অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰুডাৰছ পোণ্ড মেনেজমেন্ট :

ব্ৰুডাৰছ পোণ্ড মেনেজমেন্ট :

 

মাছ পালনত কৃতকাৰ্য হ’বলৈ হ’লে তিনিটা বস্তুৰ খুবেই প্ৰয়োজন। এই অপৰিহাৰ্য বস্তুকেইবিধ হ’ল মাছৰ গুণাগুণ সম্পন্ন পোনা, মাছৰ খাদ্য আৰু মাছ পালনৰ বৈজ্ঞানিক কৌশ্ল সম্পৰ্কত জ্ঞান। আমাৰ পুখুৰী, বিল, জলাশয় আদিত মাছ পালন কৰিলে যদি আমি সু-স্বাস্থ্যৰ প্ৰকৃত গুণাগুণসম্পন্ন মাছপোনা মেলি নিদিও, তেনেহ’লে বছৰৰ শেষত আমি যিমান উৎপাদন পাব লাগে, তাক পাবলৈ সক্ষম নহ’ম।

গতিকে এজন প্ৰকৃত মীনপালকে মাছ পালনৰ বৈজ্ঞানিক কৌশল সম্পৰ্কত প্ৰকৃত ধাৰণা লৈহে কাৰ্যক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। সন্তানৰ সু-স্বাস্থ্য মাক-বাপেকৰ ওপৰত নিৰ্ভৰ কৰে। মাক-বাপেক ওখ, ডাঙৰ-দীঘল হ’লে তেওঁলোকৰ সন্তানো ওখ, ডাঙৰ-দীঘল হয়।

ঠিক সেইদৰে মাছো এবিধ প্ৰাণী। মাছৰ ক্ষেত্ৰতো তাৰ পোৱালিবোৰ যদি আমি ভাল প্ৰজননক্ষম মাছৰপৰা কৃত্ৰিমভাৱে সংগ্ৰহ কৰোঁ, তেনেহ’লে এই পোৱালিৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়। এজনী প্ৰজননক্ষম মাছক ভালদৰে প্ৰতিপালন কৰি তাক মাছপোনা জগাবৰ বাবে উপযুক্ত কৰি তুলিবৰ বাবে আমি যত্ন কৰিব লাগে।

গাভিনী মাছবোৰ যি পুখুৰীত ৰাখি প্ৰতিপালন কৰা হয় তাক প্ৰজননক্ষম পুখুৰী বা ‘ব্ৰুড ষ্টক পোণ্ড’ বুলি কোৱা হয়। আমি এই নিবন্ধত মাছৰ ব্ৰুড ষ্টক পুখুৰীৰ পৰিচালনা সম্পৰ্কত আলোচনা কৰিম।

প্ৰজননক্ষম মাছ ৰখা পুখুৰীৰ পৰিচালনাৰ ক্ষেত্ৰত আমি তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে-

ক)যি প্ৰজাতিৰ মাছ আমি প্ৰজননক্ষম পুখুৰীত ৰাখিম, সেই মাছৰ প্ৰজাতিসমূহৰ বৃদ্ধি খৰতকীয়া, সু-স্বাস্থ্যৰ অধিকাৰী হ’ব লাগিব।

