মূল পৃষ্ঠা / কৃষি / পশু পালন / বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহ

বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহৰ বিষয়ে লিখা হৈছে

সাধাৰণতে অসমৰ সেমেকা জলবায়ুৰ কাৰণে বাৰিষাসময়ত বৰ্হিপৰজীৱি আৰু আন্তঃপৰজীৱি বিলাকৰ বংশবিস্তাৰৰ ভূস্বৰ্গ হৈ পৰে৷ বৰ্হিপৰজীৱি যেনে-ওকনি, চিকৰা, ম’হ-ডাঁহ, ওৰহ ইত্যাদি আৰু আন্তঃপৰজীৱি যেনে-ফিটা পেলু, ঘুৰণীয়া পেলু, যকৃৎ পেলু ইত্যাদি বিলাক৷ এই পৰজীৱি বিলাকৰ লগতে বাৰিষা কালি প্লাৱিত হৈ থকা পথাৰত পানীত মিহলি হৈ থকা বিভিন্ন ৰাসায়নিক সাৰৰ প্ৰভাৱত বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাচবোৰে সক্ৰিয় হবলৈ সুবিধা পোৱা কাৰণে বিভিন্ন সংক্ৰামক ৰোগে দেখা দিয়ে৷ গতিকে আমি আমাৰ পশুধনক বিভিন্ন বেমাৰ ইত্যাদিৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবৰ বাবে সময়ে সময়ে ডাক্টৰৰ লগত পৰামৰ্শ কৰিব লাগে৷ সময়ে সময়ে পেলু দৰব খুৱাব লাগে৷ পশুধনৰ খোৱাৰ হীন-দেৰি হৈছে নেকি লক্ষ্য কৰিব লাগে৷ প্ৰয়োজন হ’লে ডাক্টৰ বা চৰকাৰৰ পশু চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰিব লাগে৷

আজি এই আলোচনাত আমি মূলত বাৰিষা কালি হব পৰা বিভিন্ন বেমাৰ আৰু অসুবিধাৰ কথা পৰ্য্যালোচনা কৰিবলে আগবাঢ়িছো৷


মেগটেডউন্দ বা পোকদিয়া ঘাঁ

বাৰিষা কালত বিশেষভাৱে গৰু-ম’হ কিটাৰ কৰবাত ঘাঁ লাগিলে সহজতে মাখিয়ে কণী পাৰে আৰু পোক দি ঘাঁডোখৰ দুৰ্গন্ধময় হৈ পৰে৷ফলত আক্ৰান্ত পশুধনটি চলা-ফিৰাত অসুবিধা হয়৷ ইয়াৰ পৰা প্ৰতিকাৰ পাবৰ বাবে –
ক) পটাচ পানীৰে ঘাঁডোখৰ ড্ৰেচিং কৰিব লাগে দৈনিক দুবাৰ৷
খ) যদি পোক থাকে তেন্তে টাৰ্পাইন তেলত অকনমান কপাহ তিয়াই এডাল ফৰচেপৰে ঘাঁডোখৰত এৰাতি সুমুৱাই ৰাখিব লাগে৷ পাছদিনা পুনৰ পটাছেৰে ড্ৰেচিং কৰি যদি পোক নাথাকে তেন্তে এন্টিবায়টিক বা এন্টি মেগাটেড মলম দিনটোত ২-৩ বাৰ লগাব বা স্প্ৰে, যেনে –
দিনটোত দুই-তিনিবাৰ স্প্ৰে কৰিব৷ আনহাতে যদি পোক থাকে অণুৰূপ ধৰনে দুইদিন কৰিব৷ পাছত কপাহকন উলিয়াই ওপৰত কোৱা ধৰণে কৰিলে পোক দিয়া ঘাঁটুকুৰা ভাল হব৷ যদি প্ৰয়োজন হয় পশুচিকিৎসকৰ লগত যোগাযোগ কৰিব৷ বিশেষকৈ চবকাৰোগত আক্ৰান্ত হ’লে এনেকৈ পোক দিয়া ঘাঁ বেছিকৈ দৃষ্টিগোচৰ হয়৷

