মূল পৃষ্ঠা / কৃষি / পশু পালন / শীতকালৰ প্ৰাৰম্ভত মীনপালকৰ কৰণীয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালৰ প্ৰাৰম্ভত মীনপালকৰ কৰণীয়

শীতকালৰ প্ৰাৰম্ভত মীনপালকৰ কৰণীয়ৰ বিষয়ে লিখা হৈছে ।

 

আৰু কিছুদিন পিছতেই অসমত শীতৰ আচ্ছাদন আৰম্ভ হ’ব। সেয়েহে আমাৰ মীনপালকসকলো সাজু হ’বৰ হ’ল।

শীতকালছোৱাত মীন পালনৰত পুখুৰীত তুলনামূলকভাৱে বিশেষ যত্ন লোৱা প্ৰয়োজন। কিয়নো এই কালছোৱা মীন পালনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট স্পৰ্শকাতৰ সময়।

আমাৰ ৰাজ্যখনত মুখ্যতঃ পালন কৰা ভাৰতীয় মূলৰ ৰৌ, বাহু, মিৰিকা আৰু বিদেশী মূলৰ ছিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প আদি মাছৰ বাবে পানীৰ সৰ্বোত্তম উষ্ণতা ২৮ ডিগ্ৰী চেলছিয়াছৰপৰা ৩২ ডিগ্ৰী চেলছিয়াছ হ’ব লাগে।

অনুকূল উষ্ণতা বৃহৎ পৰিসৰত ২৫ ডিগ্ৰী চেলছিয়াছৰপৰা ৩৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত শ্ৰেণীবদ্ধ কৰিব পাৰি।

পানীৰ উষ্ণতা ২৫ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যোৱাৰ লগে লগে পুখুৰীত মাছৰ সপক্ষে বৰ্তি থকা অনুকূল জলবায়বীয় পৰিৱেশত ব্যাপক ভাৰসাম্যহীনতাৰ সৃষ্টি হৈ বেমাৰ-আজাৰকে আদি কৰি বিভিন্ন অবাঞ্ছিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। এই কথাটো উলাই কৰিলে ঈপসিত ফল প্ৰাপ্তিত বাধা হ’ব পাৰে।

শীতকালত মাছৰ খাদ্য গ্ৰহণৰ হাৰ, বিপাক আৰু দৈহিক বৃদ্ধিটো ব্যাপক প্ৰভাৱ পৰে। শীতৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে মাছৰ খাদ্য গ্ৰহণৰ হাৰো কমি যায় আৰু সেয়েহে এই কালছোৱাত খাদ্যৰ পৰিমাণ কমাই দিব লাগে।

অন্যথা অপচয় হোৱা খাদ্যখিনিয়ে পানীৰ গুণাগুণ হ্ৰাস কৰি বিভিন্ন অসুবিধাৰ কাৰক হ’ব পাৰে। অৱশ্যে খাদ্যৰ পৰিমাণ একেবাৰে বন্ধ কৰি দিয়া অনুচিত। প্ৰতিটো জীৱ-জন্তুৰ দৰে মাছকো পৰিপুষ্টিৰ বাবে খাদ্যৰ প্ৰয়োজন।

শীতকালছোৱাত মাছৰ দেহৰ ওজনৰ ০.৫ শতাংশ হাৰত দৈনিক খাদ্য দিলেই যথেষ্ট। মাছৰ পৰিপুষ্টিবিষয়ক বিশিষ্ট বিশেষজ্ঞ ড° দীপেছ দেৱনাথ(৯১০১৪২৮৫৬৩) জনোৱা মৰ্মে শীতকালত মাছৰ খাদ্যৰ পৰিমাণ কমাই দিব লাগে। কিন্তু প্ৰ’টিনৰ অনুপাত বঢ়াই দিব লাগে।

শীতকালত প্ৰ’টিনৰ প্ৰয়োজনীয়তা বহু বেছি। বিশেষ তথ্যৰ বাবে বিজ্ঞানীগৰাকীৰ লগত যোগাযোগ বাঞ্ছনীয়। আকৌ এই সময়ছোৱাত পুখুৰীত মাছৰ বাবে দ্ৰ্ৱীভূত অম্লজানৰো নাটনি হ’ব পাৰে। আন জীৱৰ দৰে মাছৰো জীৱন ধাৰণৰ বাবে অক্সিজেনৰ দৰকাৰ। মাছে জলক্লোমৰ সহায়ত পুখুৰীৰপৰা অক্সিজেন আহৰণ কৰে।

