধক চিটা দিয়ে।

প্ৰতিক্ৰিয়া:-

 

চিটা দিয়া ঠাইখিনি 2-3 দিনলৈ অলপ ফুলি থাকে।তাৰ বাহিৰে কোনো ধৰণৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়া নহয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা:-চিটা দিয়াৰ 7 দিনৰ ভিতৰত ছাগলীবোৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা আয়ত্ব কৰে আৰু 6 মাহলৈকে এই প্ৰতিৰোধ ক্ষমতা অটুট থাকে।

উৎস:অসম পশুপালন ও পশু-চিকিৎসা বিভাগ,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ "এচকাড" আচনিৰ অধীনত প্ৰকাশিত আৰু প্ৰচাৰিত ।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top