চবকা ৰোগ

খুৰা ফটা গৰু, ম’হ, ছাগলী বাৰিষা কালত এই ভাইৰাচজনিত চবকা ৰোগত আক্ৰান্ত হয়৷ ই এবিধ সোচঁৰা বেমাৰ৷ ইয়াৰ লক্ষণসমূহ হ’ল –
ক) প্ৰথম অৱস্থাত পশুধনটোয়ে খাবলৈ এৰে, জ্বৰ উঠে৷
খ) জিভা, ওঠ, দাতৰ আলু আৰু ভৰিৰ খুৰাৰ মাজৰ অংশ ক’লা পৰে৷
গ) মুখেৰে লেলাৱটি ওলাই৷
ঘ) ভৰি আৰু মুখগহ্বৰত ঘাঁ লাগি পোক দিয়া ঘাঁ সৃষ্টি হোৱাৰ ফলত পশুধনটোয়ে খাব নোৱাৰা হয় আৰু চলাফিৰা কৰিব নোৱাৰে, দুৰ্বল হৈ পৰে৷
ঙ) আক্ৰান্ত সৰু পোৱালীবোৰৰ স্বপ্ৰতিৰোধি ক্ষমতা লোপ পায় আৰু প্ৰায়ে মৃত্যুমুখত পৰে৷
চ) গৰ্ভিনী গাই গৰুৰ অকাল প্ৰসৱ ঘটে৷
চিকিৎসা আৰু প্ৰতিকাৰ ব্যৱস্থা সম্পৰ্কে –
ক) পোক দিয়া ঘাঁত কোৱা ধৰণে দিনটোত ২-৩ বাৰ ড্ৰেচিং কৰিব৷ মুখ আৰু ভৰি যিমান পাৰে পটাছ পানীৰে ধুৱাব৷
খ) এন্টিবায়টিক টেবলেট আৰু ভিটামিনযুক্ত বেজি চিকিৎসকৰ লগত যোগাযোগ কৰি পশুধনটোক প্ৰদান কৰিব৷
প্ৰতিকাৰ হিচাপে – বৰ্ষাঋতুৰ আৰম্ভনিতে চবকাবেমাৰৰ ভেকচিনবিধ দিয়াৰ ব্যৱস্থা কৰিব৷ ছয়মাহৰ পাছে পাছে এই ভেকচিনবিধ দি থাকিলে চবকা বেমাৰৰ পৰা পশুধনটি ৰক্ষা পৰে৷


গলফুলা

গলফুলা নামৰ এই বেক্টেৰীয়াজনিত ৰোগবিধে বাৰিষাকালি ভয়ানক ৰূপ লয়৷ লক্ষণবোৰ এনেধৰণৰ- ডিঙিটো ফুলি উঠে, মুখেৰে ফেনাবলে ধৰে, উশাহ ঘন হয়, ডিঙিটোৰে ঘৰঘৰণিৰ শব্দ কৰে৷ এনেক্ষেত্ৰত তৎকালে চিকিৎসকৰ লগত যোগাযোগ কৰি উচ্চক্ষমতাসম্পন্ন এন্টিবায়টিক বেজিৰদ্বাৰা পশুধণটিক ৰক্ষা কৰিব লাগে৷

জহৰবাত

জহৰবাত উচ্চক্ষমতাসম্পন বেক্টেৰিয়েল বেমাৰ৷ সাধাৰণতে দেখাত চিকুন, দমৰা, প্ৰাপ্তবয়স্ক, হষ্ট-পুষ্ট পশুধনবোৰ এই বেমাৰত বেছি আক্ৰান্ত হয়৷ লক্ষণবোৰ- প্ৰথমতে ঠেং বা টপিনা ফুলি উঠে, ১০৬°পৰ্য্যন্ত জ্বৰ উঠে, ফুলা অংশ প্ৰথমতে গৰম হৈ থাকে যদিও পাছলৈ জঠৰ হৈ পৰে, হেঁচি দিলে পিৰপিৰকৈ শব্দ হয়৷ আক্ৰান্ত জন্তটো ২৪ ঘন্টাত ভিতৰত মৃত্যুমুখত পৰে৷ কেতিয়াবা শৰীৰৰ তলৰ অংশটোও আক্ৰান্ত হব পাৰে৷ তেনে লক্ষণসমুহ দেখা মাত্ৰকে চিকিৎসকৰ লগত যোগাযোগ কৰিলে পশুধণটো ৰক্ষা কৰিব পাৰি৷
প্ৰতিকাৰ – বাৰিষাৰ আগে আগে সেয়ে এনে পশুধণসমুহক H.S.+ B.Q. Combined ভেকচিন বিধ দিওৱাটো অত্যন্ত জৰুৰী৷ ছমাহৰ পাছে পাছে এনে ভেকচিন সমুহ দিয়াৰ ব্যৱস্থা কৰা দৰকাৰ৷ এইবিষয়সমুহৰ ওপৰত ভবিষ্যতে আৰু বহলকৈ আলোচনা কৰা হব৷

উৎস-কৃষক বন্ধু,লেখক-ড° নৃপেন খাউণ্ড,
সহকাৰী সঞ্চালক,পশু চিকিৎসা বিভাগ; উত্তৰ লক্ষীমপুৰ৷
যোগাযোগ নং- 9435351008

3.02631578947
Kutub uddin AIT Jul 11, 2018 02:33 PM

ইয়াত দিয়া বেমাৰৰ ঔষদ জনাই দিলে উপকৃত হম

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top