খ)মাছৰ প্ৰজাতিসমূহৰ প্ৰজনন অংগসমূহ স্পষ্ট হ’ব লাগিব।

গ)মাইকী মাছবোৰ যাতে সু-স্বাস্থ্যৰ হয়, সেই কথাত গুৰুত্ব দিব লাগিব।

প্ৰজননৰ বাবে ৰখা মাছবোৰৰ দেহ, গঠন প্ৰক্ৰিয়া সুন্দৰ হ’ব লাগে। এই মাছবোৰ-

ক)সু-স্বাস্থ্যৰ হ’ব লাগে।

খ)মাছৰ দেহত ঘাঁ আদি থাকিব নালাগে।

গ)কোনো পৰজীৱীয়ে যাতে আক্ৰমণ কৰা নাই, সেয়া লক্ষ্য কৰিব লাগে।

ঘ)মাছৰ বাকলিবোৰ যাতে সুন্দৰকৈ থাকে, তাৰে প্ৰতি লক্ষ্য ৰাখিব লাগে।

ঙ)পাখি বা শৰীৰত যাতে কোনো দাগ বা চিহ্ন নাথাকে, তাক লক্ষ্য কৰিব লাগে।

চ)শৰীৰটোৰ আকাৰ-আকৃতি যাতে স্বাভাৱিক হয় আৰু বেছি শকত নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে।

প্ৰজননক্ষম মাছৰ মতা-মাইকী চিনাক্ত কৰি প্ৰজনন পুখুৰীত ৰখাৰ ব্যৱস্থা কৰিব লাগে। মাইকী মাছৰ জেনিটেল অ’পেনিং জেনিটেল পেপিলাৰ ওপৰত থাকে আৰু মাছৰ ক্ষমতা জেনিটেল অ’পেটিং জেনিটেল পেপিলাৰ পিছত থাকে।

গাভিনী মাইকী মাছৰ পেটটো ফুলি থাকে, জেনিটেল পেপিয়া ৰঙচুৱা হয় আৰু লাহেকৈ টিপি দিলে কণী বাহিৰ হয়। মতা মাছৰ ক্ষেত্ৰত লাহেকৈ পেটত টিপি দিলে বগা মিল্ট ওলায়। এনেদৰে মতা মাছ আৰু মাইকী গাভিনী মাছ চিনাক্ত কৰি প্ৰজননক্ষম পুখুৰীত পালনৰ বাবে মেলিব লাগে।

প্ৰজননক্ষম মাছৰ পুখুৰীৰ গভীৰতা ২-৩ মিটাৰ হ’ব লাগে আৰু ইয়াৰ পানীকালি ০.১৫ হেক্টৰৰপৰা এক হেক্টৰ পৰ্যন্ত হ’ব পাৰে। এই পুখুৰীৰ পানীৰ স্তৰ ঠিক কৰি ৰখাৰ বাবে ইনলেট(অন্তৰ্গমন) আৰু আউটলেটৰ(বহিৰ্গমন নলী) ব্যৱস্থা থাকিব লাগে। পানীৰ গভিৰতা ১.৫ মিটাৰৰপৰা ২.৫ মিটাৰকৈ ৰাখিব লাগে।

প্ৰতি হেক্টৰত ২০০০-২৫০০ কিলোগ্ৰাম মতা মাছ আৰু মাইকী গাভিনী মাছ এই পুখুৰীত ৰাখিব লাগে। এই পুখুৰীত নৱেম্বৰৰপৰা জানুৱাৰী মাহ পৰ্যন্ত মাছবোৰ প্ৰতিপালনৰ ব্যৱস্থা কৰিব লাগে। প্ৰজননক্ষম মাছ ৰখা পুখুৰীত যাতে অক্সিজেনৰ নাটনি নহয় তাৰ বাবে পানীৰ ৰিচাৰ্কুলেচন কৰিব পাৰিলে ভাল।

এই পুখুৰীলৈ গাভিনী মাছবোৰ অনাৰ আগেয়ে পুখুৰীত উপযুক্ত হাৰত চূণ, সাৰ আদি দিব লাগে। পুখুৰীত যাতে অন্ততঃ ৫০ শতাংশ প্ৰাকৃতিক খাদ্য প্ৰস্তুত হয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে। পুখুৰীত যাতে অন্ততঃ ৫০ শতাংশ কৃত্ৰিম খাদ্য এই পুখুৰীত বাহিৰৰপৰা যোগান ধৰিব লাগে।

