মূল পৃষ্ঠা / কৃষি / পশু পালন / ২০ মে, বিশ্ব মৌ-মাখি দিৱস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

২০ মে, বিশ্ব মৌ-মাখি দিৱস :

২০ মে, বিশ্ব মৌ-মাখি দিৱসৰ বিষয়ে লিখা হৈছে ।

মৌ পালনো হব পাৰে উদ্যমীসকলৰ পচন্দৰ ব্যৱসায় -

প্ৰাচীন কালৰ পৰা ভাৰতীয় মানুহে মৌ পালন কৰি আহিছে। অসমতো মাটিৰ কলহ, ধোন্দাকাঠৰ টুকুৰাত পুৰণি কালত মানুহে মৌ পালন কৰিছিল। মৌ বাঁহ চাক তৈয়াৰ কৰি সম্পূৰ্ণ কৰিলে সামান্য ৰস আহৰণৰ কাৰণে নিষ্ঠুৰভাৱে মৌৰ চাক বিলাক কাটি হাতেৰে চেপি ৰস উলিয়াইছিল। হাবিত থকা বৰ মৌবিলাক ৰাতি জুইৰ ধোৱা দি খেদাই চাকখন কাটি আনিছিল। এনেদৰে মৌ-ৰস সংগ্ৰহ কৰিবলৈ লোৱাত বহুক্ষেত্রত মৌ-ৰাণীজনী মৰি গোটেই মৌ-বাহেই নষ্ট হৈছিল। উনৈশ শতিকাৰ মাজভাগত ভাৰতত মৌ-পালনৰ উন্নত সা-সজুলিৰ প্ৰৱৰ্ত্তন কৰি বিজ্ঞানসন্মতভাৱে মৌ-পালন আৰম্ভ কৰা হয়। বিজ্ঞানসন্মত মৌ-পালনে মৌ-মাখিৰ বংশৰ কোনো ক্ষতিসাধন নকৰাকৈ মৌৱে সংগ্ৰহ কৰা ওপৰিঞ্চি ৰস আহৰণ কৰি মৌৰ প্ৰজাতি সংৰক্ষণ কৰাৰ উপৰিও ইহঁতৰ বংশবৃদ্ধিত সহায় কৰে। মৌ-পালনৰ যোগেদি কেৱল মৌ-জোল সংগ্ৰহেই নহয়, মৌৱে বহুতো লাগতিয়াল ফলৰ গছ-গছনি আৰু শস্যৰ পৰাগসংযোগ ঘটাই উৎপাদন বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়।

মৌ মাখিৰ প্ৰজাতি -

মৌ মাখি পাধানকৈ ৪ প্ৰজাতিৰ

১) বৰমৌ: এইবিধ মৌমাখি বনৰীয়া প্ৰকৃতিৰ আৰু আটাইতকৈ ডাঙৰ। এই প্ৰজাতিৰ মৌ মাখিক আজিলৈকে পোহ মনাব পৰা হোৱা নাই।

২) পুন পনি মৌ: এই প্ৰজাতিৰ মৌ মাখি আনকেইবিধ মৌতকৈ আকাৰত সৰু আৰু বনৰীয়া প্ৰকৃতিৰ।

৩) খোৰংগীয়া মৌ বা ভাৰতীয় প্ৰজাতি: এই বিধ মৌমাখি সমগ্ৰ ভাৰতবৰ্ষতে পোৱা যায় আৰু একমাত্র পোহনীয়া মৌ মাখি হিচাপে জনা যায়। আধুনিক পদ্ধতিৰে এই প্ৰজাতিৰ মৌক আঠোটা ফ্ৰেমযুক্ত (I.S.I.A Type) বা দহোটা ফ্ৰেমযুক্ত (I.S.I.B Type) বাকচত পোহা হয় আৰু প্ৰতিটো বাহে বছৰি ১২-১৫ কি:গ্ৰাম মৌ জোল দিয়ে।

৪) পশ্চিমীয়া মৌ: এই প্ৰজাতিৰ মৌ-মাখি খোৰোঙ্গীয়া মৌতকৈ ডাঙৰ আৰু বৰমৌতকৈ সৰু। ষাঠিৰ দশকত আমদানি কৰা এইবিধ মৌমাখিয়ে ভাৰতৰ পশ্চিম প্ৰদেশসমূহত বাৰুকৈয়ে প্ৰতিষ্ঠা লাভ কৰিছে। এই মৌমাখিক দহোটা ফ্ৰেমযুক্ত বাকচত পোহা হয়। ব্যৱসায়িক ভিত্তিত এই প্ৰজাতিৰ মৌ পোহাটো বৰ লাভজনক আৰু একোবাহ মৌয়ে বছৰি প্ৰায় ২০-৩০ কি:গ্ৰাম মৌ জোল দিয়ে।

মৌ মাখিৰ কলনি সংগঠন -

মৌ-মাখি এবিধ সামাজিক জীৱ আৰু ইহঁতে বাহ বা কলনি একোটাত বসবাস কৰে। একোবাহ মৌমাখিত তিনিবিধ মৌমাখি থাকে। যেনে ৰাণী, কৰ্মী আৰু মতা মৌ। একোবাহ ভাৰতীয় প্ৰজাতিৰ মৌ-মাখিত ১০,০০০-১৫,০০০ কৰ্মী মৌ, কেইবাশ মতা মৌ আৰু একোজনীকৈ ৰাণী মৌ থাকে।

মৌ পালনৰ সা-সজুঁলি:

মৌ পালন কৰিবলৈ বিজ্ঞানসন্মত পদ্ধতিত সজা সা-সজুলি সমূহ হ’ল—
১) এটা সম্পূৰ্ণ আধুনিক মৌ বাকচৰ (I.S.I.A Type, আঠোটা ফ্ৰেমযুক্ত) গাঠনিক ভাগসমূহ তলৰ পৰা ওপৰলৈ ক্ৰমান্বয়ে এনেধৰণৰ—

ক) তলিছা পীৰা

খ) শিশু কক্ষ

গ) মধু কক্ষ

ঘ) ভিতৰ চাকনি

ঙ) ষ্টেণ্ড

ইয়াৰ ওপৰিও এখন ৰাণী পৃথককৰণ জালি চিট, শিশু কক্ষ আৰু মধু কক্ষৰ মাজত দিয়া হয় যাতে ৰাণীজনী শিশুকক্ষৰ পৰা মধুকক্ষৰ লৈ গৈ কণী পাৰিব নোৱাৰে।

২)ওৰণীটুপি: মৌ-বাঁহ চোৱাচিতা কৰাৰ সময়ত মাটিত মৌৱে ডিঙিৰ ওপৰ অংশ বিন্ধিব নোৱাৰে তাৰবাবে ওৰণী টুপি পিন্ধি লোৱা হয়।

৩)হাতমৌজা: ওৰণী টুপিৰ দৰে হাত দুখন মৌৰ আক্ৰমণৰ পৰা বচাবলৈ হাতমোজা পিন্ধি ল’ব লাগে।
৪)জালমোনা: বনৰীয়া মৌ যিকোনো উৎসৰ পৰা ধৰি আনি ঘৰচীয়া কৰিবলৈ জাল মোনা ব্যৱহাৰ কৰা হয়।

৫)ধোঁৱাভাটি: যিকোনো কাৰণত মৌবোৰ খঙাল হৈ থাকিলে ধোঁৱাব লাগে। ধোঁৱা দিলে মৌবোৰ ভয়ত পেপুৱা লাগি থাকে। তেতিয়া মৌ বাহ খুলি চোৱাচিতা কৰাত সুবিধা হয়।

৬)মধু নিষ্কাষণ যন্ত্র

৭)চুৰি কটাৰী

৮)ব্ৰাচ

৯)সঞ্চয় পাত্র

মৌ পালনৰ প্ৰাম্ভিক প্ৰস্তুতি -

মৌ পালন কৰিবলৈ বিশেষ স্থানৰ প্ৰয়োজন নাই। ঘৰৰ বাৰান্দাত, চোতালৰ মূৰত, ঘৰৰ খিৰিকিৰ কাষত দুই এবাঁহ মৌ ৰাখিব পৰা যায়। মাত্র সামান্য মূলধন, অলপ পৰিশ্ৰম, ভালদৰে নিৰীক্ষণ, ধীৰ, স্থিৰভাৱে বিবেচনা কৰি মৌ পালনৰ কাম কৰিব পৰা গুণ লাগে। মৌ পালকৰ স্থানীয় ফুল-মূলৰ গছ-গছনি আৰু শস্যাদিৰ সম্যক জ্ঞানৰ আৱশ্যক। মৌ পোহা ঠাইডোখৰ সাধাৰণতে বতাহ চলাচল কৰা মুকলি হ’ব লাগে আৰু চাৰিওফালে ফলমূল শস্যাদিৰ গছেৰে ভৰি থকা হ’ব লাগে। সাধাৰণতে বসন্ত বা শৰৎ কালত মৌৱে জাক উৰুৱাই আৰু তেতিয়াই জিৰণীয়া মৌবাহ জাল মোনাৰে ধৰি আনি বাকচত ভৰাই পুহিবলৈ ল’ব লাগে। তাৰোপৰি কোনো বিশ্বাসযোগ্য মৌপালকৰ পৰাও মৌৰ জাক আহৰণ কৰিব পাৰি। মাত্র তলত উল্লেক্ষ কৰা কথা কেইটালৈ বিশেষ মন দিব লাগে।
১)কমেও তিনিহাজাৰ মান কৰ্মী মৌ তিনিখন চাকসহ সংগ্ৰহ কৰিব লাগে।

২) এজনী সুস্থ-সৱল আৰু এবছৰ বা তাতোতকৈ কম বয়সৰ ৰাণী মৌ কৰ্মীবোৰৰ লগত থকাটো নিশ্চিত হ’ব লাগে।

৩)বেমাৰ বা পোকৰ দ্বাৰা আক্ৰান্ত চাক কেতিয়াও সংগ্ৰহ কৰিব নালাগে।

৪)দুৰনিবটীয়া ঠাইৰ পৰা আনিবলৈ হ’লে চাকবোৰ নিউক্লিয়াচ বাকচত বন্ধ কৰি কঢ়িয়াব লাগে।

৫)আহৰণ কৰা মৌজাক বা চাকবোৰ উপযুক্ত বাকচত নিৰ্দিষ্ট ঠাইত স্থাপন কৰিব লাগে।

মৌ-মাখিৰ পৰিচালনা:

১) বসন্তকালীন পৰিচালনা: বসন্ত কালত প্ৰকৃতি ফুলেৰে জাতিষ্কাৰ হোৱাৰ লগে লগে কৰ্মী মৌ-মাখিবোৰ অধিক কাৰ্যক্ষম হৈ পৰে। মৌ-মাখিয়ে তেতিয়া বংশ বৃদ্ধি কৰিবলৈ উদ্যত হয়। ৰাণী মৌৰ প্ৰজনন কাৰ্যও বৃদ্ধি হয়। ফলত মৌ বাহত মৌ-মাখিৰ সংখ্যা বৃদ্ধি হয়। কৰ্মী মৌৱে নতুন ৰাণী মৌৰ কোষ সজাত ব্যস্ত হয়। এনে ৰাণী মৌৰ কোষৰ পৰাই নতুন ৰাণী জন্ম হয়। বসন্ত কালত প্ৰধানকৈ জাক উৰুৱা ৰোধ কৰা বা মৌ বাহৰ সংখ্যা বৃদ্ধি কৰাই প্ৰধান কাম।
জাক-উৰোৱা প্ৰতিৰোধ: জাক উৰোৱাটো মৌ-মাখিৰ সহজাত প্ৰবৃত্তি। জাক উৰোৱাটো ৰোধ কৰিবলৈ হ’লে ৰাণী মৌৰ কোষ তৈয়াৰ হোৱাৰ লগে লগে মৌ বাহটো সঘনে পৰীক্ষা কৰি ৰাণী মৌৰ কোষ পুৰঠ হোৱা দেখা পালে তেনে ৰাণী মৌৰ কোষৰ সৈতে কৰ্মী মৌ-যুক্ত ৪ খনমান চাক আন এটা বাকচলৈ স্থানান্তৰ কৰিব লাগে।

দ্বিতীয়তে, দুৰ্বল মৌ বাহত ৰাণী মৌৰ কোষ তৈয়াৰ কৰিলে তেনে কোষবোৰ ভাঙি থাকিব লাগে। তেনে কৰিলে দুৰ্বল মৌ বাহ জাক উৰুৱাৰ পৰা প্ৰতিৰোধ কৰি সৱল কৰি তুলিব পাৰি।

তৃতীয়তে, ৰাণী মৌজনী পুৰণা হৈ প্ৰজনন অক্ষম হ’লে তেনে ৰাণী মৌ বাহৰ পৰা আঁতৰাই পুৰঠ ৰাণী মৌৰ কাষৰ পৰা ওলোৱা নতুন ৰাণী প্ৰৱৰ্ত্তন কৰিব লাগে।

বসন্ত কালত ফুল ফুলি ৰস-ৰেণুৰে ভৰি পৰে। গতিকে মৌ-পালকসকলে উক্ত ঋতুত যথেষ্ট মৌ-জোল আহৰণ কৰিব পাৰে। মৌ-জোল আহৰণ কৰিবলৈ হ’লে শিশুকক্ষৰ ওপৰত একোটাকৈ মধুকক্ষ জাপি দিব লাগে। এনে কৰিবলৈ যাওতে শিশু আৰু মধুকক্ষৰ মাজত একোখনকৈ ৰাণী প্ৰতিবন্ধক চালনী দিব লাগে। এনে কৰিলে ৰাণীয়ে মধুকক্ষত কণী পাৰিব নোৱাৰে আৰু মধুকক্ষৰ পৰা মৌ-বাহৰ কোনো ক্ষতি নোহোৱাকৈ বিশুদ্ধ মোজোল আহৰণ কৰিব পাৰি।

২) গ্ৰীষ্মকালীন পৰিচালনা:

এই কালছোৱাত যদিও কিছু ফল-মূলৰ গছ-গছনি ফুলি থকা দেখিবলৈ পোৱা যায়, তথাপি বসন্ত কালৰ দৰে মধুস্ৰাব ঋতু হিচাপে পৰিগণিত কৰিব পৰা নাযায়। এই সময়ছোৱাত তাপমাত্রা বৃদ্ধি হয় আৰু মাজে-সময়ে বৰষুণ হোৱাও দেখা পোৱা যায়। গতিকে মৌ মাখিৰ দৈনন্দিন কাৰ্যত ব্যাঘাত জন্মে। উক্ত সময়ছোৱাত মৌ-বাহবিলাক প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ হ’লে আংশিক গছৰ ছাঁলৈ স্থানান্তৰ কৰিব লাগে। এই সময়ছোৱাত চাকসমূহৰ পৰা মৌ-জোল আহৰণ নকৰি মৌ-মাখিৰ খাদ্য হিচাপে এৰি দিব লাগে। কাৰণ গ্ৰীষ্মকালৰ পৰাই ফলসমূহ কমি যায় আৰু তেতিয়াই খাদ্য নাটনিয়ে দেখা দিয়ে।

৩) বৰ্ষাকালীন পৰিচালনা:

বৰ্ষাকালত প্ৰকৃতিত প্ৰায় ফুল ফুলা দেখা পোৱা নাযায়। এনে সময়ত মৌ মাখিৰ খাদ্যৰ নাটনি দেখা দিয়ে। প্ৰচুৰ বৰষুণে কৰ্মী মৌৰ কাৰ্যত ব্যাঘাত জন্মায়, লগতে আৰ্দ্ৰতাও বৃদ্ধি পায়। গতিকে মৌ-মাখিবোৰ নিষ্কৰ্মা আৰু এলেহুৱা হোৱা দেখা যায়। এনে পৰিস্থিত মৌ-বাহসমূহ জীয়াই ৰাখিবলৈ হ’লে কেতবোৰ সাৱধানতা গ্ৰহণ কৰিব লাগে।

ক) মৌ-বাকচত ভালদৰে বায়ু চলাচল কৰিবলৈ বিন্ধা কৰি বিন্ধাবোৰত মিহি তাঁৰৰ চালনী দি বায়ু চলাচলৰ ব্যৱস্থা কৰি দিব লাগে। এনে কৰিলে মৌ-বাহৰ ভিতৰৰ আৰ্দ্ৰতা বহু পৰিমাণে কমাব পাৰি।

খ) উত্তৰ-পূৱ ভাৰতবৰ্ষত লেঠাৰী নিচিগা বৰষুণ হোৱা দেখা যায়। এনে পৰিস্থিতিত কৰ্মী মৌ-মাখিবিলাক সমূলি মৌ-বাহৰ পৰা ৰেণু, ৰস সংগ্ৰহ কৰিবলৈ ওলাই যাব নোৱাৰে। গতিকে কৃত্রিম আহাৰ যোগানৰ আৱশ্যক হয়। কৃত্রিম আহাৰ সাধাৰণতে ১ লি: পানীত ৭৫০ গ্ৰাম মান চেনী মিহলাই প্ৰস্তুত কৰা হয়। চিচাৰ চাকনিত কপাহৰ লগত তিয়াই কৃত্রিম আহাৰ দুই তিনিদিনৰ অন্তৰে অন্তৰে দিব লাগে।

গ) শীতকালীন পৰিচালনা: উত্তৰ-পূৱ ভাৰতবৰ্ষত শীতকালত তাপমাত্রা যথেষ্ঠ হ্ৰাস পায়, গতিকে মৌ বাহ সমূহ কাৰ্যক্ষম কৰিবলৈ হ’লে আগতে অৱস্থিত ছাঁৰ পৰা ৰ’দলৈ স্থানান্তৰ কৰিব লাগে।

মৌ মাখিৰ শত্রুৰ ভিতৰত মম পতংগ, কঁদো, বৰল, জেঠী, পৰুৱা আদিয়েই প্ৰধান।

মম পতংগ: পূৰ্ণাঙ্গ মম পতংগ মুগা মটিয়া বৰণৰ। প্ৰায় ১.৫- ১.৮ ছে:মি: দীঘল হয়। পলুবোৰ লেতেৰা মটিয়া বৰণৰ, মূৰটো মুগা বৰণৰ আৰু প্ৰায় ৩ ছে:মি: দীঘল হয়।

প্ৰতিকাৰ -


১)বহাগ মাহৰ পৰাই মৌ-বাকচসমূহ সঘনাই পৰ্যবেক্ষণ কৰি তলিছা পীৰা আৰু মৌ -বাহটো পৰিষ্কাৰ কৰি ৰাখিব লাগে।

২)মৌ-বাকচ সমূহ আক্ৰান্ত হোৱা দেখা পালে তেনে আক্ৰান্ত হোৱা চাকৰ অংশ বিশেষ কাটি পুৰি বা পুতি পেলাব লাগে।

৩)মৌ পুহিবলৈ লোৱা বাকচসমূহ বিশেষকৈ পুৰণা বাকচসমূহ গন্ধক পাউদাৰৰ ধোঁৱাৰে শুদ্ধি কৰি ল’ব লাগে।

ঘ)কঁদো বৰল: কঁদো আহিলে পখিলা ধৰা জালেৰে ধৰি মাৰিব লাগে। আঢ়ৈ ফুট মান দীঘল, ২ ইঞ্চিমান বহল এচটা বাঁহ বা কাঠেৰে মৌ বাকচত কঁদো পৰিলে কোবাই মাৰিব পাৰি। কঁদো অহাৰ ঠাই কেইটাত মৌ বাকচৰ ৰাণী প্ৰতিবন্ধক জপনা লগাই থোৱা ভাল। ডাঙৰ বিন্ধা থকা কঁদো সোমাব নোৱাৰা এখন জপনা ৰানী প্ৰতিবন্ধক জপনাৰ আগত লগাই থলে কৰ্মী মৌ-বিলাকক কঁদোৱে ধৰি নিব নোৱাৰে। পৰুৱাৰ পৰা মৌ-বাহ ৰক্ষা কৰিবলৈ হ’লে একোডাল দীঘল ষ্টেণ্ডত একোটা কাপৰ সৃষ্টি কৰি পানী দিব লাগে। নতুবা ৩-৪ টা খুৰাযুক্ত সৰু কাঠৰ তুল বনাই তুলৰ খুৰা কেইটা প্লাষ্টিকৰ বাতিত ডুবাই ৰাখিব লাগে। তেনে কৰিলে মাটিত থকা পৰুৱা মৌ বাহলৈ অগ্ৰসৰ হ’ব নোৱাৰে।

মৌজোল নিষ্কাষণ আৰু সঞ্চয় -

মৌৱে ফুলৰ পৰা অমৃত সংগ্ৰহ কৰি চাকত থকা কোষবোৰত জমা কৰে। কোষবোৰ পূৰ্ণহ’লে মমেৰে ঢাকি দিয়ে। তেতিয়া ইয়াক নিষ্কাষণ কৰিব পাৰি। শিশুকক্ষ আৰু মধুকক্ষ উভয়তে মৌৰস জমা কৰে। কিন্তু শিশুকক্ষৰ পৰা কেতিয়াও মৌৰস উলিওৱাৰ চেষ্টা কৰিব নালাগে। কাৰণ শিশুকক্ষৰ সঞ্চিত মৌ শিশুৰ লালন-পালনৰ বাবে অতি আৱশ্যক।

নিষ্কাষণ প্ৰণালী:

মধুকক্ষৰ মৌ-পৰিপক্ক চাক বা বিচনী খুব সাৱধানেৰে বাকচৰ পৰা উলিয়াই চাকত থকা কৰ্মী মৌবোৰ ধোঁৱা দি আঁতৰাই ল’ব লাগে। তাৰ পিছত এটা চৰিয়া বা বাল্টিঙত চাকবোৰ সংগ্ৰহ কৰি ঘৰৰ ভিতৰলৈ আনি মধু নিষ্কাষণ যন্ত্রৰ সহায়ত মৌৰস উলিওৱা হয়। মধুনিষ্কাষণ কৰাৰ আগতে চাকবোৰৰ কোষত থকা ঢাকনিবোৰ এখন চোকা কটাৰীৰে ওপৰে ওপৰে কাটি ল’ব লাগে। তাৰ পিছত চাকবোৰ নিষ্কাষণ যন্ত্রত ভৰাই দিব লাগে। মন কৰিবলগীয়া কথা হ’ল যে, চাকৰ ঢাকনিৰ খোলাফালটো যন্ত্রটোৰ বাহিৰ ফালৰ মুৱাকৈ ভৰাব লাগে। বিচনী ভৰাই দিয়াৰ পাছত হেণ্ডেলত ধৰি জোৰেৰে ঘুৰাই দিলে কোষত থকা ৰস চিটিকি ওলাই যন্ত্রটোৰ বেৰত খুন্দা খাব আৰু তলত জমা হ’ব। একে পদ্ধতিৰে চাকবোৰৰ দুয়োটা ফালৰ পৰা ৰস নিষ্কাষণ কৰিব পাৰি। নিষ্কাষণ কৰাৰ পিছত খালি চাকবোৰ আকৌ মৌবাহলৈ নি মধুকক্ষৰ একে ঠাইত বহুৱাই দিব লাগে। তেনে কৰিলে কৰ্ম্মী মৌবোৰে বাৰে পতি চাক বনাই থকাৰ পৰা ৰেহাই পায় আৰু সোনকালে পৰৱৰ্তী সঞ্চয়ৰ কামত লাগি যায়।

সঞ্চয় -


মৌজোল নিষ্কাষণৰ পৰা আৰম্ভ কৰি সঞ্চয় কৰালৈকে কৰীবলগীয়া কাম তলত একাদিক্ৰমে উল্লেখ কৰা হ’ল—

১)নিষ্কাষণৰ পাছত সংগ্ৰহ কৰা ৰসবোৰ চেকনি বা পাতল কাপোৰেৰে চেকিব লাগে। ইয়াৰ দ্বাৰা মমৰ চোকোৰা বা অন্যান্য পদাৰ্থৰ পৰা ৰসখিনি পৃথক হ’ব।

২)তাৰ পিচত মৌজোলখিনি ৬০০-৬৫০ ছেন্টিগ্ৰেডত ১০-১৫ মিনিট সময়ৰ বাবে তপতাব লাগে। এনে কৰিলে ইষ্ট ধ্বংস হয় আৰু গোটমৰা কনিকাবোৰো দ্ৰৱীভূত হয়।

৩)মুক্তভাৱে মৌজোল খিনি ঠাণ্ডা হ’বলৈ দি এটা আৱদ্ধ পাত্রত ২৪-৪৮ ঘন্টা ৰাখিব লাগে। এইখিনি সময়ত বায়ুৰ বুৰবুৰনি বিলাক ওপৰলৈ উঠি মাৰ যাব।

৪)এতিয়া ইচ্ছানুসৰি বিভিন্ন আকাৰৰ পাত্রত মধু সঞ্চয় কৰিব পৰা যাব। কেৱল পাত্রটো আৱদ্ধ হ’ব লাগে।

লেখক: পঙ্কজ নেওগ (সেউজ চিন্তা)

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top