মূল পৃষ্ঠা / কৃষি / পশু পালন / হাড়গিলা নে বৰটোকোলা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হাড়গিলা নে বৰটোকোলা :

হাড়গিলা নে বৰটোকোলাৰ বিষয়ে লিখা হৈছে ।

 

বৰটোকোলা৷ বৰ মানে ডাঙৰ৷ টোকোলা নে টোপোলা সেইটোহে ইতিহাসে একো নকয়৷ এই খিনিতে দেখিবলৈ একে হাড়গিলা চৰাইটোৰ মঞ্চত প্ৰবেশ৷ একে পৰিবেশ, একেই খাদ্য মিল আছে কাৰণে দুয়োটাকে চিনি পাওঁনে!

নামতো হাড়গিলা৷

কেনে লাগিছে?

নিজেই হাড় গিলা যেন লাগিছে নেকি?

ডিঙিৰ কোনোবা এখিনিত যেন হাড় এডাল লাগি ধৰিছে!

মোৰ হ’লে ধৰিছে দেই এই চৰাই দুটাৰ বিলৈ দেখি৷ হাড় ডাল ওলায়ো নাহে, সোমায়ো নাযায়৷ মানুহৰ প্ৰকৃতিৰ ওপৰত সীমাহীন অত্যাচাৰ৷

তাৰ ফল ভুগিছে সকলো নিৰপৰাধী চৰাই-চিৰিকতি জীৱ-জন্তু লগতে মানুহে নিজেও৷ কিনো ক’ম, কাক ক’ম, কোনে পতিয়াব, যাক ক’ম, সিয়ে লথিয়াব৷ সকলো ভোকৰ বলি৷ এইয়া লালসাৰ ভোক৷

নৈ পৰীয়া, বিল পৰীয়া অসমীয়াৰ চকুৰ আগেদি বৰটোকোলা আৰু হাড়গিলা চাই থাকোঁতেই সংখ্যাত কমি আহিছে৷ বাহ সজা ডাঙৰ গছৰ অভাৱ ঘটিছে৷ পথাৰৰ পৰিমাণ কমিছে৷

বিলবোৰ পোত খাইছে৷ আলি কাষৰীয়া দ’ ঠাই বোৰ পুতি জীৱিকাৰ নিমিত্তে দোকান খুলিছে৷ বেচেৰা কনুৱা, কৰচন, বগলী, মাছোৰোকা, শামুকভঙা, হাড়গিলা আৰু বৰটোকোলা আদি চৰাই কেইটা যায় কলৈ? পাব কি? পাব ক’ত? খাব কি?

চিৰিয়াখানা নামৰ চৰকাৰী যন্ত্ৰ এটা নোহোৱা নহয়৷ এটা দিন দেখিছোঁ, চৰাই চাওঁ বুলি চিড়িয়াখানাতেই গৈ ওলায়৷ এটা দিন আহি আছে, ক’তো একো এটা চৰাই দেখিবলৈ নাপাব৷ গাঁৱতেই পৰিবেশ সলনি হৈছে৷ নগৰ, চহৰৰ নাম নললেও হব৷

এটা সময় আছিল৷ আজিও মনত আছে৷ ১৯৬২-৬৩ মানৰ কথা৷ শিৱসাগৰৰ জয়সাগৰৰ পৰা ভটীয়াপাৰ পাৰ হোৱাৰ আগতে সোঁফালৰ পথাৰ বোৰত জপং জপং কৰি বৰটোকোলা বা হাড়গিলা কেইটামানে ইটোৱে-সিটোৰ পৰা আঁতৰি চিকাৰত ব্যস্ত৷

নাহৰকটীয়াৰ হাবিতলীয়া পৰিবেশৰ পৰা শিলগুটীয়া বাট বুলি যোৰহাটলৈ বাট লওঁতে গোটেই বছৰ পানী থকা আদ্ৰভূমিৰ ঠায়ে ঠায়ে হাড়গিলা দেখিবলৈ পোৱা নৈত্যনিমিত্তিক ঘটনা৷ তেতিয়া একোকে নুবুজিছিলোঁ, একো নাজানিছিলোওঁ৷ সৰু হৈ আছিলোঁ, একোকে নুবুজো৷

এতিয়া প্ৰশ্ন আহে তেলীয়া সাৰেং, শামুকভঙা, হাড়গিলা আৰু বৰটোকোলা দেখিবলৈ প্ৰায় একেই বিধ চৰাই৷ আকাৰত প্ৰায় একে৷

থাকোঁতে পাৰ্থক্য অনেক৷ ভালদৰে লক্ষ্য নকৰিলে দূৰৰ পৰা ধৰিবই নোৱাৰি৷ সেয়ে নামে-কামে চিনি নাপালে অসুবিধাই হয়৷ আহকচোন পাঠক বন্ধু আজি দুআষাৰ বৰটোকোলা আৰু হাড়গিলাৰ বিষয়ে পাতি চাওঁ৷

একোটা বৰটোকোলা ১২০ চেণ্টিমিটাৰৰ পৰা ১৫০ চেণ্টিমিটাৰ ওখ হয়৷ দুয়োবিধৰে ঠোঁট প্ৰকাণ্ড৷ বৰটোকোলাৰ ইংৰাজী নাম Greater Adjudant বৈজ্ঞানিক নাম Leptoptilos dubious৷

হাড়গিলাৰ ইংৰাজী নাম Lesser Adjudant বৈজ্ঞানিক নাম Leptoptilos javanicus৷ বৰটোকোলাৰ সমান বা অলপ সৰু ডাঙৰ চৰাই৷ একোটা হাড়গিলা ১১০ চেণ্টিমিটাৰৰ পৰা ১২০ চেণ্টিমিটাৰ ওখ হয়৷

মন কৰিছেনে বন্ধু প্ৰথম বৈজ্ঞানিক নামতো একে কিন্তু পিচৰ নামতো দুয়োৰে বেলেগ৷ এইটো বৈজ্ঞানিক নামকৰণৰ নিয়ম৷ বৰটোকোলাৰ ঠোঁট প্ৰকাণ্ড৷

যিটো কাৰণত ধাননি পথাৰত দূৰৰ পৰা খেতিৰ মাজত মানুহ থিয় হৈ থকাৰ দৰেই লাগে৷ মানুহৰ উচ্চতা দূৰৈৰ পৰা জুখিব নোৱাৰি৷

বৰটোকোলা কাষৰ পৰা লক্ষ্য কৰাৰ সুযোগ পালে মন কৰিবচোন ই কিমান ডাঙৰ হব পাৰে! সাধাৰণতে দূৰৈৰ পৰা লোৱা ফটো ব ওচৰৰ লোৱা ফটো এখনেও ইয়াৰ উচ্চতাৰ বিষয়ে সঠিক উমান নিদিয়ে৷

ময়ো বহু দিন পিচ লোৱা বৰটোকোলাক হাড়গিলা বা শামুকভঙা বুলি ভুল কৰিছোঁ৷ ঠোঁটৰ ৰং হালধীয়া৷ মূৰ আৰু ডিঙিত পাখি নাই৷

গলধুৰিত মোনাৰ দৰে এটা টোপোলা ওলমি থাকে৷ গাৰ পাখিৰ ৰং ছাই বৰণীয়া৷ কান্ধত অলপ বগা পাখি৷ ঠেঙ ছাঁই বৰণীয়া৷

অন্যহাতে হাড়গিলাৰ ঠোঁটো হালধীয়া৷ ঠোঁটৰ ওপৰফাল পোন, সমান আৰু হালধীয়া কিন্তু তলফালৰ ঠোঁটৰ ৰং শেঁতা৷ মূৰ আৰু ডিঙিত বৰটোকোলাৰ দৰেই পাখি নাই৷ প্ৰজননৰ সময়ত মূৰৰ ৰং ৰঙা আৰু ডিঙিৰ ৰং গুলপীয়া হৈ পৰে৷ কান্ধতো অলপ বগা পাখি৷

ডেউকা ক’লা, ওপৰ পিঠিৰ পাখি ক’লা৷ বুকু বগা৷ ঠেং মটীয়া বৰণৰ৷ উৰোঁতে এখন ডেউকাৰ দৈৰ্ঘ্য ৫৭.৫ চেণ্টিমিটাৰৰ পৰা ৬৬ চেণ্টিমিটাৰ হয়৷ উৰিবৰ সময়ত ডিঙি অলপ কোঁচাই ৰখা কাৰণে উৰি থকা অৱস্থাত বৰটোকোলা বুলি ভুল হয়৷

বন্ধুবৰ আপুনি বাৰু জানেনে এই দুই চৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তালিকাভুক্ত কৰা সংস্থা (International Union for Conservation of Nature)ৰ দুষ্প্ৰাপ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে৷ IUCN ৰ মতে বৰ্তমান বৰটোকোলাৰ সংখ্যা হাজাৰৰ ওচৰত আৰু হাড়গিলাৰ সংখ্যা পাঁচ হাজাৰৰ ওচৰত বুলি নিৰ্দ্ধাৰণ কৰিছে৷ নহয়নে বাৰু এইয়া এক সংকট কাল?

অসমৰ পৰিবেশ বৰটোকোলা আৰু হাড়গিলাৰ উপযোগী প্ৰাকৃতিক পৰিবেশ৷ অথচ সেই অসমতে দুয়োবিধৰ সংখ্যা দুষ্প্ৰাপ্য পৰ্য্যায় পালেগৈ৷ শুনি আচৰিত হব যে বৰটোকোলা এতিয়া একমাত্ৰ অসম আৰু কম্বোডিয়াৰ বাদে ক’তো নাপায়৷ ম্যানমাৰ নাম বৰটোকোলাৰ গৃহভূমিৰ তালিকাৰ পৰা আঁতৰোৱা হৈছে৷ হাড়গিলা ভাৰত আৰু ইণ্ডোনেচিয়াৰ বাদে ক’তো দেখিবলৈ নাপায়৷ ঠিক একে ধৰণৰে সেমেকা পানী থকা আদ্ৰভূমিৰ অইন চৰাই বোৰৰো জীবন বিপদাপন্ন হৈছে৷

বৰটোকোলা বৰ লাজকুৰীয়া চৰাই৷ মানুহৰ কাষৰ পৰাই নহয়, স্বজাতিৰ পৰাও আঁতৰি থাকি ভাল পায়৷ মৰাশ খাই জীয়াই থকা চৰাইৰ তালিকাত সোমালেও চহৰৰ কাষত, মানুহৰ খেতি ভূমিত প্ৰজননৰ সময় বাদ দি আন সময়ত দেখিবলৈ নিশ্চয় পোৱা যায়৷

সেই সময়ত অইন চিকাৰো নকৰা নহয়৷ এই লাজকুৰীয়া চৰাইটি ইমান ডাঙৰ আকৃতিৰ হৈয়ো চিকাৰ কৰা ঠাইত নিশব্দে থিয় হৈ থাকে আৰু ইমান নিশব্দে উৰা-নমা কৰে যে ধৰিবই নোৱাৰি৷ চিকাৰৰ ঠাইতে উৰি ঠাই সলাই জলাহ ভূমিত চিকাৰ কৰা দেখা যায়৷

নকৈ নোৱাৰোঁ আমাৰ উদ্যান বাগিছা খনো এনে ধৰণৰ কাৰণে বাৰ মাহেই বিভিন্ন চৰাই-চিৰিকতি দেখিবলৈ পাওঁ৷ পুৱা আঠ বজাৰ আগতে আৰু আবেলি চাৰি বজাৰ পাচত এইয়া চৰাইৰ ৰম্যভূমি৷ দিনৰ বাকী সময় খিনিত কাম কৰা মানুহ থাকে কাৰণে আঁতৰি যায় আৰু কাষৰে অন্য ঠাইত চিকাৰ বিচাৰে৷ হাড়গিলা পৰাপক্ষত মৰাশ বিচাৰি নুফুৰে৷ পালে খায়৷

নহলে নিজেই চিকাৰ কৰাত মনোনিবেশ কৰে৷ খাদ্য স্বৰূপে মাছ, বেং, সৰীসৃপ, অন্য অমেৰুদণ্ডী পানীত থকা প্ৰাণী বিচাৰি লয় চিকাৰ কৰে৷ ইহঁতেও নিৰ্জনতা পছন্দ কৰে৷ প্ৰজননৰ সময়ত লগ খায় আৰু একোটা দলত ছটাৰ পৰা বিশটা লৈকে গোট খায়৷ নহলে অন্য ঋতুত অকলে থাকিয়ে ভাল পায়৷

বৰটোকোলা আৰু হাড়গিলাৰ প্ৰজননৰ সময় অসমত হেমন্ত ঋতুৰ পৰা শীতলৈকে৷ প্ৰজননৰ কাৰণে যোৰ পাতিবলৈ বৰটোকোলা আৰু হাড়গিলাই প্ৰায় একে ব্যৱহাৰ প্ৰদৰ্শন কৰে৷ মাইকীজনীয়ে মূৰটো খোচ মৰাৰ দৰে জোকাৰি ঠোঁটেৰে মতাটোৰ ঠোঁটত ঠোঁট লগাই যোৰ পতাত আগভাগ লয়৷ মতা মাইকী দেখাত এনেয়ে একে৷ প্ৰজননৰ সময়ত দল হৈ লৈ একোটা দলত ৬টাৰ পৰা বিশটা বাহ সজাৰ জোখেৰে শিমলুৰ দৰে ওখ গছ বিচাৰি লয়৷

এনেকুৱা বাহ সজা গছৰ উচ্চতা ৪৬ মিটাৰ পৰ্য্যন্ত দেখা গৈছে৷ গছৰ ওপৰত অইন গছৰ ঠাল-ঠেঙুলি আনি এক মিটাৰ মান আহল-বহল আৰু গভীৰ বাহ সাজে আৰু তাতে ২ পৰা ৪ টা কণী পাৰি ২৮-৩০ দিনলৈ উমনিত বহে৷ কণীৰ ৰং বগা৷ পোৱালি ওলোৱাৰ পৰা আৰু দুমাহ সময় সময় লাগে পোৱালি বোৰ নিজে উৰিব পৰা হোৱালৈকে৷ পোৱালিবোৰ ডাঙৰ হৈ আহোতে খুৱাবৰ বাবে আহাৰ বিচাৰি মাক দেউতাক সাধাৰণতে আধা ঘণ্টাৰ ভিতৰতে ঘূৰি আহে আৰু পোৱালি যিমানেই ডাঙৰ হৈ আহে সিমানেই বাহলৈ ঘূৰি অহা সময় পলম কৰে৷ দুমাহৰ ভিতৰতে পোৱালিবোৰৰ জন্ম পাখি সৰি নতুন পাখি গজে আৰু সোনকালেই উৰিব পৰা হয়৷

লেখক: ড° লোচন শইকীয়া

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top