সূৰ্যৰ পোহৰত সালোক সংশ্লেষণৰ জৰিয়তে পানীত দ্ৰৱীভূত অক্সিজেন উপলভ্য হয়। শীতকালত নিশা দীঘল, দিন চুটি হোৱা বাবে সূৰ্যৰ পোহৰ কম সময়ৰ বাবে পুখুৰীত পৰে।

ফলত মাছৰ বাবে দ্ৰৱীভূত অক্সিজেন কমি যায়। যদি পুখুৰীটোত থকা মাছৰ ঘনত্ব অনুমোদিত নিৰিখতকৈ বেছি হয়, তেন্তে মাছ মৰাৰো আশংকা থাকে।

শীতকালত পুখুৰীটোৰ পানী কমি যোৱাৰ লগে লগে তাত থকা মাছৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ হয়। ই মাছৰ দৈহিক বৃদ্ধিতো বাৰুকৈয়ে প্ৰভাৱ পেলায়। শীতকালি সততে পুখুৰীত দৃষ্টিগোচৰ হোৱা আন এটা পৰিঘটনা হৈছে ঘোলা পানীৰ বিস্তৃতি।

ইয়াৰ মূল কাৰণ হৈছে মে’-জুন মাহত মেলা পোনা ছেপ্টেম্বৰ-অক্টোবৰত কিছু ডাঙৰ হয় আৰু তাৰ পৰৱৰ্তী সময়ত পানী শুকাই গ’লে(অৰ্থাৎ কমি গ’লে) কম পানী ঘোদালি মাছবোৰে পানীখিনি আবিল কৰি তোলে। এনে অৱস্থাত সূৰ্যৰ পোহৰ পানীৰ বেছি তললৈ যাব নোৱাৰে।

ফলত সালোক সংশ্লেষণ আৰু প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত ব্যাপক প্ৰভাৱ পৰে। মাছে শ্বাস-প্ৰশ্বাসৰ লগতে খাদ্য গ্ৰহণৰ অসুবিধা পায়।

শীতকালত পানী শুকাই গ’লে যদি সম্ভৱ হয়, তেন্তে বাহিৰ উৎসৰপৰা পানী ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে। যদি তেনে সুবিধা নাই, তেন্তে পানী নিৰ্দিষ্ট হিচাপতকৈ কমি যোৱাৰ লগে লগে পুখুৰীত মাছৰ ঘনত্ব কমাই দিব লাগে।

এনে কৰোঁতে ডাঙৰ মাছবোৰ, যিবোৰ বিক্ৰীৰ উপযুক্ত, তেনেবোৰ মাছ উঠাই পেলাব লাগে।

ইতিমধ্যে খাদ্যৰ পৰিমাণ, সাৰ প্ৰয়োগ আদিও এই সময়ত কমাই দিব লাগে। বহু সময়ত শেলাইৰ অত্যাচাৰৰ বাবে পুখুৰীত এটা সেউজীয়া চামনি পৰা দেখা যায়।

ই পুখুৰীত অক্সিজেনৰ নাটনিৰ লগতে মাছৰ চাল-চলন, খাদ্য-গ্ৰহণ আদিতো বাধাৰ সৃষ্টি কৰে। এই চামনি পৰিলে জৈৱিক সাৰৰ পৰিমাণ কমাই প্ৰয়োগ কৰিব লাগে আৰু চামনিটো চাফ কৰাৰ ব্যৱস্থা কৰিব লাগে।

শীতকালছোৱাত সচৰাচৰ মাছৰ বিভিন্ন বেমাৰ-আজাৰ হোৱা দেখা যায়। পানীৰ উষ্ণতা কমি যোৱাৰ লগে লগে শীতলৰক্তী প্ৰাণী মাছৰ দেহৰো উষ্ণতা কমি যায় বাবে মাছৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা কমি যায় আৰু বিভিন্ন জীৱাণু, পৰজীৱী, ভেঁকুৰ, ভাইৰাছ, বেক্টেৰিয়া আদিৰ আক্ৰমণৰ সূচলতা প্ৰকট হৈ পৰে।

এই সম্ভাৱনা নস্যাৎ কৰিবলৈ শীতকালৰ প্ৰাৰম্ভত মীন পালনৰত পুখুৰীত কেতবোৰ প্ৰতিষেধক প্ৰয়োগ কৰিব লাগে।

যদিও মাছৰ প্ৰায়বিলাক বেমাৰেই চিকিৎসাৰ জৰিয়তে আৰোগ্য কৰিব পাৰি, তৎসত্ত্বেও পানীত থকা প্ৰাণী এটাৰ চিকিৎসা আৰু স্থলভাগৰ জীৱ এটাৰ চিকিৎসা একে কথা নহয়।

বিভিন্ন বাস্তৱ অসুবিধা আমি উলাই কৰিব নোৱাৰোঁ। সেয়েহে মীন পালনৰ ক্ষেত্ৰত ‘প্ৰতিৰোধেই প্ৰতিকাৰতকৈ শ্ৰেয়’- এই দৃষ্টিভংগী প্ৰযোজ্য হয়। শীতকালৰ প্ৰাৰম্ভত পুখুৰীত বিভিন্ন প্ৰতিষেধক নিৰ্দিষ্ট হিচাপ আৰু নিৰিখত প্ৰয়োগ কৰা উচিত। ইমানৰ পিছতো মাছৰ বেমাৰ হ’লে, চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

পুখুৰীত প্ৰয়োগ কৰিবলগীয়া বিভিন্ন ঔষধৰ মাত্ৰা, প্ৰয়োগ বিধি, মিশ্ৰণ আদি অতি নিৰ্দিষ্ট আৰু সেই নিৰ্দিষ্ট পুখুৰীটোৰ পটভূমি, সেই দিনটোৰ বতৰ-উষ্ণতা আদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে যথেষ্ট সতৰ্ক হোৱা উচিত।

মীন বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ভাৰতীয় কৃষি গৱেষণা সেৱাৰ প্ৰথমজন অসমীয়া মীন বিজ্ঞানী তথা কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাটীত উত্তৰ-পূব আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী বিজ্ঞানী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ(৯৪৩৫৫৫৩২৭৪) পৰা জানিব পৰা মতে, থাউকতে পোৱা দুটা সামগ্ৰী পোৰা চূণ(কেলচিয়াম অক্সাইড) আৰু ব্লিচিং পাউডাৰ প্ৰয়োগ কৰি প্ৰতিষেধক আৰু চিকিৎসাৰ ব্যৱস্থা অতি ফলপ্ৰসূভাৱে কৰিব পাৰি।

তেওঁৰ মতে, এক মিটাৰ গভীৰতাবিশিষ্ট এক হেক্টৰ জলকালিত প্ৰথমে ৫০ কিলোগ্ৰাম পোৰা চূণ প্ৰয়োগ কৰি, তাৰ এসপ্তাহ পিছত ৫০ কিলোগ্ৰাম ব্লিচিং পাউডাৰ প্ৰয়োগ কৰিলে সুন্দৰ প্ৰতিষেধকৰ কাম কৰে। প্ৰয়োজনবোধে পৰৱৰ্তী মাহত পুনৰ অনুৰূপ ধৰণে প্ৰয়োগ কৰিব লাগে।

প্ৰতিকাৰৰ ক্ষেত্ৰত মাত্ৰা দুগুণ কৰা যুগুত। তদুপৰি পুখুৰীত বিভিন্ন অনুমোদিত প্ৰতিষেধক প্ৰয়োগ কৰিবলৈ দিহা দিয়া হয়।

এইসমূহ কেৱল নিৰ্দিষ্ট স্থল আৰু উৎসৰপৰাহে সংগ্ৰহ কৰিব লাগে। মীন বিভাগৰ পৰ্যবেক্ষণত পৰিচালিত ‘জল বিপণী’সমূহ তেনে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। গুৱাহাটীৰ পাণবজাৰৰ নাগাপোতা পুখুৰীৰ সমীপত তেনে এখন বিপনী আছে।

শীতকালত পুখুৰীৰ পানীত পি এইচ(PH)ৰ তাৰতম্য ঘটাৰ থল থাকে। সেয়েহে পি এইচ নিৰ্দিষ্ট হিচাপত(৭.৫-৮.৫) ৰাখিবলৈ নিৰ্দিষ্ট জোখ আৰু নিৰিখত চূণ প্ৰয়োগ কৰিব লাগে। পানীৰ পি এইচ বজাৰত পোৱা পি এইচ কাগজৰ নুৰা নতুবা সাধাৰণ আহিলাৰেই নিৰ্ণয় কৰিব পাৰি।

প্ৰগতিশীল মীনপালকসকলে এইখিনি জানে। পানীত পি এইচৰ পৰিমাণ কমি যোৱাৰ লগে লগে মাছখিনি প্ৰতিচাপৰ সন্মুখীন হয় আৰু বিভিন্ন সমস্যাত আক্ৰান্ত হয়।