যিহেতু গাভিনী মাছক প্ৰ’টিন জাতীয় খাদ্যৰ অতি দৰকাৰ সেয়েহে কৃত্ৰিম খাদ্যত ২৮-৩০ শতাংশ প্ৰ’টিন থাকিব লাগে। মাছৰ ওজনৰ ৩-৫ শতাংশ হাৰত কৃত্ৰিম খাদ্য যোগান ধৰিব লাগে। গ্ৰাছকাৰ্পৰ বাবে বেলেগকৈ ঘাঁহজাতীয় খাদ্য যোগান ধৰাৰ প্ৰয়োজন। এইদৰে তিনিমাহ মতা-মাইকী মাছবোৰ প্ৰজননৰ বাবে ৰখাৰ পিছত কৃত্ৰিম প্ৰজননৰ ১-২ মাহ আগেয়ে মতা মাছ আৰু মাইকী গাভিনী মাছবোৰ বেলেগ বেলেগ কৰি অইন দুটা পুখুৰীত ৰখাৰ ব্যৱস্থা কৰিব লাগে।

এনেদৰে মতা আৰু মাইকী মাছবোৰ বেলেগ বেলেগকৈ প্ৰতিপালন কৰাৰ পিছত প্ৰজননৰ সময়ত প্ৰকৃতভাৱে পৰিপক্ক মাছবোৰ প্ৰজননৰ বাবে হেচ্ছাৰীলৈ আনিব লাগে। হেচ্ছাৰীলৈ অনাৰ আগেয়ে মতা আৰু মাইকী মাছবোৰ কণ্ডিছনিং কৰাৰ ব্যৱস্থা কৰিব লাগে।

৫-৬ ঘন্টা কণ্ডিছনিং কৰাৰ পিছত এই গাভিনী মাছবোৰ কৃত্ৰিম প্ৰজননৰ বাবে বেজী দি হেচ্ছাৰীৰ প্ৰজনন পুলত মেলি দিয়া হয়। এনেদৰেই কৃত্ৰিমভাৱে প্ৰজননৰ বাবে আমি প্ৰজননক্ষম উপযুক্ত কৰি ব্যৱহাৰ কৰিব লাগে।

প্ৰকৃত গুণসম্পন্ন মাছপোনা পাবলৈ হ’লে আমি ওপৰত আলোচনা কৰা ধৰণে মাছৰ প্ৰজননক্ষম পুখুৰী প্ৰস্তুত কৰি লোৱাটো আৱশ্যক। নিজৰ ফাৰ্মত হোৱা মাছবোৰ ডাঙৰ কৰি প্ৰকৃতভাৱে প্ৰতিপালন কৰাৰ পিছত তাক ব্যৱহাৰ কৰিলে তাৰপৰা জন্ম হোৱা পোৱালিবোৰ সু-স্বাস্থ্যৱান হ’ব। মাজে সময়ে এই গাভিনী মাছৰ ষ্টকসমূহ পাৰিলে সলনি কৰিব লাগে।

সলনি কৰিলে ‘ইন ব্ৰিডিং ডিপ্ৰেচন’ৰপৰা হাত সাৰিব পাৰি। প্ৰকৃতপক্ষে আমি উপযুক্ত মাছপোনা পাবলৈ হ’লে নদী বা বিলৰপৰা পোৱা মতা-মাইকী মাছ আমাৰ হেচ্ছাৰীলৈ ব্ৰিডিঙৰ বাবে আনিব লাগে।

আমাৰ হেচ্ছাৰীত যিসকল পোনা উৎপাদনকাৰী আছে, তেওঁলোকে এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু মাছৰ স্বাস্থ্যৱান পোনা প্ৰস্তুতত অৰিহণা যোগাব লাগে। মনত ৰাখিব- মাছৰ পোৱালি ভাল হ’লেহে বৃদ্ধি হ’ব, উৎপাদন বৃদ্ধি পাব।

লেখক: প্ৰতুল ডেকা

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate