মূল পৃষ্ঠা / কৃষি / পশু পালন / বিজ্ঞানসন্মত ছাগলী পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিজ্ঞানসন্মত ছাগলী পালন

বিজ্ঞানসন্মত ছাগলী পালন

উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমত ছাগলী পালন উদ্যোগৰ যথেষ্ট সুযোগ দেখা যায় । অতীজৰে পৰা বৰ্তমানলৈকে দাৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ আৰ্থিক অৱস্থা উন্নীতকৰণত ছাগলী পালনে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।

বিজ্ঞানসন্মতভাৱে আৰু ঔদ্যোগিক পৰিসৰত ছাগলী পালন কৰিলে স্বনিয়োজনৰ এটা দিশ আংশিকভাৱে হ’লেও পূৰণ কৰিব পাৰিব ।

আন্তৰ্জাতিক খাদ্য আৰু কৃষি সংস্থাৰ ২০০০ চনৰ সমীক্ষা মতে ভাৰতৰ ১.২৩ নিযুত ছাগলী আছে আৰু এই বুজন সংখ্যক ছাগলীৰ পৰা আমাৰ দেশে বছৰি দেশৰ মুঠ মাংস উৎপাদনৰ শতকৰা ৩৬ ভাগ আৰু মুঠ গাখীৰ উৎপাদনৰ শতকৰা ৩ ভাগ উৎপাদন কৰে ।

পৰিমাণ হিচাপত বছৰি ভাৰতৰ -

  • ০.৪৬ নিযুত টন মাংস,
  • ৩.১৪ টন গাখীৰ,
  • ০.১৩ নিযুত টন ছাল আৰু
  • ১৯.৩৬ নিযুত টন গোবৰ ছাগলীৰ পৰা উৎপাদন হয় ।

ছাগলীৰ পৰা উৎপাদন হোৱা এইখিনি সামগ্ৰীৰ মূল্য ৬০০০ কোটি টকাৰো অধিক ।

অসমত ছাগলী পালনৰ সুবিধাসমূহ -

অসমত তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ছাগলী পালনৰ যথেষ্ট সুযোগ দেখা যায় । এই সুযোগ তথা পৰিসৰৰ কথা এনেদৰে ক’ব পাৰিব ।

  • উত্তৰ পূৰ্বাঞ্চলত আমিষ ভোজী লোকৰ সংখ্যা যথেষ্ট বেছি । উত্তৰ পূৰ্বাঞ্চলত ব্ৰাহ্মণ বা অন্য বৰ্ণ হিন্দু সকলোৰে আমিষ ভোজন দেখা যায়, যিটো ভাৰতৰ অন্যৰাজ্যত দেখা পোৱা নাযায় ।
  • জাতি, ধৰ্ম, ভাষা, বৰ্ণ গোষ্ঠী নিৰ্বিশেষে ছাগলী মাংস ভক্ষণ কৰা দেখা যায় । গো-মাংস বা গাহৰি মাংসৰ নিচিনাকৈ ছাগলী মাংসৰ ক্ষেত্ৰত পৰম্পৰাগত বা ধৰ্মীয় বাধা নিষেধ সাধাৰণতে দেখা নাযায় ।
  • অসমৰ জলবায়ু তথা উচ্চ ভূমি অঞ্চল পাহাৰ, পৰ্বত সেউজীয়া গছ-লতা আদি যথেষ্ট পৰিমাণে হোৱা দেখা যায়, যিটো ভাৰতৰ অন্যান্য অঞ্চলত দেখা পোৱা নাযায় । সেয়েহে ছাগলী পালন তুলনামূলকভাৱে ইয়াত বেছি সুচল ।

অন্যহাতে চিৰসেউজীয়া, বৰ্ষাৰণ্যৰ অধিকাৰী হোৱা বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ঘাঁহ আৰু সেউজীয়া গছ লতাৰ অভাৱ পৰিলক্ষিত নহ’ব, যিটো ছাগলী পালনৰ বাবে এক যোগাত্মক দিশ ।

  • উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট সংখ্যক জনজাতীয় লোক আৰু আদিবাসী লোকে বাস কৰে । এই জনজাতীয় আৰু আদিবাসী মহিলাসকলেও পুৰুষৰ সমানে গৃহকৰ্ম আৰু কৃষিকৰ্মত ভাগ লয় ।

এই মহিলাসকলক বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰ প্ৰশিক্ষণ দিয়ালে মহিলা সকলেও ছাগলী পালনৰ এক উদ্যোগ হিচাপে ল’ব পাৰে ।

  • এজনী বৰ্ণসংকৰ জাৰ্চী গাই বা হলষ্টেশ্বন ফ্ৰিজিয়ন গাইৰ মূল্য ৫০ হাজাৰৰ পৰা এক লাখ পৰ্যন্ত হয় ।

দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ এজন পালকে এনে এজনী গাই ক্ৰয় কৰিব পৰাটো সম্ভৱপৰ নহয় । কিন্তু এজন দুখীয়া কৃষকেও ছাগলী পালন কৰিবলৈ এজনী ছাগলী ক্ৰয় কৰাৰ সামৰ্থ থাকে ।

  • তুলনামূলকভাৱে ছাগলীৰ বেমাৰ-আজাৰ কম আৰু সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি । যিকোনো পৰিৱেশত মিলি যাব পৰাটো ছাগলীৰ অন্যতম বৈশিষ্ট্য ।
  • অধিক মূলধন ছাগলী পালনৰ বাবে প্ৰয়োজন নহয় । অন্যান্য পোহনীয়া জন্তুতকৈ কম খৰচ আৰু কম কষ্টৰে ছাগলী পালন কৰি লাভৱান হ’ব পাৰি ।
  • গৰ্ভধাৰন কাল অতি কম হোৱাৰ বাবে ছাগলী পালনেৰে লাভাংশ আৰু মূলধন কমদিনৰ ভিতৰতে ঘূৰি আহে ।
  • শাৰীৰিক গঠন সৰু হোৱা বাবে যিকোনো এজন মানুহে বা মাইকী মানুহে অনায়াসে ১০-১৫ জনী ছাগলী পুহিব বা প্ৰতিপালন কৰিব পাৰে । ইয়াৰ বাবে অধিক শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন নহ’ব ।
  • ছাগলী ৰাখিবলৈ থকা ঘৰ খুব কম খৰচতে আৰু স্থানীয়ভাৱে পোৱা সামগ্ৰীৰে নিৰ্মাণ কৰিব পাৰি ।
  • অতি শান্ত প্ৰকৃতিৰ প্ৰাণী বাবে আৰু জাক পাতি থকা বৈশিষ্ট্যৰ বাবে এজন মানুহে অনায়াসে ১০০-১৫০ ছাগলী চম্ভালিব পাৰে ।
  • ছাগলীৰ কিছুমান জাত আমাৰ থলুৱা জাততকৈ অধিক গাখীৰ দিয়ে । এনে উন্নত জাতৰ ছাগলীৰ লগত আমাৰ থলুৱা জাত প্ৰজনন কৰাই অধিক উৎপাদন লাভ কৰিব পাৰি ।

ছাগলীৰ গাখীৰ অতি পুষ্টিকৰ আৰু ইয়াৰ ঔষধি গুণো আছে । সেয়েহে ছাগলীৰ গাখীৰ ডেকা, বুঢ়া, ল’ৰা-ছোৱালী কেঁচুৱা সকলোৱে খাব পাৰে ।

  • থলুৱা জাতৰ ছাগলীৰ লগত উন্নত জাতৰ ছাগলীৰ প্ৰজনন ঘটাই অধিক উৎপাদনক্ষম বৰ্ণসংকৰ ছাগলী পাব পাৰি ।
  • ছাগলীৰ হজম শক্তি অতি বেছি আৰু অতি কম খাদ্য লাগে । সেয়েহে ইহঁতে গছৰ পাত, ঘাঁহ-বন, ফলমূল, ডাল, ছাল, শিপা আদি খায়েই জীয়াই থাকিব পাৰে ।
  • চধ্য মাহত দুবাৰ পোৱালি দিয়া আৰু আঠ বছৰত কমেও ৭ টা মাইকী পোৱালি জগাবলৈ সক্ষম হ’ব পাৰে কেৱল ছাগলীয়েহে, যিটো গৰু বা ম’হৰ ক্ষেত্ৰত সম্ভৱ নহয় ।

বৰ্ণ সংকৰ গাইৰ মতা পোৱালিৰ মূল্য কম । কিন্তু ছাগলীৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য নহয় । মতা বা মাইকী ছাগলীৰ বজাৰ মূল্য সমান ।

ছাগলীৰ বাবে গৃহ নিৰ্মাণ ঠাই নিৰ্বাচন -

  • ছাগলীৰ বাবে সাজিবলৈ লোৱা ঘৰটো থকা ঠাইৰ পৰা কিছু নিলগত নিৰিবিলি পৰিৱেশত হ’ব লাগে ।
  • ঠাইডোখৰ ওখ, ৰ’দ ঘাই আৰু মুকলি বতাহ সহজে চলাচল কৰিব পৰা হ’লে ভাল ।
  • পামঘৰটোৰ চাৰিওফালে পানী জমা হোৱা ঠাই, নলা, জলাশয়, খাল-বিল আদি থকা উচিত নহয়, যিহেতু এনে বন্ধ পানীত মহ-মাখিয়ে কণী পাৰি ৰোগৰ বিস্তাৰ কৰে ।
  • পামঘৰৰ কাষত চাৰিওফালে পৰ্যাপ্ত পৰিমানে মাটি থাকিলে ভাল । যিহেতু এনে ঠাইত ছাগলীৰ বাবে প্ৰয়োজনীয় ঘাঁহ, বন বা গছ ৰুই দিব পাৰি ।

তদুপৰি অন্যান্য শাক-পাচলিৰ খেতি কৰি উপাৰ্জন কৰাৰ লগতে পেলনীয়া অংশ ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

  • ছাগলী থকা ঘৰটো এনেদৰে সাজিব লাগে যাতে পুৱা আৰু গধূলিৰ ৰ’দ পামঘৰটোত পোনপটীয়াকৈ পৰে । যিহেতু সূৰ্যৰ ৰশ্মিয়ে বহুতো বীজাণু নাশ কৰে ।
  • পামঘৰটোৰ চাৰিওফালে বাৰীৰ ঢাপত সু-বাবুল, কঁঠাল, মৰলীয়া, ডিমৰু আদি গছ ৰুই দিব লাগে, যাতে ইয়াৰ পাত ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি । এনে কৰিলে ছাগলী পালনেৰে হোৱা লাভৰ পৰিমাণ বাঢ়ে ।
  • পামঘৰটোৰ ওচৰতে দানা, ঔষধ বা অন্যান্য সামগ্ৰী ৰখা গুদাম ঘৰটো সাজিব লাগে, যাতে সময়ৰ অপচয় নহয় ।
  • পামঘৰলৈ কৰ্মচাৰীৰ বাহিৰে অন্য বাহিৰা মানুহৰ আহ-যাহ নিয়ন্ত্ৰিত কৰাটো অতি প্ৰয়োজন ।

লেখক :- ডা: চন্দ্ৰ কুমাৰ সিংহ, ডা: প্ৰবীন কুমাৰ নেওগ ।

উৎস :-  দৈনিক জনমভূমি

3.75
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top