শীতকালত পুখুৰীত হোৱা বিভিন্ন সমস্যা সম্পৰ্কে সততে ব্যৱহাৰিক পৰ্যবেক্ষণত জড়িত থকা সৰবৰহী মীন বিশেষজ্ঞ তথা মীন মহাবিদ্যালয়, ৰহাৰ বিজ্ঞান গুৰু ড° কৃষ্ণকান্ত তামুলীয়ে ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰপৰা জানিবলৈ দিয়া মৰ্মে পুখুৰীটো চাফ-চিকুণকৈ ৰাখি দৈনিক পৰ্যবেক্ষণ কাৰাটো এই সময়ছোৱাত নিতান্তই বাঞ্ছনীয়।

দিহে পুখুৰীটোৰ পানীৰ বৰণ, গোন্ধ আদিত কিছু বৈসাদৃশ্য দৃষ্টিগোচৰ হয়, তেতিয়া কিছুদিনলৈ সাৰ যোগান, খাদ্য যোগান আদি বন্ধ ৰাখি প্ৰয়োজনবোধে মাটি আৰু পানী পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি ড° তামুলীয়ে জানিবলৈ দিয়ে।

ইচ্ছুক মীনপালকসকলে বিভিন্ন স্পষ্টীকৰণ, খু-দুৱনি আৰু বিশদ দিহাৰ বাবে তেওঁৰ লগত(৯৪৩৫০৬৮৭৫৮) যোগাযোগ কৰিব পাৰে। এই মৰ্মে যৎপৰোনাস্তি সহযোগিতা আগবঢ়োৱাৰ আশ্বাসৰ কথা কিছুদিন আগেয়ে সাক্ষাৎকালত তেওঁ এই প্ৰতিবেদকক জনাইছে।

শীতকালছোৱাত উল্লিখিত সতৰ্কতাসমূহ পালন কৰিলে সাধাৰণতে বিশেষ সমস্যাৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা নাথাকে। যদিহে পুখুৰীটোত নিয়ম মাফিক চূণ দি থকা হয়, যদি পুখুৰীটোত নিৰ্দিষ্ট ঘনত্বত মাছ আছে, পুখুৰীটোত যদি আন যিকোনো প্ৰাকৃতিক উৎসৰপৰ পানী সোমোৱাৰ সুযোগ নাথাকে, শামুক-জোৰ আদিৰ উপদ্ৰৱ নাথাকে, শেলাইৰ অতিচাৰ ৰোধ কৰি ৰাখিব পৰা গৈছে, তেন্তে কোনো সমস্যাই হ’ব নালাগে।

মাহেকে-পষেকে পুখুৰীটোত পৰীক্ষামূলকভাৱে জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা অৱশ্যেই কৰিব লাগে। অতি সহজেই এই পৰীক্ষাটো কৰিব পাৰি। মাছটো জালৰপৰা লৈয়েই লুটিয়াই দিব লাগে। যদি মাছটো নিৰোগী হয়, তেন্তে ইয়াৰ চকু মাছটো ঘূৰাব লগে লগে নুঘূৰে, আগৰ ঠাইতে থাকিব।

এনে অৱস্থাত চকুৰ মণিটো ওপৰৰপৰা নেদেখি। কিন্তু যদিহে মাছটো দুৰ্বল বা ৰুগীয়া হয়, তেন্তে মাছটো ঘূৰাব লগে লগে একে দিশত চকুৰ মণিটো ঘূৰিব। অৰ্থাৎ মণিটো ওপৰৰপৰা দৃষ্টিগোচৰ হ’ব।

অৱশ্যে পুখুৰীত প্ৰয়োগ কৰা জালখন প্ৰতিবাৰ ব্যৱহাৰ কৰাৰ পিছত নিমখ বা পটাছ পানীত ডুবাই বীজাণুমুক্ত কৰি লোৱা উচিত।

অলপতে হোৱা বাৰ্তালাপত বিশিষ্ট মীন বিশেষজ্ঞ ড° সঞ্জয় শৰ্মাই তেওঁৰ অভিজ্ঞতাৰপৰা বেছিভাগ ক্ষেত্ৰতে মীনপালকৰ অৱহেলাৰ বাবে সমস্যাটো প্ৰকট হোৱা বুলি জানিবলৈ দিয়ে।

তেওঁ এইক্ষেত্ৰত সতৰ্ক ভূমিকা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। যিকোনো ধৰণৰ সমিধান, দিহা-পৰামৰ্শ, নিদানৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত যোগাযোগ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top