মূল পৃষ্ঠা / কৃষি / পশু পালন / সমন্বিত গাহৰি আৰু মাছ পালন পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমন্বিত গাহৰি আৰু মাছ পালন পদ্ধতি :

সমন্বিত গাহৰি আৰু মাছ পালন পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

পুখুৰীৰ পাৰত বা সমীপত বিশেষ কৌশলেৰে নিৰ্মিত গঁৰালত গাহৰি পালন কৰি মীন পালনৰ লগত গাহৰি পালনৰ সমন্বয় কৰা হয়। এই পদ্ধতিৰ প্ৰধান সুবিধা সমূহ হ’ল:

১) একে সময়তে, একে ঠাইৰ পৰা মাছৰ লগতে গাহৰিৰ উৎপাদন পোৱা যায়।

২) পুখুৰীত ৰাসায়নিক অথবা অন্য জৈৱিক সাৰ প্ৰয়োগ কৰিবলগীয়া নহয়।

৩) মাছৰ বাবে পৰিপূৰক খাদ্য যোগানৰ প্ৰয়োজন নেথাকে। গাহৰিৰ মলত ৬০-৭০% অজীৰ্ণ খাদ্য থাকে। তদুপৰি ইয়াত এবিধ অন্ত্ৰীয় এনজাইমে মাছৰ শাৰীৰিক বৃদ্ধি দ্ৰুত কৰে।

৪) গাহৰি পালনৰ যাৱতীয় কামৰ বাবে প্ৰয়োজনীয় পানী পুখুৰীৰ পৰা পোৱা যায়।

৫) নিম্ন ব্যয়ত অধিক হাৰত মাছৰ উৎপাদন হয়।

৬) পামৰ সামগ্ৰীক আয়ৰ হাৰ বৃদ্ধি হয়।

সমন্বয়ৰ কৌশল -

প্ৰধানত দুটা পদ্ধতিৰে মীন পালনৰ লগত গাহৰি পালনৰ সমন্বয় কৰা হয়-

ক) প্ৰত্যক্ষ পদ্ধতি

খ) পৰোক্ষ পদ্ধতি।

ক) প্ৰত্যক্ষ পদ্ধতি:

এই পদ্ধতিত পুখুৰীৰ পাৰতেই গঁৰাল নিৰ্মাণ কৰি গাহৰি পালন কৰা হয়। গঁৰালৰ পৰা পুখুৰীলৈ সংযুক্ত নলাৰ সহায়ত গাহৰিৰ সমস্ত আৱৰ্জনাহে প্ৰক্ষেপণ হয়। তাৰ বাবে পুখুৰীৰ পানীকালি অনুযায়ী নিৰ্দিষ্ট বয়সৰ নিৰ্দিষ্ট সংখ্যক গাহৰিহে পালন কৰা হয়। ইয়াৰ হীন-দেঢ়ি হ’লে মাছৰ উৎপাদন প্ৰক্ৰিয়া ব্যাহত হয়। আৱৰ্জনাৰ পৰিমাণ কম বা বেছি ফলত পুখুৰীৰ উৎপাদন ক্ষমতা হ্ৰাস পায় অথবা পানী প্ৰদূষিত হৈ মাছৰ অনিষ্ট হয়।

খ) পৰোক্ষ পদ্ধতি:

এই পদ্ধতিত গাহৰিৰ গঁৰাল আৰু মাছ পালন কৰা পুখুৰী প্ৰত্যক্ষভাৱে সংযোগ নকৰি, নিৰ্দ্ধাৰিত পৰিমাণৰ গাহৰিৰ মল, অন্য উপায়েৰে প্ৰয়োগ কৰা হয়। মীন পামৰ যিকোনো সুবিধাজনক অংশত বা পুখুৰী আশে-পাশে গাহৰি পালন কৰি ইহঁতৰ মল এটা গাঁতত জমা কৰি ৰখা হয়। গাঁতৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ গাহৰিৰ মল নিয়মিতভাৱে পুখুৰীত প্ৰয়োগ কৰা হয়। এই পদ্ধতিত গাহৰিৰ বয়স আৰু সংখ্যাৰ কোনো নিৰ্দ্ধাৰিত সীমা নাই।

স্থান নিৰ্ধাৰণ:

সমন্বিত গাহৰি আৰু মীন পামৰ বাবে স্থান নিৰ্দ্ধাৰণ কৰি এইক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰা বিবেচনা কৰিবলগীয়া তথ্যসমুহ হ’ল-

মাটিকালি:

সমন্বিত গাহৰি আৰু মীন পালনৰ বাবে একোটা পালন পুখুৰী পানীকালি নিম্নতম ০.০৪৫ হেক্টৰ (প্ৰায় ডেৰ কঠা) আৰু উচ্চতম ০.২৮ হেক্টৰ (প্ৰায় দুবিঘা) হ’ব লাগে। প্ৰতি দুবিঘা পালন পুখুৰীৰ বাবে একোটা ০.০১৪ হেক্টৰ (প্ৰায় আধা কঠা)আকাৰৰ পোনা প্ৰতিপালন পুখুৰী থাকিব লাগে।

মাটিৰ ভৌতিক গুণাগুণ:

খৰাং বতৰত দ্ৰুত হাৰত পানী শুকাই যোৱা পুখুৰী এই পদ্ধতিৰ বাবে উপযুক্ত নহয়। সেয়ে, পুখুৰীৰ বাবে বাচনি কৰা মাটিডৰাৰ পানীধাৰণ ক্ষমতা অতি উচ্চমানৰ হোৱা উচিত।

মাটিৰ ৰাসায়নিক গুণাগুণ:

অতি উৰ্বৰ মাটি এই পদ্ধতিৰ বাবে উপযুক্ত নহয়। অত্যধিক মাত্ৰাত নাইট্ৰজেন আৰু জৈৱিক এঙাৰ থকা পুৰণি পুখুৰি, হোলা, ডোবা, মৰা বিল আদি এই পদ্ধতিৰ বাবে অনুপযুক্ত।

অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা:

এই পদ্ধতিৰ বাবে নিৰ্ধাৰিত স্থানৰ ওচৰতে উন্নত জাতৰ গাহৰি পোৱালি, গাহৰিৰ সুষম খাদ্য, দৰৱ আদি সহজতে পোৱাৰ সুবিধা থাকিব লাগে। তদুপৰি নিম্নতম দূৰত্বত পশু চিকিৎসালয় থকাটো বাঞ্চনীয়। মাছৰ পোণা সহজে পোৱা ঠাই বেছি সুবিধাজনক।

আন্ত:গাঠনিক সা-সুবিধাৰ উন্নয়ন -

পুখুৰী খনন, গঁৰাল নিৰ্মান আৰু পুখুৰীৰ লগত গঁৰালৰ সংযোগ স্থাপন এই তিনিটা আন্ত:গাঠনিক উন্নয়নৰ প্ৰধান কাৰ্য।

ক) পুখুৰীৰ খনন/ উন্নয়ণ:

এই পদ্ধতিত পুখুৰীৰ পানীৰ গভীৰতা কমেও দুই মিটাৰ হ’ব লাগে। গভীৰতা কম হ’লে পানীৰ গুণাগুণ নিয়ন্ত্ৰণত অসুবিধা হয়। লগতে মাছৰ উৎপাদনো হ্ৰাস পায়।

খ) গাহৰীৰ গঁৰাল নিৰ্মাণ:

পুখুৰীৰ যিকোনো এটা আহল-বহল পাৰত অথবা সমীপৰ মাটিত গঁৰালটো নিৰ্মাণ কৰা হয়। গাহৰিৰ গঁৰাল খেৰ বাঁহেৰে অস্থায়ীভাৱে অথবা পকী খুটা কাঠ, লো এচবেষ্ট আদিৰে স্থায়ীভাৱে নিৰ্মান কৰিব পাৰি। গৰাল নিৰ্মানৰ বাবে টিনপাত ব্যৱহাৰ কৰা উচিত নহয়। টিনৰ ঘৰত গৰম বেছি। গাহৰিয়ে অতি গৰম বা ঠাণ্ডা সহ্য কৰিব নোৱাৰে। খেৰ বা এচবেষ্টচেৰে নিৰ্মিত ঘৰৰ উষ্ণতা নিয়ন্ত্ৰিত অৱস্থাত থাকে। স্থায়ী আৰু  অস্থায়ী দুয়োটা পদ্ধতিতেই ঘৰটো এঢলিয়াকৈ অথবা মাজত মূধচ দি দুচলিয়াকৈ নিৰ্মাণ কৰিব পাৰি। গঁৰালটোৰ চাৰিওফালে বাঁহৰ মজুত গোজৰ বেৰা দিব লাগে। ওলোৱা-সোমোৱাৰ বাবে জপনাৰ ব্যৱস্থা ৰাখিব লাগে। স্থায়ী পদ্ধতিত পকী বেৰা নাইবা লোৰ বেৰা দিয়া হয়।

স্থায়ী আৰু অস্থায়ী উভয় ক্ষেত্ৰতেই গঁৰালৰ মজিয়াখন পকী কৰা হয়। প্ৰতিটো গাহৰিৰ বাবে ১.৫ বৰ্গমিটাৰ হিচাবত, গাহৰিৰ সংখ্যা অনুযায়ী মজিয়াখন নিৰ্মাণ কৰা হয়। গাহৰি যাতে পিছলি নপৰে তাৰ বাবে মজিয়াখন খহটা কৰি ৰখা হয়। পুখুৰী ফাললৈ মজিয়াখন ঈষৎ হেলনীয়া হ’ব লাগে। মজিয়াৰ ওখ দিশত, প্ৰতিটো গাহৰিৰ বাবে ৩০ বৰ্গ ছে:মি: হিচাবত খাদ্য যোগানৰ বাবে এটি আৰু পানী যোগানৰ বাবে আন এটি পকি পাত্ৰ নিৰ্মাণ কৰা হয়।

প্ৰত্যক্ষ পদ্ধতিত, মজিয়াৰ হেলনীয়া দিশত এটি পকা নলা নিৰ্মাণ কৰা হয়। নলাটো আগবঢ়াই নি পুখুৰী লগত সংযুক্ত কৰা হয়। (চিত্ৰ-১) নলাটো এনেভাৱে নিৰ্মাণ কৰা হয় যাতে গঁৰালৰ মজিয়াখন ধূলে সকলো আৱৰ্জনা নলাৰে বৈ গৈ পুখুৰীত পৰে। আৱৰ্জনা প্ৰবাহ আৰু পুখুৰী পানীৰ গুণাগুণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে মূল নলাটোৰ পৰা এটা শাখা নলা আগবঢ়াই নি পুখুৰীৰ পাৰৰ এটি গাঁতৰ লগত সংযোগ কৰা হয়। শাখা নলাটো সাধাৰণতে বন্ধ কৰি ৰখা হয়। পুখুৰীলৈ আৱৰ্জনাৰ প্ৰবাহ বন্ধ কৰিব লগীয়া মূল নলাটো বন্ধ কৰি শাখা নলাটো খুলি দিয়া হয়। পৰোক্ষ পদ্ধতিত মূল নলাটো পুখুৰীৰ লগত সংযোগ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে ওচৰতে থকা এটা গাঁতৰ লগত নলাটো সংযোগ কৰা হয়।

পৰোক্ষ পদ্ধতিত গাহৰিৰ প্ৰজনন পামো প্ৰতিষ্ঠা কৰিব পাৰি। প্ৰজনন পামৰ ক্ষেত্ৰত পোৱালী ৰক্ষাৰ বাবে গঁৰালত আচুতীয়া কক্ষ নিৰ্মাণ কৰিব লাগে। প্ৰত্যক্ষ ভাৱে গাহৰিৰ প্ৰজনন পাম অনুমোদিত নহয়।

লেখক: ড° উত্তম কুমাৰ বৰুৱা

উৎস: সেউজ চিন্তা

 

 

3.46666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top